নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীৰাম মন্দিৰ নির্মাণ ৰাষ্ট্রীয় পুনর্জাগৰণৰ প্রতীক

🔹 ডাঃ মোহন ভাগৱত

যোৱা ডেৰ হাজাৰ বছৰৰ আমাৰ ভাৰতৰ ইতিহাস আক্রমণকাৰীৰ সৈতে নিৰন্তৰ সংঘর্ষৰ ইতিহাস৷ আৰম্ভণিতে আক্রমণৰ উদ্দেশ্য আছিল লুটপাত কৰা আৰু কেতিয়াবা কেতিয়াবা আলেকজেণ্ডাৰৰ আক্রমণৰ দৰে আছিল৷ কিন্তু ইছলামৰ নামত পশ্চিমৰ পৰা হোৱা আক্রমণে এইখন সমাজৰ সম্পূর্ণ বিনাশ আৰু বিভেদ লৈ আহিল৷ দেশ–সমাজক নিৰুৎসাহিত কৰাৰ বাবে আমাৰ ধার্মিক স্থানবোৰ বিনষ্ট কৰাটো অনিবার্য আছিল, সেইকাৰণে বিদেশী আক্রমণকাৰীসকলে ভাৰতৰ মন্দিৰসমূহ নষ্ট কৰি পেলালে৷ এনেকুৱা তেওঁলোকে এবাৰ নহয় বৰং বহুবাৰ কৰিলে৷ তেওঁলোকৰ উদ্দেশ্য ভাৰতীয় সমাজক নিৰুৎসাহিত কৰা আছিল যাতে ভাৰতীয় সমাজ সম্পূর্ণৰূপে দুর্বল হৈ যায় আৰু তেওঁলোকে ইয়াত বাধাহীনভাৱে শাসন চলাব পাৰে৷

অযোধ্যাত শ্রীৰাম মন্দিৰৰ ধ্বংসকার্যও এই মনোভাবেৰে, এই উদ্দেশ্যৰেই কৰা হৈছিল৷ আক্রমণকাৰীসকলৰ এই নীতি কেৱল অযোধ্যা অথবা কোনো এক মন্দিৰতেই সীমিত নাছিল, বৰং সম্পূর্ণ বিশ্বৰ বাবে আছিল৷

ভাৰতৰ শাসকসকলে কেতিয়াও কাকো আক্রমণ কৰা নাছিল৷ কিন্তু বিশ্বৰ শাসকসকলে নিজৰ সাম্রাজ্য বিস্তাৰৰ কাৰণে আক্রামক হৈ এনেধৰণৰ কুকর্মত প্রবৃত্ত হৈছিল৷ কিন্তু ভাৰতৰ ওপৰত তেওঁলোকৰ আশানুৰূপ পৰিণাম সম্ভৱ নহ’ল, যাৰ আশা তেওঁলোকে কৰিছিল৷ ইয়াৰ বিপৰীতে ভাৰতত সমাজৰ আস্থা, নিষ্ঠা আৰু মনোবল কেতিয়াও হ্রাস হোৱা নাছিল৷ সমাজে মূৰ অৱদমিত কৰা নাছিল, প্রতিৰোধৰ সংঘর্ষ অবিৰত চলি আছিল৷ এই কাৰণে জন্মস্থানক নিজৰ আধিপত্যলৈ অনাৰ বাৰ বাৰ চেষ্টা, তাত মন্দিৰ নির্মাণ কৰাৰ অবিৰত প্রয়াস কৰি থকা হৈছিল৷ তাৰ বাবে অনেক যুদ্ধ, সংঘর্ষ আৰু বলিদান হৈছিল৷ তেনেদৰেই ৰাম মন্দিৰৰ বিষয়টো হিন্দুসকলৰ মনত দৃঢ়ভাৱে খোপনি লৈছিল৷

