নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ

🔹 ৰাজনাথ সিং, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী

সন্ত্রাসবাদ মানৱতাৰ ওপৰত এক প্রচণ্ড আঘাত৷ সভ্য সমাজৰ বাবে সন্ত্রাসবাদ মহামাৰীস্বৰূপ৷ সন্ত্রাসবাদ মূল্যবোধৰ বাবে এক অভিশাপ, ই বিপ্লৱৰ নামত বিপথে পৰিচালিত এক পন্থা আৰু হিংসা পৰিচালিত এক ভ্রান্ত ধাৰণা৷ সেয়ে সন্ত্রাসবাদৰ পৰিণতিও বিষম হয়৷ ‘কাৰোবাৰ বাবে স্বাধীনতা সংগ্রামী, কাৰোবাৰ বাবে সন্ত্রাসবাদী’ বুলি ভবাটোও এটা ভ্রম৷ প্রকৃত স্বাধীনতা কেতিয়াও ভয় আৰু ৰক্তপাতৰ জৰিয়তে অর্জন কৰিব নোৱাৰি৷

সন্ত্রাসবাদ আৰু সন্ত্রাসবাদীৰ প্রধান আহিলাই হৈছে ভীতি প্রদর্শন কৰা৷ কিন্তু এনেদৰে ভয় বিয়পোৱাৰ পাছতো সন্ত্রাসবাদীসকলে সমাজত নিৰাশাবাদৰ ভাব জগাই তোলাত ব্যর্থ হৈছে৷ ভাৰত এই সত্যৰ অন্যতম সাক্ষী৷ ২৬/১১য়েই হওক, ২০০১ চনৰ ভাৰতীয় সংসদ ভৱন আক্রমণৰ ঘটনাই হওক বা শেহতীয়াকৈ পেহেলগামত সন্ত্রাসবাদীয়ে সংঘটিত কৰা নাৰকীয় আক্রমণৰ ঘটনাই হওক, কোনো কথাই ভাৰতক শিৰনত কৰিব পৰা নাই, ভাৰত পূর্বতকৈ ওখ হৈ গৈ আছে, শক্তিশালী হৈ গৈ আছে আৰু সন্ত্রাসবাদৰ বিৰুদ্ধে সংকল্পবদ্ধ হৈছে৷

ঐক্যবদ্ধ ভাৰতৰ সন্মুখত সন্ত্রাসবাদৰ বিষবাষ্পৰে পৰিপূর্ণ মতাদর্শ আৰু কুটিল ষডযন্ত্র উফৰি গৈছে৷ সন্ত্রাসবাদৰ অস্তিত্বই এদিনৰ বাবে হ’লেও আমাৰ সামূহিক বিবেক আৰু শান্তিৰ প্রতি থকা দায়বদ্ধতাক প্রত্যাহ্বান জনাইছে৷ সেয়ে এই বিপদ চিৰদিনৰ বাবে নির্মূল কৰিবলৈ সকলো শান্তিকামী দেশ আৰু ব্যক্তি একত্রিত হোৱাৰ নিতান্তই প্রয়োজন আছে৷

ভাৰতে কেনেকৈ এই কাম কৰিব পাৰি সেয়া দেখুৱাই দিছে৷ দশক দশক ধৰি আমি পাকিস্তান ৰাষ্ট্রৰ পৃষ্ঠপোষকতাত লালিত–পালিত হৈ অহা সন্ত্রাসবাদৰ বলি হৈ আহিছোঁ৷ শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্রাসবাদীৰ আক্রমণ ভাৰতীয়ৰ মাজত থকা ঐক্য ভাঙি থানবান কৰি জনসাধাৰণৰ মনত ভয়ৰ ভাব জগাই তোলাৰ এক নির্মম আৰু ব্যর্থ অপচেষ্টা আছিল৷ সন্ত্রাসবাদীয়ে পর্যটকক হত্যা কৰাৰ পূর্বে যি ধৰণেৰে পর্যটকৰ ধর্মৰ বিষয়ে সোধা–পোছা কৰিছিল, তাৰ পৰাই এই কথা স্পষ্ট হৈ পৰিছে৷ ভাৰতীয় ঐক্যৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ একেধৰণৰ অপচেষ্টাই পাকিস্তানে সংঘটিত কৰিছিল৷ পাকিস্তানে ড্রোন আৰু মাৰণাস্ত্র ব্যৱহাৰ কৰি বিভিন্ন ধর্মৰ ধর্মীয় স্থানক আক্রমণৰ লক্ষ্য কৰি লৈছিল৷

