নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ দুটা বছৰ…

  • অনুৰাধা শর্মা পূজাৰী

প্রায়সকল শিক্ষিত ব্যক্তিয়েই আব্রাহাম লিংকনৰ বিশেষ উক্তিটোৰ কথা জানে–’If you want to test a man’s character, give him power.’ অর্থাৎ মানুহ চিনিবলৈ ক্ষমতা প্রদান কৰি চাওক৷ অতি কমসংখ্যক মানুহ আছে, যিসকলৰ হাতত ক্ষমতা থাকিলেও অপব্যৱহাৰ নকৰে বা সাৱধান হয়, যাতে ক্ষমতাৰ অপপ্রয়োগ নহয়৷ আমি চৰকাৰ আৰু ৰাজনীতিৰ কথাহে যদিও ক্ষমতাৰ ক্ষেত্রত কওঁ, প্রকৃততে ঘৰৰ পৰা আৰম্ভ কৰি সমাজৰ প্রতিটো স্তৰতে ‘ক্ষমতা’ৰ কুচকাৱাজ দেখি থাকোঁ৷
মোৰ জীৱনত বৰ বেছি মুখ্যমন্ত্রীৰ কাম–কাজ বিশ্লেষণ কৰাৰ সুযোগ পোৱা নাই৷ সাধুকথাৰ দৰে শুনিছিলোঁ আৰু পঢ়িবলৈ পাইছিলোঁ আমাৰ ৰাজ্যৰ প্রথমজন স্বৰাজোত্তৰকালৰ মুখ্যমন্ত্রী গোপীনাথ বৰদলৈৰ কথা, যি অসমীয়াক ‘গ্রুপিঙ’ৰ পৰা ৰক্ষা কৰিছিল৷ বিষ্ণুৰাম মেধি, বিমলাপ্রসাদ চলিহা আদিৰ দৰে মুখ্যমন্ত্রীৰ বিনয়, সহজ–সৰল জীৱন যাপনৰ কাহিনীৰ লগতে জাতিপ্রেমৰ কথাও শুনিছিলোঁ৷ মহেন্দ্রমোহন চৌধুৰী মহোদয়ক সৰুতেই এক বিশেষ অনুষ্ঠানৰ বাবে যোৰহাটত দেখিছিলোঁ৷ দেউতাৰ হাতত ধৰি যোৱা, মুখ্যমন্ত্রীজনক নমস্কাৰ দিয়া আজিও মনত ভাহি উঠে৷ শৰৎ সিংহদেৱক যেতিয়া লগ পালোঁ, তেতিয়া তেখেত প্রাক্তন মুখ্যমন্ত্রী৷ খোজকাঢ়ি বা বাছত ঘূৰি ফুৰিছিল৷ ‘সাদিন’ৰ কার্যালয়লৈ আহি উভতি যোৱাৰ পথত কার্যালয়লৈ লৈ অহা মোৰ সৰু গাডীখনত জোৰকৈ বহুৱাই লৈ গৈ, গণেশগুৰিত তেখেতৰ কাম থকাত নমাই দিছিলোঁ৷ ওৰেবাটটো গ্রীষ্মৰ আবেলি, তেখেতৰ ঘর্মাক্ত পাঞ্জাবী চোলাৰ গন্ধই মোক ধন্য কৰি তুলিছিল৷ সন্মুখত বহি যোৱা শৰৎ সিংহদেৱক চাই নিজকে প্রশ্ণ কৰিছিলোঁ, এনে এজন মুখ্যমন্ত্রীও আমাৰ সমাজত জীৱন্তে মই দেখিছেছানে ৰাজনীতিক ৰূপে তেখেতৰ সফলতা–বিফলতাৰ কথা বিচাৰ নকৰোঁ, কিন্তু এজন প্রাক্তন মুখ্যমন্ত্রীক মই মোৰ সৰু গাডীখনত বহুৱাই আনি তেওঁক খোজকঢ়া বা বাছত যোৱাৰ পৰা সকাহ দিব পাৰিছোঁ, এনে অভিজ্ঞতা জীৱনৰ এক চিৰস্থায়ী সোঁৱৰণ হোৱাটো স্বাভাৱিক কথা৷
