নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইমান সৰু, ইমান ডাঙৰ

🔹 পার্থসাৰথি মহন্ত

কিমান সৰু? কিমান ডাঙৰ? কি ! ইমান সৰু ! ইমান ডাঙৰ !
বিয়া এখনৰ খবৰ পালেই পোনছাটেই আমি সোধা প্রশ্ণকেইটাৰ এটা– বয়সৰ পার্থক্য কিমান? আমি প্রথমতেই ধৰিয়েই লওঁ যে দৰা কইনাতকৈ ডাঙৰ৷ তাৰ পাছত উত্তৰ যদিহে আমাৰ গ্রহণযোগ্য পৰিধিৰ বাহিৰত, লগে লগে আমাৰ ৰিয়েকচন আহি যাব– ইমান সৰু! ইমান ডাঙৰ!
আৰু, কেনেবাকৈ যদি বয়সত কইনা দৰাতকৈ ডাঙৰ হ’ল, সেইটোতো এটা বেলেগ অধ্যায়৷
গ্রহণযোগ্য এইজ গেপটোনো কিমান? চাৰি–পাঁচ দশক আগলৈকে আমাৰ দেশত দহ–বাৰ বছৰৰ পার্থক্য অতি স্বাভাৱিক আছিল৷ মানে দৰা কইনাতকৈ দহ–বাৰ বছৰ ডাঙৰ৷ শিক্ষিত মধ্যবিত্ত পৰিয়ালতো সচৰাচৰ এই পার্থক্যই আছিল৷ ইয়াৰ এটা প্রধান কাৰণ আছিল শিক্ষা সাং কৰি নিজৰ ভৰিত থিয় হ’ব পৰা হোৱালৈ ল’ৰাজনৰ বয়স সাতাইশ–আঠাইশ হয়গৈ আৰু ইফালে ছোৱালীক বেছি বয়সলৈ বিয়া নিদিয়াকৈ ৰাখিব নালাগে বোলা ধাৰণাটো মনৰ পৰা তেতিয়ালৈকে যোৱা নাছিল৷ কিন্তু যোৱা তিনিটামান দশকত বিশেষকৈ এই পার্থক্য কমি আহিবলৈ ল’লে৷ এটা প্রধান কাৰণ– ছোৱালীখিনিয়েও শিক্ষা সাং কৰিহে বিয়াত বহিবলৈ ল’লে৷
মাত্র তিনি বছৰ আগতে ভাৰতত এটা সমীক্ষা চলোৱা হৈছিল বয়সৰ গ্রহণযোগ্য পার্থক্য কিমান হ’ব লাগে, তাৰ ওপৰত৷ অধিকাংশ পুৰুষ আৰু মহিলায়ে ক’লে যে পতি পত্নীতকৈ তিনিৰ পৰা পাঁচ বছৰ ডাঙৰ হোৱা উচিত৷ সাত শতাংশ পুৰুষে অৱশ্যে ক’লে যে এই পার্থক্য পাঁচ বছৰতকৈ বেছি হ’ব লাগে৷ এয়া বাৰু ভাৰতীয় মানসিকতা আৰু ধাৰা৷ পশ্চিমতনো কি হৈ আছে?
আমেৰিকাত এই বিষয়ে এটা বিতং অধ্যয়ন হৈছিল৷ ২০১৭ চনত৷ অর্থাৎ ক’ভিডৰ আগৰ স্বাভাৱিক সময়খিনিত৷ দেখা গ’ল, আমেৰিকাৰ বিবাহিত দম্পতীৰ প্রায় চৌত্রিশ শতাংশৰ ক্ষেত্রত পতি পত্নীতকৈ এক বা দুই বছৰ ডাঙৰ৷ প্রায়ে তেত্রিশ শতাংশ পতি দুইৰ পৰা পাঁচ বছৰ ডাঙৰ৷ প্রায় এঘাৰ শতাংশ ছয়ৰ পৰা ন বছৰ ডাঙৰ৷ পাঁচ শতাংশ দহৰ পৰা চৈধ্য বছৰ ডাঙৰ৷ ডেৰ শতাংশ পোন্ধৰৰ পৰা ঊনৈশ বছৰ ডাঙৰ, আৰু এক শতাংশ বিছৰ বা তাতকৈ বেছি ডাঙৰ৷ তেনেদৰে পতিতকৈ ডাঙৰ পত্নী আছে৷ প্রায় সাত শতাংশ পত্নী পতিতকৈ দুইৰ পৰা তিনি বছৰ ডাঙৰ৷ চাৰি–পাঁচ বছৰ ডাঙৰ পত্নীৰ সংখ্যা তিনি শতাংশতকৈ বেছি৷ প্রায় আঢ়ৈ শতাংশ পত্নী পতিতকৈ ছয়ৰ পৰা ন বছৰ ডাঙৰ৷ এক শতাংশ পত্নী দহৰ পৰা চৈধ্য বছৰ ডাঙৰ৷ আধা শতাংশকৈ পত্নী পতিতকৈ পোন্ধৰৰ পৰা ঊনৈশ বছৰ আৰু বিশ বছৰ বা তাতকৈ বেছি ডাঙৰ৷
ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ পৰিসংখ্যাও প্রায় একেধৰণৰ৷
ইফালে আমি অনেকে ঐশ্বর্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ কথা পাতোঁ, কাৰণ ঐশ্বর্য অভিষেকতকৈ দুবছৰ ডাঙৰ৷ আমি ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’ৰ কথা পাতোঁ৷ কাৰণ তেওঁ পত্নী ব্রিজিটতকৈ চৌবিশ বছৰ সৰু৷
