পোৱালি পলিটিচিয়ান
🔹 ড০ পার্থসাৰথি মহন্ত
ৰাজনীতি কেৱল ভোট আৰু নির্বাচনতে সীমাবদ্ধ নহয়৷ ৰাজনীতি জীৱনৰ প্রতিটো ক্ষেত্রতে বিয়পি আছে৷ অ–নির্বাচনী প্রেক্ষাপটত ই পাৰস্পৰিক ক্রিয়াকলাপ, সিদ্ধান্ত আৰু ক্ষমতাৰ গতিশীলতাক গঢ় দিয়ে৷ কর্মক্ষেত্রৰ পৰা সামাজিক সংগঠন, শৈক্ষিক প্রতিষ্ঠানৰ পৰা পৰিয়াললৈকে ৰাজনীতিৰ প্রভাৱ কর্তৃত্ব আৰু নিয়ন্ত্রণৰ সূক্ষ্ম আলোচনা হিচাপে প্রকাশ পায়৷ এনে পৰিৱেশত মানুহে ব্যক্তিগত বা সামূহিক লক্ষ্যত উপনীত হ’বলৈ প্রতিদ্বন্দ্বিতা কৰে, প্রয়োজন হ’লে মিত্রতা কৰে, বিভিন্ন কৌশল অৱলম্বন কৰে৷
নির্বাচন নথকা ক্ষেত্রৰ ৰাজনীতি কিন্তু অধিক জটিল হয়৷ কিয়নো, ই নির্বাচনী ব্যৱস্থাৰ স্পষ্ট গাঁথনিৰ নিয়ম অবিহনে কাম কৰে৷
সমাজ আৰু জীৱনৰ প্রতিখন ক্ষেত্রতে এক বিশেষ জাতৰ ব্যক্তিৰ অস্তিত্ব আছে, যি প্রয়োজনীয় যোগ্যতা নথকাকৈয়ে ক্ষমতা বিচাৰে, প্রভাৱ বিস্তাৰ কৰিব খোজে সময়ৰ আগতেই৷ এওঁলোক ভীষণ অভিলাষী, উচ্চাকাংক্ষী৷ আৰম্ভণিতে এওঁলোকে নিজকে অতি আগ্রহী শিকাৰু হিচাপে, আজ্ঞাকাৰী আৰু অধ্যৱসায়ী ছাত্র হিচাপে উপস্থাপন কৰে৷ কিন্তু ক্রমাৎ তেওঁলোকৰ স্কীমবোৰ ধৰা পৰিবলৈ আৰম্ভ কৰে৷ কাৰণ তেওঁলোক চতুৰ যদিও ইমানো চতুৰ নহয় যে গোটেইসোপা প্রবীণকে একেলগে মুহিব, ঠগিব পাৰিব৷ এই যিটো জাত, সময়ৰ আগতেই পূৰঠ হ’ব খোজা বা পূৰঠ হ’ল বুলি ভবা যিটো জাত– সেইটোৱেই হ’ল পোৱালি পলিটিচিয়ান৷
কি তেওঁলোকৰ মানসিকতা, কিনো তেওঁলোকৰ কাম কৰাৰ ধৰণ, কিয় তেওঁলোকৰ স্বৰূপ উন্মোচন অনিবার্য!
