নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী জলসিঞ্চন বিভাগৰ দক্ষিণ কামৰূপ চক্রৰ অধীক্ষক অভিযন্তাৰ কার্যালয়ত ২২ পদ

আবেদনৰ অন্তিম তাৰিখ ৫ মার্চ

অসম চৰকাৰৰ জলসিঞ্চন বিভাগ(Irrigation Department)ৰ অধীনস্থ নলবাৰী জিলাৰ দক্ষিণ কামৰূপ চক্রৰ জলসিঞ্চন বিভাগ(Irrigation, North Kamrup Circle, Nalbari)ৰ অধীক্ষক অভিযন্তাৰ কার্যালয়(O/o the Superintending Engineer, Nalbari)ৰ অধীনত অচিৰেই ২২ পদ পূৰণ কৰা হ’ব৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় অধীক্ষক অভিযন্তা(Superintending Engineer)ই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Peon (10), Khalashi (11), আৰুAPPO (1)ৰ পদত প্রার্থী নিয়োগ কৰা হ’ব৷Peonৰ ১০টা পদৰ ভিতৰত অসংৰক্ষিত ৫টা, অ’বিচি/এম’বিচিৰ ৩টা, এছচিৰ ১টা আৰু এছটি–পি শ্রেণীৰ প্রার্থীৰ বাবে ১টা পদ সংৰক্ষিত থাকিব৷Khalashiৰ ১১টা পদৰ ভিতৰত অসংৰক্ষিত ৪টা, অ’বিচি/এম’বিচিৰ ৩টা, এছচিৰ ১টা, এছটি–এইচৰ ১টা, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১টা আৰু এছটি–পি শ্রেণীৰ প্রার্থীৰ বাবে ১টা পদ সংৰক্ষিত থাকিব৷ আনহাতে,APPOৰ পদটো অসংৰক্ষিত৷ মুঠ পদ ২২টাৰ ভিতৰতPeonৰ ৩টা পদO/o the Superintending Engineer, North Kamrup Circle, Irrigation, Nalbari কার্যালয়ত পূৰণ কৰা হ’ব৷O/o the Executive Engineer, Nalbari Division (Irrigation), Nalbariৰ কার্যালয়তPeonৰ ৩টা,Khalashiৰ ১১টা আৰুAPPOৰ ১টা পদ পূৰণ কৰা হ’ব৷O/o the Executive Engineer, Tihu Investigation Division (Irrigation), Tihuৰ কার্যালয়তPeonৰ ৩টা পদ পূৰণ কৰা হ’ব৷ শেষত,Peonৰ ১টা পদO/o the Executive Engineer, Tihu Dakhin Bajali Mech. Division (Irrigation), Tihu কার্যালয়ত পূৰণ কৰা হ’ব৷Peon,Khalashi আৰুAPPO পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠান/বিদ্যালয়ৰ পৰা অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২১লৈ ১৮–৪০ বছৰ৷ বয়সৰ এই সীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ জলসিঞ্চন বিভাগৰ ৱেবছাইটhttps://niyukti.assam.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ মার্চ, ২০২১৷

You might also like