নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভক্তিৰসেৰে ভৰপূৰ ভাদ মাহৰ আধ্যাত্মিক তাৎপর্য

🔹 মৃণালিনী দেৱী

ভাদ মাহটো হৈছে অসমীয়া জনজীৱনৰ বাবে ভক্তিৰসেৰে পৰিপূর্ণ এক পৱিত্র সময়সীমা৷ ভাদ মাহটো অহাৰ লগে লগে আমাৰ ভক্তিমান অসমৰ পুৰুষ–মহিলাকে ধৰি বিশেষকৈ আমাৰ মহিলাসকলৰ মনবোৰ অতি জীপাল তথা আনন্দত ফৰকাল হৈ উঠে৷ লগে লগে উৎসাহ–উদ্দীপনা তথা এক প্রেৰণাৰ ধলো নামি আহে৷ নামি আহে সমগ্র অসমৰ চুকে–কোণে থকা অসংখ্য নামঘৰ–সত্রসমূহ পৰা ঢোল–খোল–দবা–শংখৰ পৱিত্র সুললিত ধ্বনি৷
তাকে শুনি আমাৰ আয়তী–মহিলাসকলে আনকি কোনোদিনে নামঘৰত পদার্পণ নকৰা মহিলা তথা সন্তানৰ মাতৃসকলেও এই পৱিত্র ভাদ মাহটোত সকলোৱে এবাৰৰ বাবে হ’লেও নামঘৰত নোযোৱাকৈ নাথাকে৷ অথবা নিজৰ নিজৰ গৃহস্থ বা সন্তানৰ মংগলৰ বাবে এভাগি নৈবেদ্য আৰু এগছি চাকি–বন্তি–ধূপ জ্বলাই হ’লেও ভগৱানৰ ওচৰত আঁঠু লৈ সন্তান–গৃহস্থৰ মংগল কামনা কৰে৷ অর্থাৎ এবাৰলৈ হ’লেও এগৰাকী মংগলদাতা–বিপদৰ পৰিত্রাতা ভগৱান আছে বুলি ভাবে৷ প্রভু ভগৱানৰ অস্তিত্ব স্বীকাৰ কৰি তেওঁৰ শ্রীচৰণত মূৰ দোঁৱাবলৈ মন কৰে৷ এয়েই আমাৰ মানৱ ধর্ম বা মানৱীয় কর্ম৷ এই মানৱ ধর্ম অবিহনে মানৱী জীৱনৰ মূল্য নাই৷
গোটেই ভাদ মাহটোৱেই মংগলধ্বনি–ধূপ–ধূনা, চাকি–বন্তিৰ গোন্ধত নামঘৰ তথা সমগ্র অঞ্চলটোৱেই সুগন্ধময় হৈ থাকে৷ হৰিনাম–মংগলধ্বনিয়ে সমগ্র অঞ্চল মুখৰ কৰি তোলে৷ নামঘৰটোত প্রৱেশ কৰিলেই দেহ আৰু মনত এক পৱিত্র নিষ্কলুষ ভাবৰ বুৰবুৰণি তুলি ভক্তি ভাবৰ সঞ্চাৰ কৰে৷ সমগ্র মানসিক–শাৰীৰিক সত্তাটোক যেন শুদ্ধ কৰি তোলে৷ নাস্তিক মানুহৰ মনবোৰো সাত্ত্বিক কৰি তোলে৷ এয়াই হৈছে ভগৱানৰ মহিমা, তেওঁৰ অলৌকিক শক্তি৷ এয়েই আধ্যাত্মিকতা, এয়েই হৈছে ধর্ম আৰু কর্ম৷ এয়েই হৈছে প্রাচীন ভাৰতবর্ষৰ ৰাজনীতি তথা সামাজিক নীতি৷ এই নাম সংস্কৃতি অথবা ভগৱৎ সাধনাৰ মাজেৰে আমি ভাৰতবর্ষত ধর্মনিৰপেক্ষ এখন সমাজ গঢ়াৰ সুন্দৰ সংস্কৃতি গঢ়ি তুলিব লাগিব৷ এই সংস্কৃতিৰ মাজেদি আমি জীৱন গঢ়িব লাগিব৷ এয়েই হওক সকলোৰে কাম্য৷
এই সুন্দৰ ভাদ মাহটোৰ আন এটা তাৎপর্যৰ কথাই আমাৰ মন সদায় আলোকিত কৰি ৰাখিছে৷ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ আমাৰ অসমৰ জনগণৰ বাবে যি সামাজিক তথা ধর্মীয় অর্থাৎ একশৰণ নামধর্ম প্রচাৰৰ মহৎ অৱদান, তাকে চাই আমি অসমীয়াসকল তেওঁলোকৰ প্রতি চিৰকৃতজ্ঞ৷ আমি প্রতিগৰাকী অসমীয়াৰ বাবে এই দুগৰাকী মহান মানৱ তথা মহান পুৰুষ আমাৰ বাবে চিৰস্মৰণীয়৷ এওঁলোক দুয়োগৰাকীয়ে এক সহজ–সৰল জীৱনশৈলীৰে সামঞ্জস্য ৰাখি একশৰণ নামধর্মৰ সহজ–সৰল একধর্মৰ বাণীৰে প্রতিগৰাকী মানুহৰ মনক নিজৰ সমাজখনক নিষ্কলুষ কৰি ধর্মনিৰপেক্ষভাৱে বর্তাই ৰখাৰ বাবে সকলোকে আধ্যাত্মিক চেতনাৰে জাগ্রত কৰি এক সহজ–সৰল জীৱন প্রৱাহৰ পথ সুচল কৰি দিছিল৷ অর্থাৎ সকলো জাতি–জনগোষ্ঠীকে একত্রিত কৰি সমাজখনক সুদৃঢ় গাঁথনিৰে বান্ধি ৰাখিবৰ বাবে যৎপৰনাস্তি চেষ্টা কৰিছিল৷
সেয়েহে এই ভাদ মাহটোতে দুয়োজনা গুৰুৰ মহাপ্রয়াণ ঘটাটোৱেই এই মাহটোৰ বাবে অতিকে তাৎপর্যপূর্ণ হৈ উঠিছে আমি অসমীয়াসকলৰ বাবে৷ তদুপৰি দুয়োজনা গুৰুৰ মহাপ্রয়াণৰ লগতে আন এটা পৱিত্র ঐতিহাসিক ঘটনাই মহাপুৰুষ দুগৰাকীৰ মহাপ্রয়াণৰ বিশেষ তাৎপর্য বহন কৰি মণিকাঞ্চন সংযোগ কৰিছে৷ অর্থাৎ আমি সকলোৱে জানো যে এই পৱিত্র ভাদ মাহটোতে মথুৰাৰ ৰজা কংসৰ কাৰাগাৰত দৈৱকী আৰু বসুদেৱ নন্দন স্বয়ং ভগৱান বিষ্ণুৰ অৱতাৰ ৰূপে প্রভু শ্রীকৃষ্ণৰ জন্ম হৈছিল৷ এইগৰাকী পৰমব্রহ্মৰ অৱতাৰ স্বৰূপ ভগৱান প্রভু শ্রীকৃষ্ণৰ একান্ত অনুগামী তথা আমাৰ অসমত নৱবৈষ্ণৱ ধর্মৰ ভক্তি ৰসৰ নিজৰা বোৱাই দিয়া দুয়োজনা মহাপুৰুষৰে মহাপ্রয়াণ ঘটা বাবেই এক মণিকাঞ্চন যোগ আমাৰ চকুত ধৰা দিছে৷ সেয়েহে এই ভাদ মাহটোক সকলোৱে অতি পৱিত্র বুলি ভবাটো স্বাভাৱিক৷ আৰু এইদৰে ভবাটোৱেই এক বিশেষ তাৎপর্য বহন কৰা বুলি আমাৰ বোধগম্য হোৱাটোও একো আচৰিত কথা নহয়৷ হয়তো এইবাবেই এই মাহটোক অতি পৱিত্রভাৱে ভবাটোত এক বিশেষ তাৎপর্য অথবা মাত্রা বহন কৰিছে৷
আমি এই মাহটোক অতি পৱিত্র বুলি গণ্য কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিশেষকৈ নামঘৰ–সত্রসমূহ অতি ধুমধাম–মহাপয়োভৰেৰে আনন্দ–উৎসৱৰ মাজেৰে গুৰু দুজনাৰ তিৰোভাৱ তিথি আৰু ভগৱান শ্রীকৃষ্ণৰ জন্ম উৎসৱ পালন কৰাৰ বাবে মাহজোৰা নাম–কীর্তনৰ জৰিয়তে ভক্তি ৰসৰ সৃষ্টি কৰি সমগ্র অসমখনকে সম্পূর্ণ জাগ্রত কৰি ৰখাৰ চেষ্টা কৰোঁ৷ উদাহৰণস্বৰূপে– আমি সদায় দেখি আহিছোঁ যে অসমৰে এটা অঞ্চল ঢেকীয়াখোৱাৰ বিখ্যাত নামঘৰ আঠখেলীয়া নামঘৰ, মাজুলীৰ সত্রসমূহকে ধৰি অসমৰ আন আন সকলো নামঘৰ বা সত্র এই উৎসৱ উদযাপনৰ মুহূর্তত এখন দ্বিতীয় বৈকুণ্ঠপুৰী হিচাপে জিলিকি উঠে৷ অসমৰ ইটো চুকৰ পৰা সিটো চুকলৈ গাঁওসমূহৰ নামঘৰসমূহতো সেই একে পৰিৱেশৰ সৃষ্টি হৈ ভক্তসকলৰ মনত ভগৱানৰ প্রতি ভক্তিৰ সোঁত বিয়পাই দি মানুহৰ মনবোৰ এক ভগৱৎ চিন্তাৰ বাবে উদ্বাউল কৰি তোলে৷