কথা হ’ল, মানুহৰ পছন্দ কিয় ভিন্ন? কোনোবাই বয়সৰ পার্থক্য কম বিচাৰে৷ কোনোবাই বেছি৷ পুৰুষ–মহিলা উভয়েই৷ ব্যাখ্যা বিভিন্ন৷
যুুক্তিসংগত পছন্দ তত্ত্ব মতে, মানুহে উপার্জনত চকু দিয়ে৷ পুৰুষে যিহেতু বয়সৰ লগে লগে উপার্জনো অধিক কৰিবলৈ ধৰে, সেয়ে কিছু মহিলাই বয়সত অলপ ডাঙৰ পতি বিচাৰে৷ অৱশ্যে অধিক মহিলা উপার্জনক্ষম হৈ উঠাৰ লগে লগে এই কাৰণটোৰ গুৰুত্ব কিছু হ্রাস পাবলৈ লৈছে৷
ডেভিদ বুচ্চ নামৰ এজন মনোবিজ্ঞানীয়ে সাতত্রিশটা ভিন্ন কৃষ্টি–সংস্কৃতিত ডাঙৰ হোৱা দহ হেজাৰতকৈও অধিক পুৰুষ–মহিলাক লৈ এটা অধ্যয়ন কৰিছিল৷ কেউটা সংস্কৃতিৰ ক্ষেত্রতে দেখা গ’ল যে পুৰুষে নিজতকৈ কম বয়সৰ ছোৱালীকহে সংগী হিচাপে বিচাৰে৷ তেনেদৰে কেউটা সংস্কৃতিৰে ছোৱালীখিনিয়েও নিজতকৈ বয়সত ডাঙৰ পুৰুষকহে সংগী হিচাপে বিচাৰে৷ শ্বুুৱার্জ আৰু হেচব্রুকে আকৌ একৈশ হেজাৰতকৈও অধিক পুৰুষ–মহিলাক লৈ এটা সমীক্ষা চলাইছিল৷ এই সকলো অংশগ্রহণকাৰী আছিল ওঠৰৰ পৰা পঁয়ষষ্ঠি বছৰৰ ভিতৰৰ৷ কিন্তু সকলো অবিবাহিত৷ তেওঁলোকক সংগী নির্বাচনৰ বিষয়ে বিভিন্ন প্রশ্ণ সোধা হৈছিল৷ লগতে সোধা হৈছিল তেওঁলোকে বয়সত কিমান ডাঙৰ বা কিমান সৰু সংগী পছন্দ কৰিব৷ পুৰুষসকলে কৈছিল যে তেওঁলোকে নিজতকৈ গড়ে চাৰে চাৰি বছৰ ডাঙৰ আৰু দহ বছৰলৈকে সৰু মহিলা সংগী হিচাপে গ্রহণ কৰিব পাৰে৷ মহিলাৰ ক্ষেত্রত গড় উলিয়াই দেখা গ’ল তেওঁলোকে নিজতকৈ আঠ বছৰ ডাঙৰ আৰু পাঁচ বছৰলৈকে সৰু পুৰুষক সংগী হিচাপে গ্রহণ কৰিব পাৰে ৷
তেনেদৰে পতি–পত্নীৰ বয়সৰ পাৰফেক্ট পার্থক্যটো কিমান? বিশেষজ্ঞসকলৰ মতে, পাৰফেক্ট পার্থক্য বুলি কোনো কথা নাই৷ কেনে পার্থক্য কাৰ কাৰ ক্ষেত্রত এখন সুখী বিবাহৰ বাবে সহায়ক হ’ব, সেয়া কোনেও ক’ব নোৱাৰে৷ প্রিয়ংকা চোপ্রা পতি নিক জ’নাছতকৈ দহ বছৰ ডাঙৰ৷ ইফালে আকৌ কৰীণা কাপুৰ পতি ছঈফ আলী খানতকৈ তেৰ বছৰ সৰু৷
যুগ্মজীৱন বিভিন্ন পর্যায়ত অতিবাহিত হয়৷ মাত্র দুজনেই থকা এটা সময়৷ তাৰ পাছত সন্তান৷ সন্তান ডাঙৰ কৰা৷ সন্তান ডাঙৰ হৈ ঘৰৰ পৰা ওলাই যোৱা৷ আকৌ অনেকেই মাত্র দুজনেই হৈ পৰা৷ অৱসৰ লোৱা৷ ইত্যাদি ইত্যাদি৷ এনে বিভিন্ন সময় বা পর্যায়ৰ সিদ্ধান্তবোৰত বয়সৰ পার্থক্যও এটা ফেক্টৰ৷
কিন্তু আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– মূল্যবোধ৷ পতি–পত্নীৰ মূল্যবোধ–পৰস্পৰৰ্ প্রতি৷ পতি–পত্নীৰ সম্পর্কৰ প্রতি মূল্যবোধ, অর্থাৎ বিবাহিত জীৱনৰ মান বিধি৷ এই সম্পর্কৰ মোল যিমানেই বেছি হয়, সিমানেই পতি–পত্নীয়ে পৰস্পৰৰ গুৰুত্ব আৰু সন্মান ৰাখিবলৈ যত্ন কৰে৷ সততা–স্বচ্ছতা ৰাখি খোলোচাকৈ মনৰ ভাব ব্যক্ত কৰি লোৱা সিদ্ধান্তই হৈছে দৰাচলতে নিগাজি সম্পর্কৰ ভেটি৷
এনেয়ে নকয়, জব মিঞা-বিবি ৰাজী, ক্যা কৰেগা কাজী৷ কাৰণ, বিয়াখনতো স্বর্গতহে ঠিক হয়৷

You might also like