ঘটনাটো কেইদিনমান আগৰ৷ মোৰ বাল্য্বন্ধু এজনৰ অফিচৰ সহকর্মী এজনৰ একমাত্র ছোৱালীজনীয়ে আত্মহত্যা কৰিলে৷ আত্মহত্যা কৰাৰ কাৰণ আছিল, পৰীক্ষাত ৫ নম্বৰ কমকৈ পালে৷ আন এজন চিনাকি মানুহৰ ল’ৰাই আত্মহত্যা কৰিলে৷ কাৰণ আছিল সেই ল’ৰাজনক মাক–দেউতাকে সি বিচৰা মতে এখন দুচকীয়া বাহন কিনি নিদিলে৷
এতিয়া কথা হ’ল, ওপৰৰ দুটা ঘটনালৈ চাই আপুনি নিজকে সোধকচোন যে নিজৰ ইমান ধুনীয়া জীৱনটো এনেকুৱা সাধাৰণ কাৰণত শেষ কৰিব পাৰিনে? কোনোবাই এটা পৰীক্ষাত ৫ নম্বৰ কম পালেই কি জীৱনত সকলো শেষ হৈ যায়? জীয়াই থাকি ভালদৰে পঢ়াহেঁতেন তেনেকুৱা কিমান ৫ নম্বৰ পৰীক্ষাত বেছিকৈ পাব পৰা গ’লহেঁতেন৷ এখন দুচকীয়া বাহন নিদিলে কাৰণে কি জীৱন শেষ কৰিব লাগে? জীয়াই থাকি ভালদৰে পঢ়া–শুনা কৰিলে জীৱনত কিমান দুচকীয়া বাহন কিন্বি পাৰিলেহেঁতেন সেই কথাটো এবাৰ সেই ল’ৰাজনে চিন্তা কৰা উচিত নাছিলনে বাৰু?
এনেকুৱা এক চৰম পন্থা অৱলম্বন কৰাৰ আগতে অন্ততঃ এবাৰ তেওঁলোকৰ পিতৃ–মাতৃ, ককা–আইতা, ককাই–ভাই, শিক্ষাগুৰু, বন্ধু –বান্ধৱৰ কথা ভাব্বি লাগিছিল৷ তেওঁলোকে এই কথাটো চিন্তা কৰিব লাগিছিল যে তেওঁলোকে কেৱল নিজৰ জীৱনটো শেষ কৰা নাই৷ তেওঁলোকৰ এনেকুৱা কার্যই পিতৃ–মাতৃ, ককা–আইতা, ককাই–ভাই, শিক্ষাগুৰু, বন্ধু–বান্ধৱ আদিৰ জীৱনবোৰো চিৰদিনৰ বাবে সলনি কৰি গ’ল৷ এই সকলোখিনি মানুহে গোটেই জীৱন এইটো দাগ তেওঁলোকৰ লগত লৈ থাক্বি আৰু হয়তো মনৰ মাজতে সদায় কৈ থাক্বি যে এনেকুৱা সাধাৰণ কথাৰ বাবে মোৰ ল’ৰা বা ছোৱালীজনীয়ে, নাতি বা নাতিনীয়ে, ভাইটি বা ভণ্টিয়ে, ন্ধু বা বান্ধৱীয়ে নিজৰ জীৱন শেষ কৰিব লাগিছিল নে বাৰু?
এতিয়া আহঁো মোৰ জীৱনৰ কথালৈ৷ মই মোৰ দেউতাক মোৰ বয়স এক বছৰ থাকোঁতে হেৰুৱাইছিলোঁ৷ বুজি পোৱা হোৱাৰ পৰা জীৱনত কেৱল অভাৱ আৰু অভাৱ দেখা পাইছিলোঁ৷ মোৰ জীৱনৰ প্রতিটো দিন এটা এটা যুগ সদৃশ আছিল৷ ঘাত–প্রতিঘাত, বিফলতা মোৰ এৰি অহা দিনবোৰৰ এক অবিচ্ছেদ্য অংশ আছিল৷ স্কুলত, সমাজত, বিভিন্ন অনুষ্ঠান আদিত বিভিন্ন সময়ত মানুহৰ পুতৌ আৰু ককর্থনাৰ সন্মুখীন হৈছিলোঁ৷ কিন্তু ক’তা, মই কেতিয়াও নিজকে শেষ কৰাৰ কথা নাভাবিলোঁ দেখোন৷ বৰঞ্চ সেই অভিজ্ঞতাবোৰক জীৱনৰ উপহাৰ বুলি ভাবি আঁকোৱালি লৈ এখোজ এখোজকৈ আগুৱাই গ’লোঁ৷ সেয়ে হয়তো মই আজি আন দহজনতকৈ এটা ভাল জীৱন কটাবলৈ সক্ষম হৈছোঁ৷
অলপতে বলীউডৰ জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰে৷ অৱশ্যে আত্মহত্যা নে হত্যা সেয়া এতিয়াও ৰহস্যৰ আৱর্তত৷ সেই সময়ত জনপ্রিয় সামাজিক মাধ্যম ফেচ্বুকত মোৰ ফোন নম্বৰটো দি মোৰ বন্ধু তালিকাত থকা সকলোকে এটা অনুৰোধ কৰিছিলোঁ৷ সেই অনুৰোধটো আছিল যে মোৰ বন্ধুসকলৰ জীৱনত যদি তেনেকুৱা দুবল মুহূর্ত আহে, তেন্তে অন্ততঃ এবাৰ হ’লেও যাতে মোক ফোন কৰে৷ মই শুনিম তেওঁলোকৰ দুখৰ কথা৷ চেষ্টা কৰিম তেওঁ সন্মুখীন হোৱা সমস্যাটোৰ লগে ভাগে সমাধান কৰিবলৈ৷
সেই সময়ত মোলৈ চাৰি–পাঁচজনমান ব্যক্তিয়ে ফোন কৰিছিল৷ মই শুনিছিলোঁ তেওঁলোকৰ কথাবোৰ আৰু যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ তেতিয়া অনুভৱ কৰিছিলোঁ আচলতে মানুহে নিজৰ মনৰ মাজত কঢ়িয়াই লৈ ফুৰা সমস্যাৰ কথাবোৰ কোনোবা বিশ্বাসী মানুহৰ ওচৰত ক’ বিচাৰে৷ সেয়ে মই ভাবোঁ যে ইজনে সিজনৰ খ্বৰ লৈ সুখ–দুখবোৰ সমানে ভগাই লোৱাটো সামাজিক প্রাণী হিচাপে আমাৰ সকলোৰে দায়িত্ব ৷ আহকচোন আমি সকলোৱে চিনাকি কোনোবা যদি বেয়া সময়ৰ মাজেদি সময় পাৰ কৰিছে, তেন্তে সহানুভূতিশীল হৈ সেই লোকজনৰ ওচৰত সাহস হৈ থিয় হৈ তেওঁক বুজাই দিওঁ যে আত্মহনন কেতিয়াও সমস্যাৰ সমাধান হ’ব নোৱাৰে৷ বৰঞ্চ ই আনসকলৰ বাবে কিছুমান নতুন সমস্যাৰ সৃষ্টি কৰে৷ সাহসেৰে বাস্তৱ পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাটোতেই আছে জীৱনৰ প্রকৃত আনন্দ৷