নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৈশোৰ আৰু যুৱসকলৰ আত্মহত্যাৰ প্রৱণতা

এম্বাৰ (ছদ্মনাম) এগৰাকী কিশোৰী৷ তেওঁৰ আই কিউ IQ) আছিল ১৪০৷ দ্বিতীয় শ্রেণীত থাকোঁতেই গণিত আৰু ভাষাজ্ঞানৰ পৰীক্ষাত তেওঁ ৯৮ আৰু ৯৯ পার্চেণ্টাইল লাভ কৰিছিল ৷ তেওঁক যথেষ্ট প্রতিভাশালী বুলি কোৱা হৈছিল৷ তেওঁ কাব্য আৰু গদ্য দুয়োৰে সাধনা কৰিছিল৷ সেইগৰাকী কিশোৰীয়ে ১৮ বছৰ বয়সতে আত্মহত্যা কৰিছিল, কিন্তু কিয়?
দুর্ঘটনা আৰু হোমিচাইডৰ পিছতেই, ৰোগ নিয়ন্ত্রণ আৰু প্রতিৰোধ কেন্দ্র (চিডিচি) অনুসৰি আত্মহত্যা হৈছে ১৫–ৰ পৰা ২৪ বছৰীয়া কিশোৰৰ বাবে মৃত্যুৰ তৃতীয় মুখ্য কাৰণ৷ আমেৰিকাৰ দৰে দেশত নতুন প্রজন্ম বিশেষকৈ কৈশোৰ আৰু যুৱকসকলৰ আত্মহত্যাৰ প্রৱণতাত মাৰণাস্ত্রৰ ভূমিকা গুৰুত্বপূর্ণ৷ ৬০ শতাংশ আত্মহত্যাই বন্দুকৰ দ্বাৰাই আমেৰিক যুক্তৰাষ্ট্রত সংঘটিত কৰা হৈছিল৷ ছোৱালীতকৈ ল’ৰাৰ আত্মহত্যাৰ প্রৱণতা চাৰি গুণ অধিক৷ বিশেষজ্ঞসকলৰ মতে অত্যাধুনিক অস্ত্রৰ সহজলভ্যতা ইয়াৰ এক কাৰণ হ’ব পাৰে৷
আত্মহত্যাৰ কাৰকবোৰ বিশ্লেষণ কৰিবলৈ নানান থিয়’ৰীৰ অৱতাৰণা কৰা হৈছে৷ তাৰেই ভিতৰত ষ্টিলীয়ন এট এল (১৯৮৯)ৰ ছুইচাইড ড্রেজেক্টৰী মডেলটো উল্লেখনীয়৷ এই মডেলটোত মানসিক, কগনিটিভ আৰু সামাজিক কাৰকবোৰক সামৰি লোৱা হৈছে৷ এই তত্ত্বত আত্মহত্যাৰ জৈৱিক কাৰকৰ ভিতৰত আছে জেনেটিক, স্নায়ৱিক কাৰক, আৰু লিংগ gender)৷ মানসিক আৰু কগনিটিভ কাৰকৰ ভিতৰত আছে হতাশাগ্রস্ততা, নিম্ন আত্মসন্মানবোধ, পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা দক্ষতাৰ অভাৱ আৰু অস্তিত্বৰ প্রশ্ণবোৰ৷ আন আন তত্ত্বৰ দৰে এই তত্ত্বত অসহায়ত্ব আৰু আশাহীনতাৰ অনুভূতি উল্লেখ কৰা হৈছে৷ নেত্বিাচক স্ব–কথা self talk) আত্মহত্যাৰ কল্পনাৰ লগত জডিত৷ তেওঁলোকে নিজকে বর্ণনা কৰিবলৈ ‘বিফলতা’ৰ দৰে শব্দ ব্যৱহাৰ কৰে৷ এনেদৰে নিজৰ জীৱন হেৰুৱাই পেলোৱা বহুতে তেওঁলোকৰ জীৱনৰ অর্থ আৰু উদ্দেশ্যৰ বিষয়েexistential প্রশ্ণবোৰ কৰে৷
আমি এম্বাৰ (ছদ্মনাম), এগৰাকী কিশোৰীৰ বিষয়ে উল্লেখ কৰিছিলোঁ৷Laurie Hyatt, Barton College য়ে তেওঁৰ ওপৰত অধ্যয়ন কৰি এটা case study’ প্রস্তুত কৰিছিল৷ সেই গৱেষণাৰ পৰা আমি নতুন প্রজন্ম বা বিশেষকৈ কিশোৰসকলৰ আত্মহত্যাৰ কাৰণবোৰ সম্পর্কে কিছু ধাৰণা কৰিব পাৰোঁ৷ লেখকে উল্লেখ কৰিছে যে এম্বাৰৰ হতাশা, খং আৰু বিমর্ষতা স্কুলত তেওঁ সন্মুখীন হোৱা উৎপীডন, প্রত্যাখ্যান আৰু ভুল বুজাবুজিৰ ফলশ্রুতি আছিল৷ তেওঁ আনকি স্কুলৰ লগৰীয়াৰ লগত আত্মহত্যাৰ পদ্ধতিবোৰৰ বিষয়ে আলোচনাও কৰিছিল৷ এই