মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্ণদ্রষ্টা মহাঋষি শ্রীৰবিন্দই তেওঁৰ অন্যতম অনুপম সৃষ্টি অথবা ইংৰাজীত যাক ক’ব পাৰিmagnum opus, সেই অনবদ্য তথা অভিনৱ আৰু অসামান্য কৃতি‘The life Divine’ৰ পাতত শেষৰ ফালে সমুজ্জ্বল ভাষাৰে বিগত শতাব্দীৰ ত্রিছৰ দশকতে লিখি থৈ গৈছে… মানুহ সম্প্রতি উপনীত হৈছে বিৱর্তনৰ কালসন্ধিত৷ এই সংকটতে অন্তর্নিহিত তথা অৱগুণ্ঠিত অথবা ক’ব পাৰি লুক্কায়িত হৈ আছে মানৱ জাতিৰ নিয়তি৷ মানুহে এতিয়া নিজৰ পথ বাছি ল’ব লাগিব৷ প্রগতিৰ পথত বিৱর্তনৰ এই অভিযাত্রাত সম্প্রতি মহাসংকটৰ গ্রাসত পতিত আৰু বিপর্যস্ত এই মানুহেই কিন্তু ইতিমধ্যে বহুদূৰ অতিক্রম কৰিছে৷
গছৰ ডালে ডালে বিহাৰ কৰা আদিম বন–মানুহৰ সীমাবদ্ধ জীৱনৰ সমস্ত সংকুচিত সংস্কাৰৰ সীমান্ত অতিক্রমি মানুহ আজি পাষাণ হর্ম্যৰ অধিবাসী৷ শাখাবিহাৰী এই বন–মানুহেই ডালে ডালে বিচৰণ এৰি প্রগতিৰ পথত প্রকৃতিৰ গোপন শক্তি কৰায়ত্ত কৰি সাগৰৰ ইপাৰৰ পৰা সিপাৰলৈ দেশে দেশে ভ্রমি ফুৰি মহাদেশ অতিক্রম কৰিছে সম্প্রতি৷ ডেউকা মেলি এই বন–মানুহেই বিকশিত হৈ এতিয়া আনকি গগনবিহাৰী৷ বানৰ চিত্তৰ সংকীর্ণ পৰিধি পাৰ হৈ পৃথিৱীৰ এই অধিবাসীয়েই এখোজ–দুখোজকৈ আগ বাঢ়ি বাঢ়ি মহাকাশতো বিস্তাৰ কৰিব বিচাৰিছে আপোন সাম্রাজ্যৰ অকুণ্ঠ আধিপত্য তথাপি কিন্তু মানুহ আজিও কুণ্ঠিত
বহিঃপ্রকৃতিৰ অপৰিমিত আৰু বিপুল দানেৰে মানুহৰ অঞ্জলি আজি পৰিপূর্ণ আপোন ভাণ্ডাৰত মানুহে সঞ্চিত কৰিছে দেৱতাৰো ঈর্ষণীয় কুবেৰৰ ঐশ্বর্য৷ এই প্রমত্ত বিত্তৈষণা অথবা বাহ্য জীৱনৰ ব্যক্তিগত পৰিপুষ্টি সাধন তথা ভোগৰ উপকৰণৰ সন্ধানত এই তীব্র একাগ্রতা সত্ত্বেও প্রাণৰ গহনত অথবা হূদয়ৰ গহ্বৰত প্রতিনিয়ত ধ্বনিত হৈছে এক অতৃপ্ত হাহাকাৰ জগতৰ সর্বত্র৷ মানৱ জাতিৰ জীৱন গগনত সম্প্রতি কেৱল মাত্র বৈষম্যৰ সংকট সর্বব্যাপ্ত নাই যেন ক’তোৱেই