বিশেষ লেখা : নেটৱর্ক
‘নেটৱর্ক’ বিষয়টোৰ ওপৰত মোৰ লেখাৰ কর্তৃত্ব ক্রিকেট নেখেলা ক্রিকেটৰ ভাষ্যকাৰৰ সমপর্যায়ৰ৷ দৰাচলতে মই, বা আজিকালি প্রায় সকলোৱে ‘নেটৱর্ক’ (Network) শব্দটো যিদৰে ব্যৱহাৰ কৰোঁ তাৰ সঠিক প্রতিশব্দ অসমীয়াত নাই
বিশেষ লেখা : নেটৱর্ক
প্রদীপ্ত বৰগোহাঞি
এই প্রবন্ধত মই এনে এটা বিষয় উত্থাপন কৰিম যিটো সম্পর্কে মোৰ জ্ঞান আংশিক বা আধৰুৱা৷ এই দেশত ক্রিকেট সম্পর্কে সকলোৱে কম–বেছি পৰিমাণে ক’ব পাৰে বা লিখিব পাৰে, কিন্তু ভালদৰে ক্রিকেট নেখেলা মানুহে বিষয়টোৰ টেকনিকেল দিশৰ গভীৰলৈ যাব নোৱাৰে তাক এক বহল সামাজিক দৃষ্টিকোণৰ পৰাহে পর্যবেক্ষণ কৰিব পাৰে৷
‘নেটৱর্ক’ বিষয়টোৰ ওপৰত মোৰ লেখাৰ কর্তৃত্ব ক্রিকেট নেখেলা ক্রিকেটৰ ভাষ্যকাৰৰ সমপর্যায়ৰ৷ দৰাচলতে মই, বা আজিকালি প্রায় সকলোৱে ‘নেটৱর্ক’ (Network) শব্দটো যিদৰে ব্যৱহাৰ কৰোঁ তাৰ সঠিক প্রতিশব্দ অসমীয়াত নাই৷ অভিধানৰ অর্থই শব্দটোৰ আধুনিক তাৎপর্য তুলি ধৰিব নোৱাৰে৷ আজিকালি কথোপকথনত এই শব্দটোৰ প্রায়ে ব্যৱহাৰ হয়– বেছিভাগ মানুহেই ইয়াৰ তাৎপর্য হূদয়ংগম কৰে৷ লগতে এইটোও ক’ব পাৰি যে নেটৱর্ক কৰিব পৰা মানুহৰ সংখ্যাও দিনকদিনে বাঢ়ি গৈছে৷
১৯৭৬ চনত আমেৰিকাৰ হলীউডত নির্মিত Network নামৰ বোলছবিখন বাণিজ্যিকভাৱে সফল হোৱাৰ লগে লগে সমালোচকৰো সমাদৰ লাভ কৰিছিল৷ ছবিখন হাৱার্ড বীল নামৰ এজন টেলিভিছনৰ ঘোষক বা সূত্রধাৰক তেওঁ কাম কৰি থকা চেনেলটোৱে সকীয়নি দিলে যে আৰু দুসপ্তাহৰ পিছত তেওঁক বর্খাস্ত কৰা হ’ব, কিয়নো তেওঁৰ প্রগ্রেমটোৰ ‘ৰেটিং’ (অর্থাৎrating এই শব্দটোও আজিকালি সকলোৰে মুখে মুখে, আৰু ইয়াৰো কোনো উপযুক্ত প্রতিশব্দ অসমীয়াত নাই যদিও ই জনপ্রিয়তাৰ ধাৰণাটো সূচায়) কমি আহিছে৷ এই খবৰটো পাই বীলে দর্শকসকলক জনালে যে তেওঁ প্রগ্রেম চলি থকা অৱস্থাতে সকলোৱে দেখাকৈ আত্মহত্যা কৰিব৷