কোনো ধর্মই এনে কর্মক সমর্থন নজনায়৷ সন্ত্রাসবাদীয়ে কৌশলগতভাৱে ধর্মৰ অপব্যৱহাৰ কৰি নিজৰ বর্বৰ কার্যক ন্যায্যতা প্রদান কৰিব বিচাৰিছিল৷ ধর্মৰ ওৰণিৰ আঁৰত লুকাই সন্ত্রাসবাদীয়ে দাবী কৰা তেওঁলোকৰ নিজৰ ধর্মীয় বিশ্বাসকেই গুৰুতৰভাৱে ক্ষতিগ্রস্ত কৰিছে৷ আনকি নিজৰ ধর্মীয় বিশ্বাসত তেওঁলোক অটল বুলি অভিনয় কৰিবলগীয়া হৈছে৷ ধর্মৰ এই অপব্যৱহাৰ আকস্মিক বা আৱেগিক নহয়, ই এক ইচ্ছাকৃত কৌশল, বর্বৰতাক বৈধতা প্রদানৰ এক কৌশলী অপচেষ্টা৷

ভাৰতে এই কথা বাৰে বাৰে স্পষ্ট কৰি দি আহিছে যে সন্ত্রাসবাদৰ প্রতি আমি শূন্য সহনশীলতাৰ নীতিতেই অটল আছোঁ৷ আলোচনা আৰু সন্ত্রাসবাদ একেলগে চলিব নোৱাৰে৷ পাকিস্তানৰ সৈতে ভৱিষ্যতে হোৱা যিকোনো আলোচনাত কেৱল সন্ত্রাসবাদ আৰু পাকিস্তানে দখল কৰি ৰখা কাশ্মীৰৰ বিষয়কহে গুৰুত্ব প্রদান কৰা হ’ব৷ লগতে পাকিস্তানে যদি বিষয়টোক গভীৰভাৱে গ্রহণ কৰিছে, তেন্তে ন্যায় সুনিশ্চিত কৰিবলৈ ৰাষ্ট্রসংঘই সন্ত্রাসবাদী হিচাপে ঘোষণা কৰা হাফিজ ছয়ীদ আৰু মাছুদ আজহাৰৰ দৰে সন্ত্রাসবাদীক ভাৰতৰ হাতত গতাই দিব লাগিব৷

দীর্ঘদিন ধৰি আমি দীর্ঘম্যাদী দৃষ্টিভংগী আৰু কৌশল অৱলম্বন কৰি সন্ত্রাসবাদৰ বিৰুদ্ধে প্রতিক্রিয়া প্রকাশ কৰি আহিছোঁ৷ আমাৰ সশস্ত্র বাহিনীক আগতে কেৱল প্রতিৰক্ষামূলক কার্যত নিয়োজিত হ’বলৈ দিয়া হৈছিল৷ কিন্তু ছার্জিকেল ষ্ট্রাহকছ (২০১৬), বালাকোট ষ্ট্রাহকছ (২০১৯) আৰু এতিয়া অপাৰেচন সিন্দূৰ (২০২৫)ৰ জৰিয়তে ভাৰতে পাকিস্তানত থকা সন্ত্রাসবাদী আৰু তেওঁলোকৰ জ্ঞাতি–গোত্রৰ প্রতি নীতিৰ পুনৰ মূল্যায়ন কৰিছে৷ এতিয়া আমি বুজি পাহছোঁ যে প্রতিৰক্ষামূলক দৃষ্টিভংগীৰ লগতে নৈতিক আৰু ৰাজনৈতিক দৃষ্টিভংগীৰো পৰিৱর্তনৰ প্রয়োজন আছে৷

সন্ত্রাসবাদী য’তেই নাথাকক কিয়, তেনে সন্ত্রাসবাদীক কঠোৰভাৱে নির্মূল কৰাই এতিয়া আমাৰ নীতি৷ যিকোনো সন্ত্রাসবাদী কার্যক এতিয়া যুদ্ধৰ লেখীয়া কার্য হিচাপে গণ্য কৰা হ’ব৷ ভাৰতত যদি সন্ত্রাসবাদী আক্রমণ হয়, তেন্তে সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা চৰকাৰ আৰু সন্ত্রাসবাদীৰ মাজত পার্থক্য নৰখাকৈ তাৰ উপযুক্ত প্রত্যুত্তৰ দিয়া হ’ব৷ যদি পাকিস্তানে নিজৰ ভূখণ্ডৰ পৰাই চলি থকা সন্ত্রাসবাদীক নিয়ন্ত্রণ কৰিব নোৱাৰে, তেন্তে ইয়াৰ বাবে দেশখনে তেওঁলোকৰ অক্ষমতাৰ মূল্য ভৰিব লাগিব৷

