নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ কিমৰ শক্তি প্রদর্শন

আগন্তুক ২০ জানুৱাৰীত আমেৰিকাৰ নতুন ৰাষ্ট্রপতি হিচাপে ডেম’ক্রেটিক নেতা জ’ বাইডেনে আনুষ্ঠানিকভাৱে শপত গ্রহণ কৰাৰ পূর্বে এছিয়ান ৰাষ্ট্র উত্তৰ কোৰিয়াই পুনৰ পৰমাণু অস্ত্র নির্মাণ কার্যসূচী আগবঢ়াই নিয়াৰ সিদ্ধান্ত লোৱা ঘটনাটোৱে বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্য৷ বিগত ছটা দশকতকৈ অধিককাল ধৰি দুয়োখন দেশৰ মাজত চলি থকা মতানৈক্যই পৃথিৱীজুৰি গণবিধ্বংসী পৰমাণু যুদ্ধৰ আশংকাক সজীৱ কৰি ৰাখিছে৷ ড’নাল্ড ট্রাম্পে আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ পিছত উত্তৰ কোৰিয়াৰ শীর্ষনেতা কিম জং–উনে প্রথমবাৰৰ বাবে হোৱাইট হাউছৰ সৈতে মৈত্রীৰ সম্পর্ক গঢ়াৰ ইংগিত দিছিল৷ দুয়োগৰাকী নেতা ছিংগাপুৰত ঐতিহাসিক বৈঠকত মিলিতও হৈছিল৷ এই বৈঠকৰ জৰিয়তে উত্তৰ কোৰিয়াৰ পৰমাণু নিৰস্ত্রীকৰণ কার্যসূচী আগবাঢ়িব বুলি ধাৰণা কৰা হৈছিল৷ ইয়াৰ পূর্বে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে আমেৰিকাই আৰোপ কৰি থোৱা নিষেধাজ্ঞা প্রত্যাহাৰৰ চর্ত ৰাখিছিল কিম জং–উনে৷ কিন্তু হোৱাইট হাউছ প্রশাসনে এই চর্ত পোনছাটেই অগ্রাহ্য কৰিছিল৷ তথাপি দ্বিতীয়লানি বৈঠকত ট্রাম্প আৰু কিম মিলিত হৈছিল ভিয়েটনামত৷ অৱশ্যে এই বৈঠক সম্পূর্ণৰূপে ব্যর্থ হয়৷ আধাতে বৈঠক সামৰি গৃহাভিমুখী হৈছিল কিম জং–উন৷ পৰৱর্তী সময়ত কূটনৈতিক ক্ষেত্রত দুয়োখন দেশে সম্পর্ক ৰক্ষাৰ ক্ষেত্রত ইতিবাচক দৃষ্টিভংগী পোষণ কৰিছিল যদিও দ্বিপাক্ষিক সম্পর্কৰ কোনোধৰণৰ উন্নতি নঘটিল৷ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ড’নাল্ড ট্রাম্প পৰাভূত হোৱাৰ লগে লগে উত্তৰ কোৰিয়াৰ শীর্ষনেতা কিম জং–উনে বিশ্ববাসীক হতচকিত কৰি ঘোষণা কৰিছে যে দেশখনৰ অস্ত্র নির্মাণ কার্যসূচী ভবাধৰণেই আগবাঢ়িছে৷ আনকি ছাবমেৰিনৰ পৰা নিক্ষেপ কৰিব পৰা বৃহৎ ক্ষেপণাস্ত্র দেশখনে নির্মাণ কৰি উলিওৱা বুলি শাসকীয় ৱর্কার্ছ পার্টীৰ কংগ্রেছত ঘোষণা কৰিছিল কিমে৷ অকল সেয়াই নহয়, পার্টী কংগ্রেছত উত্তৰ কোৰিয়াৰ শীর্ষনেতাগৰাকীয়ে আমেৰিকাক বৃহত্তম শত্রু আখ্যা দিছিল৷ আমেৰিকাৰ শীর্ষ পদবীত ট্রাম্প বা বাইডেন কোন থাকিব, তাক লৈ উত্তৰ কোৰিয়া চিন্তিত নহয় বুলি উল্লেখ কৰি কিমে এইবুলিও মন্তব্য কৰিছিল যে হোৱাইট হাউছৰ নীতিৰ কোনো সলনি হোৱাৰ সম্ভাৱনা নাই৷
