নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদৰ্শৰ চানেকি দেখুৱাই কেটাৰিং সেৱাৰে স্বাৱলম্বী নাৰী

উৎপল কুমাৰ কলিতা

ঢেকীয়াজুলিৰ ‘ৰূপহী ৰাংঢালী কেটাৰিং গ্রুপ৷ এদল শিক্ষিত মহিলাৰে গঠিত এটি আদর্শ কেটাৰিং গ্রুপ৷ পম্পী শইকীয়া, নিজু মহন্ত লহকৰ, শেৱালি হাজৰিকা, মনময়ূৰী দাস, ডলী দাস, লিলি বৰা, জ্যোতি দাস বড়ো, কৰিশ্মা দাস, হিমাক্ষী দেৱী, কল্পনা কণ্ড, পল্লৱী দেৱী, সুজাতা ধনোৱাৰ, ৰূপালী মির্ধাকে ধৰি ১৮জনীয়া মহিলাৰ এই কেটাৰিং গ্রুপটোৱে সমগ্র শোণিতপুৰ জিলাত পৰিচিত হৈ পৰিছে৷ পৰম্পৰাগত সাজ–পোছাক পৰিধান কৰি তেওঁলোকে বিয়া, সভা–সমিতি আদিত অভ্যাগতক খাদ্য বিতৰণ কৰে৷ তদুপৰি তেওঁলোক কইনাৰ বিয়াত মেকআপ আর্টিষ্ট, ড্রেছ ডিজাইনিঙৰ কামো কৰে৷ গ্রুপৰ মহিলাসকলে জানিবলৈ দিয়া মতে কামটোৰ যোগেদি তেওঁলোকে ভাল উপার্জন কৰিবলৈ সক্ষম হৈছে৷ অকল সেয়াই নহয়, এই কামত আছে যথেষ্ট আনন্দও৷

নাৰী সবলীকৰণৰ অনন্য দৃষ্টান্ত ৰাখি ওলাই আহিছে গোৱালপাৰাৰ এডল নাৰী৷ কেটাৰিং সেৱাৰ মাধ্যমেৰে তেওঁলোকে গঢ়ি তুলিছে স্বাৱলম্বিতা৷ নেহা লামা, স্মিতা নাথ আৰু জিতুমণি ৰাভাৰ নেতৃত্বত ২০২০ চনত গঠিত হৈছিল ‘নর্থ ইষ্ট কুইন্স ৱেডিং প্লেনার্ছ’৷ নর্থ ইর্থ কুইন্সৰ মুঠ সদস্য ৭৫গৰাকী৷ ইয়াৰে বহুকেইজনী ছাত্রী৷ আর্থিকভাৱে জুৰুলা ঘৰৰ এই ছাত্রীসকলে এই কেটাৰিং দলটোৰ জৰিয়তে পঢ়া খৰচ উলিয়াইছে৷ গতানুগতিক কেটাৰিং দলৰ দৰে তেওঁলোকে খাদ্য পৰিৱেশন নকৰে৷ তেওঁলোকে সাংস্কৃতিক পৰম্পৰাতো গুৰুত্ব দি ৰাভা, বড়ো আদি বিভিন্ন জনগোষ্ঠীয় ঐক্য বস্ত্র পৰিধান কৰে৷ দলটোৰ নেতৃত্ব দিয়া নেহা লামাই প্রকাশ কৰা মতে ২০২০ বর্ষৰ লকডাউনৰ সময়তে এই দলটো গঠনৰ চিন্তা কৰা হৈছিল৷ বিশেষকৈ নেহাক এইক্ষেত্রত সহায় আৰু উদ্গনি দিছিল অধিবক্তা জিতুমণি ৰাভা আৰু আইনৰ ছাত্রী স্মিতা নাথে৷ বর্তমান দলটোৱে অকল গোৱালপাৰাতে নহয় নামনি অসমৰ বিভিন্ন প্রান্তত তেওঁলোকৰ সেৱা আগবঢ়াই আছে৷ তেওঁলোকে এতিয়া একেতা দিনতে তিনিখন পর্যন্ত বিয়াত সেৱা আগবঢ়াবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি তেওঁলোকে ইতিমধ্যে সম্পূর্ণ মহিলাৰ দ্বাৰা পৰিচালিত এখন কেণ্টিন গোৱালপাৰা মহাবিদ্যালয় চৌহদত স্থাপন কৰিছে আৰু এনেকুৱা অধিক কামৰ পৰিকল্পনা কৰি আছে৷