নতুন দিল্লীত অনুষ্ঠিত হোৱা তৃতীয় ‘সন্ত্রাসবাদৰ বাবে ধনৰ যোগান নধৰা’ বিষয়ক মন্ত্রীসভাৰ সন্মিলনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্পষ্টভাৱে তথা দৃঢ়তাৰে কৈছিল–‘আমি বিবেচনা কৰোঁ যে এটা আক্রমণেই বহু বেছি আৰু এজনৰ জীৱন হানিও বহু বেছি ক্ষতি৷ গতিকে, সন্ত্রাসবাদৰ শিপা উভালি নেপেলোৱালৈকে আমি জিৰণি নলওঁ৷’ অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰত চৰকাৰ আৰু দেশৰ সশস্ত্র বাহিনীয়ে সমগ্র বিশ্বক দেখুৱাই দিছে যে আমি সন্ত্রাসবাদৰ শিপা উভালি পেলোৱাৰ বাবে প্রতিশ্রুতিবদ্ধ৷ ‘লক্ষ্য নির্ধাৰিত, জুখি–মাপি কৰা আৰু কাকো প্রৰোচিত নকৰা’ অভিযানেৰে আমি পাকিস্তান আৰু পাকিস্তানে দখল কৰি ৰখা জম্মু–কাশ্মীৰৰ সন্ত্রাসবাদী আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছিলোঁ, য’ৰ পৰা ভাৰতৰ বিৰুদ্ধে সন্ত্রাসবাদী আক্রমণৰ পৰিকল্পনা কৰাৰ লগতে নির্দেশনা দিয়া হৈছিল৷

আমি জানো যে সন্ত্রাসবাদীৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্রহণ কৰাটো প্রয়োজনীয়, কিন্তু সন্ত্রাসবাদৰ শিপা উভালিবলৈ সেয়াই যথেষ্ট নহয়৷ মূল কথাটো হৈছে, সন্ত্রাসবাদীৰ আন্তঃগাঁথনিৰ ভেটি ধ্বংস কৰিব লাগিব৷ যিহেতু পাকিস্তানে সন্ত্রাসবাদক আহিলা হিচাপে ব্যৱহাৰ কৰে, সেয়েহে ভাৰতে কূটনৈতিক আৰু অর্থনৈতিকভাৱে পাকিস্তানক সফলতাৰে নিলগাই ৰাখিব পাৰিছে৷ পাকিস্তানে সীমা অতিক্রম কৰি চলি থকা সন্ত্রাসবাদৰ প্রতি জনাই থকা সমর্থন বিশ্বাসযোগ্যভাৱে আৰু স্থায়ীভাৱে ত্যাগ নকৰালৈকে আমি সিন্বুূ জল চুক্তি ‘স্থগিত’ ৰাখিছোঁ৷ এই সিদ্ধান্তই পাকিস্তানৰ ক্ষেত্রত এক উল্লেখযোগ্য প্রভাৱ পেলাইছে৷ কাৰণ পাকিস্তানে দেশখনৰ ১৬ নিযুত হেক্টৰ কৃষিভূমিৰ ৮% আৰু সামগ্রিকভাবে ব্যৱহাৰ হোৱা পানীৰ ৯%ৰ বাবে সিন্বুূ নদীৰ ওপৰত নির্ভৰশীল৷ সিন্বুূ নদীৰ পানীয়ে পাকিস্তানৰ ২৩৭ নিযুত লোকক সহায় কৰে আৰু পাকিস্তানৰ জিডিপিৰ এক চতুর্থাংশত অৰিহণা যোগায়৷

সন্ত্রাসবাদ কেৱল ভাৰতৰেই সমস্যা নহয়, ই এক বিশ্বব্যাপী গা কৰি উঠা সমস্যা৷ গ্ল’বেল টেৰৰিজম ইনডেক্স(GTI) অনুসৰি বছৰ বছৰ ধৰি সন্ত্রাসবাদী কাণ্ডৰ সন্মুখীন হোৱা দেশৰ সংখ্যা বৃদ্ধি পাই গৈছে৷ সন্ত্রাসবাদী নেটৱর্কসমূহ সম্পূর্ণৰূপে ভাঙি পেলাবলৈ, সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু আগন্তুক প্রজন্মৰ বাবে সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰিবলৈ আমি কেৱল বিক্ষিপ্তভাৱে প্রচেষ্টা হাতত ল’লেই নহ’ব৷ বৰঞ্চ আমি বিশ্বব্যাপী নীতিগত, ব্যাপক, সামঞ্জস্যপূর্ণ আৰু সমন্বিত কৌশল আঁকোৱালি লোৱা উচিত৷ ইয়াৰ সৈতে পাঁচটা মূল বিষয়ো জড়িত হৈ আছে৷

