শাহুৰ বোৱাৰী নে জীয়েক
🔹 ড০ পার্থসাৰথি মহন্ত
মহাৰাণী এলিজাবেথ দ্বিতীয়৷ ব্রিটিছ বুৰঞ্জীত সবাতোকৈ দীঘলীয়া সময় ইংৰাজ ৰাজসিংহাসনত আছিল৷ সত্তৰ বছৰ৷ এটাও খুঁত নোহোৱাকৈ সম্পন্ন কৰিছিল সকলো ৰাজকীয় কার্য, কর্তব্য৷ মহাৰাণীও এগৰাকী শাহু আছিল৷ মহাৰাণী হোৱা সত্ত্বেও শাহু–বোৱাৰী সম্পর্কীয় কৌতূহলী আলোচনাৰ বিষয় হোৱাৰ পৰা হাত সাৰিব পৰা নাছিল ৰাণী এলিজাবেথে৷ ভাবী শাহু হিচাপেই তেখেত হৈ পৰিছিল এনে ৰঞ্জক চর্চাৰ কেন্দ্রবিন্দু৷ মহাৰাণী আৰু পুত্র চার্লছৰ দ্বিতীয় পত্নী কেমিলা পার্কাৰ বাউলছৰ সম্পর্ক চিনেমা বা ছিৰিয়েলৰ কাহিনীৰ দৰেই কৌতূহলী৷ বিয়াত সন্মতি নিদি ডায়েনাক বোৱাৰী কৰি অনাৰ পৰা, ডায়েনাৰ মৃত্যুৰ পাছত সন্মতি দি বিবাহ অনুষ্ঠানত উপস্থিত নথকালৈকে কত কাহিনী শাহু–বোৱাৰীৰ কাহিনী৷
শাহু–বোৱাৰীৰ সম্পর্ক৷ এক ভীষণ কৌতূহলোদ্দীপক বিষয়৷ মৰম–যত্ন, খকা–খুন্দা, বাক–বিতণ্ডা, দ্বন্দ্ব–সংঘাত কি নাই এই সম্পর্কত৷ লোককথা, গল্প, উপন্যাস, চিনেমা, ছিৰিয়েল কি হোৱা নাই এই সম্পর্কক লৈ৷ শাহু–বোৱাৰী উভয়েই উৎসুক হৈ থাকে এনে প্রতিটো প্লটক লৈ৷ আনক চাই নিজক বিচাৰে৷ নিজৰ চৰিত্র, নিজৰ জীৱনক বিচাৰে সেই কাহিনীত৷ কাৰণ?
কাৰণ, তেওঁলোকে একেজন মানুহকে ভাল পায়৷ এজন মানুহে সংযুক্ত কৰে দুগৰাকী নাৰীক৷ এগৰাকী মাতৃ আৰু এগৰাকী পত্নী৷ মাতৃ আৰু পত্নী দুয়োটাই এগৰাকী নাৰীৰ জীৱনৰ দুটা পৱিত্র ৰূপ৷ লগতে এজন মানুহৰ জীৱনৰ দুটা আটাইতকৈ গুৰুত্বপূর্ণ ভূমিকা৷ এগৰাকী নাৰীৰ পুত্র সেই মানুহজন আনগৰাকীৰ পতি৷ মাতৃয়ে জন্ম দি তুলি–তালি ডাঙৰ কৰি মানুহ কৰা মানুহজনৰ জীৱনলৈ আহে এগৰাকী পত্নী৷ এতিয়া কেনে হ’ব সেই মানুহজনৰ জীৱন যিবোৰ কথা শিকাই–বুজাই মাকে মানুহ কৰিলে, সেইবোৰ নোহোৱা হৈ যাব নেকি। ইফালে আনগৰাকী নাৰীয়ে এটা নতুন জীৱন আৰম্ভ কৰিছে, পত্নীৰূপে৷ বহুত সপোন–আশা–আকাংক্ষা৷ এই পটভূমিত গঢ় লৈ উঠে এই অবুজ সম্পর্ক– শাহু–বোৱাৰী৷
