নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৈৰ পাৰত উন্নতজাতৰ বগৰী খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন জোনাইৰ তিলেশ্বৰৰ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰী : জোনাইৰ তৰাজান পথাৰৰ গৰগৰ নৈৰ পাৰত কৃষিকৰ্মৰে আদৰ্শ কৃষক হোৱাৰ সপোন ৰচিছে জোনাইৰ ১নং মূৰ্কংচেলেক গাঁৱৰ উদ্যমী যুৱক তিলেশ্বৰ পাইতে ৷ গৰগৰ নৈৰ পাৰৰ চাৰি বিঘা ভূমিত পাঁচশ জোপা উন্নত জাতৰ বগৰীৰ খেতিৰে বছৰত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইজন উদ্যমী যুৱক তিলেশ্বৰ পাইতে৷ চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি বা চেন্নাই-বেংগলুৰ গৈ সময় নষ্ট নকৰি জোনাইৰ ১ নং মূৰ্কংচেলেক গাঁৱৰ তিলেশ্বৰ পাইত নামৰ যুৱকজনে নিজকে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে বিগত তিনিছৰৰ পৰা আৰম্ভ কৰিছে উন্নত জাতৰ বগৰীৰ খেতি৷ কেমি জেলেম পঞ্চায়তৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই বগৰী খেতি আৰম্ভ কৰি তিনি বছৰে ভাল ফল পোৱাত তিলেশ্বৰ পাইতৰ ওঁঠত বিৰিঙিছে সফলতাৰ হাঁহি ৷ উল্লেখ্য যে বগৰী খেতিৰে তিলেশ্বৰ পাইতে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও উক্ত বগৰী খেতিত বহুজনক দিবলৈ সক্ষম হৈছে কৰ্ম সংস্থাপন৷  অকল বগৰী খেতিয়েই নহয়, উদ্যমী যুৱক তিলেশ্বৰ পাইতে সময় সাপেক্ষে আলু, কবি, জলকীয়া আদি বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰিও বছৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ লাখ টকা ৷ উল্লেখ্য যে ৰাজ্যজুৰি হেজাৰ হেজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ পিছে পিছে দৌৰি নিজৰ সময় অপচয় কৰাৰ সময়তে নিজা চাৰি বিঘা ভূমিত এইদৰে উন্নত জাতৰ বগৰী খেতি কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ১ নং মূৰ্কংচেলেক গাঁৱৰ তিলেশ্বৰ পাইতে৷ অৱশ্যে ভৱিষ্যতে তিলেশ্বৰ পাইতে এই উন্নত ধৰণৰ বগৰী খেতিৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব দিয়ে৷
প্ৰেৰক কৰবী দলে
You might also like