নাগৰিকত্ব সংশোধনী আইনখনক লৈ চলি থকা সংগ্রামৰ সময়ছোৱাত বা তাৰ পিছতো ভাৰতৰ দুখন বিশেষ ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক প্রসংগই অসমৰ সমাজ জীৱনত বাৰুকৈয়ে স্থান লাভ কৰিছিল৷ তাৰে এখন হৈছে বাংলাদেশীৰ প্রব্রজনৰ দ্বাৰা প্রভাৱিত ৰাজ্য ‘ত্রিপুৰা’, আনখন হৈছে পাকিস্তানী সন্ত্রাসবাদেৰে জর্জৰিত ৰাজ্য ‘কাশ্মীৰ’৷ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বাঙালী হিন্দুৰ ভাষিক জাতীয়তাবাদৰ আগ্রাসনে অসমীয়াত্বক নিঃশেষ কৰি ত্রিপুৰাৰ ত্রিপুৰীৰ লেখিয়া কৰিব বুলি অসমৰ সচেতন মহল চিন্তিত হৈ পৰাৰ পৰিৱর্তে পূর্ববংগীয় আৰু বাংলাদেশীমূলৰ প্রব্রজনকাৰী মুছলমানৰ আগ্রাসনে হিন্দুত্বক কাশ্মীৰৰ লেখিয়াকৈ গ্রাসিত কৰি পেলাব বুলি অসমৰ আন কিছু সচেতন মহল চিন্তিত হৈ পৰিছিল৷ সেয়েহে আন্দোলনৰ সময়ছোৱাত অসমৰ প্রায় প্রতিজন সচেতন ব্যক্তি মতাদর্শৰ ফালৰ পৰা এটা নির্দিষ্ট স্থানত অৱস্থান কৰা দেখা গৈছিল৷ কোনো কোনোৱে কথাইপতি যদি ত্রিপুৰাৰ প্রসংগ আনিছিল, আন কিছুৰ মুখত কাশ্মীৰৰ প্রসংগ আখৈ ফুটাদি ফুটিছিল৷ এতিয়া কথা হ’ল বর্তমান অসমৰ সামাজিক আৰু ৰাজনৈতিক প্রেক্ষাপট যদি অধ্যয়ন কৰা যায়, উপৰিউক্ত প্রসংগ দুটাৰ এটাকো কিন্তু উলায় কৰিব নোৱাৰি৷
এটা জাতিক সংঘবদ্ধ ৰূপত সংগঠিত কৰিব পৰা উপাদানসমূহৰ ভিতৰত দুটা বিশেষভাৱে ক্রিয়া কৰা উপাদান হৈছে– (ক) এটা নির্দিষ্ট ‘ভাষা’ আৰু (খ) এক নির্দিষ্ট আৱেগ, দর্শন বা অনুভূতিৰে বান্ধ খোৱা এক নির্দিষ্ট শ্রেণীৰ মানুহৰ এক উমৈহতীয়া নির্দিষ্ট ‘শত্রু’ বা ‘প্রতিদ্বন্দ্বী’৷ সকলো জাতীয়তাবাদৰে আৱেগ অংকুৰিত হয় এই ‘ভাষা’ক লৈয়েই৷ ইতিহাসে কয় যে বৃহত্তৰ পাকিস্তানক দ্বিখণ্ডিত কৰি পূব পাকিস্তানৰ জন্মৰ গুৰিতেই আছিল ‘ভাষা’৷ ভাষাকেন্দ্রিক জাতীয়তাবাদে সমগ্র বংগভূমিকে একত্রিত কৰি ৰাখিছে৷ অসমো ইয়াৰ ঊর্ধ্বত নহয়৷ ঊনৈশ শতিকাৰ প্রায় মাজভাগত আনন্দৰাম ঢ়েকিয়াল ফুকনৰ প্রচেষ্টাত