১৮৫৭ চনত বিদেশী অর্থাৎ ব্রিটিছ শক্তিৰ বিৰুদ্ধে যুদ্ধৰ যোজনা বনোৱাৰ গুণাগঁথা চলিল, তেতিয়া হিন্দু আৰু মুছলমান আটায়ে মিলি ব্রিটিছৰ বিৰুদ্ধে যুঁজাৰ পৰিকল্পনা দাঙি ধৰা হ’ল, তেতিয়া হিন্দু–মুছলমানৰ নিজৰ ভিতৰত বিচাৰ–বিনিময় হ’ল৷ আৰু তেতিয়া গো–হত্যা বন্ধ কৰা আৰু শ্রীৰাম জন্মভূমি মুক্তিৰ বিষয়টো সমাধান হ’ব, এনে অৱস্থা নির্মাণ হৈছিল৷ বাহাদুৰ শ্বাহ জফৰে নিজৰ শপত–পত্রত গো–হত্যাৰ প্রতি নিষেধাজ্ঞাও চামিল কৰিছিল৷ সেই কাৰণে সকলো সমাজে একেলগে মিলিজুলি যুঁজিলে৷ সেই যুদ্ধত ভাৰতীয়ই বীৰত্ব দেখুৱালে, কিন্তু দুর্ভাগ্যবশতঃ এই যুদ্ধ বিফল হ’ল, ভাৰতে স্বতন্ত্রতা নাপালে, ব্রিটিছ শাসন অব্যাহত থাকিল, কিন্তু ৰাম মন্দিৰৰ সংঘর্ষ বন্ধ নহ’ল৷
ইংৰাজসকলৰ হিন্দু–মুছলমানক ‘ভাগ কৰা আৰু শাসন কৰা’ পূর্বৰে পৰা চলাই থকা এই নীতি অনুসাৰে আৰু দেশৰ প্রকৃতি অনুসাৰে এই ব্যৱধান ক্রমে অধিকতকৈও অধিক তীব্র হৈ গৈ থাকিল৷ একতা ভাঙি পেলাবলৈ ইংৰাজসকলে সংঘর্ষৰ নায়কসকলক অযোধ্যাত ফাঁচি দিলে আৰু ৰাম জন্মভূমিৰ মুক্তিৰ প্রশ্ন য’তেই আছিল তাতেই থাকিল৷ ৰাম মন্দিৰৰ বাবে সংঘর্ষ অব্যাহত থাকিল৷
১৯৪৭ চনত দেশৰ স্বাধীনতা লাভৰ পাছত যেতিয়া সর্বসন্মতিক্রমে সোমনাথ মন্দিৰ পুনৰুদ্ধাৰ কৰা হ’ল, তেতিয়া এনে মন্দিৰসমূহৰ চিন্তা–চর্চা আৰম্ভ হ’ল৷ ৰাম জন্মভূমিৰ মুক্তিৰ ক্ষেত্রতো এনেকুৱা সর্বসন্মত সিদ্ধান্তত উপনীত হ’ব পৰাকৈ বিচাৰ–বিবেচনা কৰিব পৰা গ’লহেঁতেন, কিন্তু ৰাজনীতিৰ দিশ সলনি হৈ গৈছিল৷ ভেদাভেদ আৰু অন্ধ ৰাষ্ট্রবাদৰ দৰে স্বার্থপৰ ৰাজনীতিৰ ৰূপ প্রচলিত হ’ব ধৰিলে আৰু সেহবাবে প্রশ্ন এনেদৰেই চলি থাকিল৷ চৰকাৰবোৰে এই বিষয়ত হিন্দু সমাজৰ ইচ্ছা আৰু মনৰ কথাৰ প্রতি বিবেচনাই নকৰিলে৷ ইয়াৰ বিপৰীতে তেওঁলোকে সমাজৰ দ্বাৰা কৰা প্রচেষ্টাক ধ্বংস কৰাৰ প্রয়াস কৰিলে৷ স্বাধীনতাৰ পূর্বৰে পৰা এই সম্বন্ধে চলি থকা আইনী যুঁজ অবিৰতভাৱে চলি আছিল৷ ৰাম জন্মভূমি মুক্তিৰ বাবে জন আন্দোলন ১৯৮০ৰ দশকত আৰম্ভ হ’ল আৰু ত্রিশ বছৰে ই চলি থাকিল৷
