নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ অন্যতম ধনাঢ্যৰ ধনী পত্নী

বিশ্বৰ ধনাঢ্যসকলৰ জীৱন কেনেকুৱা বাৰু, আমাৰ বহুতৰে মনত এই প্ৰশ্ন কেতিয়াবা জাগে। কোটিপতিৰ পত্নী কেনেকুৱা হ’ব পাৰে, সেই কথাও বহুতে কল্পনা কৰে। আজি এনে কিছুমান ধনাঢ্যক জানো আঁহক, যিসকলৰ পত্নী নিজেই ধনাঢ্য। তেওঁলোক নিজেই নিজৰ পৰিচয় গঢ়িব পৰাকৈ সফল।

মেলিণ্ডা ফ্ৰেন্স গেটছ


বিশ্বৰ অন্যতম ধনাঢ্য বিল গেটছ আৰু মেলিণ্ডা গেটছৰ বিবাহ হৈছিল ১৯৯৪ চনত আৰু তেওঁলোকৰ বিচ্ছেদ হয় ২০২১ চনৰ মে’ মাহত। তেওঁলোকে একেলগে থকাৰ সময়তে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেছন নামেৰে দাতব্য সংস্থাটো মুকলি কৰিছিল। পৰিয়ালত মনযোগ দিয়াৰ আগতে মেলিণ্ডাই মাইক্ৰ’ছফটত মাৰ্কেটিং মেনেজাৰ হিচাপে কাম কৰাৰ উপৰি পাছলৈ জেনেৰেল মেনেজাৰ হৈছিল। তেওঁ নিজেই ১৩০.৫ বিলিয়ন ডলাৰৰ অধিকাৰী।

প্ৰিছিলা চান


প্ৰাক্তন শিশুৰোগ বিশেষজ্ঞ তথা বৰ্তমানে জনসেৱাৰ সৈতে জড়িত প্ৰিছিলাই ফেচবুকৰ গৰাকী মাৰ্ক জুকাৰবাৰ্গৰ সৈতে ২০১২ চনত বিবাহ পাতে। দুয়ো হাৰ্ভাৰ্ডত পঢ়ি থকা দিনৰে চিনাকী। পাছলৈ দুয়োজনে চান জুকাৰবাৰ্গ ইনিছিয়েটিভ মুকলি কৰি এতিয়ালৈ প্ৰায় ৪ বিলিয়ন ডলাৰ দান দিছে। চান নিজেই ১২৮ বিলিয়ন ডলাৰৰ গৰাকী।

মিৰাণ্ডা কেৰ


ভিক্টৰিয়াছ চিক্ৰেট এঞ্জেল বুলি পৰিচিত ম’ডেল মিৰাণ্ডা কেৰে স্নেপচাটৰ গৰাকী ইভান স্পেইগেলক বিবাহ কৰে। স্পেইগেলৰ সম্পত্তিৰ উপৰিও ম’ডেলিঙৰ কামেৰেই মিৰাণ্ডা বিশ্বৰ ভিতৰতে অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ম’ডেল হিচাপে জনাজাত।

জেনেট জেকছন


পপষ্টাৰ আৰু অভিনেত্ৰী জেনেট জেকছনে কাটাৰৰ উদ্যোগপতি উইচাম আল মানাৰ সৈতে ২০১২ চনত বিবাহত বহে। ২০১৭ চনত তেওঁলোকৰ পুত্ৰ সন্তান এটি জন্ম হয় যদিও সেই বছৰৰ শেষৰপিনে তেওঁলোকৰ বিবাহবিচ্ছেদ হয়। জেনেট ১৯০মিলিয়ন ডলাৰৰ অধিকাৰী।

ৰিতা উইলছন


অভিনেতা টম হেংকছে ১৯৮৮ চনত বিবাহ কৰায় অভিনেত্ৰী তথা প্ৰজোজক ৰিতা উইলছনক। তেওঁলোকৰ দুটি পুত্ৰ সন্তান আছে। ৰিতা উইলছনে My Big Fat Greek Wedding আৰু Mamma Mia ৰ দৰে হিট ছবিৰ প্ৰজোজক। তেওঁৰ নিজা সম্পত্তি ১০০ মিলিয়ন ডলাৰ।

You might also like