ভিটামিন চি বেছিকৈ পাবলৈ গৰমত কি কি খাব
বিশেষ বাৰ্তা, ৪ এপ্ৰিলঃ আমাৰ দেহৰ বাবে অতি প্ৰয়োজনীয় এবিধ ভিটামিন হ’ল ভিটামিন চি। গৰমত ভিটামিন চি আমাৰ দেহক অতি আৱশ্যক। ইয়ে গৰমত আমাৰ ভাগৰুৱা হৈ পৰা দেহটোক আৰু শক্তি দিয়াৰ লগতে দেহক জলীয় কৰি ৰাখে। ভিটামিন চিৰ সাধাৰণ উৎস হ’ল ফল। গৰমত খুব সহজে পোৱা কেইবিধমান ফলত থাকে প্ৰচুৰ ভিটামিন চি। চাওঁ আহক-
আনাৰসঃ ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা এবিধ ফল হ’ল আনাৰস। ইয়াক ভিটামিন চিৰ ‘পাৱাৰ হাউচ’ বুলিয়ে কয়। ফলত খুব কমকৈয়ে পোৱা এবিধ খনিজ হৈছে মেংগানিজ; ইয়ো উপলব্ধ আনাৰসত।
আমঃ গৰমৰ দিন মানেই আমৰ বতৰ। আম খাই কোনেনো ভাল নাপায়! প্ৰাকৃতিকভাৱে ভিটামিন চি আৰু বেটা-কেৰোটিন পোৱা যায় আমত; যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সাধাৰণতে পকা আমতকৈ সেউজীয়া কেঁচা আমতহে অধিক ভিটামিন চি পোৱা যায়।
মধুৰিয়ামঃ হালধীয়া আৰু ৰঙা ফলত সাধাৰণতে ভিটামিন বেছিকৈ থাকে। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম মধুৰীয়াম। বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি ১০০ গ্ৰাম ওজনৰ এটা মাত্ৰ মধুৰীয়ামত ২০০মিলিগ্ৰাম ভিটামিন চি থাকে। অৰ্থাৎ এটা কমলা টেঙাতকৈ দুগুন।
ষ্ট্ৰবেৰীঃ ষ্ট্ৰবেৰী এবিধ দামী ফল। তথাপিও আজিকালি স্থানীয়ভাৱে এইবিধ ফলৰ উৎপাদন কৰা হৈছে। সেয়ে বজাৰতো বৰকৈ দেখা যায়। এণ্টিঅক্সিডেণ্টৰ বাবে ষ্ট্ৰবেৰী জনাজাত। কিন্তু তাৰ উপৰিও ইয়াত ভিটামিন চি বহুগুণে থাকে। আনকি এটা সুমথিৰা তথা কমলাতকৈও বেছিকৈ ভিটামিন চি থাকে এইবিধ ফলত।
কিৱিঃ স্বাস্থ্যসন্মত খাদ্য হিচাপেও খাব পাৰি কিৱি। এটা মাত্ৰ কিৱিত থাকে ৮৪ মিলিগ্ৰাম ভিটামিন চি আৰু ভিটামিন কে- ভিটামিন ইৰ লগতে আন আন প্ৰয়োজনীয় পুষ্টি।