নিবনুৱাৰ চকুলো মচিব কোনে?
আমাৰ দেশখনৰ বাবে নিবনুৱা সমস্যা একো নতুন কথা নহয়৷ সাম্রাজ্যবাদী ইংৰাজসকলে যি সময়ৰে পৰা ইংলেণ্ডৰ মিলত তৈয়াৰী কাপোৰ আৰু অন্যান্য উদ্যোগজাত সামগ্রীৰ ব্যাপক ৰূপত প্রচলনৰ সূচনা কৰিলে, তেতিয়াই ভাৰতত নিবনুৱা সমস্যাৰো সূত্রপাত হ’ল বুলিব পাৰি৷ দ্বিতীয়তে, কম্পিউটাৰ নামৰ যন্ত্রটোৰ আৱিষ্কাৰে বিভিন্ন ক্ষেত্রত ব্যক্তিৰ নিয়োগৰ সম্ভাৱনা দিনকদিনে সংকুচিত কৰি আনিবলৈ ধৰিলে৷ অনাগত দিনবিলাকত যে কম্পিউটাৰৰ প্রয়োগ ব্যাপকতৰ হৈ উঠিব, সেই কথাত সন্দেহৰ থল মুঠেও নাই৷ অতীতত বিভিন্ন শ্রেণীৰ উদ্যোগসমূহে বহুসংখ্যক লোকৰ বাবে জীৱিকাৰ বাট মুকলি কৰি দিছিল৷ কিন্তু বর্তমান সময়ত উদ্যোগবিলাকত ঘটা যান্ত্রিকীকৰণৰ instrumentation) ফলতো কর্মচাৰীৰ নিযুক্তি সীমিত হৈ আহি আছে৷ এতেকে এটা সময়ত বৃহৎ আৰু মজলীয়া পর্যায়ৰ ঔদ্যোগিক গোটবিলাকক নিয়োগ সৃষ্টিৰ একোখন উর্বৰ ক্ষেত্র ৰূপে গণ্য কৰা হৈছিল যদিও অদূৰ ভৱিষ্যতে সেই ধাৰণাৰ আমূল পৰিৱর্তন ঘটাটো নিশ্চিত৷ ফলত জনবহুল দেশসমূহত নিবনুৱা সমস্যাই ক্রমশঃ জটিল ৰূপ ধাৰণ কৰাৰ আশংকা ঘনীভূত হৈছে৷ আজিৰ দিনটোত চীন বিশ্বৰ সর্বাধিক জনসংখ্যাবিশিষ্ট দেশ হিচাপে পৰিচিত হৈ ৰৈছে যদিও ২০২৭ চনত ভাৰতৰ জনসংখ্যাই চীনক অতিক্রম কৰিব বুলি এক সমীক্ষাত প্রকাশ৷ আনহাতে চীনা চৰকাৰে বিভিন্ন কৌশল অথবা কূট–কৌশল অৱলম্বন কৰি সেই দেশৰ নিবনুৱা সমস্যা বহু পৰিমাণে নিয়ন্ত্রণত ৰাখিছে যদিও ভাৰতৰ পক্ষে তেনে পদক্ষেপ আগবঢ়োৱাটো বিভিন্ন কাৰণত এইপর্যন্ত সম্ভৱ হৈ উঠা নাই৷ বিশেষকৈ ক’ভিড–উত্তৰ পৰিস্থিতিত নিবনুৱা সমস্যাই ভাৰতৰ নিচিনা দেশত অত্যন্ত কৰাল ৰূপ ধাৰণ কৰাৰ আশংকা জন্মিছে৷ কিবা অপৰম্পৰাগত তথা অশ্রুতপূর্ব কৌশল উদ্ভাৱিত নহ’লে সীমিত সম্পদেৰে আমাৰ দেশত নিবনুৱা সমস্যা সমাধান কৰাটোতো দূৰৰে কথা, ইয়াক কিছু লাঘৱ কৰাৰ সম্ভাৱনাও আমাৰ দৃষ্টিগোচৰ হোৱা নাই৷