অংকুৰিত হোৱা অসমীয়া জাতীয়তাবাদৰো মূল ভেটি হৈছে এই ‘ভাষা’৷ বিগত শতিকাৰ সত্তৰ দশকত বৃহত্তৰ অসমীয়া জাতিৰ নেৰানেপেৰা প্রচেষ্টা আৰু আন্দোলনৰ ফলশ্রুতিত অসমৰ বিভিন্ন চৰকাৰী কার্যালয় আৰু শিক্ষানুষ্ঠানৰ পৰা বঙালী ভাষাই বিদায় লোৱাৰ লগে লগে জাতীয় চেতনাৰ দ্বাৰা উদ্বুদ্ধ অসমীয়াৰ প্রথম প্রতিৰোধ অভিযান সফল হৈছিল৷ এই সফলতাই পৰৱর্তী সময়ত ভাষাকেন্দ্রিক অসমীয়া জাতীয়তাবাদৰ ধাৰাটোক দৃঢ় আৰু ব্যাপক কৰি তোলাৰ লগতে বাঙালীক সমগ্র অসমীয়াৰে ‘জাতীয় প্রতিদ্বন্দ্বী’ হিচাপে গণ্য কৰাই তুলিছিল৷ ‘একেই ভাষা’ আৰু ‘উমৈহতীয়া প্রতিদ্বন্দ্বী’ৰ দ্বাৰা একত্রিত অসমীয়া জাতীয়তাবাদৰ ধাৰাটো পৰৱর্তী সময়ত কিছু কিছু ক্ষেত্রত উগ্র হৈ পৰাও দেখা গৈছিল৷
নাগৰিকত্ব সংশোধনী আইনখনক লৈ অসমৰ সচেতন মহল চিন্তিত হোৱাৰ মূলতেই কাৰণ আছিল এইটো৷ যিদৰে একেই ভাষা আৰু উমৈহতীয়া শত্রু বা প্রতিদ্বন্দ্বীৰ বাছনিত অসমীয়াই বাঙালীক জাতীয় ভাবুকি হিচাপে জ্ঞান কৰে, ঠিক সেইদৰে ভাষাকেন্দ্রিক জাতীয়তাবাদৰ দ্বাৰা উদ্বুদ্ধ বাঙালীয়েও অসমীয়াক একেদৰেই বিবেচনা কৰে৷ বৰং বাঙালীৰ ভাষাকেন্দ্রিক জাতীয়তাবাদৰ আৱেগ অসমীয়াতকৈ বহুগুণে বেছি যেনহে অনুভৱ হয়৷ কিন্তু সংখ্যালঘিষ্ঠতাৰ বাবে বাঙালীৰ ভাষাকেন্দ্রিক জাতীয়তাবাদে অসমীয়াৰ জাতীয় সত্তাক আজিও পৰাভূত কৰিব পৰা নাই৷ কিন্তু কাইলৈ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে যদি বিদেশী হিন্দু বাঙালীক ৰাজ্যখনত সংস্থাপন কৰি বাঙালীৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগোৱা হয় কালক্রমত হিন্দু বাঙালীৰ ভাষাকেন্দ্রিক জাতীয়তাবাদে অসমীয়াৰ জাতীয় সত্তাটোক মষীমূৰ কৰি পেলাব আৰু ত্রিপুৰাত আজি ত্রিপুৰীৰ অৱস্থাৰ নিচিনাকৈ নিজৰ ঘৰখনতেই অসমীয়াৰ অস্তিত্ব বিপন্ন হৈ পৰিব৷ সেয়েহে নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে গঢ় লৈ উঠা সংগ্রামখনত ত্রিপুৰাৰ প্রসংগই বাৰেপতি ভুমুকি মাৰিছিল আৰু ইয়াক একেবাৰে উলায় কৰিব নোৱাৰি৷
