শুভংকৰ হওক মুখ্যমন্ত্রীৰ ৰাজনৈতিক যাত্রা
- নিত্য বৰা
এজন সৎ, সদাচাৰী ভাল ৰাজনীতিক ভাল মুখ্যমন্ত্রী নহ’বও পাৰে৷ যেনে, শৰৎ চন্দ্র সিংহ৷ এজন কর্মদক্ষ চতুৰ ৰাজনীতিকো ভাল মুখ্যমন্ত্রী নহ’ব পাৰে৷ যেনে হিতেশ্বৰ শইকীয়া৷ অথচ এই দুয়োজনৰ লগত ঘটনাক্রমে মোৰ এক শ্রদ্ধামিশ্রিত সম্পর্ক গঢ়ি উঠিছিল৷ সেই সম্পর্ক আছিল একান্ত ব্যক্তিগত৷ তেখেতসকলৰ লগত আদর্শগতভাৱে মোৰ সম্পর্ক আছিল সুমেৰু–কুমেৰু৷ স্বৰাজোত্তৰ অসমৰ প্রথমজন মুখ্যমন্ত্রী গোপীনাথ বৰদলৈকে এতিয়ালৈকে ৰাজ্যৰ সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী বুলি কোৱা হৈছে৷ এক সংকটৰ সময়ৰ মুখ্যমন্ত্রী আছিল গোপীনাথ বৰদলৈ৷ তেওঁৰ ৰাজনৈতিক বিচক্ষণতা তথা দূৰদর্শিতাৰ বাবেই অসমখন অসম হৈ থাকিল, নহ’লে আমি এতিয়া পাকিস্তানী বা বাংলাদেশী নাগৰিক হৈ থাকিলোঁহেঁতেন৷ মইতো ভাবোঁ নেহৰু–পেটেলৰ প্রতি জোখতকৈ অধিক ভক্তিত আমি গদ্গদ্ হৈ থকাৰ সকাম নাই৷ অসম, লগতে পূর্বাঞ্চলৰ প্রতি তেওঁলোক এজনৰো কোনো বিশেষ আগ্রহ প্রদর্শনৰ উদাহৰণ নাই৷ কেৱল গান্ধীজীৰ আশীর্বাদতেই বৰদলৈয়ে অসমক ৰক্ষা কৰিলে৷ অসম থাকিল, অসমীয়াও বাচিল৷ আমাৰ এনে চিন্তা বা সিদ্ধান্তৰ অর্থ এনে নহয় যে আমি অসমবাসী নেহৰু বা পেটেলৰ প্রতি বীতশ্রদ্ধ হৈ থাকিম৷ আধুনিক ভাৰত ৰাষ্ট্র নির্মাণত নেহৰু–পেটেলৰ অৱদান কোনে নুই কৰিব? সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটত নেহৰু পৰিয়ালৰ নাম–গোন্ধ নাইকিয়া কৰি দিব বিচৰা হৈছে, অথচ পেটেলৰ বৃহৎ মূর্তি নির্মাণেৰে এনে এক ধাৰণা দিবলৈ বিচৰা হৈছে যে স্বাধীন ভাৰতবর্ষখন পেটেলেহে গঢ়িলে৷ নেহৰু যুগৰ সকলো অৱদান নস্যাৎ কৰাৰ চেষ্টা বা অপচেষ্টা যে বস্তুনিষ্ঠহীন আৰু অনৈতিহাসিক সেয়া বর্তমানৰ শাসকসকলে নাজানে তেনে কথাও নহয়৷ এনেবোৰ দৃষ্টিভংগীৰ বিৰোধ ৰাজনীতিত সকলো সময়তে আছিল আৰু থাকিবও৷ প্রকৃত সত্যটো হ’ল দেশৰ সাম্প্রতিক শাসকে প্রচলিত ৰাজনীতিৰ পৰিভাষাই সলনি কৰি দিব বিচাৰিছে৷ তেওঁলোকেও সংবিধান মানে, গণতন্ত্র মানে, কিন্তু সেই ‘মনা’টো তেওঁলোকৰ নিজস্ব শৈলীৰে মানে৷ তেওঁলোকৰ চিন্তাৰ এই শৈলী কিমান টিকেগৈ সেই কথা সময়ে নির্ণয় কৰিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দুবছৰীয়া কার্যকালৰ খতিয়ান নির্ণয় কৰিবলৈ হ’লে ৰাষ্ট্রীয় ৰাজনীতিৰ প্রেক্ষাপট সমুখত