নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউনিফর্ম চিভিল ক’ড

যোৱা ৯ জুলাইত দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি প্রতিভা সিঙে বিবাহ বিচ্ছেদৰ গোচৰ এটাৰ ৰায়ৰ সৈতে দিয়া মন্তব্যই দীর্ঘদিন ধৰি চলি থকা বিতর্ক এটাক নতুনকৈ গতিদান কৰিলে৷ ৰণাংগনত ইতিমধ্যে জঁপিয়াই পৰিছে এটা বিশেষ ধর্মাৱলম্বীৰ স্বয়ম্ভু ঠিকাদাৰ আছাদুদ্দিন অৱাইছি৷ তেওঁৰ হুংকাৰৰ পৰা অনুমান হৈছে, নেতাজনে দেশত এটা বিশেষ পৰিস্থিতি নির্মাণৰ মতলবত আছে৷ তেওঁ নাগৰিকত্ব সংশোধিত আইন, ৰাষ্ট্রীয় নাগৰিকপঞ্জীক লৈ দেশখনৰ বিভিন্ন প্রান্তত উদ্ভৱ হোৱা পৰিস্থিতিৰ (অসমক ইয়াৰ সৈতে যুক্ত কৰা নাই৷ অসমৰ প্রেক্ষাপট ভিন্ন) উত্তেজনাময় আৰু হিংসাত্মক পৰিৱেশ এটা নির্মাণৰ সুযোগত আছে৷ ইয়াৰ কাৰণো স্পষ্ট৷ সন্মুুখত উত্তৰ প্রদেশ, পঞ্জাবৰ দৰে প্রদেশৰ বিধানসভা নির্বাচন৷ এনে সময়ত ধর্মীয় কার্ড এখন হাতত পৰিলে তেনে নেতাই হাততে স্বর্গ ঢুকি পোৱাৰ দৰে অনুভৱ অৱশ্যে প্রতিপক্ষও হাত সাবটি বহি থকা নাই৷ তূণৰ পৰা এপাট এপাটকৈ শৰ নিক্ষেপ কৰি প্রতিপক্ষক ধৰাশায়ী কৰিবলৈ চেষ্টা চলাইছে৷ মুঠতে এখন মহাৰণৰ পাতনি ঘটিছে৷ উত্তৰ প্রদেশ বিধানসভা নির্বাচনলৈ যুদ্ধখন তুংগত উঠিব পাৰে৷ এনেধৰণৰ যুদ্ধই আন লোকৰো মনযোগ আকর্ষণ কৰে৷ আৱেগৰ বশৱর্তী হৈ তেনে লোকে আনকি ভাত–কাপোৰৰ কথা পাহৰি উন্মাদৰ দৰে যুদ্ধখনত জঁপিয়াই পৰিব পাৰে৷ মতলববাজ ৰাজনীতিকে এইবোৰক মহোৎসৱ(?)ৰ দৰে উদ্যাপন কৰে৷
ভাৰতত সমান নাগৰিক সংহিতাৰ প্রয়োজন, সেইটো এইবাৰ কোনো ৰাজনৈতিক দলে কোৱা নাই৷ প্রয়োজন অনুভৱ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি এগৰাকীয়ে৷ তেওঁ বিচাৰপতি৷ বিচাৰপতি এগৰাকীয়ে গোচৰ এটাৰ বিচাৰ প্রক্রিয়াত বা ৰায় দিওঁতে কওঁ বুলি বা দিওঁ বুলিয়েই কিবা এটা মন্তব্য দিব নোৱাৰে৷ ইয়াৰ আধাৰ থাকিব লাগিব৷ তেওঁ ৰাজস্থানৰ হিন্দু আৰু মীনা গোষ্ঠী (অনুসূচিত জাতি)ৰ দম্পতী এটাৰ বিবাহ বিচ্ছেদৰ ৰায় দি কথাখিনি কৈছিল৷ দম্পতীটোৱে হিন্দু ৰীতি–নীতি অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল৷ ২০১৫ চনত স্বামীয়ে হিন্দু বিবাহ আইন অনুসৰি বিবাহ বিচ্ছেদৰ আবেদন কৰে৷ কিন্তু তেওঁৰ পত্নীয়ে আদালতত কয় যে তেওঁ যিহেতু অনুসূচিত জাতিৰ লোক, গতিকে