এই ‘হ’ব খোজা’ পলিটিচিয়ানজনৰ বিৱর্তন অতি ইণ্টাৰেষ্টিং৷ প্রথম ব্যৱস্থাত তেওঁলোকে প্রবীণসকলক নিৰীক্ষণ কৰে, তেওঁলোকৰ আচৰণ অনুকৰণ কৰে আৰু নিষ্ঠাৱান অধীনস্থৰ চৰিত্রত অভিনয় কৰে৷ নিজৰ অভিলাষী এজেণ্ডা লুকুৱাই ৰাখে৷ এবাৰ এটা পদ নিশ্চিত কৰিলেই তেওঁলোকৰ আচৰণ নাটকীয়ভাৱে সলনি হয়৷ তেওঁলোকে ৰাজনৈতিক ষড়যন্ত্রত লিপ্ত হ’বলৈ আৰম্ভ কৰে আৰু এসময়ত তেওঁলোকক পথ প্রদর্শন কৰা গুৰু আৰু প্রবীণসকলক আউটস্মার্ট কৰাৰ চেষ্টা কৰে৷ এই লোকসকলৰ উচ্চাকাংক্ষা আৰু ক্ষমতাৰ প্রতি থকা ক্ষুধা বিভিন্ন মনঃস্তাত্ত্বিক তত্ত্বৰ জৰিয়তে বুজিব পাৰি৷
ডানিং–ক্রগাৰ প্রভাৱ৷ এই তত্ত্বমতে এনে মানুহবোৰে নিজৰ দক্ষতা আৰু ৰাজনৈতিক বুদ্ধিমত্তাক অতিৰিক্তভাৱে অনুমান কৰে, মূল্যায়ন কৰে৷ কিন্তু তেওঁলোকে যিটো চতুৰ কৌশল বুলি ভাবে সেয়া কার্যতঃ হৈ পৰে অতি সহজ আৰু অদূৰদর্শী৷ যেনে– কথা লগোৱা, কথা লগাই দুজন প্রবীণৰ মাজত কাজিয়া লগাবলৈ যত্ন কৰা৷ যাতে নিজৰ পথ প্রশস্ত হয়৷ কিন্তু বাচ্চাটোৱে নাজানে যে বুঢ়াকেইটা কিমান তেনেকুৱা কাঁইট পাৰ হৈ আহিছে৷
ইম্প’ষ্টাৰ ছিণ্ড্রমৰ বিপৰীত প্রভাৱ৷ ইম্প’ষ্টাৰ ছিণ্ড্রমে দক্ষ ব্যক্তিক নিজকে সন্দেহ কৰিবলৈ বাধ্য কৰায়৷ কিন্তু পোৱালি পলিটিচিয়ানে তৰল জ্ঞানকে পাণ্ডিত্য বুলি ভুল কৰি আত্মবিশ্বাসৰ ভুৱা ভাব প্রদর্শন কৰে৷
ইগ’ ইনফ্লেচন আৰু নার্চিছিজম৷ জখলা বগাই যোৱাৰ লগে লগে তেওঁলোকৰ ইগ’ ফুলি উঠে৷ তেওঁলোক অহংকাৰী হৈ পৰে৷ অহং ভাবত ওপঙি থাকে৷ তেওঁলোকে নিজকে অপৰিহার্য বুলি ভাবিবলৈ আৰম্ভ কৰে, প্রবীণৰ পৰা পোৱা মৰমক নিজৰ শ্রেষ্ঠত্বৰ চিন বুলি অনুভৱ কৰে আৰু উদাসীনতাক আউটস্মার্ট হোৱাৰ চিন বুলি ভুল কৰে৷
তেওঁলোকে আনক লৈ হেতালি খেলিবলৈ আৰম্ভ কৰে৷ কৌশল নির্দিষ্ট কেইটামানেই৷ তেওঁলোকে কুৎসা ৰটনা কৰে, কথা লগাবলৈ চেষ্টা কৰে, আনকি গুজব সৃষ্টি কৰাতো লিপ্ত হয়৷ তেওঁলোকে ক্ষমতাৰ সান্নিধ্য বিচাৰে৷ প্রভাৱশালী ব্যক্তিৰ সৈতে তেওঁলোকে দেখা পোৱাৰ চেষ্টা কৰে৷ তেনে লোকৰ সৈতে ফটো তুলি সামাজিক মাধ্যমত দিয়াৰ প্রৱণতাও সেই বাবেই৷ কাৰণ তেওঁলোকে ভাবে যে এনেদৰে দৃশ্যমান হ’লেহে শক্তিশালী হ’ব পাৰি৷ তেওঁলোকে তাৎক্ষণিক জ্যেষ্ঠসকলক ক্ষতি কৰিবলৈ চেষ্টা কৰা আৰম্ভ কৰে৷ অনুক্রমক সন্মান কৰাৰ পৰিৱর্তে তেওঁলোকে তাৎক্ষণিক