সংঘলৈ বাঢ়িছে সমাজৰ গ্রহণযোগ্যতা
🔹 দত্তাত্রেয় হোছৱালে
ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘই সেৱাৰ এশ বছৰ সম্পূর্ণ কৰাৰ সময়তে, সংঘইনো এই সফলতাক কি দৃষ্টিভংগীৰে চায়, তাক লৈ কৌতূহল সৃষ্টি হোৱাটো স্বাভাৱিক৷ সংঘই আৰম্ভণিৰে পৰাই এইটো স্পষ্ট কৰি দিছে যে এই অনুষ্ঠান উদযাপনৰ বাবে নহয়, বৰং ই আমাক আত্মনিৰীক্ষণ আৰু উদ্দেশ্যৰ প্রতি পুনৰ সমর্পিত হোৱাৰ সুযোগ প্রদান কৰে৷ এই আন্দোলন আৰু এই যাত্রাত নিঃস্বার্থভাৱে যোগদান কৰা স্বয়ংসেৱকসকল আৰু তেওঁলোকৰ পৰিয়ালবোৰক পথ প্রদর্শন কৰা নিষ্ঠাৱান, সাধু ব্যক্তিত্বসকলৰ অৱদানক স্বীকাৰ কৰাৰো এইটো এটা সুযোগ৷ হিন্দু কেলেণ্ডাৰৰ প্রথম দিন–বর্ষ প্রতিপদত সংঘৰ প্রতিষ্ঠাপক ডাঃ কেশৱ বালিৰাম হেডগেৱাৰৰ জন্মবার্ষিকী আৰু বিশ্ব শান্তি আৰু সমৃদ্ধিৰ তথা সু-সামঞ্জস্যপূর্ণ আৰু ঐক্যবদ্ধ ভাৰতৰ ভৱিষ্যতৰ বাবে সংকল্প লোৱাৰ এই এশ বছৰীয়া যাত্রাৰ পুনৰীক্ষণ কৰাৰ বাবে এই দিনটোতকৈ ভাল উপলক্ষ আন একো হ’ব নোৱাৰে৷
ডাঃ হেডগেৱাৰ এগৰাকী জন্মগত দেশপ্রেমিক আছিল আৰু ভাৰতৰ প্রতি চর্তহীন প্রেম আৰু নির্ভেজাল সমর্পণৰ বৈশিষ্ট্য শৈশৱৰ পৰাই তেওঁৰ কাম–কাজত দৃশ্যমান আছিল৷ কলকাতাত চিকিৎসা বিজ্ঞানৰ শিক্ষা সম্পূর্ণ কৰালৈকে তেওঁ ব্রিটিছ উপনিৱেশিকৰণৰ পৰা ভাৰতক মুক্ত কৰাৰ বাবে অব্যাহত সশস্ত্র বিপ্লৱৰ পৰা সত্যাগ্রহলৈকে সকলো প্রচেষ্টাৰে ইতিমধ্যে অভিজ্ঞতা লাভ কৰিছিল৷ হেডগেৱাৰজী, যাক আমি সংঘৰ মঞ্চত মৰমেৰে ডাক্তৰজী বুলি সম্বোধন কৰোঁ, তেওঁ সেই সকলোবোৰ পদ্ধতিক সন্মান কৰিছিল আৰু কেতিয়াও কোনো পদ্ধতিকে অৱমাননা কৰাৰ চেষ্টা কৰা নাছিল৷ সামাজিক সংস্কাৰ বা ৰাজনৈতিক স্বাধীনতা সেই সময়ত আলোচনাৰ অন্যতম কেন্দ্রীয় বিষয় আছিল৷ একে সময়তে, ভাৰতীয় সমাজৰ এগৰাকী চিকিৎসক হিচাপে, তেওঁ আমি স্বাধীনতা হেৰুওৱাৰ মৌলিক কাৰণবোৰ চিনাক্ত কৰিছিল আৰু এক স্থায়ী সমাধান বিচাৰি উলিওৱাৰ বাবে ব্রতী হৈছিল৷ তেওঁ উপলব্ধি কৰিছিল যে দৈনন্দিন জীৱনত দেশপ্রেমৰ অনুপস্থিতি, সামূহিক ৰাষ্ট্রীয় চৰিত্রৰ অৱনতিৰ ফলত সৃষ্ট সংকীর্ণ পৰিচয় তথা সামাজিক জীৱনত অনুশাসনৰ অভাৱেই হৈছে বাহ্যিক আক্রমণকাৰীসকলে ভাৰতত নিজৰ খোপনি পুতিবলৈ সক্ষম হোৱাৰ মূল কাৰণ৷ তেওঁ অনুভৱ কৰিব পাৰিছিল যে নিৰন্তৰ আগ্রাসনৰ ফলত আমাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সামূহিক