নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কভিডৰ সময়ত বিদেশত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰ কৰা মহিলা বৈমানিকগৰাকী

উৰাজাহাজত প্ৰথম উঠাৰ কাহিনী কোনেও সাধাৰণতে পাহৰিব নোৱাৰে। যেতিয়া লক্ষ্মী জোশীয়ে প্ৰথম উৰাজাহাজত উঠিছিল তেতিয়া ছোৱালীজনীৰ বয়স আছিল মাত্ৰ ৮ বছৰ। কিন্তু তেতিয়াও তেওঁৰ ভৱিষ্যতে পাইলট হোৱাৰে মন আছিল। কন্যাৰ এই সপোন সাকাৰ কৰিবলৈ দেউতাকে ঋণ লৈ লক্ষ্মীক পঢ়াইছিল আৰু এদিন বৈমানিক হৈ গৌৰৱেৰে সেই কন্যাই ঠিয় দিয়ে পিতৃৰ সন্মুখত। আকাশত উৰাৰ উপৰি লক্ষ্মীৰ মন আছিল দেশৰ বাবে আৰু কিছু কৰাৰ। সেই সুযোগ আনিছিল ক’ভিড মহামাৰীয়ে।

বন্দে ভাৰত মিছনৰ অন্তৰ্গত বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে এইগৰাকী বৈমানিকে গৈছিল বিদেশলৈ। চীনত ক’ভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে ২০২০ চনৰ মে’ মাহত বিমান চলাই ছাংহাইত উপস্থিত হৈছিল লক্ষ্মী আৰু উদ্ধাৰকাৰীৰ দল। হেজমেট চুট পিন্ধি ইমান দীঘলীয়া যাত্ৰাৰ বিমান চলোৱা কিমান কষ্টকৰ সেই কথা কেতিয়াও পাহৰিব নোৱাৰে তেওঁ। এনেদৰে মহামাৰীৰ সকলো ভয় নেওচি মাহত তিনি-চাৰিখন বিমান উৰুৱাবলগীয়া হৈছিল লক্ষ্মীয়ে। নাৰীয়ে কি কৰিব নোৱাৰে, এইগৰাকী সাহসী যুৱতীয়ে তেনে এক সফলতাৰ উংকৃষ্ট উদাহৰণ।

You might also like