নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰশ্মিকা মান্ধানা দীপফেক গোচৰত এজনক গ্রেপ্তাৰ

🔹 দিল্লী আৰক্ষীৰ সফলতা

বিশেষ বাৰ্তা, ২১ জানুৱাৰী : তীব্র বিতর্ক সৃষ্টিকাৰী অভিনেত্রী ৰশ্মিকা মান্ধানা দীপফেক গোচৰত মূল অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষী৷ দিল্লী আৰক্ষীৰ উপ–আৰক্ষী আয়ুক্ত হেমন্ত তিৱাৰীয়ে প্রকাশ কৰা মতে, অভিনেত্রী ৰশ্মিকা মান্ধানাৰ অশ্লীল ভিডিঅ’ যোৱা বর্ষৰ ১১ নৱেম্বৰত ছ’চিয়েল মিডিয়াযোগে প্রচাৰ কৰা হৈছিল ৷ এই দীপফেক গোচৰত দিল্লী আৰক্ষীৰ ইণ্টেলিজেঞ্চ ফিউজন এণ্ড ষ্ট্রেটেজিক অপাৰেচনে তদন্ত চলাই এজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ দিল্লী আৰক্ষীৰ এই সফলতা দীপফেক গোচৰৰ তদন্তৰ ক্ষেত্রত সহায়ক হ’ব৷

You might also like