নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এম এছ ধোনীলৈ অনুৰাগীৰ আৱেগিক চিঠি, কি ক’লে ধোনীয়ে

বিশেষ বাৰ্তা, ১৮ মেঃচেন্নাই ছুপাৰ কিংছ ইতিমধ্যে চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ছিজনৰ পৰা বাহিৰ হৈছে। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ কিছুদিন পূৰ্বে অধিনায়ক হিচাপে নিৰ্বাচিত হোৱা ৰবীন্দ্ৰ জাডেজাই ছিজনৰ মাজভাগত পদত্যাগ কৰাৰ সিদ্ধান্ত লৈ এম এছ ধোনীক পুনৰ দলৰ দায়িত্ব দিয়ে। এই ছিজনত তেওঁলোকৰ দুৰ্বল ফৰ্মৰ পিছতো অনুৰাগীয়ে চি এছ কেক সমৰ্থন কৰিছে।

এই সকলোবোৰৰ মাজত চি এছ কেৰ এজন অনুৰাগীয়ে ধোনীলৈ এখন আন্তৰিক চিঠি লিখিলে। চিঠিখনৰ এটা বাক্যাংশত লিখা আছিল- O captain, our captain, there shall never be someone like you. চি এছ কেৰ দ্বাৰা ফ্ৰেম কৰা চিঠিখনৰ প্ৰতি সঁহাৰি জনাই ধোনীয়ে স্বাক্ষৰ কৰি লিখিছে- ” খুব সুন্দৰ লিখনি। শুভকামনা”। চি এছ কেয়ে টুইটাৰত চিঠিখনৰ ছবি শ্বেয়াৰ কৰে, য’ত লিখা আছে: Words from the yellow love framed for life & signed with love! ধোনীয়ে এই ছিজনত ভাল প্ৰদৰ্শন কৰিছে, এটা পঞ্চাশসহ গড়ে ৩৪ ৰাণ কৰি ২০৩ ৰাণ সংগ্ৰহ কৰিছে। ২০ মে’ত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ছিজনৰ অন্তিমখন খেল খেলিব চি এছ কেয়ে।

You might also like