কুকুৰটোও ঘৰৰ সদস্য,গৰমত যতনৰ টিপছ…
বিশেষ বাৰ্তা, ২১ মাৰ্চঃ চহৰ-নগৰত আন পশু পুহিব নোৱাৰিলেও মানুহে ঘৰৰ ভিতৰতে কুকুৰ পুহে। কুকুৰ এটা ঘৰত থকা মানে সেইটোক সন্তানৰ সমানেই পৰিচর্যা তথা যতন কৰিবলগীয়া হয়। খুব শুকান বতৰ, গৰম বাঢ়িছে। মানুহৰ যিদৰে এনে বতৰত অৱস্থা বেয়া হৈছে, ডিহাইড্রেছনৰ সমস্যা হৈছে, হিট ষ্ট্ৰোক হয় তেনেদৰে পোহনীয়া কুকুৰটোৰো নাজল-নাথল অৱস্থাই হয়। সেয়ে এনে সময়ত সিহঁতৰ প্রতি যতন বেছিকৈ ল’বলগীয়া হয়।
হিট ষ্ট্ৰোকৰ লক্ষণঃ
কুকুৰটোৰ শ্বাসৰ মাত্ৰা বহু বাঢ়ি যায়।
জিভা শুকাই যায়, নাক শুকাই যায়।
শৰীৰৰ তাপমাত্রা ১০৩ ডিগ্রী ফাৰেনহাইট পর্যন্ত উঠি যাব পাৰে।
প্ৰস্ৰাৱৰ পৰিমাণ অত্যন্ত কমি যায়।
মগজু নষ্ট হৈ থাকে।
তেনেক্ষেত্ৰত কি কৰিবঃপশুটো ‘হিট ষ্ট্ৰোক’ত আক্রান্ত হ’লে প্রথমেই চিকিৎসকৰ সৈতে যোগাযোগ কৰিব। তাৰ মাজতে চেষ্টা কৰিব তাক বেছি পৰিমাণে জল খুওৱাৰ। আৰু পাৰিলে সামান্য গৰম পানীত টাৱেল ভিজাই সেইখনেৰে মেৰিয়াই দিব।
সাধাৰণ যতনঃ
কুকুৰটোৰ পানীৰ বাতিটো ভৰি আছেনে নাই তাত সকলো সময়তে নজৰ ৰাখিব। গৰমত সিহঁতৰ তৃষ্ণা বাঢ়ে আৰু সোনকালে জল শেষ হোৱাটো স্বাভাৱিক।
কুকুৰৰ স্বাস্থ্য ভাল ৰাখিবলৈ প্রতিদিনে ৰাস্তাত খোজ কঢ়াবলৈ নিব লাগে। চেষ্টা কৰিব খুব পুৱাই যেতিয়া ৰ’দৰ তাপ কম থাকে তেতিয়া অথবা সূর্যাস্তৰৰ পাছত নিব।
মজিয়াত কুকুৰটো বহি থকা ঠাইকণত ভিজা টাৱেল বা কাপোৰ পাৰি দিব। আৰাম পাব।
এই সময়ত নোমবোৰ সৰুকৈ কাটি দিব। কষ্ট কমিব। নিয়মিত স্নান কৰাব, তেতিয়া শৰীৰ ঠাণ্ডা থাকিব।