১৯৪৯ চনত ৰাম জন্মভূমিত ভগৱান শ্রীৰামচন্দ্রৰ প্রতিমূর্তি প্রকট হ’ল৷ ১৯৮৬ চনত আদালতৰ আদেশত মন্দিৰৰ তলা খুলি দিয়া হ’ল৷ পৰৱর্তী সময়ত অনেক অভিযান আৰু কৰসেৱাৰ জৰিয়তে হিন্দু সমাজৰ অবিৰত সংঘর্ষ অব্যাহত থাকিল৷ ২০১০ চনত এলাহাবাদ হাহকোর্টৰ নির্ণয় স্পষ্ট ৰূপে সমাজৰ সন্মুখলৈ আহিল৷ অতি সোনকালে অন্তিম নির্ণয়ৰ জৰিয়তে এই বিষয়টো সমাধান কৰাৰ বাবে আগলৈকো আগ্রহ ৰাখিব লগা হ’ল৷ ৯ নৱেম্বৰ ২০১৯ চনত ৩০ বছৰৰ আইনী সংঘর্ষৰ পিছত ছুপ্রিম কোর্টে সত্য আৰু তথ্যৰ আধাৰত সন্তুলিত নির্ণয় প্রদান কৰে৷ দুয়োটা পক্ষৰে ভাবনা আৰু তথ্যৰ ওপৰতো বিবেচনা এই নির্ণয়ত কৰা হৈছিল৷ কোর্টত সকলো পক্ষৰে যুক্তি শুনাৰ পাছত নির্ণয় শুনোৱা হৈছিল৷ এই নির্ণয় অনুসৰি মন্দিৰ নির্মাণকার্যৰ বাবে এক ন্যাসী মণ্ডল স্থাপন কৰা হৈছে৷ মন্দিৰৰ ভূমি পূজন ৫ আগষ্ট ২০২০ চনত হৈছিল আৰু এতিয়া পৌষ শুক্ল দ্বাদশী যুগাব্দ ৫১২৫, সেইমতে ২২ জানুৱাৰী ২০২৪ৰ দিনা শ্রীৰামলালাৰ মূর্তি স্থাপন আৰু প্রাণ প্রতিষ্ঠা সমাৰোহৰ আয়োজন কৰা হৈছে৷
ধার্মিক দৃষ্টিৰে শ্রীৰাম বহুসংখ্যক সমাজৰ আৰাধ্য দেৱতা আৰু শ্রীৰামচন্দ্রৰ জীৱন আজিও সম্পূর্ণ সমাজৰ দ্বাৰা স্বীকৃত আচৰণৰ আদর্শস্বৰূপ, সেইবাবে এতিয়া সৰু সৰু বিবাদক লৈ যি পক্ষ–বিপক্ষ থিয় হৈছে তাক সমাপ্ত কৰিব লাগে৷ ইয়াৰ ফলত উৎপন্ন হোৱা তিক্ততাও সমাপ্ত হ’ব লাগে৷ সমাজৰ প্রবুদ্ধ লোকসকলে এয়া অৱশ্যেই দৃষ্টি দিব লাগে যে বিবাদ সম্পূর্ণভাৱে সমাপ্ত হৈ যায়৷ অযোধ্যাৰ অর্থ হ’ল ‘য’ত যুদ্ধ নহয়’, ‘সংঘর্ষৰ পৰা মুক্ত স্থান’, এই নগৰ তেনেকুৱা৷ সমগ্র দেশতেই এই নিমিত্তে লোকৰ মনত অযোধ্যাৰ পুনর্নির্মাণ আজিৰ আৱশ্যকতা আৰু আমাৰ সকলোৰে কর্তব্যও৷
অযোধ্যাত শ্রীৰাম মন্দিৰ নির্মাণৰ সুযোগ, ৰাষ্ট্রীয় গৌৰৱৰ পুনর্জাগৰণৰ প্রতীক৷ ই আধুনিক ভাৰতীয় সমাজৰ দ্বাৰা শ্রীৰামৰ চৰিত্রৰ প্রতি জীৱন দৃষ্টিৰ এক স্বীকৃতি৷ মন্দিৰত শ্রীৰামৰ পূজা ‘পত্রং পুষ্প ফলং তোয়ং’ পদ্ধতিৰে আৰু লগতে ৰামৰ দর্শনক মন মন্দিৰত স্থাপন কৰি তাৰ পোহৰত আদর্শ আচৰণ গ্রহণ কৰি ভগৱান শ্রীৰামৰ পূজা কৰিব লাগে, কিয়নো ‘শিৱো ভুত্বা শিৱং ভজেত্ ৰামো ভুত্বা ৰামং ভজেত্’কহে প্রকৃত পূজা বুলি কোৱা হয়৷
