নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : নিভৃত আলাপ

কৰবী ডেকা হাজৰিকা

শিশুৰ লগত একোৰে তুলনা নহয়৷ ফুলৰ দৰে কোমল, চৰাইৰ দৰে কাকলিৰে ভৰা, আনন্দময়, নিষ্পাপ সকলো শিশু৷ শিশুৰ জাত–কুল–শ্রেণী নাথাকে৷ মানুহৰ জীৱন ভৰাই ৰাখে একো একোটি শিশুৱে৷ এইখিনি কথা সম্পূর্ণ সত্য যদিও সাম্প্রতিক কালত শিশুৰ প্রতি থকা ধাৰণা যেন বহুতেই সলনি হৈ পৰিছে৷ নহ’লে ম’বাইলৰ লোভত নিজৰ শিশু সন্তানক বিক্রী কৰা, শিশু–হত্যা, শিশু–ধর্ষণ আদিৰ দৰে জঘন্য ঘটনা নঘটিলেহেঁতেন৷ সমাজৰ এচাম মানুহৰ লোভ আৰু লালসাই শিশুকো গ্রাস কৰা কার্য অত্যন্ত দুর্ভাগ্যজনক৷ শিশুৰ শ্রেণী নাই বুলি সাধাৰণভাৱে কোৱা হ’লেও ধনী আৰু দুখীয়া এই দুটা শ্রেণীবৈষম্যৰ পৰা কোনো শিশুৱেই আঁতৰি থাকিব পৰা নাই৷ সোণৰ কাঁহীত দিয়া খাদ্য খাবলৈ সকলোৰে ভাগ্যত নঘটে, এমুঠি আহাৰো মুখত নপৰা শিশু আমাৰ চকুৰ আগতে দেখা যায়৷ এটুকুৰা খাদ্যৰ বাবে কুকুৰৰ লগত টনাটনি কৰি পেলনীয়া টোপোলা বুটলি ফুৰা শিশুৰ দল চহৰে–নগৰে দেখা যায়৷ বিকশিত ভাৰতত এই দৃশ্য এতিয়াও সুলভ হৈ আছে৷ চহকী আৰু মধ্যবিত্তৰ সন্তানে ভালদৰে সাজপাৰ কৰি পিতৃ–মাতৃৰ মনত সন্তোষ লগোৱাৰ সময়ত এই অতি দৰিদ্রৰ সন্তানে ফটা–ছিটা কাপোৰ গাত ওলোমাই বাটৰ ধূলিত খেলি থকাৰ দৃশ্য বৰ বেজাৰ লগা৷ বহুতো শিশুলৈ এবাৰ ঘূৰি চাবলৈ পিতৃ–মাতৃৰ সময় আৰু অর্থৰ অভাৱ৷ এবাৰ চাবলৈও আজৰি নাথাকে৷ ঘৰে ঘৰে বাচন ধুই, ঘৰ সাৰি–মচি ফুৰা মাকৰ বাবে, আনৰ কেঁচুৱা ডাঙৰ কৰা মাক বা আইতাকৰ বাবে নিজৰ কেঁচুৱা বাটত আৰু ভগা জুপুৰিত কিবা প্রকাৰে এৰি যোৱাৰ বাহিৰে গত্যন্তৰ নাথাকে৷ বহুতৰে হয়তো পিতৃ পৰিচয়ো নাথাকে৷ পিতৃ থাকিলেও কেঁচুৱা চোৱাচিতা কৰা পিতৃ সংখ্যাত তাকৰ৷ দেশৰ ভৱিষ্যৎ বুলি গণ্য কৰা এইসকল শিশুৰ ভৱিষ্যৎ কিন্তু অন্ধকাৰ৷পুৱাতেই ঘৰত এৰি থৈ যোৱা পাঁচ–সাত–দহ বছৰ ল’ৰা–ছোৱালীবোৰৰ মনত এক ক্ষোভ, বেজাৰ আৰু অসন্তোষৰ সৃষ্টি হয়৷ তাৰে এক বুজন অংশ এতিয়াও পঢ়াশালিৰ বাহিৰত৷ কেতিয়াবা সিহঁতক বনকৰা ল’ৰা বা ছোৱালী হিচাপে আনৰ ঘৰত থৈ যোৱা হয়৷ মূল কাৰণ, পিতৃ–মাতৃৰ আর্থিক অক্ষমতা৷ নিজৰ ঘৰত খাবলৈ নাই বাবে আনৰ ঘৰত হ’লেও এমুঠি খাবলৈ পাওক, এনে পুতৌলগা চেনেহৰ চিন্তাও নথকা নহয়৷ এনে কৰাৰ ফলত অধিকাংশ শিশুৰ জীৱন কষ্টময়, স্নেহহীন আৰু কঠোৰ হৈ পৰে৷ কেতিয়াবা ভয়াৱহ দৈহিক আৰু যৌন শোষণৰো বলি হৈ পৰে৷ দেৱশিশু আখ্যা দিয়া শিশুৰ এনে কষ্টকৰ জীৱনৰ প্রতি সহানুভূতি নথকা সকলো মানুহেই অমানুহ৷