এই বিষয়ত আমাৰ অসম ৰাজ্যও ব্যতিক্রম নহয়৷ লক্ষণীয়ভাৱে এই ৰাজ্যখনৰ জন–ঘনত্ব সর্বভাৰতীয় জন–ঘনত্বতকৈ অধিক৷ তদুপৰি আন বহুতো দিশৰ বিৱেচনাৰেও দেশৰ আন আন ৰাজ্যৰ তুলনাত অসমৰ নিবনুৱা সমস্যাৰ চৰিত্র পৃথক৷ আমাৰ এই ৰাজ্যখনত নিবনুৱা সমস্যাৰ উপৰি আছে নিষ্কর্মাৰ সমস্যাও৷ কৰিবলৈ কাম আছে যদিও কৰাৰ আগ্রহ অথবা সামর্থ্য নাই৷ ফলত অসমৰ স্থানীয় লোকসকলে কৰিবলগীয়া অজস্র কামত বহিঃৰাজ্যৰ লক্ষ লক্ষ লোক নিয়োজিত হৈ আছে৷ এয়ে হৈছে নিষ্কর্মাৰ সমস্যা৷ অন্যান্য কিছুমান ৰাজ্যৰ সীমিত কেইটামান বৃত্তিত অসমৰ একাংশ লোক নিযুক্ত হৈ আছিল যদিও ক’ভিড–উত্তৰ কালছোৱাত তেওঁলোকক গৃহৰাজ্যলৈ প্রত্যাৱর্তনৰ নিমিত্তে পৰিস্থিতিয়ে বাধ্য কৰিলে৷ তাৰ ফলতো অসমত নিবনুৱাৰ সংখ্যা কেইলাখমান বৃদ্ধি পালে৷ অৱশ্যে অসমৰ এই লোকসকল বহিঃৰাজ্যসমূহৰ কোনো মর্যাদাসম্পন্ন পদবীত নিযুক্ত হৈ থকা নাছিল৷ তেওঁলোকে ইচ্ছা কৰিলে নিজ নিজ গাঁৱে–চহৰেও কিছুমান উৎপাদনমুখী ক্ষেত্র বিচাৰি উলিয়াব পাৰে৷ এই প্রসংগতে উল্লেখযোগ্য যে অসমৰ মুঠ কৃষি উপযোগী ভূমিৰ পূর্ণ সদ্ব্যৱহাৰ হ’বলৈ এতিয়াও বাকী আছে৷ কিন্তু ৰাজ্যখনৰ গ্রামাঞ্চলত পর্যাপ্ত পৰিমাণৰ মাটি–বাৰী থকা লোকসকলেও শেহতীয়াকৈ নিজে খেতি–বাতি কৰিবলৈ এৰি দিছে৷ এই লোকসকলে কৃষিকর্মৰ প্রতি অনীহা প্রকাশ কৰাৰ কাৰণো অৱশ্যে নোহোৱা নহয়৷ কৃষিৰ জৰিয়তে উৎপাদিত ফচলৰ প্রাপ্য মূল্য নোপোৱাটোৱেই এনেবিলাক কাৰণৰ ভিতৰত সর্বপ্রধান৷ তাৰ উপৰি আছে হাতী, বান্দৰ আদি বনৰীয়া জন্তুৰ উপদ্রৱ৷ বান কিম্বা খৰাঙৰ কথা কোৱাৰ বোধ হয় প্রয়োজনেই নাই৷ তদুপৰি কৃষিজাত সামগ্রীৰ সংৰক্ষণৰ বাবে যি পৰিগাঁথনিৰ আৱশ্যক, তাৰো অভাৱ অসমত সর্বত্র পৰিলক্ষিত হয়৷ উদাহৰণ স্বৰূপে একোটা নির্দিষ্ট ঋতুত প্রচুৰ পৰিমাণে উৎপাদিত আলু, বিলাহী আদি বছৰটোলৈ নষ্ট নোহোৱাকৈ ৰাখিবলৈ অসমত শীতল পণ্যাগাৰ Cold storage) নাই বুলিলেও হয়৷ একেদৰে