আশীৰ দশকত বিদেশী বহিষ্কৰণ আন্দোলনৰ সৈতে জডিত হোৱা বাবে, সেই সময়ত কংগ্রেছ দলৰ প্রতি আমি আস্থাহীনতা প্রকাশ কৰিছিলোঁ৷ ’৮৩ৰ অগ্ণিদগ্ধ অসম, আৰু সেইসময়ৰ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াদেৱ আমাৰ পছন্দৰ মুখ্যমন্ত্রী একেবাৰেই নাছিল৷ ১৯৮৬ত ৰাজ্যৰ এঘাৰ সংখ্যক মুখ্যমন্ত্রীৰ দায়িত্ব যেতিয়া প্রফুল্ল কুমাৰ মহন্তই লৈছিল, এনে লাগিছিল যেন আমাৰ যুদ্ধ জয় হ’ল আৰু সোণৰ অসম হোৱাৰ বন্ধ দুৱাৰখন খুলি গ’ল৷ আমি ৰাষ্ট্রপতিৰ শাসন দেখি অহা মানুহ বাবে, আদর্শগতভাৱে জাতীয়তাবাদী দলৰ ঘোৰ সমর্থক আছিলোঁ৷ কিন্তু নব্বৈৰ দশকত এই চৰকাৰখনৰ প্রতি মানুহৰ মোহভংগ হ’ল৷ এক অস্থিৰ চৰকাৰ, গণতন্ত্রৰ প্রতি আস্থাহীনতা আৰু দোদুল্যমান অৱস্থাত পুনৰ অগপ চৰকাৰখনক ৰাজ্যবাসীয়ে আদৰিলে, ১৯৯৬ৰ পৰা ২০০১লৈকে৷ এক ভয়, নিৰাপত্তাহীনতা, গুপ্তহত্যাৰ বিভীষিকা, সন্ত্রাসবাদৰ চেপা উত্তেজনা, দুর্নীতিৰ এই ভয়ংকৰ সময় অসমবাসীয়ে অন্ততঃ কেতিয়াও পাহৰা সম্ভৱ নহয়৷ ১৯৯৬ত জন্ম হোৱা শিশু এতিয়া ২৭–২৮ বছৰীয়া যুৱক–যুৱতী৷ সেয়ে এই সময়ৰ কথা তেওঁলোকে হূদয়ংগম কৰা সম্ভৱ নহয়৷ ইয়াৰ পাছত, সুদীর্ঘ পোন্ধৰ বছৰকাল মুখ্যমন্ত্রী তৰুণ গগৈৰ চৰকাৰ৷ নব্বৈৰ দশকৰ ভয় আৰু আশাহত দিনবোৰ পাহৰিবলৈকে যেন কংগ্রেছ চৰকাৰক বাহাল ৰাখিলে ৰাজ্যবাসীয়ে৷ এই কালছোৱাত সকলোতকৈ গুৰুত্বপূর্ণ বিষয় হৈ পৰিছিল ৰাজ্যবাসীৰ মনৰ পৰা পদে পদে থকা মৃত্যু ভয় হ্রাস পাইছিল৷ মানুহে স্বাধীন জীৱন ঘূৰাই পাইছিল৷ ২০১৬ৰ ২৪ মে’ৰ পৰা ৰাজ্যত ভাৰতীয় জনতা পার্টীৰ অভ্যুত্থান হ’ল, সর্বানন্দ সোণোৱালৰ মুখ্যমন্ত্রিত্বত৷ পাঁচ বছৰৰ সোণোৱাল চৰকাৰৰ পাছতেই মুখ্যমন্ত্রী দায়িত্ব গ্রহণ কৰিলে দীর্ঘদিনৰ ৰাজনৈতিক অভিজ্ঞতা আৰু বুদ্ধিমত্তাৰে কংগ্রেছ আৰু ভাৰতীয় জনতা পার্টীৰ গুৰুত্বপূর্ণ দপ্তৰ চম্ভালি থকা এজন মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