লৈয়ে কৰিব লাগিব৷ স্বাধীন ভাৰতৰ যুক্তৰাষ্ট্রীয় ধাৰণাটো ক্রমে ক্রমে দুর্বল হৈ পৰিছে৷ কেন্দ্রীয় চৰকাৰে তেওঁলোকৰ অতিকেন্দ্রিক ৰাষ্ট্র ব্যৱস্থাটোৰ সপক্ষে থকা মনোভাব আৰু কার্যব্যৱস্থা চলাই নিবলৈ যে বদ্ধপৰিকৰ সেই কথাও গোপন কৰা নাই৷ দেশৰ বহুত্ববাদী সংস্কৃতিৰ ধাৰণাটোও কেন্দ্রৰ শাসক দলে নাকচ কৰি দিছে৷ এনে পৰিস্থিতিত কেন্দ্র–ৰাজ্য সম্পর্ক– বিশেষকৈ অবিজেপিশাসিত ৰাজ্যবোৰৰ লগত কণ্টকাকীর্ণ হৈ পৰিছে৷ বিজেপিশাসিত ৰাজ্যবোৰে তিতাখোৱাৰ তিক্ততাৰে হ’লেও কেন্দ্রৰ ব্যৱস্থাপনা–নীতি–নি অম্ল–মধুৰ স্বাদ বুলিয়েই গিলিব লাগিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা দুবছৰে কেন্দ্রৰ একান্ত বাধ্য ছাত্র হৈয়ে কার্যনির্বাহ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহ এই দুয়োজনৰ আৰু নাগপুৰৰ আশীর্বাদৰ হাত মুখ্যমন্ত্রী শর্মাৰ মূৰৰ ওপৰতে আছে এতিয়াও৷ মুঠতে অসম তথা উত্তৰ–পূবত এই মুহূর্তত ড০ হিমন্ত বিশ্ব শর্মাই হ’ল বিজেপিৰ অবিসম্বাদী নেতা৷ ইতিমধ্যে সর্বভাৰতীয় প্রেক্ষাপটতো অসমৰ মুখ্যমন্ত্রীয়ে স্ব–উপস্থিতিৰ উমান দিছে বা দিবলৈ সক্ষম হৈছে৷ দৰাচলতে স্বৰাজোত্তৰ ভাৰতীয় ৰাজনৈতিক পৰিক্ষেত্রৰ ক্ষমতাৰ কৰিড’ৰত অসমৰ কোনো নেতাই এনে সদর্প পদচাৰণাৰ সম্ভাৱনা জগোৱা নাই৷ তাৎপর্যপূর্ণ কথাটো হ’ল ড০ হিমন্ত বিশ্ব শর্মা এতিয়াও শাসক দলৰ কেন্দ্রীয় স্তৰৰ নেতা বা মন্ত্রী হোৱা নাই৷ তেওঁ এতিয়াও এখন সৰু ৰাজ্যৰ মুখ্যমন্ত্রীহে৷ যিখন ৰাজ্যত মাত্র ১৪জন লোকসভাৰ সদস্য, ১২৬জন বিধানসভাৰ সদস্য৷ ৰাষ্ট্রীয় প্রেক্ষাপটত উত্তৰ প্রদেশ, বিহাৰ বা মহাৰাষ্ট্রৰ দৰে বিশাল ৰাজ্যই পোৱা গুৰুত্ব অসমে নাপায়৷ তাৰ মাজতো ড০ হিমন্ত বিশ্ব শর্মাই ‘স্পেচ’ উলিয়াই লৈছে৷ বিগত দুবছৰ কাল মুখ্যমন্ত্রীয়ে কেৱল ‘চমক’ সৃষ্টি কৰিছে, নিৰপেক্ষ পর্যবেক্ষকে এই কথা মানিবলৈ টান পাব৷ আপুনি মানক বা নামানক ৰাজনীতিৰ আক্রমণাত্মক চাতুর্যৰে ড০ হিমন্ত বিশ্ব শর্মাই বহু প্রপঞ্চ সৃষ্টি কৰিছে৷ তাৰে বহু কাম হ’ব৷ কিছুমান ‘কাল’ হ’ব৷ আজিৰ তাৰিখত নিঃসন্দেহে ড০ হিমন্ত বিশ্ব এই ৰাজ্যৰ আটাইতকৈ জনপ্রিয় ৰাজনৈতিক ব্যক্তিত্ব, কিন্তু জনপ্রিয়তাই সাফল্যৰ মাপকাঠী নহয়৷ মই ভাবোঁ, এই জনপ্রিয়তাই তেওঁৰ বাবে বহু বিড়ম্বনাৰ সৃষ্টিও কৰিব পাৰে৷ ভাবোঁ নহয়, এই কথা মই বিশ্বাসো কৰোঁ৷ বিগত প্রায় ছটা দশক ৰাজ্য, ৰাষ্ট্র তথা আন্তঃৰাষ্ট্রীয় ৰাজনৈতিক গতিপথ নিৰীক্ষণ কৰিছোঁ৷ ৰাজনীতিৰ অলিন্দত মহা শক্তিশালী হৈ উঠা বহু ৰথী–মহাৰথীৰ উত্থান–পতন দেখিছোঁ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ব্যতিক্রম হ’ব কেনেকৈ অসংখ্য সমস্যাৰে জর্জৰিত এইখন ৰাজ্য৷ দিনে–নিশাই উৎসৱৰ ধল বোৱাই সমস্যাবোৰৰ পৰা পলাই ফুৰিব নোৱাৰি৷ সমস্যা সমাধানেৰে তেওঁ নির্বিৰোধ হৈ থাকিব বিচৰা নাই৷ প্রতিপক্ষক হীনবীর্য কৰি দিয়াক যদি সাফল্য বুলি ধৰা হয়– হয়, ড০ হিমন্ত বিশ্ব এজন সফল ৰাজনীতিক৷ মুখ্যমন্ত্রীয়ে অতি চাতুর্যৰে জাতীয় সংগঠনবোৰৰ নেতৃত্বক ৰাইজৰ ওচৰত আবুৰহীন কৰি দিছে৷ বিৰোধী ঐক্যৰ ধাৰণাটোক অর্থহীন কৰি দিছে৷ হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতিয়ে অনাগত দিনত বিস্তৰ আর্থ–সামাজিক ক্ষতি কৰিব পাৰে৷ বিভাজনৰ ৰাজনীতিও অশুভ হ’ব৷ এইবোৰ মুখ্যমন্ত্রীজনে নাজানে সেই কথা বিশ্বাস নহয়৷ যোৱা দুবছৰে মুখ্যমন্ত্রীয়ে তেওঁৰ ৰাজনৈতিক পৰিক্ষেত্রত এনে কিছু সাফল্য পাইছে, সেয়া ইমান সহজে আহিব বুলি হয়তো তেওঁ নিজেও কল্পনা কৰা নাছিল– যিবোৰ খঁকুৱা মধ্যবিত্ত উচ্চবিত্তৰ প্রতাপী অনুষ্ঠান–প্রতিষ্ঠান, যেনে প্রচাৰ মাধ্যমৰ মালিক, ঠিকাদাৰ, প্রবুদ্ধ সমাজৰ শিপা নোহোৱা অংশটো তেওঁ মুখ্যমন্ত্রী হৈ অহালৈকে মুখ ঘূৰাই আছিল, যেতিয়া তেওঁ মুখ্যমন্ত্রী হ’ল, সেইসকলেই সবার্গে আহি তেওঁৰ সমুখত সাষ্টাংগে পৰিলহি৷ অসমীয়া প্রবুদ্ধ সমাজৰ এই প্রতাপী অংশটোৱে সকলো সময়তে শাসকৰ ছত্র–ছায়াত থাকি নিৰাপদ অনুভৱ কৰে৷ বিশ্বাস নহয়, ড০ হিমন্ত বিশ্ব শর্মাই এই অংশটোক সহজ বিশ্বাসত ল’ব বা লৈছে৷ ক্ষমতাৰ কৰিড’ৰত ড০ শর্মা নৱাগত নহয়৷ দীর্ঘদিন ধৰি তেওঁ ৰাজ্য চৰকাৰৰ দ্বিতীয় স্থানত থাকিও বিশেষ ক্ষমতাৰ অধিকাৰী হৈ আহিছে৷ বিগত দুটা বছৰ মুখ্যমন্ত্রী হোৱাৰ লগে লগে তেওঁ ধুমুহাৰ গতিৰে নিজকে প্রতিষ্ঠিত কৰিছে৷ শাসনৰ দুবছৰ পূর্তিত ক্ষন্তেকৰ বাবে হ’লেও তেওঁ নিজৰ কামৰ, নিজৰ চিন্তাৰ খতিয়ান লওক ঃ তেতিয়া তেওঁ নিজেই উপলব্ধি কৰিব পাৰিব নিজৰ অফুৰন্ত প্রাণশক্তি আৰু বুদ্ধিমত্তাৰ প্রতি তেওঁ অন্যায় কৰিছে নেকি আত্মোপলব্ধিয়ে তেওঁৰ ভিতৰৰ মানুহজনক জোকাৰি দিব পাৰে৷ দুটা বছৰহে গৈছে৷ সুদীর্ঘ পথ পৰিক্রমা এতিয়াও বাকী৷ শুভংকৰ হওক মুখ্যমন্ত্রীৰ ৰাজনৈতিক যাত্রা৷