এইক্ষেত্রত হিন্দু বিবাহ আইন প্রযোজ্য নহ’ব৷ ২০২০ চনৰ ২৮ নৱেম্বৰত আদালতে পত্নীগৰাকীৰ সপক্ষে ৰায় দিয়ে৷ স্বামীয়ে সেই ৰায়ক প্রত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে৷ দিল্লী উচ্চ ন্যায়ালয়ে গোচৰটোৰ ৰায় দি কয় যে দুয়োৰে হিন্দু ৰীতি–নীতি, আচাৰ অনুসৰি বিবাহ হৈছে যেতিয়া বিচ্ছেদৰ ক্ষেত্রতো হিন্দু বিবাহ আইনেই প্রযোজ্য হ’ব৷ তাতেই বিচাৰপতি প্রতিভা সিঙে সমান নাগৰিক সংহিতাৰ প্রসংগ টানি আনে৷ তেওঁ কয় যে আধুনিক ভাৰতীয় সমাজখন জাতি–ধর্ম–বর্ণ আদিৰ ঊর্ধ্বলৈ উঠিব ধৰিছে৷ বিয়াৰ ক্ষেত্রত ধর্ম, বর্ণ, সম্প্রদায়ৰ বিভেদ লাহে লাহে বিলুপ্তিৰ দিশে গতি কৰিছে৷ সমান নাগৰিক সংহিতাৰ বাবে সঠিক সময় আহি পৰিছে৷ বিচাৰপতিগৰাকীয়ে দুটা ভিন্ন ধর্মীয় ৰীতি–নীতি, আচাৰৰ অনুগামীৰ বিবাহ বিচ্ছেদৰ গোচৰৰ বিচাৰত এখন অভিন্ন আইনৰ অভাৱ অনুভৱ কৰিছিল৷ সমান নাগৰিক সংহিতাৰ ক্ষেত্রখন বা আবেদন কিন্তু ইয়াতে সীমাবদ্ধ নহয়৷ তদুপৰি আদালতে সমান নাগৰিক সংহিতাৰ প্রয়োজন অনুভৱ কৰাৰ ঘটনাও সেয়া প্রথম নহয়৷ ১৯৯৫ চনত সৰলা মুদগল বনাম ভাৰত চৰকাৰ গোচৰটোৱে তেনে সংকট এটা আনি দিছিল৷ মুদগলৰ হিন্দু স্বামীয়ে দ্বিতীয় বিবাহ কৰাৰ বাবে ইছলাম ধর্ম গ্রহণ কৰে৷ কিন্তু প্রথমা পত্নীৰে বিবাহ বিচ্ছেদ নকৰাকৈয়ে তেওঁ দ্বিতীয় বিবাহ কৰে৷ উচ্চতম ন্যায়ালয়ে দ্বিতীয় বিবাহক অবৈধ ঘোষণা কৰে৷ তাতকৈও ডাঙৰ কথাটো হ’ল, সমান নাগৰিক সংহিতাৰ অবর্তমানত পুৰুষতন্ত্রই কিদৰে অন্যায় সুযোগ গ্রহণ কৰে, সেইটো তাৰ উৎকৃষ্ট (?) উদাহৰণ৷ বৃদ্ধা শ্বাহবানুৰ বিখ্যাত গোচৰটোৰ কথা সকলোৱে জানে৷ সমান নাগৰিক সংহিতাৰ বিপৰীতে কিদৰে তুষ্টিকৰণৰ ৰাজনীতিৰে কংগ্রেছে ইয়াৰ দুৱাৰ বন্ধ কৰি থয়, তাকো নজনা লোক কম আছে৷ ইন্দোৰৰ মহম্মদ আহমেদ খানে শ্বাহবানুক তিনি তালাক দি ঘৰৰ পৰা উলিয়াই দিয়ে৷ ১৯৮৫ চনত শ্বাহ বানুৱে ভৰণ–পোষণৰ বাবে ইন্দোৰৰ নিম্ন আদালতৰ কাষ চাপে৷ গোচৰটোৰ বিচাৰ ফৌজদাৰী বিধিৰ ১২৫নং ধাৰাত চলোৱা হয়৷ আদালতত আহমেদ খানে কয় যে শ্বাহ বানু আৰু তেওঁৰ পত্নী নহয়৷ ইছলামিক আইন অনুসৰি শ্বাহ বানুৱে পাবলগীয়া ৫,৪০০ টকাৰ বাহিৰে ভৰণ–পোষণৰ বাবদ এটকাও দিব নোৱাৰে৷ পৰৱর্তীত গোচৰটো উচ্চতম ন্যায়ালয়লৈ যায় আৰু ন্যায়ালয়ে ইছলামিক নিয়মৰ বিপৰীতে ফৌজদাৰী