কিন্তু প্রগ্রেমৰ আৰম্ভণিতে তেওঁ মাথোন জীৱনটো যে এটা বাজে, মিছলীয়া বস্তু সেই বিষয়েহে আবোল–তাবোল বকিবলৈ আৰম্ভ কৰিলে৷ মেক্স শ্বুমেকাৰ(Max Schumaker) নামৰ এজন সতীর্থৰ হস্তক্ষেপতহে বীল চাকৰিত বাহাল থাকিল৷ ইয়াৰ পিছত এটাৰ পিছত এটা ঘটনা ঘটি থাকিল আৰু সর্বশেষত বীলক ষ্টুডি’তে হত্যা কৰা হ’ল৷ কিন্তু আমাৰ বাবে যিটো প্রাসংগিক ঘটনা আছিল সেইটো হ’ল যে বীলৰ চাঞ্চল্যকৰ ৰাজহুৱা ঘোষণা বা আচাৰ–ব্যৱহাৰৰ ফলত তেওঁৰ প্রগ্রেম তথা চেনেলৰ জনপ্রিয়তা হঠাতে বহু পৰিমাণে বৃদ্ধি হ’ল৷ ইয়াৰ ফলত মালিকপক্ষই অইন চাঞ্চল্যকৰ খবৰ বা কাহিনীৰ সন্ধান কৰিবলৈ ধৰিলে, যিবোৰ প্রদর্শন কৰি তেওঁলোকে দর্শকৰ সংখ্যা বঢ়াব পাৰে৷ আনকি তেওঁলোকে এটা আতংকবাদী সংগঠনৰ লগতো যোগাযোগ কৰিলে যাতে সিহঁতৰ কথা–কাৰবাৰ কিছুমান টেলিভিছনৰ পর্দাত প্রদর্শন কৰি বাণিজ্যিক সাফল্য অর্জন কৰিব পাৰে৷
‘নেটৱর্ক’ শব্দটোৰ অর্থ ক্রমান্বয়ে পৰিৱর্তিত হৈছে৷ কিন্তু এটা মৌলিক কথাই সেই পুৰণি হলীউডৰ নির্মিত ছবিখনৰ বাণী বা পাঠৰ লগত আজিৰ দিনৰ নেটৱর্ক কৰাসকলৰ ব্যৱহাৰ সাঙুৰি পেলাইছে৷ এটা প্রধান কথা হ’ল যে আমাৰ সকলোৰে ভাগ্য–ভৱিতব্য গোলকীকৰণৰ অর্থনৈতিক ৰীতিয়ে একপ্রকাৰ এডাল এনাজৰীৰে গাঁথি পেলাইছে৷ সত্তৰৰ দশকত টেলিভিছনৰ মাধ্যমেৰে ভিন ভিন উদ্দেশ্যেৰে চালিত সন্থা বা প্রতিষ্ঠানৰ স্বার্থ একত্রিত কৰিব পৰা হৈছিল৷ ‘নেটৱর্ক’ বোলছবিখনত টেলিভিছন চেনেলটো, আতংকবাদী সংগঠন আৰু এক বৃহৎ ছৌদি ব্যৱসায়িক সন্থা তিনিটা সম্পূর্ণ পৃথক আদর্শৰ অনুষ্ঠান, কিন্তু চেনেলৰ কর্তৃপক্ষই আতংকবাদীবিলাকৰ লগত আর্থিক লেনদেন কৰাৰ লগে লগে এই তিনিওটা সন্থাৰ স্বার্থ কিছু পৰিমাণে একাকাৰ হ’ল৷ আজি আমাৰ ছ’চিয়েল মিডিয়া বুলি এটা বস্তু আছে আৰু টেলিভিছন, ম’বাইল, আইপেড I pad) আদি বিভিন্ন সঁজুলিৰে এই ডিজিটেল জগতখনৰ নাগৰিক হ’ব পাৰি৷ এই নতুন জগতখনত ভৌগোলিক দূৰত্ব দুটামান বুটাম বা চাবি টিপিয়েই নস্যাৎ কৰিব পাৰি,