লেশমাত্র সৌষম্য অথবা সামঞ্জস্য৷ জড় জীৱনৰ অভিনৱ আৰু অভাৱনীয় বৈচিত্র্য তথা বৈভৱ আৰু উপকৰণ–বাহুল্যৰ অতুলনীয় তথা অপৰিমেয় নিত্য নতুন বিপুল ঐশ্বর্যৰ মহাসমাৰোহেৰে মানুহৰ বাহ্য জীৱন আজি উপচি পৰিছে তথাপি কিন্তু মানুহ এতিয়াও অতৃপ্ত আৰু অশান্ত৷
দেখদেখকৈ জাতিৰ অন্তর্জীৱন প্রৱাহৰ স্বাচ্ছন্দ্য উত্তৰণৰ বিনিময়ত আৰু সেই জীৱনক ব্যাহত তথা কুণ্ঠিত কৰি প্রতিষ্ঠিত মানুহৰ বাহ্য জীৱনৰ অপ্রতিহত আৰু অব্যাহত এই মহাকায় সভ্যতা সত্ত্বেও মানুহ আজি আৰু নহয় উত্তৰায়ণৰ অভিযাত্রী৷ পুঞ্জিত উপকৰণ–প্রাচুর্যৰ অবিশ্বাস্য অতিবিশাল সমৃদ্ধিয়েও আনকি মানুহৰ প্রমত্ত অহং আৰু ক্ষুধিত বাসনাক কৰিব পৰা নাই সন্তুষ্ট অথবা পৰিতৃপ্ত৷ শ্রীৰবিন্দৰ ভাষাত ক’ব পাৰি এয়া যেন একপ্রকাৰেSatiated but not Satisfied তুল্য এক সন্ধিপর্ব৷
আধুনিক মনত এতিয়া আৰু সত্য–শিৱ–সুন্দৰৰ প্রতি নাই কোনো গভীৰ অভীপ্সা, নাই প্রাণত তীব্র প্রেৰণা৷ এনে ভাব হয় অবিৰত যাত্রাপথত বিৱর্তনৰ গতিপ্রৱাহে ক’ৰবাত যেন নিজৰ ছন্দস্পন্দ হেৰুৱাই পেলাইছে৷ অন্তৰাত্মাৰ ঈপ্সিত প্রগতি, উত্তৰায়ণৰ গতিপ্রৱাহ আজি যেন থমকি ব্যাহত আৰু বিপর্যস্ত হৈ পৰিছে৷ মানৱ জীৱনৰ সামগ্রিক পৰিকল্পনা আৰু জটিলতাৰ মাজত এটা অংগ ৰূপে সু–সমঞ্জস উপকৰণ–সঞ্চয় আৰু বৃত্তি–সৌকর্য অথবা অন্নময় তথা অর্থনৈতিক জীৱনৰ ভূমিকা অনস্বীকার্য কিন্তু তথাপি তাকেই জানি–বুজি আধুনিক জীৱনৰ মুখ্য সাধনা কৰি সভ্যতাৰ ছন্দবেশত আদিম বর্বৰ জীৱনলৈ উভতি যোৱাৰ বাবে মানুহে অজুহাত বিচাৰি পাইছে৷ ইয়াৰেই পৰিণতিস্বৰূপে উপকৰণ–প্রাচুর্যই জীৱনলৈ নিত্য নতুন অভাৱৰ বাহুল্য আনিছে বাহ্য জীৱনৰ অন্তহীন নিত্য বুভুক্ষাৰ তীব্র চাপত মানুহৰ অন্তর্জীৱন প্রৱাহ অতিসম্প্রতি লেৰেলি শুষ্কং কাষ্ঠং হৈ পৰিছে৷