বাক্সাৰ বিভিন্ন প্রান্তত কেটাৰিঙ সেৱাৰে পৰিচিত হৈ পৰিছে ‘আৰনাই’ নামৰ কেটাৰিং গ্রুপটো৷ বড়োভাষী, গোর্খা, আদিবাসী, অসমীয়াভাষী ভিন্ন জনগোষ্ঠীৰ ২১গৰাকী যুৱতীৰ এই দলটোৰ নেতৃত্ব দিয়ে ৰঞ্জু গঞাৰী, মুন দেৱী আৰু মৃণালিনী দাসে৷ দলটোত আছে বিলনিয়াৰ উপৰি প্রয়োজন সাপেক্ষে পৰম্পৰাগত খাদ্য পৰিৱেশন কৰিব পৰাকৈ ৰান্ধনী, চাফাই কর্মী আদিও৷ দলৰ নেত্রী ৰঞ্জ গঞাৰীয়ে প্রকাশ কৰা মতে তেওঁলোকে ভিন্ন জনগোষ্ঠীয় বিয়াত সম্পূর্ণ সেই জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্র পৰিধান কৰি সেৱা আগবঢ়ায়৷ এইবাৰ এপ্রিল–মে’ মাহত তেওঁলোকে দুই লক্ষাধিক টকা উপার্জন কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে৷

স্বাৱলম্বিতাৰ ঠিকনা বিচাৰি বস্ত্র নগৰী শুৱালকুছিৰ পার্শ্বৱর্তী বামুন্দীৰ এডল শিক্ষিত যুৱতীয়ে ওলাই আহিছে ‘স্বাগতা অসমীয়া ছোৱালী অভ্যর্থনা দল’ৰ জৰিয়তে৷ বামুন্দীৰ লভিতা কলিতা নামৰ এগৰাকী শিক্ষিত যুৱতীৰ নেতৃত্বত আগবাঢ়ি অহা যুৱতীৰ দলটোৱে ইতিমধ্যে নামনি অসমৰ বিভিন্ন প্রান্তৰ লগতে উজনি আৰু মধ্য অসমৰ কেইবা ঠাইলৈও বিবাহ অনুষ্ঠানৰ অভ্যর্থনাৰ বাবে আমন্ত্রণ লাভ কৰিবলৈ সক্ষম হৈছে৷

শিৱসাগৰৰ নাজিৰাৰ ‘ৰংপুৰ কেটাৰিং’৷ কেইগৰাকীমান যুৱতী, ছাত্রীৰ দ্বাৰা গঠিত এটি আদর্শ কেটাৰিং সেৱা দল৷ এই দলটোৰ বহুকেইজনী সদস্যা অতি আর্থিক অনগ্রসৰ৷ দলটো গঠনৰ আগলৈ কাৰোবাৰ পঢ়াৰ খৰচৰ বাবে পঢ়া বন্ধ উপক্রম হৈছিল, কাৰোবাৰ ম’বাইল ৰিচার্জ কৰিবলৈ পইচা নাছিল, কাৰোবাৰ এসাজ কাপোৰ লোৱাৰ সমস্যা আছিল৷ কিন্তু এতিয়া সময় সলনি হৈছে৷ ‘ৰংপুৰ কেটাৰিং’ৰ জৰিয়তে আত্মনির্ভৰশীল হৈ পৰিছে ইয়াৰ সদস্যসকল৷ সম্পূর্ণ আহোম পৰম্পৰাগত সাজপাৰ পৰিধান কৰি তেওঁলোকে বিবাহকে ধৰি বিভিন্ন অনুষ্ঠানত খাদ্য পৰিৱেশন কৰি যথেষ্ট সমাদৃত হৈছে৷