অর্থাৎ কথাটো হ’ল দুটা মনৰ৷ মাকৰ মন, পত্নীৰ মন৷ শাহুৰ মন, বোৱাৰীৰ মন৷ প্রথমতে আমি বুজিবলৈ যত্ন কৰিব লাগিব মাক আৰু পুতেকৰ মাজৰ অনন্য সম্পর্কটো, একক বান্ধোনটো৷ আমি সাধাৰণতে এই সম্পর্কটো আৱেগিকভাৱে বুজিবলৈ যত্ন কৰি থাকোঁ৷ পণ্ডিতসকলে অৱশ্যে এখোপ ওপৰলৈ গৈ বিভিন্ন বিজ্ঞানসন্মত অধ্যয়নেই কৰি পেলালে৷ এই অধ্যয়নসমূহত দেখা গ’ল যে পুত্রৰ বাবে মাতৃৰ বিশেষ প্রয়োজন আছে৷ পুত্রৰ বাবে মাতৃ আমি সাধাৰণতে আৱেগিকভাৱে ভবাতকৈও বেছি অপৰিহার্য৷ মাকৰ মৰম আৰু যত্ন অবিহনে ডাঙৰ হোৱা ল’ৰা সন্তান সাবালক হোৱাৰ পাছত তেওঁলোকৰ স্বভাৱত কিছু অস্বাভাৱিকতা দেখা পোৱা যায়৷ বিভিন্ন ক্ষেত্রত অস্থিৰতা চকুত পৰে, ধৈর্যৰ অভাৱ ফুটি উঠে৷ বিভিন্ন সময়–পৰিস্থিতিত তেওঁলোকৰ হিংস্র হৈ উঠাৰ প্রৱণতা বেছি হয়৷ কন্যা সন্তানৰ ক্ষেত্রত কিন্তু সেয়া দেখা নাযায়৷ মাকৰ মৰম নোপোৱাকৈ ডাঙৰ হোৱা কন্যা সন্তানৰ স্বভাৱত এনে অস্থিৰতা, অস্বাভাৱিকতা চকুত নপৰে৷ তেওঁলোক পুৰুষৰ দৰে হিংস্রও নহয়৷ গতিকে আমি যদিও কৈ থাকোঁ ল’ৰাক মানুহ কৰি তুলিবলৈ বাপেক লাগে, আদি কালছোৱাত, শিশু অৱস্থাত কিন্তু মাককহে লাগে? এই কালছোৱাতে শিশুৰ পুৰুষ চৰিত্র গঢ়ি তোলে মাকে৷ দেউতাকে শিশুক ডাঙৰ কৰিব পাৰিব পাৰে, কিন্তু শিশুক প্রকৃত পুৰুষ, প্রকৃত মানুহ কৰি গঢ়ি তোলে মাকে৷
কিন্তু এটা সময় আহে৷ আঁতৰি অহাৰ৷ মাকৰ চাদৰৰ আঁচল এৰি অহাৰ৷ শিশুৰ পৰা কিশোৰ, কিশোৰৰ পৰা যুৱক৷ উপযুক্ত সময়ত ল’ৰাই মাকৰ আঁচল নেৰিলে, মাকে আঁচলখন আঁতৰাই নানিলে ল’ৰা শিশু হৈয়ে থাকি যাব, পুৰুষ হ’ব নোৱাৰিব৷ ইয়াৰ অর্থ এইটো নহয় যে মাক–পুতেকৰ বান্ধোন ছিঙি গ’ল৷ সেয়া অকল্পনীয়, অসম্ভৱ৷ মাকৰ এনেয়েও পুতেকৰ প্রতি এটা অদ্ভুত টান থাকে৷ পুতেকৰ ডি এন এ মাকৰ মন–মগজুত চিৰকালৰ বাবে সঞ্চিত হৈ থাকে৷ বিজ্ঞানে কৈছে৷
স্বাভাৱিকতেই পুতেক আঁতৰি যোৱা মাকৰ কাৰণে অসহনীয়৷ তথাপিও চলি যায়৷ ল’ৰাৰ বিয়া নোহোৱালৈকে এই দূৰত্ব সিমান অনুভৱ কৰা নাযায়৷ বিয়া মানে ল’ৰা সাজু হয় এটা নতুন জীৱনৰ বাবে এগৰাকী নাৰীৰ স’তে৷ মাকৰ বাবে অতি আৱেগিক সময়৷ দৰাচলতে আৱেগ নিয়ন্ত্রণ কৰি আৱেগক থানথিত লগোৱাৰ সময়৷ বাস্তৱক মানি লোৱাৰ সময়৷ পুত্র–শিশুটি যে পুৰুষ হ’ল আৰু এজন পতি হ’ল বুজি পোৱাৰ সময়৷ পুত্রৰ জীৱনত পত্নীক গ্রহণ কৰি লোৱাৰ সময়৷ পত্নীগৰাকীৰ মনটো বুজিবলৈ যত্ন কৰাৰ সময়৷ নিজৰ বিয়ালৈ মনত পেলাই নৱ–বিবাহিতা পত্নীৰ আৱেগক অনুভৱ কৰাৰ সময়৷
