সন্দেহৰ ভূত
🔹 ড০ পার্থসাৰথি মহন্ত
আপুনি কেতিয়াবা আপোনাৰ ভালপোৱা কোনোবা, কোনোবা এজন বন্ধু বা আনকি নিজৰ বিষয়েও হঠাতে অস্বস্তি অনুভৱ কৰিছেনে– কোনো প্রকৃত কাৰণ নোহোৱাকৈ? আমাৰ অলক্ষিতেই যে আমাৰ মনলৈ বাৰে বাৰে একেটা প্রশ্ণ আহি থাকে– ‘যদি হয়, কি হ’ব?’ – সেয়াই সন্দেহ৷ খুব সৰু কথা এটাৰ পৰা আৰম্ভ হয়৷ কোনোবাই মেছেজৰ ৰিপ্লাই নিদিলে বা দেৰিকৈ দিলে৷ অফিচৰ মিটিঙত কোনোবা এজন সহকর্মীয়ে আপোনালৈ নাচালে, আপোনালৈ চাই নাহাঁহিলে৷ কিয় আমি নাজানো ৷ আমি নজনা সেই খালী ঠাইবোৰ আমাৰ মনটোৱে পূৰ কৰে আৰু উপলব্ধি নকৰাকৈয়ে আমি চিন্তাত পৰোঁ, সন্দেহ কৰিবলৈ আৰম্ভ কৰোঁ আৰু অৱশেষত আমাৰ ভীষণ খং উঠে ৷ এয়াই হৈছে সন্দেহৰ ভূত– এটা কাল্পনিক উপস্থিতি যি আমাৰ চিন্তাক খেদি ফুৰে, আমাৰ সম্পর্কবোৰ নষ্ট কৰি পেলায় আৰু আমাৰ শান্তি কাঢ়ি নিয়ে৷
সন্দেহ হৈছে অনিশ্চয়তাৰ অনুভৱ ৷ আমি যেতিয়া কিবা এটাক সম্পূর্ণৰূপে বিশ্বাস নকৰোঁ– সেয়া কিবা ঘটনা–পৰিঘটনা হ’ব পাৰে, কোনো ব্যক্তি হ’ব পাৰে, আমাৰ নিজৰ বিচাৰ–বিবেচনাও হ’ব পাৰে– তেতিয়াই সন্দেহৰ উদ্ভৱ হয় ৷ কেতিয়াবা সন্দেহে আমাক সহায় কৰে ৷ ষ্ট’ভটো বন্ধ কৰিলোঁ নে নাই বুলি আকৌ এবাৰ চোৱাটোৱে আমাৰ সুৰক্ষা সুনিশ্চিত কৰে ৷ কিন্তু আন অনেক সময়ত সন্দেহ হৈ পৰে নেতিবাচক, ক্ষতিকাৰক ৷ কাৰণ প্রমাণ নোহোৱাকৈ উদ্ভৱ হৈ বিভ্রান্তিৰ সৃষ্টি কৰি সন্দেহে বিশ্বাসৰ ক্ষতি কৰে ৷ এই ধৰণৰ সন্দেহৰ ভিত্তি তথ্য নহয়– ভয়, নিৰাপত্তাহীনতা, কল্পনাৰ পৰা গঢ় লয় এই সন্দেহ ৷ ই আমাক সন্দেহী কৰি তোলে, সতর্ক নহয় ৷ আমাৰ মূৰৰ ভিতৰতে কিছুমান কাহিনী সৃষ্টি কৰি এনে সন্দেহে আমাক বাস্তৱ দেখা নোপোৱা কৰি তোলে ৷
কিয় হয় এনেকুৱা সন্দেহ? আমাৰ মগজুৱে কেনেকৈ কাম কৰে?
আমাৰ মগজুৱে অনিশ্চয়তা ভাল নাপায়৷ অজ্ঞাতক ভয় কৰে ৷ যেতিয়া কিবা এটা স্পষ্ট নহয়, তেতিয়া ই অস্পষ্ট খালী ঠাইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰে ৷ আদিম কালত বিপদৰ পৰা সাৰিবলৈ, বাচি থাকিবলৈ এনেকুৱা এটা ভাবৰ প্রয়োজন আছিল ৷ আধুনিক যুগত এই একেটা ভাবে আমাক অনিশ্চয়তাক লৈ চিন্তিত কৰি তোলে ৷ লগতে যদি অতীতৰ কিবা অভিজ্ঞতা আছে ৷ আপোনাক যদি আগতে কোনোবাই মিছা কথা কৈছে, আপুনি যদি আঘাত পাইছে, আপোনাৰ মস্তিষ্কই সেই কথাটো মনত পেলায় ৷ এইবাৰ বিপদ বাস্তৱিক নহ’লেও ই আপোনাক আগতীয়াকৈ সতর্ক কৰি সুৰক্ষা দিবলৈ চেষ্টা কৰে ৷ আত্মবিশ্বাসী নহ’লেও সন্দেহ বেছি হয় ৷ যদি অনুভৱ হয় যে আপুনি উপযুক্ত নহয়, আপোনাৰ প্রয়োজনীয় সামর্থ্য, দক্ষতা, যোগ্যতা নাই, এটা সংশয় ওপজে যে আনে আপোনাক এৰি যাব বা আপোনাক প্রতাৰণা কৰিব ৷ অতিমাত্রা চিন্তা আৰু উদ্বেগ– সন্দেহৰ এটা মূল কাৰণ ৷ যিসকল লোকে বেছি চিন্তা কৰে তেওঁলোক সন্দেহী হোৱাৰ সম্ভাৱনা বেছি৷ তেওঁলোকৰ মনটোৱে এটা চিন্তাৰ পৰা আন এটা চিন্তালৈ জঁপিয়ায় ৷ তেওঁলোকে ভাবে এয়া দুর্যোগ প্রশমনৰ প্রস্তুতি ৷ কিন্তু বেছিভাগ সময়তে ইয়াৰ ফলত বিভ্রান্তি আৰু ভয়ৰহে সৃষ্টি হয় ৷
এনেদৰে পাক খাই ঘূৰি থাকে সন্দেহ ৷ আমাৰ মনৰ ভিতৰত ৷ এটা অন্তহীন চক্র ৷ এটা উদাহৰণ লওঁ ৷ আপুনি কাৰোবাক ফোন কৰিলে ৷ তেওঁ ফোনটো নধৰিলে ৷ ঘূৰাই কোনো ফোনো কৰা নাই বহু সময়লৈকে ৷ আপোনাৰ মনলৈ আহিব– ‘মোক গুৰুত্ব নিদিয়া হ’ল নেকি?’ লগে লগে আপুনি চাব তেওঁ অনলাইন আছে নেকি? আছে ৷ আপোনাৰ অনুভৱ হ’ব– আপোনাক আওকাণ কৰিছে ৷ ইফালে তেওঁ ভাবিছে কামৰ পৰা আজৰি হৈ হাতত সময় লৈ আপোনাক ফোন কৰিব ৷ কিন্তু আপুনি ইতিমধ্যেই অন্তৰত আঘাত পালে ৷ লগতে সন্দেহ জাগিল ৷ অর্থাৎ সম্পর্কত ঘুণে ধৰিবলৈ আৰম্ভ কৰিলে ৷ কোনোধৰণৰ স্পষ্ট কথা–বতৰা নোহোৱাকৈয়ে এই সকলোবোৰ ঘটি গ’ল আৰু সন্দেহ বাঢ়ি গ’ল নীৰৱ বিষৰ দৰে ৷
বাস্তৱ বিকৃত হৈ পৰে ৷ আমি বাস্তৱ নেদেখা হৈ পৰোঁ৷ আমাৰ মগজুৱে তথ্যৰ সলনি ভয়ক বাছি লয় ৷ আমি যুক্তিক আওকাণ কৰোঁ আৰু ভয় নিশ্চিত কৰা কথাবোৰক গুৰুত্ব দিওঁ ৷ মানসিক চাপ বাঢ়ি যায়, উদ্বেগ বাঢ়ি যায় ৷ আমি কেৱল আমাৰ মূৰটোৰ ভিতৰত সোমাই থাকোঁ, অনাহকত চিন্তা কৰি কৰি ৷ আমাৰ মানসিক শান্তি ধ্বংস হৈ যায় ৷ সন্দেহে আমাক অস্থিৰ কৰি তোলে ৷ আমাৰ মূৰৰ ভিতৰত ঘটনাক্রমবোৰ বাৰে বাৰে ফঁহিয়াই থাকোঁ ৷ টেনচনত আমি ভাগৰুৱা আৰু অন্যমনস্ক হৈ পৰোঁ ৷