কথাখিনিৰ পৰা আমি বুজ্বি পাৰোঁ যে যদি তেওঁৰ বন্ধুসকলে এই কথাবোৰৰ আলোচনা হোৱাৰ কথা অভিভাৱকক জনালেহেঁতেন হয়তো এই দুর্ঘটনা ৰোধ কৰিব পৰা গ’লহেঁতেন৷ এম্বাৰে বিদ্যালয়ত শিক্ষকৰ পৰা পাবলগীয়া আদৰ আৰু স্নেহ পোৱা নাছিল৷ এইবোৰেও তেওঁৰ বিষণ্ণতা বঢ়াই তুলিছিল৷ তেওঁ এটা কবিতা লিখিছিল, যাৰ কেইটামান শাৰী হৈছে, –Teacher : How do I teach? How do I preach? How do I punish when my laws you breach? Student : You say, ‘Be creative with all of your might,’ But if our thoughts differ, then I’m not right৷ শিক্ষকগৰাকীৰ প্রতি থকা তেওঁৰ খং তেওঁ কবিতাৰ মাজেৰে উজাৰিছিল৷ এম্বাৰ যিহেতু এগৰাকী চোকা ছোৱালী আছিল সেয়ে তেওঁ perfectionism’ত গুৰুত্ব দিছিল৷ বিশেষভাৱে প্রতিভাৱান কিশোৰসকলে বিফলতা অনুভৱ কৰিলেই দোষ, হতাশা, উদ্বেগ আৰু আনকি আত্মহত্যা সংঘটিত কৰিব পাৰে (হেইচ আৰু শ্লট, ১৯৯০)৷ এম্বাৰৰ লগতো অনুৰূপ টনা টিছিল৷ তেওঁ বিচৰা ফলাফল পোৱা নাছিল আৰু সেয়ে ডিপ্রেছনত ভুগিছিল৷ গ্রেমী বঁটা বিজয়ী আমেৰিকান গায়িকা জুডি কলিন্সে পোন্ধৰ বছৰ বয়সতেই আত্মহত্যৰ চেষ্টা কৰিছিল, কাৰণ তেওঁ ভাবিছিল যে সংগীত প্রদর্শনত তেওঁ যথেষ্ট ভাল ফলাফল দেখুৱাব নোৱাৰিব পাৰে৷ এনে উদাহৰণ আৰু বহু হয়তো ওলাব৷ এম্বাৰৰ ক্ষেত্রত আন এটা কাৰক আছিল, অগ্রজসকলৰ প্রতি বিশ্বাসৰ অভাৱ৷ এম্বাৰৰ ধাৰণা আছিল যে প্রাপ্ত্বয়স্কসকলক বিশ্বাস কৰিব পৰা নাযায়৷ এজন পৰামর্শদাতাৰ ওচৰলৈ যাবলৈ তেওঁ অস্বীকাৰ কৰিছিল যেতিয়া তেওঁৰ মাকে প্রেমিকৰ সৈতে বিচ্ছেদৰ পিছত এই পৰামর্শ দিছিল৷ এম্বাৰৰ আত্মহত্যাত অনুঘটক হিচাপে কাম কৰা চাৰিটা কাৰক case study’ ৰ লেখকে উল্লেখ কৰিছে৷ সেইকেইটা হৈছে– স্কুলত তেওঁ সন্মুখীন হোৱা উৎপীডন bullying), লগৰ বন্ধু –বান্ধৱীৰ প্রভাৱ, পার্ফেক্সনিজম আৰু আনৰ ওপৰত বিশ্বাসৰ অভাৱ৷
এম্বাৰৰ case study’ৰ পৰা আমি নতুন প্রজন্মৰ কৈশোৰ আৰু যুৱসকলৰ আত্মহত্যাৰ প্রৱণতাৰ বিষয়ে সম্যক আভাস পাওঁ৷ আজিকালি প্রতিযোগিতা বাঢ়িছে শৈক্ষিক ক্ষেত্রত৷ স্কুল, কলেজত ছাত্র–ছাত্রীক শিকোৱা নহয় কেনেকৈ ডিপ্রেছনৰ লগত মোকাবিলা কৰিব লাগে৷ ৰেগিঙৰ দৰে ঘটনাও কেতিয়াবা দেখা যায়৷ কেৰিয়াৰত ঈপ্সিত সফলতা নাপালেও বহুতে হতাশাত ভোগে৷ এই বিষয়বোৰত সজাগতাৰ প্রয়োজনীয়তা আছে৷ তেতিয়া হয়তো আত্মহত্যাৰ দৰে ঘটনাবোৰ যথেষ্ট পৰিমাণে কম কৰিব পৰা যাব৷

দেৱাঞ্জন বৰঠাকুৰ
লেখকঃ স্বাস্থ্য মনোবিজ্ঞান বিষয়ৰ সহকাৰী গৱেষক, টৰণ্টো বিশ্ববিদ্যালয়

অণ্টাৰিও, কানাডা, ফোনঃ ৯০৫৮৭০৭৬৪১

You might also like