ড০ হিমন্ত বিশ্ব শর্মাৰ মুখ্যমন্ত্রী ৰূপে আটাইতকৈ কম সময় অর্থাৎ ২০২১–২৩ৰ ১০ মে’ত দুবছৰ মাথো পূর্ণ হৈছে৷ গণতান্ত্রিক নির্বাচন পদ্ধতিৰে সংখ্যাগৰিষ্ঠ ভোটত বিজেপি চৰকাৰ জয়ী হৈছে৷ আদর্শগতভাৱে চৰকাৰৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে, ৰাজ্যৰ একাংশ লোকে চৰকাৰৰ বিৰোধিতা নিশ্চয় কৰিব৷ ৰাজনীতিত এয়া স্বাভাৱিক প্রক্রিয়া৷ মই নিজে নিজক এজন ৰাজনীতিত অপৰিপক্ব মানুহ বুলি ভাবি আহিছোঁ৷ সেয়ে এটা সৰল সমীকৰণৰ আদর্শত মই বিশ্বাসী৷ অসমত অসমীয়া মানুহৰ ভাষা–সংস্কৃতি কোনো কাৰণতে বিপন্ন হ’ব নালাগে, মাটিৰ অধিকাৰ, জীৱিকাৰ অধিকাৰত অসমীয়া বাধাগ্রস্ত হ’ব নালাগে, অসমৰ ভৌগলিক পৰিসীমাত বসবাস কৰা অসমীয়া (সকলো জাতি–জনগোষ্ঠীক অসমীয়া বুলি ধৰিছোঁ) প্রব্রজনৰ বাবে উৎখাত হ’ব নালাগে আৰু ৰাজ্যৰ নৈ–বিল, জান–জুৰি, অৰণ্য সুৰক্ষিত হ’ব লাগে৷ মাত্র এই চাৰিটা মুখ্য কাৰণ, যি চৰকাৰে গুৰুত্ব আৰোপ কৰি আগবাঢ়িব, সেই চৰকাৰক আমি সহযোগিতা কৰা উচিত– মই এইদৰেই ভাবোঁ৷
ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰখনে আৰম্ভণিৰে পৰা লোৱা প্রশাসনিক তৎপৰতাৰ তিনিটা বিশেষ বিষয় পূর্বৰ কোনো চৰকাৰে লোৱা দেখা নাছিলোঁ৷ প্রথম, যুৱপ্রজন্মৰ ভৱিষ্যৎ অন্ধকাৰ কৰা, বহু পৰিয়ালৰ দুখ–যন্ত্রণাৰ কাৰণ হৈ পৰা ড্রাগ্ছ ব্যৱসায়ীৰ প্রতি আৰু ড্রাগ্ছ গ্রহণ কৰাসকলৰ প্রতি কঠোৰ ভাবৰ নিদর্শন৷ এই ব্যৱস্থাই বহু ড্রাগ্ছ ব্যৱসায়ীৰ চক্রক সমুলঞ্চে উৎখাত কৰিব নোৱাৰিলেও, অপৰাধী চক্রক ভয় খুৱাব পাৰিছে৷ ড্রাগ্ছৰ অবাধ সৰবৰাহ, নিচাসক্ত যুৱক–যুৱতীয়ে আইনক ভয় কৰিবলৈ শিকিছে৷
দ্বিতীয়, অসম লোকসেৱা আয়োগৰ সর্বদা বদনাম থকা, কেলেংকাৰিৰে পূর্ণ নিযুক্তি প্রক্রিয়াৰ পৰিষ্কাৰকৰণ৷ এই ব্যৱস্থা অৱশ্যে সর্বানন্দ সোণোৱাল মুখ্যমন্ত্রী থকা সময়ৰ পৰা আৰম্ভ হৈছিল৷ আজি ঘোচ নিদিয়াকৈ ৰাজ্যৰ দুখীয়া ল’ৰা–ছোৱালীয়ে জিলাই জিলাই তৃতীয়, চতুর্থবর্গৰ চাকৰি, আৰক্ষী বিভাগৰ নিম্নবর্গৰ পৰা মধ্যম বর্গলৈকে পোৱা চাকৰিৰ আনন্দময় মুখবোৰে ভৱিষ্যতৰ বাবে এক নতুন বার্তা আনিছে৷ ঘোচ নিদিয়াকৈ পোৱা চাকৰিৰ চাকৰিয়ালজনে দুর্নীতিৰ বাবে লালায়িত হোৱাত বিবেকে অলপ হ’লেও বাধা দিব বুলি ভাবোঁ৷