আৰু আমি য’তেই নাথাকোঁ কিয়, যাৰে–তাৰে লগত তাৎক্ষণিকভাৱে এক সম্পর্ক স্থাপন কৰিব পাৰি৷ আমি আমাৰ পৰা বহু নিলগত থকা ব্যক্তিৰ লগত তেওঁক নেদেখাকৈয়েই সম্পর্ক স্থাপন কৰিব পাৰোঁ৷ যদি এনে সম্পর্কত দুয়োপক্ষৰে ‘মুনাফা’ৰ সম্ভাৱনা থাকে, তেতিয়াহ’লে শত্রুও মিত্র হৈ পৰিব পাৰে৷ সভ্যতাৰ আৰম্ভণিৰে পৰা অর্থ আৰু খ্যাতিৰ বাবে হাবিয়াসৰ উন্মেষ হৈছে৷ কিন্তু বর্তমান এই হাবিয়াস যেন পাৰ ভাঙি গৈ আমাক এই দুয়োটা বস্তুৰ দাস কৰি পেলাইছে৷ খ্যাতি আৰু অর্থ বা ধন ইটো সিটোৰ লগত জড়িতও হৈ পৰিছে৷ এজন নামী বা বিখ্যাত ব্যক্তিয়ে এজন অখ্যাত ব্যক্তিতকৈ বেছি ধন উপার্জন কৰাৰ সম্ভাৱনা অধিক৷ আনপিনে, এজন ধনৱান লোকে খ্যাতি ক্রয়ো কৰিব পাৰে৷ ‘নেটৱর্ক’ নামৰ বোলছবিখনত হাৱার্ড বীলে আত্মহত্যা কৰিবলৈ বিচৰাৰ লগে লগে তেওঁ বিখ্যাত হৈ পৰিল৷ তেওঁ এনে কাম কৰি ধনী হ’ব বিচৰা নাছিল বা নহ’লোঁ, কিন্তু টিভি চেনেলটোৱে বীলৰ এই সন্দেহজনক আৰু অপাংক্তেয় খ্যাতিৰ পূর্ণ সুযোগ ল’লে৷
In our journey of safeguarding the interests of Assam, we do not dither in taking inspiration from former CMs.
📍Assam Assembly pic.twitter.com/MbdIfI2Hpp
— Himanta Biswa Sarma (@himantabiswa) June 9, 2025
নিজৰ অর্থশক্তি প্রয়োগ কৰি খ্যাতি অর্জন কৰাৰ আটাইতকৈ সহজ উপায় হ’ল কোনো উপাসনা গৃহ বা অইন ৰাজহুৱা কীর্তিস্তম্ভ নির্মাণ কৰা বা কোনো ৰাইজৰ কল্যাণৰ বাবে ব্রতী হোৱা সংগঠনক বিপুল পৰিমাণৰ দান দিয়া৷ তাৰ পিছত ‘নেটৱর্ক’ কৰি ব্যক্তিজনে তেওঁৰ বদান্যতাৰ কথা প্রচাৰ কৰি সুনাম অর্জন কৰিব পাৰে৷ কোনো কোনোৱে আকৌ টকা খৰচ কৰি কিছুমান পুৰস্কাৰো আহৰণ কৰে৷ এই বিষয়ে অলপ পিছত আকৌ ক’ম৷
মুঠতে অর্থ বিনিয়োগ কৰি সমান্তৰালভাৱে ‘নেটৱর্কিং’ কৰি বিখ্যাত হোৱাটো সম্ভৱ৷ কিন্তু বহুত মানুহ আছে যাৰ ইমান ধনবল নাই, বা যি বেছি টকা খৰচ কৰি খ্যাতি অর্জন কৰিবলৈ অনিচ্ছুক৷ এই শ্রেণীৰ মানুহে নেটৱর্কিঙৰ কৌশলৰ ওপৰত মনোনিৱেশ কৰিয়েই তেওঁলোকৰ প্রাপ্য (বা কোনোবা ক্ষেত্রত অপ্রাপ্য) আদায় কৰে৷ আকৌ কওঁ, এই বিষয়টোৰ ওপৰত মোৰ ভিতৰুৱা জ্ঞান সীমিত, কিন্তু মানুহে ক্রীড়া, ৰাজনীতি, সাংবাদিকতা আৰু আনকি শিক্ষা আৰু কলা–সংস্কৃতিৰ জগততো ক্ষিপ্রগতিত সাফল্য লাভ কৰা বহু কাহিনী শুনিছোঁ বা দেখিছোঁ আৰু এনেদৰে চমৎকাৰী সাফল্য অর্জন কৰাৰ এটা প্রধান কাৰণ হ’ল নেটৱর্কিং৷ আজিৰ ডিজিটেল জগতত আৰু আজিৰ ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে এই বিশেষ কৌশলবিধ প্রয়োগ কৰাটো সুগম হৈছে৷ অলপ আগতে পুৰস্কাৰো ক্রয় কৰাৰ কথাটো কৈছিলোঁ৷