কেটাৰিং সেৱাৰ জৰিয়তে পৰিচিতি লাভ কৰিছে গহপুৰৰ ‘নির্ভয়া কেটাৰিং’৷ ২০১২ চনত দিল্লীত দলবদ্ধ ধর্ষণৰ বলি হৈ মৃত্যু হোৱা চিকিৎস ক ‘নির্ভয়া’ৰ স্মৃতিত নামাকিংত কৰা দলটো গঠন হৈছিল ২০১৮ চনত৷ ইয়াৰ নেতৃত্ব দিছিল ইতিহাসৰ স্নাতক উত্তীর্ণ চিমৰন শর্মাই৷ দলটোৰ ৪০জনীয়া সদস্যৰ বহুকেইগৰাকী ছাত্রী৷ তেওঁলোকে আজি পঢ়া খৰচ উলিওৱাৰ লগতে এই কর্মৰ যোগেদি পৰিয়ালৰ লোককো আর্থিক সহায় কৰিব পাৰিছে৷ দলটোৰ নেতৃত্বত থকা চিমৰন শর্মাই প্রকাশ কৰা মতে ‘প্রথমে ছোৱালীৰ কেটাৰিং দল বুলি মানুহে আমাক কাম দিবলৈ ইচ্ছা কৰা নাছিল৷ কিন্তু আমাৰ সদস্যাসকলৰ ব্যৱহাৰ, শৃংখলাবোধ, কর্তব্যনিষ্ঠা দেখি আমাক প্রশংসা কৰিব ধৰিলে আৰু আমাৰ হাতলৈ কাম আহিব ধৰিলে৷ বর্তমান এই দলটোৱে ৰাজ্যৰ বিভিন্ন স্থানত সেৱা আগবঢ়াই আছে৷

শোণিতপুৰ জিলাৰ খোকনবস্তিৰ কেইগৰাকীমান গোর্খালি গাভৰুই জন্ম দিছে স্বাৱম্বিতাৰ লক্ষ্যৰে ‘খোকনবস্তি গার্লছ কেটাৰিং’৷ কমলা শর্মা, তৃপ্তি প্রোখেল, খুশি শর্মাৰ নেতৃত্বত গঠিত দলটোৰ সদস্যসকল হ’ল নিতা শর্মা, বিনীতা শর্মা, পুনম চেত্রী, ৰেছমা চেত্রী, পিংকী চেত্রী, আশা চেত্রী, ঈশা চেত্রী, চানু চেত্রী আৰু অনিতা ঘিমৰে৷ তেওঁলোকে সম্প্রতি নগাঁও, শোণিতপুৰ, বিশ্বনাথ জিলাৰ বিভিন্ন প্রান্তত বিবাহ, অন্নপ্রাসন্ন, সভা–সমিতি আদিত বিলনীয়া কামেৰে নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিছে৷

এইদৰে আজি অসমৰ বিভিন্ন প্রান্তত গঢ়ি উঠিছে যুৱতী, মহিলাৰ বিলনীয়া দল বা কেটাৰিং পার্টী৷ নাৰী সবলীকৰণ আন্দোলনত এই গোটবোৰৰ যথেষ্ট অৰিহণা আছে৷ তেওঁলোকে বাণিজ্যিক বা আর্থিক দিশতে গুৰুত্ব দিয়া নাই৷ মহিলা বিলনীয়া দলবোৰে পৰম্পৰা আৰু সংস্কৃতি ধৰি ৰখাতো গুৰুত্ব দিছে৷ বেছিভাগ বিলনীয়া দলৰ ঐক্য পোছাক (ইউনিফর্ম)ত দেখা যায় অসমীয়া জাতীয়তাবোধ৷ এয়া নিশ্চিতভাৱে অসমীয়া নাৰীৰ স্বাৱলম্বিতাৰ আন্দোলনৰ এক আশাৰ বাট৷

ফোন : ৯৩৯৪৯–২২৫২৭

You might also like