এই দৃষ্টিৰে বিচাৰ কৰিলে দেখা যায়, ভাৰতীয় সংস্কৃতিৰ সামাজিক স্বৰূপ অনুসৰি মাতৃবৎ পৰদাৰেষু, পৰদ্রব্যেষু লোষ্ঠবত্৷
আত্মবৎ সর্বভূতেষু যঃ পশ্যতি সঃ পণ্ডিতঃ৷
এনেদৰে আমিও শ্রীৰামৰ পথেৰে চলিব লাগিব৷
জীৱনত সত্যনিষ্ঠা, বল আৰু পৰাক্রমৰ লগতে ক্ষমা, ইচ্ছা আৰু নম্রতা, সকলোৰে লগত ব্যৱহাৰত নম্রতা, হূদয়ৰ সৌম্যতা আৰু কর্তব্য পালনত নিজৰ প্রতি কঠোৰতা ইত্যাদি শ্রীৰামৰ গুণসমূহৰ অনুকৰণ প্রত্যেকেই নিজৰ জীৱনত আৰু পৰিয়ালৰ সকলোৰে জীৱনত অনাৰ প্রযত্ন বিশ্বাসযোগ্যভাৱে নিষ্ঠাৰে আৰু পৰিশ্রমেৰে কৰিব লাগে৷ লগতে, ৰাষ্ট্রীয় জীৱনৰ প্রতি দৃষ্টি ৰাখি সামাজিক জীৱনতো অনুশাসন পালন কৰিব লাগিব৷ আমি জানো যে শ্রীৰাম–লক্ষ্মণে এই অনুশাসনৰ বলতেই নিজৰ ১৪ বছৰৰ বনবাস আৰু শক্তিশালী ৰাৱণৰ সৈতে সফল সংঘর্ষ সম্পূর্ণ কৰিছিল৷ শ্রীৰামৰ চৰিত্রত প্রতিফলিত ন্যায় আৰু কৰুণা, সদ্ভাব, নিষ্পেষতা, সামাজিক গুণ, এবাৰ পুনৰ সমাজত ব্যাপ্ত কৰা, শোষণহীন সমান ন্যায় আধাৰিত শক্তিৰ লগে লগে কৰুণাৰে ভৰা এক পুৰুষার্থী সমাজৰ নির্মাণ কৰাটোৱেই শ্রীৰামৰ প্রকৃত পূজা হ’ব৷
অহংকাৰ, স্বার্থ আৰু ভেদভাবৰ কাৰণে এই বিশ্ব বিনাশৰ উন্মাদনাত ৰত হৈছে আৰু নিজৰ ওপৰত আনন্দ বিপত্তি আনিছে৷ সদ্ভাব, একতা, প্রগতি আৰু শান্তিৰ পথ দেখাওতা জগদাভিৰাম ভাৰতবর্ষৰ পুনর্নির্মাণৰ শুভাৰম্ভ, শ্রীৰামলালাৰ ৰাম জন্মভূমিত প্রৱেশ আৰু তেওঁৰ প্রাণ প্রতিষ্ঠাৰ দ্বাৰা হ’বলৈ গৈ আছে৷ আমি সেই অভিযানৰ সক্রিয় কার্যান্বয়ণকর্তা৷ আমি সকলোৱে ২২ জানুৱাৰীৰ ভক্তিময় উৎসৱত মন্দিৰৰ পুনর্নির্মাণৰ লগতে ভাৰত আৰু ইয়াৰ সৈতে সম্পূর্ণ বিশ্বৰ পুনর্নির্মাণত সিদ্ধি লাভ কৰাৰ সংকল্প লৈছোঁ৷ আহক এই সচেতনতাৰ প্রতি ধ্যান ৰাখি আগবাঢ়োঁ…৷
জয় চিয়া ৰাম

লেখক ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক

You might also like