নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবিধ পাচলিঃ ওজন কমাবলৈ, শৰীৰটো জলীয় কৰি ৰাখিবলৈ কি খাব, উপদেশ দিলে মোহময়ী ভাগ্যশ্ৰীয়ে

গৰমৰ দিনত যিমানেই ভালদৰে খাদ্য আৰু পানী নাখাওক কিয় শৰীৰটো জলীয় কৰি ৰখা অতি প্ৰয়োজনীয়। দিনটোৰ ভিতৰত কমেও ৮ গিলাচ পানী খোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাহিৰেও শৰীৰত পানীৰ অভাৱ ঋতু অনুসৰি ফল-মূল খালেও দূৰ কৰিব পাৰি। এনে অৱস্থাত এবিধ ভাল পাচলি হ’ল লাউ। ইয়াত পৰ্যাপ্ত পৰিমাণে পানী থাকে।
ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি বলীউডৰ অভিনেত্ৰী ভাগ্যশ্ৰীয়ে গৰমৰ দিনত পানী লাউ খোৱা কিয় গুৰুত্বপূৰ্ণ সেই কথা ব্যাখ্যা কৰিছে। তেওঁ লিখিছে যে গৰমৰ আৰম্ভণিৰ লগে লগে আমি সকলোৱে পানীৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। এনে অৱস্থাত খাদ্য তালিকাত লাউ অন্তৰ্ভুক্ত কৰা উপকাৰী হ’ব পাৰে। ভাগ্য ভাল যে মই সকলো দেশী পাচলি খাওঁ। ভাগ্যশ্ৰীয়ে কয় পানীৰ নাটনি পূৰণৰ বাবে গ্ৰীষ্মকালত লাউ কিয় উপকাৰী-

ৱৰ্কআউটৰ পিছত দৈনিক পানীলাউৰ ৰস খাই শৰীৰত পানীৰ অভাৱ প্ৰাকৃতিকভাৱে পূৰণ কৰিব পাৰি।
ইউটিআই চিকিৎসাঃ

পানীলাউৰ ৰসত অলপ নেমুৰ ৰস মিহলাই খোৱা প্ৰস্ৰাৱৰ সংক্ৰমণৰ চিকিৎসাৰ অন্যতম উত্তম প্ৰাকৃতিক উপায়।
ডায়েবেটিছ নিয়ন্ত্ৰণ কৰকঃ
৯২ শতাংশ পানী আৰু ৮ শতাংশ আঁহযুক্ত পানীলাউক ডায়বেটিছৰ বিৰুদ্ধে যুঁজিবলৈ আটাইতকৈ স্বাস্থ্যকৰ পাচলি হিচাপে গণ্য কৰা হয়। ইণ্ডিয়ান ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিৰ গৱেষকসকলে ২০১২-১৩ চনত কৰা অধ্যয়ন অনুসৰি ১৩টা শাক-পাচলিৰ ৰসে টাইপ-২ ডায়েবেটিছ আৰু মেদবহুলতাৰ বিকাশৰ লগত জড়িত এনজাইমক বাধা প্ৰদান কৰে। মূলাৰ পিছত কেৱল লাউৱে এনজাইমৰ কাৰ্যকলাপ হ্ৰাস কৰাত সহায় কৰে।

কলেষ্টৰেল আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰেঃ
তেওঁ লিখিছে যে – এই থলুৱা সেউজীয়া পাচলি উচ্চ কলেষ্টৰেলত আক্ৰান্ত লোকৰ বাবে অতি উপকাৰী। কেৱল এয়াই নহয়, পানীলাউয়ে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰে। শৰীৰ শীতল কৰাৰ লগতে এচিডিটি কমোৱাৰ কামো কৰে। তেওঁ কৈছে যে এই সকলোবোৰ সমস্যাত অশান্তি পাই থকা লোকে ইয়াক চূপ, চালাড আৰু তৰকাৰী কৰি খাব পাৰে।

পেটৰ সমস্যা দূৰ কৰিবঃ
লাউয়ে কেৱল হজম হোৱাত যথেষ্ট সহায় কৰাই নহয়, পেটৰ লগত জড়িত সমস্যা দূৰ কৰাত ই অতি উপকাৰী। শাক-পাচলিত থকা পৰ্যাপ্ত পৰিমাণৰ পানী আৰু আঁহে পাচনতন্ত্ৰক সুস্থ কৰি ৰাখে। লাউয়ে হাইড্ৰেটিং শক্তি বৃদ্ধি কৰে। গ্ৰীষ্মকালত বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিবলৈ লাউৰ ৰসত আদা, আমলা, নেমু বা পদিনা মিহলাই দিব পাৰে।

ওজন কমোৱাঃ
যদি আপুনি ওজন কমাবলৈ চেষ্টা কৰিছে তেন্তে পানীলাউ অন্যতম উত্তম পাচলি। লাউত কোনো ধৰণৰ চৰ্বি নাথাকে আৰু কেলৰিও বহুত কম। তদুপৰি ইয়াত আঁহ, ভিটামিন চি, ভিটামিন বি, ভিটামিন কে, ভিটামিন এ থকাৰ বাবে ইয়াত পুষ্টিকৰ উপাদান থাকে।

You might also like