জ্যেষ্ঠসকলক বাইপাছ কৰি, আওকাণ কৰি উচ্চ পদবীৰ লোকসকলৰ অনুগ্রহ লাভ কৰাৰ চেষ্টা কৰে৷ ইফালে, কিন্তু এই উচ্চ পদবীধাৰীসকলে পোৱালি পলিটিচিয়ানক নিজৰ সুবিধাৰ বাবেহে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে৷ এই উচ্চ পদবীধাৰীসকল প্রবীণ, অভিজ্ঞ৷ কেতিয়া কি সুযোগ গ্রহণ কৰিব লাগে তেওঁলোকে ভালদৰেই জানে৷ তাৎক্ষণিক জ্যেষ্ঠসকলেও বেছিভাগ সময়তে এইবিলাক আওকাণ কৰে, অপ্রয়োজনীয় বুলি ভাবিয়েই৷ কাৰণ পোৱালি পলিটিচিয়ান তেওঁলোকৰ বাবে আঁঠুৱাৰ তলৰ মহ৷
আচল ৰূপ উন্মোচিত হোৱা এনে পোৱালি পলিটিচিয়ানৰ কাহিনীৰে বুৰঞ্জী ভৰি আছে৷ পলাশীৰ যুদ্ধৰ সময়ত ছিৰাজ–উদ–দৌলাক বিশ্বাসঘাতকতা কৰা মিৰ জাফৰে ভাবিছিল যে তেওঁ ক্ষমতা লাভৰ বাবে আনখিনিক আউটস্মার্ট কৰি আছে৷ কিন্তু তেওঁ আছিল ইংৰাজৰ হাতৰ পুতলা৷ উপযোগিতা শেষ হ’ল, তেওঁৰো অন্ত পৰিল৷
মানসিক অন্ধতাই পোৱালি পলিটিচিয়ানৰ পতনৰ কাৰণ৷ অহং ভাবে তেওঁলোকক নিজৰ সীমাবদ্ধতা চিনি নোপোৱা কৰি পেলায়৷ অতিমাত্রা আত্মবিশ্বাসে তেওঁলোকক অন্ধ কৰি পেলায়৷ তেওঁলোক প্রকৃত সম্পর্ক গঢ়ি তুলিব নোৱাৰা হৈ পৰে৷ বিশ্বাসক লৈ হেতালি খেলাৰ প্রৱণতাৰ বাবে তেওঁলোকক কোনেও আস্থাত নোলোৱা হৈ পৰে৷ তেওঁলোক হ্রস্বম্যাদী চিন্তাধাৰাৰ বলি হয়৷ তাৎক্ষণিক লাভৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকে দীর্ঘম্যাদী পৰিকল্পনাৰ ভেটি হেৰুৱাই পেলায়৷
তেওঁলোকৰ উন্মোচন হৈ পৰে অনিবার্য৷ এওঁলোকে সততেই প্রবীণৰ জ্ঞান আৰু অভিজ্ঞতাক তুচ্ছ জ্ঞান কৰে৷ অভিজ্ঞজনে সকলো দেখি থাকে৷ কিন্তু ৰৈ থাকে৷ অধিক ভুল হ’বলৈ দিয়ে, উপযুক্ত সময় হ’বলৈ দিয়ে৷ এটা সময়ত অহংকাৰে তেওঁলোকক নিজৰ মিত্রসকলৰ পৰাও বিচ্ছিন্ন কৰি পেলায়৷ এটা সময়ত উপযোগিতা নাইকিয়া হৈ যায়, তেওঁলোক লাগি থাকে নিজে গুঁঠা জালখনত৷
অহংকাৰ আৰু আত্ম–গুৰুত্বত উথলি থকা এই পোৱালি পলিটিচিয়ান দৰাচলতে আনক তুচ্ছ জ্ঞান কৰিয়েই ধ্বংস হয়৷ তেওঁলোকৰ কৌশলে হ্রস্বম্যাদী সফলতা লাভ কৰিব পাৰে যদিও কৌশলগত দৃষ্টি–ভংগী আৰু প্রকৃত সম্পর্কৰ অভাৱেই তেওঁলোকৰ পতন নিশ্চিত কৰে৷ ইতিহাসেও দেখুৱাইছে– প্রকৃত নেতাই ষড়যন্ত্রৰ ওপৰত নির্ভৰ নকৰে, তেওঁলোকে বিশ্বাস গঢ়ি তোলে, দক্ষতা প্রদর্শন কৰে আৰু আনৰ জ্ঞানক সন্মান কৰে৷
ফোন : ৯৪৩৫০–৪৮৪৮০