আহনৰ চকুত সকলো শিশু সমান৷ সকলোৰে আছে শিক্ষা আৰু সুস্থ জীৱনৰ অধিকাৰ৷ সেই আইন অমান্য কৰি গোপনে এচাম মানুহেই শিশুক অধিকাৰৰ পৰা আঁতৰাই ৰাখে৷ শিশু খাদ্যৰ নামত কেন্দ্রলৈ অহা আহাৰ লুকুৱাই ৰাখি শিশুক অখাদ্য যোগান ধৰা, বহুতো খাদ্য–সামগ্রী বিক্রী কৰি সামান্য ধনৰ লোভত মানৱতা বিসর্জন দিয়া, অস্বাস্থ্যকৰ পুৰণি খাদ্য যোগান ধৰা আদি কার্য ধৰা পেলাই শাস্তি দিয়া উচিত৷ চৰকাৰৰ আঁচনিত ভুল নাই, দোষ আছে মাজৰ মানুহখিনিৰ৷ সেই মানুহখিনিক ধৰা পেলোৱাটো চৰকাৰৰ বিভাগীয় বিষয়াৰ কর্তব্য৷ নিজৰ ঘৰৰ শিশুক আলপৈচান ধৰাৰ দৰে হাজাৰ হাজাৰ দৰিদ্রতম শিশুৰো আলপৈচান ধৰাটো সকলো সভ্য লোকৰ কর্তব্য৷ হাতে–কামে তেনে কাম সকলোৰে বাবে সম্ভৱ নহয় যদিও দাতব্য অনুষ্ঠানত সহযোগিতা সকলোৱে কৰিব পাৰে আৰু কৰা উচিত৷