মানুহৰ মাজত বিকশিত হৈছে বুদ্ধি, বোধশক্তিৰো মানুহ অধিকাৰী৷ এই মানুহৰ মাজতেই দেখা দিছে কল্পনাৰ উদ্ভাস অথবা বোধিৰ আলোকচ্ছটাই তথাপি কিন্তু মানুহ আজিও পথভ্রষ্ট আৰু উত্ভ্রান্ত৷ অথচ হূদয়ৰ নিভৃতত এই প্রমত্ত বিত্তৈষণা আৰু উত্ভ্রান্ত বিপুল বাহ্য ঐশ্বর্যৰ প্রবল উন্মাদনাৰ মাজতো মন্দ্রিত এক অতৃপ্ত হাহাকাৰ৷ বৃত্তি–সৌকর্য অভিসাৰী এই মানুহৰে অন্তৰাত্মাৰ চিৰন্তনী আকূতিয়ে মানুহক নিত্য আৱাহন কৰিছে মানুহক কৰি তুলিছে পুনৰ উন্মনা– আমি আলোকসন্ধানী, অমৃতৰ অধিকাৰী বিচাৰিছোঁ আমি স্বাতন্ত্র্যৰ আস্বাদন আৰু তাৰ গৰিমা, অথবা দিব্য জীৱনৰ ভাস্বৰ মহিমা৷
অন্তৰাত্মাৰ এই অজৰ লোকোত্তৰ এষণাৰ প্রতি মানুহৰ ব্যৱহাৰিক অথবা বাস্তৱ জীৱনৰ নাই কোনো সঁহাৰি মানুহো সেয়ে অশান্ত আৰু অতৃপ্ত সম্প্রতি কালসন্ধিত উপনীত মানৱতাৰ সন্মুখত মন্দ্রিত আজি মহাকালৰ ডম্বৰু ধ্বনি মানুহ হৈ পৰিছে পথহাৰা, পথশ্রান্ত আৰু উত্ভ্রান্ত মানুহে পথ বাছি ল’ব লাগিব কাৰণ এই কালসন্ধিৰ গভীৰতে অৱগুণ্ঠিত হৈ আছে মানুহৰ নিয়তি মহাযোগীৰ ভাষাত…At present mankind is undergoing an evolutionary crisis in which is concealed a choice for its destiny.
মানৱ প্রকৃতিত বিদ্যমান জটিলতাৰ বহু বৈচিত্র্য৷ পৰিপূর্ণতা আৰু সৌষম্যৰ মহিমাৰে সেই বৈচিত্র্য জীৱনত অভিব্যক্ত কৰাৰ কৌশল উদ্ভাৱনেই আচলতে জীৱনৰ পৰম সাধনা৷ অন্নময় আৰু প্রাণময় কোষৰ পৰিপুষ্টিৰ অভিযান এই সাধনাৰ সূচনা পর্ব৷ সেইবুলি এই আদিম তপস্যাৰ পৰিধিৰ মাজতে এই অভিযান সীমাবদ্ধ অথবা গতিৰুদ্ধ হৈ নাথাকে মানুহৰ উত্তৰায়ণৰ অভিযাত্রা ইয়াতেই থমকি নৰয়৷ অন্নময় আৰু প্রাণময় জীৱনৰ সাধনাই মনোময় সত্তাৰ মহিমাক আৱিষ্কাৰ কৰিব পাৰিব লাগিব৷