বিশ্বাস কাঁচৰ দৰে– এবাৰ ভাগি গ’লে ঠিক কৰাটো কঠিন ৷ কাৰোবাক যেতিয়া অকাৰণতে সন্দেহ কৰি থাকে তেতিয়া তেওঁলোকে অসন্মান অনুভৱ কৰে ৷ তেনে পৰিৱেশত আপোনাক বেছি ভালপোৱা মানুহখিনিহে আপোনাৰ লগত থাকিব৷ কাৰণ আপোনাৰ লগত যোগাযোগ হয় বিচ্ছিন্ন নহয় অতি কঠিন হৈ পৰে ৷ কাৰণ আমি মুকলিকৈ কথা পাতিব নোৱাৰা হৈ যাওঁ ৷ আমি জুখি–মাখি কথা পাতিবলগীয়া হয় ৷ তথাপি সম্পর্কত কাজিয়া হয় ৷ তথ্য বা প্রমাণভিত্তিক নহয়, অনুমানৰ ওপৰত ৷ এনেকুৱা কথাত আঘাত অনুভৱ কৰে যি কেতিয়াও হোৱাই নাই ৷ অর্থাৎ সন্দেহে কাল্পনিক সমস্যাৰ সৃষ্টি কৰে ৷ অবাবত আমি বহুত সময় নষ্ট কৰি পেলাওঁ ৷ কাৰণ সময়খিনি আমি ভয়ত কটাও, আনন্দত নহয় ৷ বহু সময়ত বন্ধুত্ব বিশ্বাসঘাতকতাৰ বাবে নহয়, সন্দেহৰ বাবে শেষ হৈ যায় ৷
অৱশ্যে সকলোবোৰ সন্দেহ বেয়া নহয় ৷ মূল কথাটো হ’ল বিশ্বাস কৰাৰ আগতে সন্দেহটো পৰীক্ষা কৰা ৷ আমি প্রশ্ণ কৰিব লাগিব কিবা প্রমাণ আছেনে? নে কথা এটা ধৰি লৈয়ে আমাৰ প্রতিক্রিয়া? সেয়েহে সন্দেহ এৰাই চলিবলৈ হ’লে আমি আমাৰ অনুভৱটো চিনাক্ত কৰিব লাগিব ৷ মই ভয় খাইছোঁ নে নিৰাপত্তাহীন অনুভৱ কৰিছোঁ? মোৰ চিন্তাটো কি? মই কি ভাবিছোঁ আৰু কিয় ভাবিছোঁ? কিবা প্রমাণ আছেনে? অনুমান বা কল্পনা এটা কৰাৰ পৰিৱর্তে আমি তেওঁক খুব ভালকৈ সুধিবও পাৰোঁ– ‘কালি যে ফোনটো নধৰিলে, সকলো ঠিকেই আছে নহয়?’ কথাবোৰ স্পষ্ট হৈ পৰিব ৷ আপুনি যদি সদায় সন্দেহ কৰে, বিশ্বাসযোগ্য মানুহকো, তেন্তে সন্দেহটো আপোনাৰ ভিতৰত আছে ৷ মানুহক বিশ্বাস কৰিবলৈ শিকিব লাগিব, পাৰিব লাগিব ৷ সময়ৰ লগে লগে আপুনি অধিক নিৰাপত্তা অনুভৱ কৰিব ৷
সন্দেহ ভূতৰ দৰে– শৰীৰ নাই, অনুভৱহে কৰোঁ ৷ অদৃশ্য কাৰণত আমি বাস্তৱক বিকৃত কৰোঁ ৷ অথচ কাৰোবাক সন্দেহ কৰি নষ্ট কৰা প্রতিটো মুহূর্ত আমি অর্থপূর্ণভাৱে কটাব পাৰিলোঁহেঁতেন৷ আমি মনত ৰাখিব লাগিব যে সন্দেহ এটা সংশয়, সত্য নহয়৷ ভয়ৰ ছাঁত নহয়, সত্যৰ পোহৰতহে আমি জীৱন উদযাপন কৰিব লাগিব৷
ফোন : ৯৪৩৫০–৪৮৪৮০