নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবিধ ফলঃ পুৰুষৰ ৫ টা যৌন সমস্যাৰ শক্তিশালী নিৰাময়ক

বিশেষ বাৰ্তা, ১৮ মেঃ ডালিম এনে এবিধ ফল, যিটো কেৱল সুস্বাদুয়ে নহয় বহুতো যৌন স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্তি দিব পাৰে আৰু আপোনাৰ সামগ্ৰিক স্বাস্থ্যও উন্নত কৰিব পাৰে। এই ফলবিধে পুৰুষৰ কম টেষ্টষ্টেৰনৰ মাত্ৰাৰ পৰা আৰম্ভ কৰি লিবিডো আৰু ইৰেক্টিল ডিছফাংচনলৈকে যৌন সমস্যাৰ চিকিৎসা কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। এই ছুপাৰফুডত এন্টিঅক্সিডেন্ট বহু পৰিমানে থাকে যিয়ে পুৰুষ আৰু মহিলা উভয়ৰে যৌন জীৱন উন্নত কৰিব পাৰে। ৰঙা ৰঙৰ এই ফলবিধে টেষ্টষ্টেৰনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, শুক্ৰাণুৰ মানদণ্ড উন্নত কৰিব পাৰে, যৌনতা আৰু মন ভাল লগাব পাৰে। ডালিমত ৰেড ৱাইন আৰু গ্ৰীণ টিতকৈ তিনিগুণ বেছি এন্টিঅক্সিডেন্ট থাকে বুলি কোৱা হয়।

এন্টিঅক্সিডেন্টে তেজৰ সঞ্চালন উন্নত কৰে, পোৰণি কমায়, হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে আৰু বাৰ্ধক্য, বিভিন্ন ৰোগ আৰু কৰ্কট সৃষ্টি কৰা ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে। যদি আপুনি আপোনাৰ যৌন স্বাস্থ্য উন্নত কৰিব বিচাৰে তেন্তে আপুনি যিকোনো ৰূপত ডালিম খাব লাগে। টেষ্টষ্টেৰনৰ মাত্ৰা বৃদ্ধি কৰাত সহায়ক ডালিম।

স্কটলেণ্ডৰ এডিনবাৰ্গৰ কুইন মাৰ্গাৰেট বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দেখা গৈছে যে দুসপ্তাহ ধৰি দৈনিক এগিলাচ ডালিমৰ ৰস খোৱা লোকসকলৰ টেষ্টষ্টেৰন গড়ে ২৪% বৃদ্ধি পায়। টেষ্টষ্টেৰন হৈছে পুৰুষৰ হৰমন যিয়ে মুখৰ চুলি, গভীৰ কণ্ঠ, পেশীৰ বৃদ্ধি আনকি আপোনাৰ যৌনতাক নিয়ন্ত্ৰণ কৰে।

 

একেটা অধ্যয়নতে কোৱা হৈছে যে ডালিমে ইৰেক্টিল ডিছফাংচন অৰ্থাৎ নপুংসকতাৰ চিকিৎসাও কৰিব পাৰে। মানসিক চাপ, উদ্বেগ, কম আত্মবিশ্বাস আৰু ভয় আদিয়েই ইৰেক্টিল ডিছফাংচনৰ প্ৰধান কাৰণ। এই অধ্যয়নত দেখা গৈছে যে নপুংসকতালৈ ঠেলি দিব পৰা মানসিক চিন্তাৰ উন্নতি সাধন কৰিব পাৰে ডালিমে।

শৰীৰৰ প্ৰতিটো অংগৰ দৰে যৌনাংগলৈও তেজৰ সোঁত ভাল হোৱাটোও জৰুৰী। যদি উচ্চ ৰক্তচাপ আৰু ধমনী বন্ধ হোৱাৰ বাবে তেজৰ সোঁতত প্ৰভাৱ পৰে, তাৰ ফলত ইৰেক্টিল ডিছফাংচন হ’ব পাৰে। কিছুমান গৱেষণাত দেখা গৈছে যে ডালিমৰ ৰসে চিষ্টলিক ৰক্তচাপ কমাই দিব পাৰে। ২০০৭ চনত কৰা এক অধ্যয়নত দেখা গৈছে যে ডালিমৰ ৰস খালে ইৰেকচন ভাল হ’ব পাৰে। ইয়াৰ কাৰণ হ’ল ডালিমৰ এন্টিঅক্সিডেন্ট গুণ।

ডালিমত ভিটামিন, এন্টিঅক্সিডেন্ট আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে। ই ৰক্ত পৰিবাহী নলীবোৰ পৰিষ্কাৰ কৰি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। হৃদৰোগ হৈছে ইৰেক্টিল ডিছফাংচন আৰু যৌন ইচ্ছা কমি যোৱাৰ এটা প্ৰধান কাৰণ। এটা অধ্যয়নত এইটোও দেখা গৈছে যে ডালিমৰ ৰসে টাইপ ২ ডায়েবেটিছ আৰু উচ্চ কলেষ্টেৰল থকা লোকৰ অপ্ৰয়োজনীয় কলেষ্টেৰল হ্ৰাস কৰিব পাৰে।

অতিৰিক্ত ওজনৰ বাবে ইৰেক্টিল ডিছফাংচন, কম টেষ্টষ্টেৰন, হৰমনৰ মাত্ৰা বেয়া হোৱা, হৃদৰোগ, ডায়েবেটিছ আদি হ’ব পাৰে। ডালিমে মেদবহুলতা হ্ৰাস কৰে বুলি জনা যায়। ২০১৬ চনত কুইন মাৰ্গাৰেটৰ এক অধ্যয়নত দেখা গৈছে যে দৈনিক ডালিম খোৱা লোকৰ ভোক ভাল হয়। গৱেষকসকলে অনুমান কৰিছে যে ইয়াৰ কাৰণ আছিল ফলবিধত থকা পলিফেনল (এটা নিৰ্দিষ্ট ধৰণৰ এন্টিঅক্সিডেন্ট), যিয়ে ভোক দমনকাৰী হিচাপে কাম কৰিব পাৰে।

উল্লেখণীয়ঃ এই প্ৰবন্ধটো কেৱল সাধাৰণ তথ্যৰ বাবেহে। ই কোনো কাৰণতে কোনো ঔষধ বা চিকিৎসাৰ বিকল্প হ’ব নোৱাৰে। অধিক জানিবলৈ সদায় চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

You might also like