স্মৃতি হেৰুৱাই পেলাইছিলোঁ৷ সেয়েহে, আমাৰ সংস্কৃতি আৰু জ্ঞান পৰম্পৰাক লৈ হতাশা আৰু হীনমন্যতাৰ ভাব উপজিছিল৷ এয়া তেওঁৰ দৃঢ় বিশ্বাস আছিল যে মাত্র কেইগৰাকীমান নেতাৰ অধীনত ৰাজনৈতিক সক্রিয়তাই আমাৰ প্রাচীন ৰাষ্ট্রৰ মৌলিক সমস্যাবোৰ সমাধান কৰিব নোৱাৰে৷ সেয়েহে, তেওঁ ৰাষ্ট্রৰ বাবে জীয়াই থাকিবলৈ মানুহক প্রশিক্ষণ দিব পৰা ধাৰাবাহিক প্রচেষ্টাৰ এক পদ্ধতি উদ্ভাৱন কৰাৰ সিদ্ধান্ত লৈছিল৷ শাখা পদ্ধতিৰ ওপৰত আধাৰিত সংঘৰ উদ্ভাৱনীমূলক আৰু অনন্য কাম–কাজৰ ধৰণেই হৈছে এই ধৰণৰ ৰাজনৈতিক সংগ্রামৰ ঊর্ধ্বত গৈ কৰা দূৰদৃষ্টিমূলক চিন্তাধাৰাৰ ফলাফল৷ ৰাজনৈতিক স্বাধীনতা সংগ্রামত অংশগ্রহণ কৰি, লগতে আনকো এই সংগ্রামৰ অংশ হ’বলৈ উৎসাহিত কৰি ডাঃ হেডগেৱাৰে সমাজৰ ভিতৰত এটা সংগঠন সৃষ্টি কৰাৰ বাবে নহয়, বৰং সমগ্র সমাজক সংগঠিত কৰাৰ বাবে এই প্রশিক্ষণ পদ্ধতি বিকশিত কৰিছিল৷ আজি এশ বছৰৰ পিছতো হাজাৰ হাজাৰ যুৱক–যুৱতীয়ে ডাক্তৰ হেডগেৱাৰে দেখুওৱা পথেৰে আগুৱাই গৈ আছে আৰু ৰাষ্ট্রৰ উদ্দেশ্যত নিজকে উৎসর্গিত কৰিবলৈ সাজু হৈ আছে৷ সংঘৰ প্রতি সমাজৰ গ্রহণযোগ্যতা আৰু আশা বৃদ্ধি পাইছে৷ এয়া ডাক্তৰজীৰ দূৰদৃষ্টি আৰু পদ্ধতিৰ প্রতি সহমতৰ লক্ষণৰ বাহিৰে একো নহয়৷ এই আন্দোলনৰ প্রগতিশীল অগ্রগতি আৰু দর্শন কোনো অলৌকিক ঘটনাতকৈ কম নহয়৷ যেতিয়া ইংৰাজী শিক্ষিত অভিজাত শ্রেণীৰ বেছিভাগেই সংকীর্ণ, সংকুচিত তথা বিচ্ছিন্নতাবাদী ইউৰোপীয় জাতীয়তাবাদৰ ধাৰণাৰ দ্বাৰা প্রভাৱিত হৈছিল, সেই সময়ত হিন্দুত্বৰ ধাৰণা, ৰাষ্ট্রৰ ধাৰণা ব্যাখ্যা কৰাটো সহজ নাছিল৷ ডাক্তৰ হেডগেৱাৰে কেৱল এটা আদর্শৰ তত্ত্ব দিয়া নাছিল, তেওঁ এক কার্যক্রমৰ বীজ প্রদান কৰিছিল, যি এই যাত্রাৰ পথ প্রদর্শক হিচাপে ৰৈ গ’ল৷ তেওঁৰ জীৱনকালতে সংঘৰ কাম ভাৰতৰ সকলো অঞ্চললৈ বিয়পি পৰিছিল৷
যেতিয়া আমি স্বাধীনতা লাভ কৰিলোঁ, একে সময়তে দুর্ভাগ্যজনকভাৱে ধর্মীয় ভিত্তিত ভাৰত মাতাক বিভাজন কৰা হ’ল৷ তেতিয়া একমাত্র সংঘৰ স্বয়ংসেৱকসকলেই পাকিস্তানৰ পৰা হিন্দু লোকসকলক উদ্ধাৰ কৰি তেওঁলোকক সন্মান আৰু মর্যাদাৰে পুনঃসংস্থাপন কৰাৰ বাবে নিজকে উৎসর্গিত কৰিছিল৷ ৰাষ্ট্র জীৱনৰ বিভিন্ন ক্ষেত্রলৈ সাংগঠনিক শক্তি প্রদান কৰিবলৈ আৰম্ভ কৰিছিল৷ সমাজৰ প্রতি দায়বদ্ধতা আৰু কর্তব্যবোধৰ প্রতীক স্বয়ংসেৱকৰ ধাৰণাক