কাশ্মীৰত চাৰি হাজাৰ তিনিশ পঞ্চাশগৰাকী শাহুক লৈ এটা সমীক্ষা চলোৱা হৈছিল৷ তেওঁলোক সকলো যৌথ পৰিয়ালত থকা৷ আঠষষ্ঠি শতাংশই ক’লে যে তেওঁলোকৰ বোৱাৰীৰ সৈতে থকা সম্পর্কত মৃদুকৈ হ’লেও এটা চাপ আছে৷ অনেকৰ ক্ষেত্রত এই চাপ অতি বেছি৷ শাহু আৰু বোৱাৰী৷ ঘৰ এখনৰ দুগৰাকী মুখ্য নাৰী৷ এই দুগৰাকী নাৰীৰ মাজত যদি আত্মিক সংযোগ স্থাপন নহয়, তেতিয়াই চাপৰ সৃষ্টি হয়৷ গোটেই পৰিয়ালটোৱেই চাপত থাকে৷
শাহু–বোৱাৰী বিষয়টো কৌটিকালৰ পৰাই আছে৷ গোটেই পৃথিৱীতে আছে৷ আধুনিক কালত অধিক পৰিস্ফুট হ’ল৷ আধুনিক নাৰী বন্ধনমুক্ত, ক্ষমতাপ্রাপ্ত নাৰী৷ শিক্ষিতা, আর্থিক দিশৰ পৰা স্বাৱলম্বী৷ বিয়াৰ আগতেই নিজা পৰিচয় থকা, স্বীকৃতি থকা৷ পাকঘৰত বন্দী হৈ নাথাকে৷ শাহুৱে যেনেকৈ সেয়া বুজিব লাগিব, বোৱাৰীয়েও শাহুৰ আৱেগ বুজিব লাগিব৷ পাহৰিব নালাগিব তেৱোঁ এদিন মাক হ’ব, আৰু শাহু৷ যাক পছন্দ কৰি বিয়া কৰাই পত্নী হৈছে তেওঁক মানুহ কৰি তুলিছে শাহুগৰাকীয়ে৷ স্বামীৰ যি গুণে তেওঁক আকর্ষিত কৰিছে, মোহিত কৰিছে সেয়া পাইছে শাহুৰ কাৰণে৷
কথাতে কয় বোলে এটা কাহিনীৰ দুটা সংস্কৰণ থাকে৷ ইয়াতো একেই৷ দুটা দৃষ্টিভংগী, দুটা সংস্কৰণ৷ এটা শাহুৰ, আনটো বোৱাৰীৰ৷ কেন্দ্রীয় চৰিত্র কিন্তু এটাই৷ পুত্র, পতি৷ সেই কথাটো মনত থাকিলেই দুয়োটা সংস্কৰণ সাৱলীলভাৱে আগবাঢ়ে৷ ঘৰখনৰ কথা–বতৰাবোৰত এজনে আনজনক জড়িত কৰি ৰখাটো যেনেকৈ প্রয়োজনীয়, তেনেকৈ এজনে আনজনৰ কাৰণে ব্যক্তিগত, কিছু একান্ত ঠাই এৰি দিবও জানিব লাগিব৷ একেলগে সময় কটোৱা গুৰুত্বপূর্ণ, কিন্তু সেয়া আনজনৰ জীৱনত হস্তক্ষেপ হ’ব নালাগিব৷ মাক আৰু জীয়েকৰ সম্পর্ক যেনেকৈ সম্পূর্ণ খোলোচা হয়, এই সম্পর্কও হ’ব লাগিব স্বচ্ছ আৰু ফটফটীয়া৷
শাহু–বোৱাৰী সম্পর্ক ভাল–বেয়া জোখাৰ কোনো মাপকাঠী নাই যদিও অনেকে কয়, বোৱাৰী আৰু জীয়েকৰ মাজত কাজিয়া হ’লে শাহুৱে যদি বোৱাৰীৰ পক্ষ লয়, তাতকৈ আৰু ক’বলগীয়া নাই৷