বিধিত গোচৰটো বিচাৰ কৰি শ্বাহ বানুৰ সপক্ষে ৰায় দিয়ে৷ গোচৰটোৰ ৰায় দি উচ্চতম ন্যায়ালয়ে কৈছিল, ভাৰতীয় দণ্ডবিধিয়ে এগৰাকী বিবাহ বিচ্ছেদ ঘটা মুছলমান মহিলাক ভৰণ–পোষণৰ পূর্ণ অধিকাৰ দিছে৷ গোচৰটোৰ ৰায় দি ন্যায়াধীশ আৰ এম সহায়ে কৈছিল– ‘আমাৰ দেশখন ধর্মনিৰপেক্ষ গণতান্ত্রিক ৰাষ্ট্র৷ সামান্যতম বিচ্যুতিয়ে ইয়াৰ সামাজিক বন্ধনক শিথিল কৰি দিব পাৰে৷ কিন্তু যি ধর্মীয় অনুশীলনে মানুহৰ অধিকাৰ আৰু মর্যাদা লংঘন কৰে আৰু ধর্মীয় নেতাসকলে নাগৰিক আৰু বৈষয়িক স্বাধীনতাৰ শ্বাস ৰোধ কৰে, সেইটো কোনো স্বাধিকাৰ নহয়, নিপীডনহে৷ সেয়ে নিপীডিত সুৰক্ষা আৰু জাতীয় ঐক্য আৰু সংহতি শক্তিশালী কৰাৰ বাবে এটা অভিন্ন বিধিৰ স্বতঃস্ফূর্তভাৱে প্রয়োজন হৈ পৰে৷ অর্থাৎ সমান নাগৰিক সংহিতাৰ কথা স্পষ্টকৈয়ে কোৱা হৈছিল৷ কিন্তু মুছলিম পার্ছনেল ল ব’র্ডে ইয়াত অন্তৰায় হৈ থিয় দিয়ে৷ তদুপৰি কেইবাটাও সংখ্যালঘু সংগঠনে বিৰোধিতা কৰাত ভোটবেংকৰ স্বার্থত ৰাজীৱ গান্ধী নেতৃত্বাধীন কংগ্রেছ চৰকাৰে ইয়াৰ ৰাস্তা বন্ধ কৰি থয়৷ সংসদত বিপুল সংখ্যাগৰিষ্ঠতা থকাৰ সুযোগ লৈ ৰাজীৱ গান্ধীয়ে আদালতৰ ৰায়টোকে অকার্যকৰী কৰি দিয়ে৷
সমান নাগৰিক সংহিতা আচলতে কি? ইয়াক লৈ কিয় সততে হৈ–চৈ হৈ থাকে? ভাৰতবর্ষত বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ–পোষণ, দত্তকগ্রহণ আদি পার্ছনেল আইনৰ অধীনত ধর্মীয় গোষ্ঠীৰ নিজস্ব শাস্ত্র আৰু প্রথা অনুসৰি নির্ণয় কৰা হয়৷ সকলো ধর্মৰে বিধি একে নহয়৷ হিন্দু ধর্মত বহুত্ব বিবাহৰ প্রথা নাই৷ শ্বৰিয়ত আইনৰ দোহাইদি মুছলমানসকলে চাৰিগৰাকীকৈ বিবাহ কৰাব পাৰে৷ শিখ, জৈন, খ্রীষ্টান, বৌদ্ধ আদি ধর্মতো মোটামুটিকৈ হিন্দু ধর্মৰ বিধিয়েই প্রচলিত৷ ইফালে, বিবাহ বিচ্ছেদৰ ক্ষেত্রতো ইছলাম ধর্মৰ প্রথা আন ধর্মৰ সৈতে নিমিলে৷ সেইদৰে বিধৱাৰ অধিকাৰ, উত্তৰাধিকাৰ আদিও পৃথক পৃথক৷ কিন্তু পর্যবেক্ষণ কৰিলে দেখা যায় যে শ্বৰিয়ত আইনৰ ফান্দত পৰা মুছলমান মহিলাৰ বাবে ইছলামিক পার্ছনেল ল ভয়ংকৰভাৱে পক্ষপাতদুষ্ট৷ ভৰণ–পোষণৰ দায়িত্ব ল’ব নালাগে বাবেই সমাজখনত বিবাহ বিচ্ছেদক প্রায় ধেমালিৰ স্তৰলৈ লৈ যোৱা হৈছে৷ হিন্দু বা আন ধর্মৰ ক্ষেত্রত এইটো সম্ভৱ নহয়৷ এইটো নহয় যে হিন্দু সমাজত বহু বৈষম্যমূলক প্রথা নাছিল৷ কিন্তু