শিশু সুৰক্ষাৰ সকলো আঁচনি জনসাধাৰণৰ সহযোগিতাতহে সফল হৈ উঠিব পাৰিব৷ সমাজৰ ভাল মানুহৰ মাজতে কেইজনমান অতি বেয়া মানুহো থাকে৷ সেইসকলে আসুৰিক প্রবৃত্তিৰ বাবেই নানাপ্রকাৰে শিশু–নির্যাতন কৰে৷ সুৰা, ড্রাগ্ছ, পর্ণ ভিডিঅ’ আদিৰ অবাধ প্রচলনৰ বাবে এচাম মানুহ পশুত পৰিণত হৈ পৰিছে৷ সিহঁতৰ মনত মৰম–চেনেহ, দয়া আদি গুণবোৰ নাই৷ এই পশুবোৰৰ পৰা নিজৰেহ কেৱল নহয়, আনৰ সন্তানকো ৰক্ষা কৰাটো সকলো নাগৰিকৰে কর্তব্য৷ শিশুৰ মনত ভাল–বেয়াৰ বিচাৰ সৰুৰে পৰাই সুমুৱাই দিব লাগে৷ আগৰ দিনত বহুতো ভিতৰুৱা কথা শিশুক জনোৱা নহৈছিল, তাৰ প্রয়োজনো নাছিল৷ কাৰণ তেতিয়া নিকা আৰু ভদ্র সমাজত বহুতো কথা সময়ত নিজে নিজে শিকিলেও চলি গৈছিল৷ আজিকালি দিন পৰিৱর্তন হোৱাৰ লগে লগে শিশুৰ জীৱন নানাধৰণৰ বিপদেৰে ভৰি উঠিছে৷ গতিকে অভিভাৱকে বহুতো অপ্রিয় কথাও সাধাৰণ ভাষাত সহজভাৱে শিশুক বুজাই দিয়া উচিত৷ বর্তমান সময়ত আমাৰ অভিভাৱকসকল দোমোজাত আছে, কিমানখিনিলৈকে শিশুৱে জনা উচিত সেই কথা নিজেও বিচাৰ কৰা জটিল হৈ পৰিছে৷ সেয়েহে সমাজৰ প্রান্তীয় শ্রেণীৰ শিশুৰ পৰা অতি অভিজাত শ্রেণীৰ শিশুলৈকে নানাধৰণৰ ভুল পথৰ প্রলোভনত পৰা দেখা যায়৷ শেহতীয়াভাৱে কিছুমান ‘অভিজাত’ স্কুলত হোৱা ছাত্রৰ নৈতিক স্খলনৰ সংবাদ সচেতন লোকৰ বুকু কঁপাই দিবলৈ যথেষ্ট৷ সহজলভ্য ছবি, ভিডিঅ’ আদিৰ বাবে কৈশোৰ নৌপাওঁতেই ল’ৰা–ছোৱালীয়ে অনৈতিক কাম কৰিব আগবাঢ়ে৷ এনে পৰিৱেশত শিশুৰ মানসিক বিকাশৰ সপোন এক অলীক সপোন মাথোন৷ সমাজৰ এচাম শিশুৱে বিদ্যালয়ৰ সুবিধা আৰু নানাধৰণৰ প্রতিভা বিকাশৰ সুযোগ–সুবিধা লাভ কৰাৰ বিপৰীতে কিমান বিশালসংখ্যক শিশুক দিনে দিনে অন্ধকাৰ জগতলৈ আগুৱাহ দিয়া হৈছে সেহ কথাও বিচার্য৷ জঘন্যতম ‘শ্লাম এৰিয়া’ বা ভয়ংকৰ বেয়া পৰিৱেশত বস্তি বা গলিত ডাঙৰ হোৱা শিশুবোৰৰ কথা বাদ দি ভাৰতৰ সামাজিক বিকাশ কল্পনা কৰিব নোৱাৰি৷অথচ ধুনীয়া পোছাকেৰে গাডীত উঠি অত্যাধুনিক বিদ্যালয়লৈ যোৱা শিশুহঁতৰ হাঁহিভৰা মুখ দেখি আমি আপোন–পাহৰা হৈছোঁ৷ মনত ৰখা ভাল যে সকলো শিশুৰে আছে ৰং–ধেমালিৰ মন, শিক্ষাৰ হেঁপাহ, মনোৰম জীৱন পোৱাৰ অধিকাৰ৷ সিহঁতৰ বোধ আৰু অনুভূতিক হেঁচা মাৰি ৰাখি আমি পোহৰৰ জগতত মতলীয়া হৈ আছোঁ৷ আমাৰ এচাম সন্তান এতিয়াও ভোক–পিয়াহ, কদর্য জীৱন আৰু দুখ–যন্ত্রণাৰ অন্ধকাৰত লুকাই আছে৷

ফোনঃ ৯৪৩৫১–৩১৮৪৮

You might also like