তৃতীয়, অসমৰ বনাঞ্চলসমূহ পুনৰুদ্ধাৰৰ ক্ষেত্রত বিজেপি চৰকাৰৰ পদক্ষেপ প্রশংসনীয়৷ যি সময়ত বছৰি ২০–৩০টালৈকে জাতীয় সম্পদ গঁড হত্যা হৈছিল, তাৰ ঠাইত এই হত্যা লক্ষণীয়ভাৱে হ্রাস হৈছে৷ ২০২১–২২ত এটা গঁডো হত্যা হোৱা নাছিল৷ দিহিং– পাটকাই বর্ষাৰণ্যক ৰাষ্ট্রীয় উদ্যানৰ মর্যাদা দিয়াৰ লগতে ৰাইমনাক ষষ্ঠখন ৰাষ্ট্রীয় উদ্যানৰ মর্যাদা দিয়া উল্লেখযোগ্য৷ অসমৰ বিপন্ন বনাঞ্চল, জলাশয়ক দিয়া গুৰুত্ব অব্যাহত থাকিলে বনৰ জীৱ–জন্তু আৰু মানুহৰ ভয়ংকৰভাৱে বাঢ়ি অহা সংঘাত নিয়ন্ত্রণ হ’ব৷ প্রকৃতি পৰিৱেশৰ সার্বজনীন প্রদূষণ আৰু উষ্ণতাৰ সমস্যাও নিয়ন্ত্রণৰ একমাত্র উপায়, ধ্বংস হোৱা বনাঞ্চল, জলাশয় উদ্ধাৰ কৰাত দিয়া গুৰুত্ব৷
আমি চৰকাৰখনৰ কিছু পদক্ষেপ সমর্থন নকৰোঁ৷ তাৰ ভিতৰত হিতাধিকাৰীৰ সংখ্যাবৃদ্ধিত প্রয়োজনাধিকভাৱে গুৰুত্ব আৰোপ কৰা৷ অসমীয়া মানুহ এনেই কর্মবিমুখ জাতি বুলি ইতিহাসে কয়৷ এনে অৱস্থাত কাম নকৰাকৈ ঘৰতে বহি ভাত পোৱা ব্যৱস্থা বৃদ্ধি হ’লে, সোৰোপাৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগোৱা হয়৷ পূর্বৰে পৰা প্রতিখন চৰকাৰেই নির্বাচনমুখী আঁচনিৰে জনগণক প্রলোভিত কৰা নতুন বিষয় নহয়৷ আঁচনিৰ জৰিয়তে, চৰকাৰৰ টকা আৰু চাউললৈ ৰৈ থকাৰ সলনি কর্মঠ যুৱশক্তিক নানাধৰণৰ জীৱিকাত নিয়োগ কৰিব পৰাটোহে মংগলকামী চৰকাৰৰ কর্তব্য৷ ৰোজগাৰ বঢ়োৱাটোহে আমি বিচাৰোঁ৷
চৰকাৰৰ কৰ সংগ্রহৰ নামত সুৰাৰ দোকান বৃদ্ধি, সুৰাৰ বজাৰৰ প্রতি প্রদর্শন কৰা শিথিলতা মুঠেই গ্রহণযোগ্য নহয়৷ অপৰাধপ্রৱণতা, বিশেষভাৱে সুৰাসক্ত হৈ ধর্ষণ কৰা, সামাজিক উচ্ছৃংখলতা বৃদ্ধি কৰাত সুৰাই ৰাজ্যখনক অসভ্য সমাজ এখনলৈ পর্যবসিত কৰিছে৷ চৰকাৰখনে কিছু পৰিমাণে ‘গুজৰাট মডেল’ৰ আর্হি লোৱাটো আমি বিচাৰোঁ৷ চৰকাৰী নির্দেশনা, বিদ্যুৎ বিভাগৰ নির্দেশনা ইত্যাদি গুজৰাটত গুজৰাটী ভাষাত দিয়া হয়৷ ফলত কাকো জোৰ–জবৰদস্তি নকৰাকৈ, অগুজৰাটী সকলো মানুহে গুজৰাটী ভাষা পঢ়া আৰু কোৱাৰ অভ্যাস আৰম্ভ কৰে বাধ্যত পৰি৷ আমাৰ ৰাজ্যতো এই আদর্শৰ প্রয়োজন হৈছে৷