আনহাতে ত্রিপুৰাৰ সমান্তৰালভাৱে উত্থাপিত হোৱা কাশ্মীৰৰ প্রসংগক যদি আমি আওকাণ কৰো অসমক উগ্র মৌলবাদী ইছলামৰ বিশ্ব বিজয় অভিযানৰ অন্যতম এক লক্ষ্য হোৱাৰ পৰা হয়তো বচাব পৰা নাযাব৷ অসমৰ মুঠ জনসংখ্যাৰ প্রায় ত্রিশ শতাংশ হৈছে মুছলমান৷ এইসকল মুছলমান আকৌ প্রধানতঃ দুটা শ্রেণীত বিভক্ত৷ এটা হৈছে থলুৱা খিলঞ্জীয়া মুছলমান, যাৰ প্রায় আঠশ বছৰীয়া বর্ণিল ইতিহাসে অসমৰ সমাজজীৱনক সমৃদ্ধ কৰি থৈছে৷ আনটো হৈছে প্রায় ডেৰশ বছৰ পুৰণি অভিভাসী অসমীয়া মুছলমান৷ ইয়াৰ বাহিৰেও অসম আন্দোলনৰ অসফল পৰিসমাপ্তিয়ে অসমত অন্য এক শ্রেণীৰ মুছলমানক জন্ম দিলে সেয়া হৈছে বাংলাদেশী মুছলমান৷ ইয়াৰে থলুৱা খিলঞ্জীয়া মুছলমানসকলৰ প্রসংগক চিন্তাৰ কাৰণ বনোৱাৰ প্রশ্ণই উঠিব নোৱাৰে৷ আনহাতে অসমীয়া জাতি ৰক্ষাৰ ক্ষেত্রত প্রায় ডেৰশ বছৰ পুৰণি অভিবাসী মুছলমানসকলৰ ভূমিকাকো নশলাগি নোৱাৰি৷ তেওঁলোকে স্ব–ইচ্ছাৰে অসমীয়া ভাষা আৰু সংস্কৃতিক আঁকোৱালি নোলোৱা হ’লে অসমত অসমীয়া হয়তো কেতিয়াবাই সংখ্যালঘু হ’লহেঁতেন৷ কিন্তু সমস্যা আহিছে তৃতীয় অনাহূত শ্রেণীটোক লৈ৷
এটা কথা অপ্রিয় হ’লেও সত্য যে বৃহত্তৰ অসমীয়া জাতিৰ সুৰক্ষাৰ স্বার্থত ১৯৭৯ চনত আৰম্ভ হোৱা বিদেশী বর্জন আন্দোলনটোৱে কেইজনমান অপৈণত ছাত্র নেতা আৰু তেওঁলোকৰ কেইজনমান অদূৰদর্শী অভিভাৱকৰ প্রৰোচনাত পৰি কালক্রমত বিদেশী ৰক্ষক আন্দোলনৰ ৰূপ পাইছিল৷ ১৯৭১ৰ আলম হৈ ১৯৫১ৰ পিছত অহা ভাৰতৰ বিভিন্ন প্রান্তৰ বহু বিদেশী নাগৰিকেও অসমত বসবাস কৰিবলৈ ঢ়াপলি মেলিছিল৷ ১৯৫১ চনৰ পিছত ভাৰতলৈ অহা এগৰাকী মাতৃৰ দুটা সন্তানৰ এটাই যদি ভাৰতৰ আন ৰাজ্যত বসবাস কৰে সি হ’ল বিদেশী, আনহাতে আনটোৱে যদি অসমত বসবাস কৰে তাক ভাৰতীয় নাগৰিকত্ব প্রদানৰ জৰিয়তে বনোৱা হ’ল স্বদেশী৷ নাগৰিকত্ব সংশোধনী আইনৰ এনেধৰণৰ আইনী সুৰুঙাৰ সুযোগ লৈ অসমত জন্ম পালে ওপৰত উল্লেখ কৰা তৃতীয় শ্রেণীটোৰ মুছলমান৷ বাংলাদেশী মুছলমানৰ এই শ্রেণীটোক জন্ম দিয়াত অভিবাসী মুছলামানসকলৰ ভূমিকা কিন্তু উল্লেখনীয়৷ অভিবাসী মুছলমানসকলৰ পূর্ববংগীয় সহোদৰসকলৰ প্রতি থকা প্রীতিয়ে তেওঁলোকৰ আমন্ত্রণ আৰু সংস্থাপনত বিশেষ সহযোগিতা দেখুৱাই অসমৰ বিদেশী সমস্যাক ভয়াৱহ ৰূপ দিব ধৰিলে আৰু পৰৱর্তী সময়ত ই খিলঞ্জীয়াৰ প্রতি ভাবুকি স্বৰূপ হৈ পৰিল৷ এই দুটা শ্রেণীৰ অনিয়ন্ত্রিত পৰিয়াল পৰিকল্পনা আৰু তাৰ ফলত হোৱা অনিয়ন্ত্রিত জনসংখ্যা বৃদ্ধিয়ে এইসকল মুছলমানক অসমৰ এটা বৃহৎ ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত কৰি তুলিলে৷ অসমত জনসংখ্যাৰ পৰিসাংখ্যিক হিচাপটো ফঁহিয়াই চালে কিছুমান চিন্তনীয় তথ্য দেখা পোৱা যায়৷ অসমত ১৯৭১–২০০১ৰ ভিতৰত মুছলমানৰ জনসংখ্যা ৬ শতাংশ বৃদ্ধি পাইছে, আনহাতে হিন্দুৰ জনসংখ্যা ৭.২ শতাংশ কমিছে৷ ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ ধুবুৰী (৭৪.৩ শতাংশ), বৰপেটা (৫৯.৪ শতাংশ), গোৱালপাৰা (৫৩.৭ শতাংশ), নগাঁও (৫১.০ শতাংশ), কৰিমগঞ্জ (৫২.৩ শতাংশ), হাইলাকান্তি (৫৭.৬ শতাংশ) জিলাত মুছলমানৰ সংখ্যা হিন্দুতকৈ বেছি৷ পৰিসাংখ্যিক হিচাপটোৰ পৰা এটা কথা অতি সহজেই অনুমেয় যে অসমৰ প্রায় প্রতিখন জিলাতে হিন্দুৰ জনসংখ্যা কমি আহিছে আৰু মুছলমানৰ জনসংখ্যা ক্রমাগতভাৱে বৃদ্ধি পাব ধৰিছে আৰু এনেকৈয়ে যদি যোৱা ত্রিছ বছৰৰ (১৯৭১–২০০১) দৰে অনাগত সময়তো জনসংখ্যাৰ তাৰতম্য চলি থাকে, তেনেহ’লে ২০৪০ চনৰ পিছত অসমত মুছলমান আৰু খ্রীষ্টিয়ানৰ যুক্ত জনসংখ্যা সংখ্যাগৰিষ্ঠতাত আৰু হিন্দু আৰু আন ধর্মালম্বী লোকসকল সংখ্যালঘিষ্ঠতাত পৰিণত হ’ব৷ তথ্য অনুসৰি অসমৰ ১০০টা হিন্দু দম্পতীৰ পৰিৱর্তে ১৮০জন ল’ৰা–ছোৱালীৰ জন্ম হয় আনহাতে অসমৰেই অভিবাসী মুছলমানসকলৰ ১০০টা দম্পতীৰ পৰিৱর্তে ৩৫০জন ল’ৰা–ছোৱালীৰ জন্ম হয়৷ এনে কিছুমান কাৰণৰ পৰিপ্রেক্ষিতত অসমখন পৰৱর্তী সময়ত মুছলিম ৰাজ্যলৈ পৰিৱর্তিত হৈ পৰাৰ তীব্র সম্ভাৱনা দেখা পোৱা যায়৷ ৰাজনৈতিক স্বার্থালাভৰ তাগিদাতে কোনো নির্দিষ্ট দল বা চৰকাৰে অৱধাৰিত প্রব্রজনৰ ধাৰাটোক চিৰকাললৈ বন্ধ কৰি দিবলৈ আগ্রহ প্রকাশ নকৰে বা জন্ম নিয়ন্ত্রণৰ ক্ষেত্রতো বিশেষ আইন প্রণয়ন নকৰে৷