আমাৰ ৰাজ্যখনত খাদ্য–সংসাধন Food processing) উদ্যোগো নাই বুলিব পাৰি৷ এই দিশত চুবুৰীয়া ভূটান দেশ চকুত লগা ধৰণে আগবাঢ়ি যোৱা দেখা গৈছে৷ আমাৰ অসমতো যদি খাদ্য–সংসাধনৰ উদ্যোগ আৰু উদ্যান শস্যৰ উৎপাদনৰ মাজত এক সমন্বয় গঢ়ি তুলিব পৰা হ’লহেঁতেন, তেনেহ’লে ৰাজ্যখনৰ বহুসংখ্যক নিবনুৱা লোক কৃষিকর্মৰ প্রতি আকৃষ্ট হোৱাৰ থল আছিল৷
অসমৰ নিবনুৱা সমস্যা লাঘৱ কৰাৰ দিশত প্রণালীবদ্ধ বাঁহ খেতিয়ে যে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে, সেই বিষয়ে বিভিন্ন স্থানত আমি কৈ আহিছোঁ৷ বিশেষজ্ঞসকলে বাঁহক ‘বিস্ময়কৰ তৃণ’ Wonder grass) আখ্যা দিছে৷ অসমৰ জলবায়ু স্বাভাৱিকৰূপেই বাঁহ খেতিৰ অতিশয় উপযোগী৷ অটল বিহাৰী বাজপেয়ীজী প্রধানমন্ত্রী হৈ থকা কালতে অসমকে ধৰি সমগ্র দেশতে বিজ্ঞানসন্মতভাৱে বাঁহ খেতিৰ জৰিয়তে দেশখনৰ আশী লাখ লোকৰ বাবে জীৱিকাৰ বাট মোকলাবলৈ এখন অভিলাষী আঁচনি প্রস্তুত কৰি তাৰ বাবে পর্যাপ্ত পুঁজিও ধার্য কৰা হৈছিল৷ পিছে পৰৱর্তী কালত উচ্চ পর্যায়ত সংঘটিত দুর্নীতি আৰু কর্ম–সংস্কৃতিৰ অভাৱৰ হেতু সেই আঁচনি ফলৱতী নহ’ল৷ তথাপি এই প্রসংগতে আমি কৈ থওঁ যে অসমৰ অর্থনীতি সবল ৰূপত গঢ়ি তোলাৰ দিশত বাঁহৰ প্রাসংগিকতা অতীততো আছিল আৰু ভৱিষ্যতেও থাকিব৷ কেৱল এই সন্দর্ভত চৰকাৰ তথা কর্তৃপক্ষসমূহে সুবিধাপ্রদায়কৰ Facilitator) ভূমিকা গ্রহণ কৰিবলৈ আগবাঢ়ি অহা বাঞ্ছনীয়৷ বাঁহক কেঁচামাল হিচাপে লৈ যিবোৰ সামগ্রী উৎপাদন কৰাটো সম্ভৱপৰ, তেনে প্রতিবিধ দ্রব্যৰে একোখন বহল আন্তর্জাতিক বজাৰ থকাৰ বিষয়ে আটায়েই অৱগত৷ কিন্তু উপযুক্ত কর্ম পদ্ধতিৰ অভাৱত অসমৰ বাঁহৰ বাবে সেই বজাৰখনত প্রৱেশ কৰাটো আজিও সম্ভৱ হৈ উঠা নাই৷ আজিৰ পৰা প্রায় দুই দশক পূর্বে বিশিষ্ট প্রৱাসী অসমীয়া অভিযন্তা ৰাজেন বৰুৱাদেৱৰ পৰা জানিব পাৰিছিলোঁ যে সেই সময়লৈকে মার্কিন যুক্তৰাষ্ট্রৰ বৃহৎ বৃহৎ বিপণীসমূহত বিক্রী হোৱা