নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিলৰ আচৰণক লৈ অস্বস্তিত অধ্যক্ষ

সদনত বাৰে বাৰে পৰম্পৰা ভংগ শিৱসাগৰৰ বিধায়কৰ

নিয়মীয়া বাৰ্তা ১৩ জুলাইঃ শিৱসাগৰ সমষ্টিৰ নির্দলীয় বিধায়ক অখিল গগৈৰ আচৰণক লৈ আজি সদনত অস্বস্তিত পৰে খোদ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী৷ সদনৰ মজিয়াত বাৰে বাৰে বিধায়ক গগৈয়ে পৰম্পৰা ভংগ কৰি প্রদর্শন কৰা আচৰণৰ বাবে একাংশ মন্ত্রী–বিধায়ক ক্ষুণ্ণ হৈ পৰাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মিচিকিয়াই হাঁহিবলৈ বাধ্য হয়৷ সদনৰ প্রশ্ণোত্তৰকালত বিধায়ক গগৈয়ে চেঙা সমষ্টিৰ বৈদ্যুতিকীকৰণ সম্পর্কত পৰিপূৰক প্রশ্ণ কৰিবলৈ গৈ শিৱসাগৰ সমষ্টিৰ কথা ক’বলৈ আৰম্ভ কৰে৷ লগে লগে বিধানসভাৰ অধ্যক্ষই তেওঁক চেঙা সমষ্টিৰ ওপৰতহে ক’বলৈ নির্দেশ দিয়ে৷ তেতিয়া বিধায়ক গগৈয়ে চেঙা সমষ্টিত বিদ্যুৎ ভ’ল্টেজ কমকৈ অহাৰ কথা উল্লেখ কৰি ২৪ ঘণ্টাই বিদ্যুৎ কেতিয়ালৈ উপলব্ধ হ’ব আৰু বিদ্যুৎ উৎপাদনত অসম কেতিয়া স্বাৱলম্বী হ’ব বুলি প্রশ্ণ কৰে৷

ইপিনে, সদনৰ প্রশ্ণোত্তৰ কাল শেষ হোৱাৰ পাছত বিধানসভাৰ অধ্যক্ষই থিয় হৈ বক্তব্য ৰখাৰ সময়তো বিধায়ক গগৈয়ে থিয় হৈ বক্তব্য ৰাখিবলৈ আৰম্ভ কৰে৷ বিধায়ক গগৈৰ এনে আচৰণত শাসক পক্ষৰ মন্ত্রী–বিধায়কসকল্ ক্ষুণ্ণ হৈ পৰে৷ বিধায়ক পদ্ম হাজৰিকাই এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি সদনত কয় যে সদনৰ পৰম্পৰা সকলোৱে ৰক্ষা কৰি চলিব লাগে৷ অধ্যক্ষই থিয় হৈ কিবা ক’লে অধ্যক্ষৰ বক্তব্য শেষ নোহোৱা পর্যন্ত আনসকল বহি থকাটো সদনৰ পৰম্পৰা৷

সেইদৰে বিৰোধীয়ে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি সম্পর্কত উত্থাপন কৰা সভা স্থগিত প্রস্তাৱ এটাৰ আঁত ধৰি মুখ্যমন্ত্রী ড০ শর্মাই বক্তব্য ৰখাৰ সময়তো বিধায়ক গগৈয়ে মাজতে থিয় হৈ কথা ক’বলৈ আৰম্ভ কৰে৷ বিধায়ক গগৈৰ তেনে আচৰণত বিজেপিৰ মন্ত্রী–বিধায়কসকল্ জাঙুৰ খাই উঠাৰ বিপৰীতে মুখ্যমন্ত্রীয়ে মিচিকিয়াই হাঁহি থাকে৷

You might also like