এটা কথা অপ্রিয় হ’লেও সর্বজনবিদিত যে ইছলামৰ উগ্র মৌলবাদিতাই বর্তমান বিশ্বত সন্ত্রাসৰ কাৰক৷ উগ্র মৌলবাদী ইছলামৰ বিশ্ব বিজয় অভিযানৰ মানচিত্রত অসমো যে সোমাই থকা নাই তাক দৃঢ়তাৰে ক’ব পৰা নাযায়৷ ৰাজনৈতিক স্বার্থালাভৰ তাগিদাত বাধাহীনভাৱে বাঢ়ি যাবলৈ দিয়া বাংলাদেশী জনসংখ্যাই অসমক যে এদিন মৌলবাদী ইছলামিক ৰাষ্ট্রত পৰিৱর্তিত নকৰিব তাকো ন দি ক’ব পৰা নাযায়৷
সেয়েহে সময় থাকোঁতেই এনে স্পর্শকাতৰ বিষয়বোৰক মতাদর্শৰ ঊর্ধ্বত গৈ নিৰপেক্ষতাৰে বস্তুনিষ্টভাৱে বিশ্লেষণ কৰি চোৱা দৰকাৰ৷ অসমত ঐতিহাসিকভাৱে আৰম্ভ হোৱা ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামটোৰ শুদ্ধতা আৰু স্বচ্ছতাও আজি সন্দেহৰ আৱর্তত৷ সেয়ে শেষত কওঁ যে এই সময় অসমবাসীৰ বাবে তীব্র সংকটৰ সময়৷ এফালে যদি ‘খাল’, আনফালে ‘কুঁৱা’৷ হিন্দু বাংলাদেশীৰ আগ্রাসনে অসমীয়াত্বক নিঃশেষ কৰি পেলোৱাৰ আশংকাৰ পৰিৱর্তে মুছলমান বাংলাদেশীৰ আগ্রাসনে অসমক এদিন মৌলবাদী ইছলামিক ৰাষ্ট্রত পৰিৱর্তিত কৰি পেলোৱাৰ তীব্র সম্ভাৱনা৷ অসমক ত্রিপুৰা যিদৰে হ’ব দিব নোৱাৰি, সেইদৰে কাশ্মীৰো হ’ব দিব নোৱাৰি৷ সেয়েহে সময় থাকোঁতেই প্রতিজন ব্যক্তি তথা প্রতিটো জাতীয় দল–সংগঠনে বিষয়বস্তুৰ গভীৰতা উপলব্ধি কৰি ৰাজনীতিকৰ সস্তীয়া ৰাজনীতিৰ পৰা অসমখন উদ্ধাৰৰ ব্যৱস্থা কৰক৷ ফেচবুকৰ জাতীয়তাবাদে ৰাজ্যৰ জাতীয় উত্তৰণত একোডাল সহায় নকৰে৷ অপ্রিয় হ’লেও ই চৰম সত্য যে আমাৰ এলেহুৱা স্বভাৱ আৰু কর্মবিমুখতাই আজি জাতিটোৰ প্রধান শত্রু৷ হাতে কামে নকৰি কেৱল ৰাজপথত চিঞৰিলেই অসমক বচাব পৰা নাযাব৷ ইয়াৰ বাবে লাগিব এক কর্মমুখী, সুস্থিৰ, সংকল্পবদ্ধ, দীর্ঘম্যাদী আৰু বৈজ্ঞানিক পৰিকল্পনা৷