শেহতীয়াকৈ আমেৰিকাজুৰি বাইডেনৰ শপত গ্রহণৰ পূর্বে সৃষ্টি হৈছে এক নতুন আতংক৷ সেয়া হৈছে ট্রাম্পৰ বিদায় ক্ষণত সশস্ত্র প্রতিবাদকাৰীয়ে আমেৰিকা অস্থিৰ কৰিব পাৰে৷ আনকি ৱাশ্বিংটন ডিচিত জাৰি কৰা হৈছে জৰুৰী অৱস্থা৷ দেশজুৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ নির্দেশ দিছে চোৰাংচোৱা সংস্থা এফ বি আয়ে৷ আমেৰিকাত এনে এক শংকাৰ পৰিস্থিতি অব্যাহত থকাৰ সময়তে কিম জং–উনে পিয়ংয়াঙত আৰম্ভ কৰিছে অস্ত্র প্রদর্শনী৷ বৃহৎ কুচকাৱাজত সামৰিক বাহিনীয়ে প্রদর্শন কৰিছে ছাবমেৰিনৰ পৰা নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্র৷ লক্ষণীয়ভাৱে এই অস্ত্র প্রদর্শনীত আন্তঃমহাদেশীয় ক্ষেপণাস্ত্রও দেখুৱাইছে কিমে৷ সমান্তৰালভাৱে ৰাষ্ট্রনেতাগৰাকীয়ে পূর্বৰ দৰে হুংকাৰ দিছে যে বিশ্বৰ যিকোনো পৰাক্রমী শক্তিৰ আক্রমণৰ পৰা উত্তৰ কোৰিয়াই নিজে নিজক ৰক্ষা কৰিবলৈ আজি সক্ষম৷ উত্তৰ কোৰিয়াক সমগ্র বিশ্বৰ এক বৃহৎ শক্তি বুলিও অভিহিত কৰিছে কিমে৷ উত্তৰ কোৰিয়াৰ হাতত এতিয়া আছে আটাইতকৈ শক্তিশালী গণবিধ্বংসী অস্ত্র৷ লক্ষণীয়ভাৱে পূর্বৰে পৰা উত্তৰ কোৰিয়াই চলাই আহিছে পৰমাণু অস্ত্রৰ পৰীক্ষা৷ আনকি হাইড্র’জেন বোমাৰ পৰীক্ষাৰ জৰিয়তে ইতিপূর্বেই বিশ্ববাসীক হতচকিত কৰিছিল কিমে৷ বাৰে বাৰে পৰমাণু বিস্ফোৰকবাহী ক্ষেপণাস্ত্রৰ পৰীক্ষা চলাই দক্ষিণ কোৰিয়া, জাপান আদি দেশৰ প্রতি ভাবুকি কঢ়িয়াই আনিছিল কিমৰ উত্তৰ কোৰিয়াই৷ দক্ষিণ কোৰিয়াত থকা মার্কিন সামৰিক ঘাটি আৰু প্রশান্ত মহাসাগৰীয় মার্কিন দ্বীপ গুৱাং পৰমাণু বোমাৰে উৰুৱাই দিয়াৰো ভাবুকি দিছিল কট্টৰ কমিউনিষ্ট ৰাষ্ট্রখনে৷ শেহতীয়াকৈ বাইডেনে ক্ষমতাত আৰোহণ কৰাৰ পিছত উত্তৰ কোৰিয়াই পুনৰ যুযুধান ৰূপ প্রকট কৰি সমগ্র বিশ্বলৈ ভাবুকি কঢ়িয়াই আনিব নেকি, তাক লৈ চিন্তিত হৈ পৰিছে বিশেষজ্ঞ মহলে৷ উদ্বিগ্ণতা বাঢ়িছে আন্তর্জাতিক সম্প্রদায়ৰ৷ ২০২১ বর্ষটো সেইবাবেই উত্তৰ কোৰিয়া আৰু আমেৰিকাৰ সম্পর্কৰ তিক্ততাৰ বর্ষ হ’ব বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে বাইডেন প্রশাসনৰ ওপৰত চাপ সৃষ্টি কৰাৰ এয়া কিমৰ কৌশলো হ’ব পাৰে বুলি একাংশ বিশেষজ্ঞই ধাৰণা কৰিছে৷

You might also like