বাঁহেৰে তৈয়াৰী বস্তুবিলাক সেই দেশলৈ প্রধানকৈ আমদানি হয় ভিয়েটনামৰ পৰা৷ আজিও সম্ভৱতঃ সেই বজাৰখন ভিয়েটনামেই দখল কৰি আছে৷ পিছে ৰপ্তানি–বাণিজ্যৰ কথাতো বাদেই, ভাৰতৰ ঘৰুৱা বজাৰখনতে অসমৰ বাঁহৰ প্রতি আদৰ আমাৰ দৃষ্টিগোচৰ হোৱা নাই৷ উদাহৰণ স্বৰূপে ভাৰতত বছৰি চাৰিশ কোটি টকাৰ ধূপ উৎপাদন হয়৷ তেনে প্রতিডাল ধূপৰ শাহটো বাঁহেৰে নির্মিত৷ এই কথাৰ প্রতি দৃষ্টি ৰাখি গুৱাহাটীৰ এজন উদ্যোগী ব্যক্তিয়ে আমিনগাঁৱত ধূপৰ আধাৰস্বৰূপ বাঁহৰ কাঠী উৎপাদনৰ এক উদ্যম হাতত লৈছিল যদিও ঘাইকৈ চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱতে তেওঁৰ সেই উদ্যমিতা ফলৱতী নহ’ল৷
ওপৰৰ কথাখিনি আমি অসমৰ অল্পশিক্ষিত অথবা অর্ধশিক্ষিত নিবনুৱা লোকসকলক চকুৰ আগত ৰাখিয়েই আলচ কৰিছিলোঁ৷ এতিয়া ৰাজ্যখনৰ উচ্চশিক্ষিত নিবনুৱাসকলৰ দশা সন্দর্ভত কিছু কথা ব্যক্ত কৰিব খুঁজিছোঁ৷ পাৰ হৈ যোৱা সপ্তাহটোত এই উচ্চশিক্ষিত নিবনুৱা যুৱক–যুৱতীসকলৰ্ সমস্যাৱলী শূন্য দূৰত্বৰ পৰা নিৰীক্ষণ কৰাৰ সুযোগ মই লাভ কৰিছিলোঁ৷ এইখিনিতে উল্লেখযোগ্য যে চলিত বছৰৰ মাজভাগত অসম চৰকাৰে ৰাজ্যৰ অর্ধশতাধিক মহাবিদ্যালয়ৰ বিজ্ঞান শাখাসমূহত অনুমোদন জনায়৷ সেই মহাবিদ্যালয়সমূহৰ্ তালিকাত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত এখন মহাবিদ্যালয়ো আছিল, যিখনৰ পৰিচালনা নিকায়ৰ সভাপতি হিচাপে যোৱা চাৰি বছৰ মই নিযুক্ত হৈ আছোঁ৷ মহাবিদ্যালয়সমূহৰ্ যিকোনো পদ পূৰণার্থে হোৱা সাক্ষাৎকাৰত পৰিচালনা সমিতিৰ সভাপতিজনেই অধ্যক্ষতা কৰাটো নিয়ম৷ তদনুযায়ী যোৱা ন অক্টোবৰৰ পৰা আজিপর্যন্ত ছটা বিষয়ৰ সর্বমুঠ সোতৰটা সহকাৰী অধ্যাপকৰ পদ পূৰণার্থে সাক্ষাৎকাৰ অনুষ্ঠিত হৈ আছে৷ পূর্বোক্ত কেউটা পদৰ বাবে প্রার্থিত্ব আগবঢ়োৱা লোকৰ মুঠ সংখ্যা আছিল চাৰিশৰো অধিক৷ এই পদসমূহৰ বাবে প্রার্থী নির্বাচন কৰিবলৈ গঠন কৰি দিয়া ব’ডবিলাকত গুৱাহাটী বিশ্ববিদ্যালয়ে