এই মনোময় জীৱনৰ সাধনাৰেই ব্যক্তি তথা সমাজক সাধ্যানুসৰি সজাই–পৰাই ল’ব বিচাৰিছিল প্রাচীন গ্রীচে৷ ইউৰোপীয় সভ্যতাই লাভ কৰিছে এই সাধনাৰেই উত্তৰাধিকাৰ৷ সংহত ৰাষ্ট্রশক্তিৰে ৰোমৰ সভ্যতাই এই আদর্শকে পৰিপুষ্ট অথবা ক্লিষ্ট কৰিছিল৷ বিৱর্তনৰ এই ধাৰা উত্তৰোত্তৰ প্রৱাহিত হৈ হৈ এদিন অৱশেষত দেখা দিলে যুক্তিবাদে অথবা যোগী অনির্বাণৰ ভাষাত এয়াই বৈজ্ঞানিকৰ ‘বুদ্ধিযোগ’৷ ইয়াত জীৱনৰ সকলো সমস্যাৰে মূল্য নিৰূপণ কৰা হয় যুক্তিশাণিত ব্যৱহাৰিক বিচাৰ–বুদ্ধিৰ কঠোৰ মাপকাঠীৰে৷ বাস্তৱৰ দাবী তথা তাগিদাৰে জীৱনক গঢ়ি তোলাৰ সাধনা এই যুক্তিবাদৰ পৰম তথা চৰম লক্ষ্য৷
প্রাচীন কালত সত্য–শিৱ–সুন্দৰৰ এষণাই জীৱনলৈ কঢ়িয়াই আনিছিল ঊর্ধ্ব–প্রৱাহিত সৃষ্টি–সংকল্পৰ আৱেগ আৰু উদ্বেগ৷ এই সংবেগেৰে দেহ–প্রাণ–মনক পূর্ণতা তথা সৌষম্যৰ ছন্দৰে ফুটাই তোলাই আছিল প্রাচীন সভ্যতাৰ জীৱনৰ পৰম পুৰুষার্থ৷ কিন্তু এই সাধনাৰ সীমান্তও অতিক্রমি মানুহৰ মনত অন্তিম পর্বত দেখা দিলে অধ্যাত্মৰ আকূতিয়ে মানুহে বিচাৰে আপোন সত্তাৰ মর্ম সত্যৰ সন্ধান এই আত্মানুসন্ধানৰ দ্বাৰা মানুহে বিচাৰে চিৎসত্তাৰ সত্যৰে ভৌতিক মন আৰু প্রাণৰ প্রমুক্তি সার্থক জীৱনৰ যথার্থ বাণী অথবা এক অখণ্ড চেতনাৰ মাজত সমগ্রৰ সৈতে অন্তৰংগ একাত্মতাৰ সংহত প্রত্যয় আৰু প্রৈতি৷
বৌদ্ধ তথা ইয়াৰ অনুৰূপ আন আন সংস্কৃতিয়ে প্রাচ্যৰ এই আদর্শক এছিয়া তথা মিছৰৰ উপকূলৰাশিলৈ কঢ়িয়াই লৈ যায় আৰু তাৰ পৰা খ্রীষ্টধর্মই ইয়াক ইউৰোপৰ নাড়ীত সঞ্চাৰিত কৰিবলৈ প্রয়াস কৰে৷ ইউৰোপৰ প্রাচীন সংস্কৃতি যেতিয়া বর্বৰতাৰ উৎপ্লাৱনত নিমজ্জিত হৈ পৰিছিল, তেতিয়াও আনকি প্রাচ্যৰ এই অধ্যাত্ম আদর্শ ম্লান দীপ–শিখা সম মৰিশালিৰ অন্ধকাৰত জ্বলি আছিল৷ অতি সম্প্রতি বিজ্ঞনৰ বিদ্যুৎ–আলোকত নিষ্প্রভ হৈ পৰা এই আদর্শৰ দীপ্তিক মানুহৰ মুগ্ধ চিত্তই কিমান যে সহজে পাহৰি পেলালে