কিছুদিন আগতে এটা তথাকথিত আমেৰিকান পুৰস্কাৰ কিনিবলৈ আমি বহুতেই নিমন্ত্রণ পাইছিলোঁ৷ কিন্তু কিছুমান নামী বেচৰকাৰী সংগঠনে প্রদান কৰা বা চৰকাৰে পৃষ্ঠপোষকতা কৰা বহুতো সন্মানীয় পুৰস্কাৰ আছে যিবোৰ অর্থৰ বলেৰে আদায় কৰিব নোৱাৰি৷ কিনিব নোৱাৰিলে কি হ’ব– সঠিকভাৱে নেটৱর্কিং কৰিব পাৰিলে এনেধৰণৰ পুৰস্কাৰবোৰ যোগাৰ কৰিব পাৰি৷ হয়তো নেটৱর্কিং কৰিব নোৱাৰা বাবেই দেৱব্রত দাস, নীলিম কুমাৰ আদি লেখক সাহিত্য অকাডেমিৰ বঁটা পোৱাৰ পৰা বঞ্চিত হৈ আছে, আৰু ফুল গোস্বামী, মনোৰমা দাস মেধিৰ দৰে প্রতিভাশালী লেখিকা তুলনামূলকভাৱে আজিৰ পাঠকৰ বাবে অখ্যাত হৈ আছে৷
প্রযুক্তিবিদ্যাই নানা নিপুণ আৰু উপযোগী হাতিয়াৰ মজুত কৰিছে, কিন্তু নেটৱর্কিং এটা ব্যক্তিগত কৌশল৷ হয়তো ইয়াকো একধৰণৰ প্রতিভা বুলিয়েই স্বীকাৰ কৰিব লাগে৷ পৃথিৱীৰ সকলোতে সুদর্শন আৰু সুপ্রতিভ ব্যক্তিসকলৰ বাবে সাফল্যৰ সোণ আহৰণ কৰাটো সাধাৰণতে উজু হয়৷ কিন্তু আমি দেখিবলৈ পাওঁ যে এনেধৰণৰ বাহিৰা আকর্ষণ নথকা মানুহেও নেটৱর্কিং কৰি বিভিন্ন ক্ষেত্রত সফল হ’ব পাৰিছে৷ এইটো হয়তো আমি মানি ল’ব লাগিব যে মাথোন ভগৱান–দত্ত প্রতিভাৰে আজিকালি সাফল্য বা স্বীকৃতি পোৱাটো সম্ভৱ নহয়৷ প্রধানকৈ প্রতিভাৰ জোৰত, আৰু কিছু পৰিমাণে নেটৱর্কিং কৰি পুৰস্কৃত হোৱাত আপত্তিৰ বিশেষ স্থল নাই৷ কিন্তু কম প্রতিভা আৰু প্রচণ্ড নেটৱর্কিং কৰি অইনক পিছ পেলাই যোৱাটোহে উদ্বেগৰ কাৰণ৷ মই উদাহৰণ দিয়া বোলছবিখনৰ নায়কজন প্রতিভাৱান আছিল, কিন্তু ৰাতা–ৰাতি তেওঁ নিজৰ বাবে আৰু তেওঁৰ টিভি চেনেলৰ বাবে নাম–যশ অর্জন কৰিবলৈ পাৰিলে তেওঁৰ চাঞ্চল্যকৰ উক্তি আৰু ব্যৱহাৰৰ বাবেহে৷ একপ্রকাৰ অজ্ঞাতেই বীলে তেওঁৰ টিভি নেটৱর্কৰ বাবে নেটৱর্কিং কৰি গ’ল৷
লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক
ফোন : ৮৬৩৮৩–৮৬৭৪২