সময়ৰ লগে লগে সেইবোৰৰ পৰিৱর্তন, আইনী সুৰক্ষাৰ দিহা হৈছে৷ ১৮২৯ চনত ভাৰতত গৱর্নৰ জেনেৰেল হৈ থকা সময়ত উইলিয়াম বেণ্টিংকে সতীদাহ প্রথা বন্ধ কৰাৰ বাবে আইন ঘোষণা কৰে৷ঈশ্বৰ চন্দ্র বিদ্যাসাগৰৰ ঐকান্তিক প্রয়াসত ব্রিটিছ শাসকে ১৮৫৬ চনত বিধৱা বিবাহ আইন, ১৮৬৫ চনত ভাৰতীয় উত্তৰাধিকাৰ আইন প্রণয়ন কৰে৷ হিন্দু বিবাহ আইন–১৮৬৪, বিবাহিত মহিলাৰ সম্পত্তি আইন–১৯২৩, হিন্দু ইনহেৰিটেঞ্চ (ৰিমুভেল অৱ ডিছএবিলিটীজ)–১৮২৮ আদিয়ে হিন্দু মহিলাক সম্পত্তিৰ ওপৰত অধিকাৰ দিছিল৷ হিন্দু মহিলাৰ সম্পত্তিৰ অধিকাৰ আইনখনে ১৯৩৭ চনত প্রয়োজনীয় অনুমোদন লাভ কৰে৷ ১৯৫৬ চনত হিন্দু বিবাহ আইন, হিন্দু উত্তৰাধিকাৰ আইন, নাবালক আৰু অভিভাৱক আইন, দত্তক আৰু ভৰণ–পোষণ আইন৷ ইয়াৰ বিপৰীতে, অভিজাত মুছলমান সমাজৰ চাপত ১৯৩৭ চনত গৃহীত হোৱা শ্বৰিয়ত আইনৰ আজিলৈকে একোৱেই সলনি নহ’ল৷
আচলতে সমান নাগৰিক সংহিতা কোনো ধর্মীয় অনুশাসনৰ বিৰোধিতা কৰিবলৈ নহয়৷ বৰং বৈষম্যমূলক সামাজিক প্রথাৰ বিলোপ ঘটোৱাহে ইয়াৰ লক্ষ্য৷ ইয়াৰ সৈতে ধর্মৰ কোনো সম্পর্ক নাই৷ যদি থাকিলেহেঁতেন একাধিক ইছলামিক দেশে বিবাহ বিচ্ছেদ সংক্রান্তীয় আইন সংশোধন কৰি নাৰীৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা নকৰিলেহেঁতেন৷ এইটো লেখাৰ পাতনিতে উল্লেখ কৰিছোঁ যে সমান নাগৰিক সংহিতাৰ আৱশ্যকতা আদালতে অনুভৱ কৰিছে৷ অৱশ্যে বিজেপিৰ নির্বাচনী ইস্তাহাৰত ই অটল বিহাৰী বাজপেয়ীৰ দিনৰ পৰাই আছে৷ দলটোৱে জম্মু–কাশ্মীৰত সংবিধানৰ ৩৭০নং আৰু ৩৫ (এ)ৰ বিলুপ্তি ঘটোৱাৰ দৰে কেতিয়াবা ইয়াৰো দিহা কৰিব পাৰে৷ সেইটো সুকীয়া কথা৷ কিন্তু ন্যায়াধীশে এই প্রসংগত কেইটামান গুৰুত্বপূর্ণ প্রশ্ণ কৰিছে৷ প্রতি বছৰে মুছলমান মহিলাৰ বিবাহ বিচ্ছেদৰ গোচৰ আদালতত ৰুজু হয়৷ বিচ্ছেদৰ পাছত ভৰণ–পোষণ নোপোৱা বাবে সেই মহিলাসকলে আদালতৰ শৰণাপন্ন হয়৷ তেওঁলোকে অনুভৱ কৰে যে মুছলিম ল ব’ডৰ আইন পুৰুষ সমাজৰ পক্ষত৷ তাত মুছলমান মহিলাৰ স্বার্থ সুৰক্ষিত হৈ থকা নাই৷ তাৰেই সুযোগ লৈ মুছলমান পুৰুষে যথেষ্ট বিবাহ কৰে আৰু বিচ্ছেদ কৰে৷ লগতে পৰৱর্তী কালত প্রাক্তন স্ত্রীৰ ভৰণ–পোষণৰ দায়িত্ব অস্বীকাৰ কৰে৷ সামাজিক আৰু অর্থনৈতিক স্তৰ নির্বিশেষে সকলো মুছলমান মহিলা এই বৈষম্যৰ বলি হৈ আহিছে৷

You might also like