বৃত্তি–সংস্থানযুক্ত সমাজতন্ত্র অথবা ক’ব পাৰি অর্থনৈতিক স্বাচ্ছন্দ্যৰ পৰিপূর্ণতাৰ ভিত্তিত সমাজ গঠন আধুনিক সংস্কৃতিৰ আদর্শ তথা লক্ষ্য৷ ভৌতিক স্বাচ্ছন্দ্য আৰু আয়াসৰ নিখুঁত ব্যৱস্থাপনাই সাম্প্রতিক সভ্যতাৰ জীৱনাদর্শৰ পৰাকাষ্ঠা৷ উপকৰণ–বাহুল্যৰে পৰিপূর্ণ এখন সমৃদ্ধ সমাজত মানুহ হৈ উঠক এক সামাজিক জীৱ,– ব্যৱহাৰিক ‘বুদ্ধিযোগ’ৰ এয়াই সাধ্য তথা সাধনাৰ সমগ্র৷ এই সাধনাক নাস্তিকতাবাদৰ ভিত্তিত সুপ্রতিষ্ঠিত কৰি তোলাৰ বাবেই আধুনিক জগতত যুক্তিশাসিত বৈজ্ঞানিক শিক্ষা–দীক্ষাৰ মহাআয়োজন সম্প্রতি সর্বত্র পৰিব্যাপ্ত৷
প্রাচীন অধ্যাত্ম আদর্শৰ যি অলপ–চৰপ তেতিয়াও বাচি–বর্তি আছিল, তাৰ পৰাই যুগধর্মৰ তাগিদাত মনঃকল্পিত তথা নীতিবোধপ্রসূত এক ‘মানৱতাবাদে’ জন্ম পালে কিন্তু তাৰ মাজত আধ্যাত্মিকতাৰ আহুকাল লেশমাত্রও অৱশিষ্ট নাথাকিল৷ আধ্যাত্মিক আদর্শ অথবা ব্যষ্টিগত নীতিবোধৰ ঠাইত মানুহৰ মানসিক তথা সামাজিক নৈতিকতাৰ উৎকর্ষৰ সাধনাহে এই নবীন আদর্শ ‘মানৱতাবাদ’ৰ জীৱন–ব্রত৷ এই আদর্শ অনুসৰি মানুহৰ স্ব–ধর্মৰ অনুশীলনতকৈ সমাজ–ধর্মৰ নির্বিচাৰ অনুৱর্তনহে জাতিৰ বাবে শ্রেয়স্কৰ৷
এইপর্যন্ত অগ্রসৰ হোৱাৰ পাছত আধুনিক সভ্যতাই নিজৰ চাপ তথা আঘাতৰ বেগ আৰু চম্ভালিব নোৱাৰিলে৷ ঠেৰুছিগা বুদ্ধি আৰু জীৱনৰ নৈৰাজ্যৰ মাজত পতিত হৈ একপ্রকাৰে দিক–বিদিক হেৰুৱাই ই উজুতি খাই পৰিল আৰু তাৰ সৈতে চিৰপোষিত আপোন জীৱনাদর্শৰ কল্পিত স্বপ্ণৰাজ্যও লণ্ডভণ্ড হৈ গ’ল৷ সমাজ ব্যৱস্থাৰ আচৰণ আৰু সংস্কৃতিৰ সুদৃঢ় ভিত্তি অৱৰুদ্ধ তথা অন্তর্হিত হৈ হৈ অৱশেষত বহু যুগ সঞ্চিত সমস্ত প্রমূল্য আৰু আশ্রয়ৰাজি অথাই সাগৰত বুৰ গ’ল৷
এই প্রক্রিয়াৰে অৱধাৰিত পৰিণতিস্বৰূপে যুক্তিসংগতভাৱেই ঊর্ধ্বমুখী বিৱর্তনৰ গতিপথ অৱশেষত অৱৰুদ্ধ হৈ গতিৰুদ্ধ হৈ পৰিল৷ মানৱ জাতি সম্প্রতি আহি উপনীত হ’ল বিৱর্তনৰ কালসন্ধিত৷ এই কালসন্ধিৰ স্বৰূপলক্ষণ আৰু তাৰ পৰিণাম ব্যাখ্যা কৰিম আন এদিন৷
লেখক শ্রীৰবিন্দ চৈতন্যৰ দীপ্তিৰে আলোকিত৷ এই ৰচনাত অভিব্যক্ত চিন্তন–মনন লেখকৰ মৌলিক কৃতি নহয় এই ৰচনা শ্রীৰবিন্দ চৈতন্যৰে পূর্ণৰূপে আলোকিত৷