চৰকাৰে অনলাইন ব্যৱস্থাৰে সকলো বিভাগলৈ নোযোৱাকৈ সাধাৰণ মানুহে লাইচেঞ্চ, মাটিৰ খাজনা ইত্যাদি দিয়াৰ ব্যৱস্থা কৰাটো এক যুগান্তকাৰী পদক্ষেপ৷ কিন্তু তথাপি এয়া অমোঘ সত্য যে চৰকাৰী দপ্তৰত ফাইল, নথি–পত্র সঞ্চালনৰ বাবে টকা–পইচা দিয়া–লোৱাৰ ব্যৱস্থা অতি সাৱধানতাৰে চলি আছে৷ দালালৰাজ নির্মূল হোৱা নাই, এই সম্ভেদ আমি বহু সময়ত পাইছোঁ৷ সেইদৰে, ৰাজ্যত উৎপাদিত শাক–পাচলিৰ ‘ছিণ্ডিকেট’ বজাৰসমূহত থকা দালালৰ শক্তি, চৰকাৰে ৰোধ কৰাত ব্যর্থ হৈছে৷ সাধাৰণ মানুহৰ দৈনন্দিন জীৱনক এই ব্যৱস্থাই জুৰুলা কৰিছে৷
বিজেপি চৰকাৰে দলং, ৰাস্তা–পদূলিৰ উন্নয়েনেৰে জিলাসমূহৰ মাজত কৰা সংযোগ ব্যৱস্থাৰ তৎপৰতা প্রশংসনীয়৷ কিন্তু ৰাজধানী চহৰ, অর্থাৎ মহানগৰবাসীৰূপে পানীৰ অভাৱত এক দুর্যোগময় ভৱিষ্যতৰ ফালে আমি আগবাঢ়িছোঁ৷ ভৱিষ্যতে পানীৰ অভাৱত মহানগৰবাসীয়ে ঘৰ–বাৰী এৰি পলায়ন কৰিলেও আচৰিত হ’ব লগা কথা নহয়৷ জল সংযোগৰ উন্নত ব্যৱস্থা মহানগৰবাসীৰ বাবে এক স্বপ্ণ হৈয়ে এতিয়াও আছে৷
ড০ হিমন্ত বিশ্ব শর্মাৰ মুখ্যমন্ত্রিত্বৰ চৰকাৰত মুখ্যমন্ত্রীজনৰ জনপ্রিয়তা সবাতোকৈ বেছি৷ মুখ্যমন্ত্রীজন আমোলানির্ভৰ আৰু বিষয়ানির্ভৰ নোহোৱা বাবে প্রশাসনিক সকলো কথাই মুখ্যমন্ত্রীজনৰ নখ দর্পণত থাকে৷ ৰাজ্যৰ বিত্তীয় ব্যৱস্থাটোৰ প্রতি ৰাজ্যবাসীৰ এক শংকা নথকা নহয়৷ দুটা বছৰত ড০ শর্মাৰ চৰকাৰে আগেয়ে নোহোৱা কিছুমান প্রশাসনিক ক্ষিপ্রতা দেখুৱাইছে৷ বিতর্ক, বাদ–প্রতিবাদ সত্ত্বেও খিলঞ্জীয়া জাতি–জনগোষ্ঠীয়ে এতিয়ালৈকে চৰকাৰখনক আস্থাত ল’ব পৰা বিষয়টো গুৰুত্বপূর্ণ৷ জাতি–জনগোষ্ঠীৰ মাজত, সাংস্কৃতিক কার্যসূচীৰ প্রভাৱেৰে বৃহৎ অসমীয়া মনোভাব এটা গঠন হোৱা লক্ষণীয় বিষয়৷ আমি আশা কৰিম অনাগত সময়ত অসমৰ হিতৈষী এখন চৰকাৰ ৰূপে চৰকাৰখনে নিদর্শন ৰাখক৷ আমাৰ শুভেচ্ছা সদায় আছে৷

You might also like