নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যি ধর্ম পুৰুষাংগত থাকে !

🔹 যি ধর্ম পুৰুষাংগত থাকে !

🔹 দিগন্ত ওজা

দেউতাৰ বিয়াৰ আগতেই মৃত্যু হোৱা ককাদেউতাক আমি দেখাৰ কথাই নাই৷ ককাদেউতা আছিল সত্রীয়া লোক৷ আমাৰ দেউতাই কিন্তু সত্রত শৰণ লোৱা নাছিল– ৰক্ষণশীল সত্রৰ গোড়ামি দেউতাৰ আছিল অপছন্দ৷ ওপজাৰে পৰা দেখিছোঁ চুলি কটা–নকটা, হোম পোৰা–নোপোৰা, পূজাবিধি–নাম কীর্তনীয়া সকলোতে মা–দেউতাই মিলি থকাৰেই পোষকতা কৰিছিল৷ এনে পৰিৱেশৰ বাবেই হয়তো কোনো ধর্মীয় ৰক্ষণশীলতাই আমাক আজিও গ্রাস কৰিব নোৱাৰিলে৷ মই নিজেতো ঈশ্বৰক মানুহৰ সৃষ্টি বুলিয়েই বিশ্বাস কৰোঁ, ধর্মকো এক শৃংখলিত নৈতিক জীৱনধাৰাৰ বাহিৰে আন একো বুলি ভাবিব নোৱাৰোঁ৷ ধর্মৰ অনেক উন্মাদনা, অনেক ব্যাভিচাৰ দেখিছোঁ৷ কিন্তু পেহেলগামত পৰিকল্পিত নৰমেধৰ পূর্বে সন্ত্রাসবাদীয়ে যিদৰে ধর্ম নিৰূপণ কৰিলে, তাৰ পৰা কি ভাব হয়– ইছলাম ধর্মৰ চিন কেৱল পুৰুষাংগত? এই কথাই মোক যিমান হতবাক কৰিছে, মই ভাবোঁ শুভবুদ্ধিসম্পন্ন ইছলামধর্মীসকলক তাতকৈ বেছি লজ্জানত কৰা উচিত, হতবাক কৰা উচিত৷ মই এই কথা ক’ব পাৰিছোঁ কাৰণ ধর্মক লৈ মোৰ বিশ্বাস ওপৰত কৈ অহাৰ দৰে– ধর্ম হৈছে মতান্ধতাৰ ঊর্ধ্বত নৈতিক জীৱন যাপনৰ আহিলা মাত্র৷ সেইবাবেই মোৰ আহ্বান– সঁচাকৈয়ে যদি ইছলাম ধর্মটো পেহেলগামৰ উন্মাদ ঘাতকে প্রমাণ কৰিব খোজাৰ দৰে কেৱল পুৰুষাংগত নাই, তাৰ প্রবল ধর্মীয় প্রতিবাদো মুছলমানৰ মাজৰ পৰাই হোৱা উচিত৷ মহাত্মা গান্ধীয়ে আমাক শিকাইছিল অহিংস প্রতিবাদ৷ বিদেশীক খেদাবলৈ তেওঁ লৈছিল বিদেশী বস্তু বর্জনৰ পন্থা৷ বিদেশী দ্রব্য বর্জনৰ তেনে কার্যসূচীয়ে ইংৰাজক কঁপাই তুলিছিল৷ জাতিৰ পিতাৰ শিক্ষাৰে শুভবুদ্ধিসম্পন্ন ইছলামসকলে ক’ব পাৰিবনে– যি ধর্ম কেৱল পুৰুষাংগত থাকে আমি সেই ধর্ম ত্যাগ কৰিম? যিকোনো ধর্মৰ নামত চলা বীভৎস কার্যই সেই ধর্মৰ নিষ্ঠাৱান লোককো মর্মাহত কৰে৷ সেইবাবেই যি ধর্মৰ নামত (বেছি দূৰলৈ যাবই নালাগে) বিগত ৫৫ বছৰত সংঘটিত হৈছে ৬৫ হাজাৰৰো অধিক আক্রমণ, মৃত্যু হৈছে আঢ়ৈ লক্ষাধিক লোকৰ, সেই ধর্মক সন্ত্রাসমুক্ত কৰি সংস্কাৰ কৰাৰ স্বার্থতে বিবেকৱানসকলে সর্বাত্মক বর্জনৰ আহ্বান জনোৱাটো কিন্তু প্রয়োজন হৈছে৷ ভিন্নধর্মী লোকৰ মাজত উদ্ভৱ হ’ব পৰা বিদ্বেষ দূৰ কৰিবলৈ– তাতোকৈ ডাঙৰ কথা নিজৰ মানৱীয় চেতনাৰ প্রকাশ ঘটাবলৈ এনে বর্জনৰ আহ্বান শুভবুদ্ধিসম্পন্ন ইছলামধর্মীসকলেই কৰিব নোৱাৰেনে?

ফোন : ৯৮৫৪০–১৮৫১০

You might also like