প্রতিবছৰে এই পৱিত্র ভাদ মাহটোৰ আগমনত আমি সদায় দেখিয়েই আহিছোঁ যে পুৱা–গধূলি এইদৰে এই মাহটোত নামঘৰ–সত্রসমূহ নাম–কীর্তন, দবা–কাঁহৰ শব্দৰ মাজেৰে ভক্তৰ মন–প্রাণ ভক্তি ৰসত ডুব গৈ থাকি সৰগৰ অমিয়া সুধা পান কৰি মানৱী জীৱনৰ কর্মসাধনত নিমগ্ণ হৈ পৰে৷ ভক্তসকলে এই মাহটোত মনৰ শক্তি আৰু ভক্তিৰে যিয়ে যি ধৰণে পাৰে ভগৱান কৃষ্ণক সন্তুষ্ট ৰখাৰ বাবে বা পুত্র–কন্যা, ঘৰ–সংসাৰ–গৃহস্থ মংগলৰ অর্থে ভক্তিত গদগদ হৈ পৰে৷ অথবা ভগৱান কৃষ্ণক স্মৰণ কৰি কিছু নাম–কীর্তন কৰি বা কৃষ্ণৰ গুণ–গান–স্তৱ–ভক্তি-প্ৰাৰ্থনা কৰি নিজৰ নিজৰ অতীত জীৱনৰ পাপ–পুণ্যৰ কথা সুঁৱৰি ভক্তিত গদগদ হৈ সেই বিষয়সমূহৰ সম্যক জ্ঞান আহৰণৰ বাবে ভগৱানৰ শ্রীচৰণত আঁঠু লৈ সেই ভগৱান কৃষ্ণৰ অস্তিত্ব–মহিমাৰ বিষয়ে কিছু উপলব্ধি প্রাপ্তিৰ বাবে অথবা মনত ভক্তি ভাবৰ সঞ্চাৰ কৰি দেহ আৰু মনটোক শুদ্ধ কৰি তোলেহি৷
মানুহে ভবাৰ দৰে বা আমি চিন্তা কৰাৰ দৰে এই কথাসমূহৰ তিলমানো সত্যতা আছেনে? সকলো মানুহৰে মনবোৰ পৱিত্র ভাদ মাহৰ তাৎপর্য বিচাৰ কৰি চাবলৈ উদগ্রীব হৈ পৰেনে? অথবা সকলো মানুহৰে মনবোৰ একতাৰ ডোলেৰে বান্ধ খাই পৱিত্র ভাদ মাহৰ তাৎপর্যসমূহৰ বিশ্লেষণ কৰি ভাই–ভনী সম্পর্কৰে সকলো মানুহ বান্ধ খাই পৰেনে? হিংসা–অন্যায়–অধর্ম–দুষ্কৃতি-সন্ত্ৰাস তথা অশুভ শক্তিবোৰক অথবা এই দুষ্কার্যসমূহক এই পৱিত্র ভাদ মাহৰ পৱিত্র মনেৰে কৰা অনুষ্ঠানসমূহে আজি পৃথিৱীৰ পৰা নির্মূল কৰিব পাৰিছেনে? এই ভাদ মাহত মানুহৰ মনত উপচি পৰা ভক্তি ৰসৰ দ্বাৰা সমাজখনক শোধন কৰিব পাৰিছেনে? ঢোল–খোল–মৃদংগ–দবা-কাঁহৰ পৱিত্র সুমধুৰ ধ্বনিয়ে আজি মানুহৰ মনবোৰক সঁচাকৈয়ে শুদ্ধ–শান্ত কৰি তুলিছেনে? এনে এশ এবুৰি চিন্তাই আজি সমাজখনক জুমুৰি দি ধৰিছে৷
সদায় বাৰু এই বিষয়বোৰ প্রশ্ণবোধক হৈ থাকিবনে? তেনেহ’লে আমি আজিৰ এই সামাজিক প্রেক্ষাপটত কি কৰা উচিত, সেই কথা ভাবি চাবৰ সময় হোৱা নাই জানো? আমি সদায় দেখি আহিছোঁ আমাৰ দেশত বাৰটা মাহত তেৰটাকৈ ধর্মীয় পূজা–তিথি–পার্বণ আদি জাকজমককৈ পালন কৰা হয়৷ ইয়াৰ মাজত কি অর্থ আছে বাৰু? আমি এই অনুষ্ঠানসমূহৰ অন্তর্নিহিত কি নির্মল স্থিতি গ্রহণ কৰিছোঁ বিচাৰ কৰি চাইছোঁনে? বর্তমান ভাদ মাহৰ পৱিত্র ক্ষণবোৰ উকলি গৈয়েই আছে৷ আহকচোন বাৰু ৰাইজ পৱিত্র ভাদ মাহৰ পৱিত্রতা ৰক্ষা কৰি ভগৱান কৃষ্ণৰ আৰু মহাপুৰুষ দুগৰাকীৰ নৱবৈষ্ণৱ ধর্ম প্রচাৰৰ তাৎপর্যখিনি বিশ্লেষণ কৰি হূদয়ত ভগৱৎ সাধনাৰ সৃষ্টি কৰিবলৈ যত্নপৰ হওঁ৷

You might also like