শিক্ষা, শ্রম, ৰাজনীতি আদি বিভিন্ন ক্ষেত্রত প্রতিফলিত কৰিবলৈ ধৰিলে৷ ৰাষ্ট্রৰ মূল তত্ত্বৰ ভিত্তিত সকলোবোৰ পুনৰ সংগঠিত কৰিবলগীয়া হ’ল, যাৰ বাবে দ্বিতীয় সৰসংঘচালক শ্রীগুৰুজী (মাধৱ সদাশিৱ গোলৱাৰকাৰ) আছিল এই পর্যায়টোৰ পথ প্রদর্শক৷ ভাৰত এনে এক প্রাচীন সভ্যতা, যাৰ আধ্যাত্মিক পৰম্পৰাৰ ওপৰত আধাৰিত মানৱতাৰ ক্ষেত্রত পালন কৰিবলগীয়া নির্দিষ্ট ভূমিকা আছে৷ যদি ভাৰতে বিশ্বজনীন সম্প্রীতি আৰু একতাৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি এই ভূমিকা পালন কৰিব লাগে, তেন্তে ভাৰতৰ সাধাৰণ জনতাহ সেই লক্ষ্যৰ বাবে নিজকে প্রস্তুত কৰিব লাগিব৷ শ্রীগুৰুজীয়ে ইয়াৰ বাবে এক শক্তিশালী আদর্শগত ভেটি প্রদান কৰিছিল৷ যেতিয়া ভাৰতৰ সকলো সম্প্রদায়ে ঘোষণা কৰিলে যে যিকোনো ধৰণৰ বৈষম্যৰ কোনো ধর্মীয় অনুমোদন নাই, হিন্দু সমাজৰ সংস্কাৰবাদী কাম–কাজে নতুন গতি লাভ কৰিলে৷ জৰুৰীকালীন অৱস্থাৰ সময়ত সংবিধানৰ ওপৰত যেতিয়া কুঠাৰাঘাত কৰা হৈছিল, সেই সময়ত সংঘৰ স্বয়ংসেৱকসকলে শান্তিপূর্ণ উপায়েৰে গণতন্ত্র পুনৰুদ্ধাৰৰ যুঁজত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷ সংঘই শাখাৰ ধাৰণাৰ পৰা সমাজৰ নৈতিক শক্তিক আহ্বান কৰা সেৱামূলক কাম–কাজলৈ সম্প্রসাৰিত হৈছে আৰু এই ৯৯ বছৰত এইক্ষেত্রত গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিছে৷ ৰাম জনমভূমি আন্দোলনে ভাৰতৰ সকলো শ্রেণীৰ জনসাধাৰণ আৰু অঞ্চলক সাংস্কৃতিক স্বাধীনতাৰ বাবে এক কৰিলে৷ ৰাষ্ট্রীয় নিৰাপত্তাৰ পৰা সীমান্ত ব্যৱস্থাপনালৈ, অংশগ্রহণমূলক প্রশাসনৰ পৰা গ্রাম্য উন্নয়নলৈকে, ৰাষ্ট্রীয় জীৱনৰ এনে কোনো দিশ নাই, য’ত সংঘৰ স্বয়ংসেৱকসকলৰ হাতৰ পৰশ পৰা নাই৷ আটাইতকৈ ডাঙৰ সন্তুষ্টিটো হ’ল যে সমাজে এই পদ্ধতিগত পৰিৱর্তনৰ অংশ হ’বলৈ আগবাঢ়ি অহাটো৷
যদিও সকলোবোৰ কথাই ৰাজনৈতিক প্রিজমেৰে চোৱাৰ এক প্রৱণতা আছে, সংঘই এতিয়াও সমাজত সাংস্কৃতিক সজাগতা আৰু সঠিক চিন্তাধাৰাৰ ব্যক্তি আৰু সংগঠনৰ এক শক্তিশালী নেটৱর্ক সৃষ্টিত গুৰুত্ব আৰোপ কৰি আহিছে৷ সামাজিক পৰিৱর্তন আৰু পৰিয়াল ব্যৱস্থাৰ পৱিত্রতা পুনৰুদ্ধাৰৰ ক্ষেত্রত মহিলাসকলৰ অংশগ্রহণৰ বিষয়টো যোৱা কেইবছৰমানৰ পৰা সংঘৰ বাবে গুৰুত্বপূর্ণ হৈ আহিছে৷ সংঘই লোকমাতা অহিল্যাবাহ হোলকাৰৰ তিনিশ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে আহ্বান জনোৱাৰ পিছত সমগ্র ভাৰতত ২৭ লাখতকৈও অধিক লোকৰ অংশগ্রহণেৰে প্রায় দহ হাজাৰ কার্যসূচীৰ আয়োজন কৰা হৈছিল৷ আমাৰ ৰাষ্ট্রীয় মহানায়কসকলৰ স্মৃতি আমি কেনেদৰে সামূহিকভাৱে উদযাপন কৰোঁ, এইটো তাৰেই এক প্রমাণ৷ সংঘৰ কার্যই শততম বর্ষত প্রৱেশ কৰাৰ সময়তে, ৰাষ্ট্র নির্মাণৰ বাবে মূল মানৱ সম্পদ নির্মাণকার্যক সংঘই খণ্ড আৰু গাঁও পর্যায়লৈ লৈ যোৱাৰ সিদ্ধান্ত লয়৷ যোৱা এটা বছৰত পদ্ধতিগত পৰিকল্পনা আৰু কার্যকৰীকৰণৰ সৈতে দহ হাজাৰ শাখা সংযোজন কৰিব পৰাটো সংকল্পৰ দৃঢ়তা আৰু গ্রহণযোগ্যতাৰ প্রতীক৷ প্রতিখন গাঁও আৰু বস্তি স্পর্শ কৰাৰ লক্ষ্যত উপনীত হ’ব নোৱাৰাটো এতিয়াও এক অসম্পূর্ণ কাম আৰু এয়া আত্মনিৰীক্ষণৰ বিষয়৷ পৰিৱর্তনৰ বাবে পাঁচদফীয়া কার্যসূচী, পঞ্চ–পৰিৱর্তনৰ আহ্বান–আগন্তুক বছৰবোৰৰ বাবে মূল গুৰুত্বৰ বিষয় হৈ থাকিব৷ শাখা নেটৱর্ক সম্প্রসাৰণ কৰাৰ সময়তে, সংঘই নাগৰিকৰ কর্তব্য, এক পৰিৱেশ–অনুকূল জীৱনশৈলী, সামাজিকভাৱে সু-সামঞ্জস্যপূর্ণ আচৰণ, পাৰিবাৰিক মূল্যবোধ আৰু স্ববোধৰ ওপৰত আধাৰিত প্রণালীবদ্ধ ৰূপান্তৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাতে প্রত্যেকেই ‘পৰম বৈভৱম নেটুমেটাত স্বৰাষ্ট্রম’ৰ বৃহৎ উদ্দেশ্যত অৰিহণা যোগাই আমাৰ ৰাষ্ট্রক গৌৰৱৰ শিখৰলৈ লৈ যায়৷ সংঘই যোৱা এশ বছৰত ৰাষ্ট্রীয় পুনর্গঠনৰ আন্দোলন হিচাপে অৱহেলা আৰু উপহাসৰ পৰা কৌতূহল আৰু গ্রহণযোগ্যতালৈ যাত্রা কৰিছে৷ সংঘই কাৰো বিৰোধিতা কৰাত বিশ্বাস নকৰে আৰু আত্মবিশ্বাসী যে আজি সংঘৰ কামৰ বিৰোধিতা কৰা যিকোনো ব্যক্তিয়ে এদিন সংঘত যোগদান কৰিব৷ যেতিয়া বিশ্বই জলবায়ু পৰিৱর্তনৰ পৰা হিংসাত্মক সংঘর্ষলৈকে একাধিক প্রত্যাহ্বানৰ সৈতে যুঁজি আছে, ভাৰতৰ প্রাচীন আৰু অনুভৱী জ্ঞান এই সকলো সমস্যাৰ সমাধান প্রদান কৰিবলৈ সক্ষম৷ ভাৰত মাতাৰ প্রতিটো শিশুৱে যেতিয়া এই ভূমিকাৰ বিষয়ে বুজি পাব আৰু আনক অনুকৰণ কৰিবলৈ অনুপ্রাণিত কৰা এক ঘৰুৱা আর্হি গঢ়ি তোলাত অৰিহণা যোগাব, তেতিয়া এই বিশাল কিন্তু অনিবার্য কাম সম্ভৱ হৈ উঠিব৷ আহক, ন্যায়পৰায়ণ ব্যক্তিৰ (সজ্জন শক্তি) নেতৃত্বত সমগ্র সমাজক একত্রিত কৰি বিশ্বৰ সন্মুখত এক সু-সামঞ্জস্যপূর্ণ আৰু সংগঠিত ভাৰতৰ আদর্শ উপস্থাপন কৰাৰ এই সংকল্পত যোগদান কৰোঁ৷
লেখক ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰকার্যবাহ