প্রথমতে ‘সন্ত্রাসবাদ’ শব্দটোৰ সংজ্ঞা নির্ধাৰণ কৰা৷ সন্ত্রাসবাদ কি সেই সন্দর্ভত এতিয়াও সকলোৱে একমত হোৱা নাই৷ সন্ত্রাসবাদৰ সংজ্ঞা নির্ধাৰণৰ ক্ষেত্রত আমি সফলতাৰে ওচৰ চাপি আহিছোঁ৷ ৰাষ্ট্রসংঘত আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদৰ বিৰুদ্ধে অভিৱর্তন হৈছে, সেয়া ভাৰতৰ প্রস্তাৱৰ আধাৰতে হৈছে৷ অনর্থক বিষয়বোৰেৰে সন্ত্রাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজখনক সীমিত কৰিব নালাগে, সন্ত্রাসবাদী কার্যৰ তদন্ত বা গোচৰ চলোৱাৰ বাবে বা বিদেশৰ পৰা প্রত্যার্পণ কৰাটো নিশ্চিত কৰাৰ বাবে বহুলভাৱে গ্রহণযোগ্য সংজ্ঞাৰ প্রয়োজন নিশ্চয়কৈ আছে৷

দ্বিতীয়তে, আমি কেৱল সন্ত্রাসবাদী সংগঠনৰেই নহয়, সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্রৰ বিত্তীয় ব্যৱস্থাও নিশ্চিহ্ণ কৰিব লাগিব৷ বহুপাক্ষিক সংস্থা আৰু দাতা দেশসমূহে স্বীকাৰ কৰিব লাগিব যে পাকিস্তানৰ বেহলআডট পেকেজৰ অপব্যৱহাৰৰ ইতিহাস আছে আৰু ৰাষ্ট্রৰ পৃষ্ঠপোষকতাতে সীমা অতিক্রম কৰি চলি থকা সন্ত্রাসবাদৰ বাবে সেই ঋণেৰে বিত্তীয় সাহায্য ব্যৱহাৰ কৰে৷ ভাৰতে আই এম এফক দিয়া এক বিবৃতিত এইবুলি আঙুলিয়াই দিছে, ‘সীমান্ত অতিক্রম কৰি চলি থকা সন্ত্রাসবাদৰ অবিৰত পৃষ্ঠপোষকতাক পুৰস্কৃত কৰিলে বিশ্ব সম্প্রদায়লৈ এক বিপজ্জনক বার্তা প্রেৰণ কৰা হয়, এনে কার্যই পুঁজি প্রদানকাৰী সংস্থা আৰু দাতাসকলৰ সুনামতো চেকা লগাব আৰু বিশ্বৰ মূল্যবোধক উপহাস কৰিব৷’ এয়া নিঃসন্দেহে সঁচা কথা যে পাকিস্তানক দিয়া ধন শেষত গৈ সন্ত্রাসবাদীৰ হাতলৈ গৈ আছে৷ পাকিস্তানে যে এনেদৰে পৃথিৱীত এক অস্থিৰ পৰিৱেশ সৃষ্টিৰ বাবে কাম কৰি গৈছে তাত কোনো সন্দেহ নাই৷ সেয়েহে পাকিস্তানক পুনৰ এফ এ টি এফৰ দ্বাৰা গ্রে তালিকাভুক্ত কৰাটো প্রয়োজন আৰু পাকিস্তানে বিশ্বাসযোগ্যভাৱে তথা অপ্রত্যাহাৰযোগ্যভাৱে নিজৰ সন্ত্রাসবাদী অভিযান ত্যাগ নকৰালৈকে যিকোনো ধন প্রদান কৰাটো বা কর্তন কৰাটো প্রয়োজনীয় কথা৷ নিজৰ ভূখণ্ডত সন্ত্রাসবাদীক আশ্রয় দিয়া আন দেশৰ বিৰুদ্ধেও একে নীতি অৱলম্বন কৰা উচিত৷

তৃতীয়তে, বহুদিনৰে পৰা জনা কথা আৰু এতিয়া অধিক স্পষ্ট হৈ পৰা কথাটো হ’ল- পাকিস্তানত ৰাষ্ট্র আৰু অৰাষ্ট্রীয় কর্যকলাপসমূহ একেটা মুদ্রাৰে ইপিঠি–সিপিঠি৷ শেহতীয়াকৈ সন্ত্রাসবাদীসকলক ইউনিফর্ম পিন্ধা সামৰিক বিষয়াসকলে ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ পৰাই এই কথা অধিক স্পষ্ট হৈ পৰিছে৷

পাকিস্তানৰ পাৰমাণৱিক অস্ত্রও এনে সন্ত্রাসবাদীৰ হাতলৈ যোৱাৰ আশংকা আছে৷ আন্তঃৰাষ্ট্রীয় সমাজে এই গুৰুতৰ বিপদৰ কথা স্বীকাৰ কৰিব লাগিব আৰু পাকিস্তানৰ পাৰমাণৱিক অস্ত্রসমূহ আন্তঃৰাষ্ট্রীয় পাৰমাণৱিক শক্তি সংস্থাৰ (আইএইএ) তত্ত্বাৱধানত ৰখাৰ দিহা কৰিব লাগিব৷

চতুর্থতে, ছায়া যুদ্ধ এতিয়া এক বিপজ্জনক ভাবুকি হৈ পৰিছে৷ চুবুৰীয়া দেশক অস্থিৰ কৰি তুলিবলৈ পোষ্য সন্ত্রাসবাদীক ব্যৱহাৰ কৰা দেশবোৰক সংযত কৰিব লাগিব৷ সন্ত্রাসবাদীৰ আক্রমণৰ পৰিসৰ আৰু তীব্রতা ক’ত কিমান অনুভূত হ’ব বা ভুক্তভোগী কোন দেশৰ সেয়া কোনেও ক’ব নোৱাৰে৷ যেতিয়া বিশ্বৰ দেশসমূহে নিজৰ সুবিধা বা স্বার্থৰ ভিত্তিত কোনবোৰ সন্ত্রাসবাদী কার্যক নিন্দা কৰিব সেয়া নির্ধাৰণ কৰে, তেতিয়াই ই সন্ত্রাসবাদৰ প্রতি সামূহিক সঁহাৰিক দুর্বল কৰি তোলে, অপৰাধীক সাহস দিয়ে আৰু এনেদৰেই এনে কার্যক মৌন অনুমোদন জনোৱা হয়৷

পঞ্চমতে, পাকিস্তানত থকা সন্ত্রাসবাদীৰ নিৰাপদ আশ্রয়স্থলসমূহৰ প্রভাৱ আন্তঃৰাষ্ট্রীয় স্তৰত প্রসাৰিত হৈছে৷ সন্ত্রাসবাদীয়ে কৃত্রিম বুদ্ধিমত্তা, জৈৱ–প্রযুক্তি আৰু নেন’ প্রযুক্তিৰ দৰে উদীয়মান প্রযুক্তি গ্রহণ কৰাত বিশ্বব্যাপী ইয়াৰ প্রভাৱ পৰিছে৷ সেইবাবেই এই কাৰকসমূহ দূৰ কৰি সন্ত্রাসবাদীয়ে সৃষ্টি কৰা ভাবুকিৰ মোকাবিলা কৰিবলৈ বিশ্ব সহযোগিতা অতি প্রয়োজনীয়৷ এতিয়া সকলো দেশ একত্রিত হৈ আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদৰ বিৰুদ্ধে সর্বাংগীণ চুক্তি স্বাক্ষৰ কৰাৰ সময় আহি পৰিছে৷

এনে চুক্তিৰ পোষকতা কৰি প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে ৯/১১ আক্রমণৰ পাছত ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত কৈছিল যে ‘সন্ত্রাসবাদৰ যিকোনো মতাদর্শগত, ৰাজনৈতিক বা ধর্মীয় ন্যায্যতাক আমি দৃঢ়তাৰে নাকচ কৰিব লাগিব৷’ ৰবীন্দ্রনাথ ঠাকুৰৰ উদ্ধৃতি দি তেওঁ লগতে কৈছিল– ‘এতিয়াৰে পৰা প্রতিখন দেশে নিজৰ সুৰক্ষাৰ ক্ষেত্রত যি উদ্বেগৰ মুখামুখি হৈছে, সেই উদ্বেগ দূৰ কৰি সমগ্র বিশ্বৰ কল্যাণক নিশ্চিত কৰিব লাগিব৷’

ভাৰতে সন্ত্রাসবাদক পুলিয়ে–পোখাই নির্মূল কৰাৰ প্রচেষ্টাত অটল হৈ আছে৷

আমি সকলো শান্তিকামী দেশকে আমাৰ প্রচেষ্টাত অংশগ্রহণৰ বাবে আহ্বান জনাহছোঁ৷ আহক আমি হাতে হাত ধৰি সন্ত্রাসবাদক নিপাত কৰোঁ৷

You might also like