মনোনীত কৰা তিনি/চাৰিগৰাকীকৈ বিষয়–বিশেষজ্ঞই অংশগ্রহণ কৰিছিল৷ এতিয়া কথা হৈছে, প্রতিটো সহকাৰী অধ্যাপকৰ পদ লাভ কৰিবলৈ বহুসংখ্যক অর্হতাসম্পন্ন প্রার্থীয়ে ভিৰ কৰিছিলহি৷ তেওঁলোকৰ ভিতৰৰ প্রায় ত্রিছ–চল্লিছ শতাংশ প্রার্থীয়েই ডক্টৰেট উপাধিকাৰী আছিল৷ দুজন আছিল প’ষ্ট ডক্টৰেট গৱেষণা কৰাৰ অভিজ্ঞতাৰে পুষ্ট৷ ইয়াৰে এজনে আন্তর্জাতিক ফেল’শ্বিপ লৈ চীন দেশত তিনি বছৰ গৱেষণা কৰি স্বদেশলৈ উলটি আহিছে৷ আনজনে একে উদ্দেশ্যৰে ইজৰাইলত অতিবাহিত কৰিছিল চাৰি বছৰ৷ কিন্তু ৰাজ্যৰ শিক্ষা বিভাগে প্রস্তুত কৰা নীতি–নির্দেশনাত প’ষ্ট ডক্টৰেট গৱেষণাৰ বাবে একো মানাংক ধার্য কৰা হোৱা নাই৷ সম্ভৱতঃ সেই নির্দেশনা প্রণয়নৰ সময়ত এনে একোটা পদৰ বাবে প’ষ্ট ডক্টৰেট উপাধিধাৰী প্রার্থী আহিব বুলি ভবাটোৱেই কঠিন আছিল৷ তাৰ বিপৰীতে কোনো স্বীকৃতিপ্রাপ্ত মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ অভিজ্ঞতা থকা প্রার্থীসকলক বছৰি এককৈ সর্বাধিক তিনি নম্বৰ দিয়াৰ ব্যৱস্থা উক্ত মূল্যায়ন–তালিকাত সন্নিৱিষ্ট হৈছে৷ অর্থাৎ এই মূল্যায়ন–তালিকা অনুসৰি প’ষ্ট ডক্টৰেট গৱেষণাৰ একো শৈক্ষিক মূল্য নাই৷ আশা কৰোঁ ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে যথাসম্ভৱ শীঘ্রে এনে গৱেষণামূলক অভিজ্ঞতাক স্বীকৃতি প্রদান কৰিব৷
লক্ষণীয়ভাৱে সাক্ষাৎকাৰৰ অংশ হিচাপে প্রতিজন প্রার্থীয়ে একোটা স্বনির্বাচিত বিষয়ত পাঠদানৰ নমুনা প্রদর্শন কৰিব লাগে৷ এনে পাঠদান ইংৰাজীৰ লগতে স্থানীয় ভাষাতো (ব্রহ্মপুত্র উপত্যকাত হ’লে অসমীয়াত) কৰাটো বাধ্যতামূলক৷ তদুপৰি সহকাৰী অধ্যাপক পদৰ প্রার্থীসকলৰ মূল্যায়ন–পত্রত গৱেষণা–পত্র প্রকাশ, স্বীকৃত গ্রন্থত অধ্যায় প্রকাশ, ছেমিনাৰ আদিৰ বাবেও একো একোটা মানাংক ধার্য কৰা হৈছে৷ এতেকে ৰাজ্যৰ চৰকাৰী মহাবিদ্যালয়সমূহৰ্ শিক্ষক নির্বাচন প্রক্রিয়া প্রায় সম্পূর্ণভাৱে স্বচ্ছ বুলি ভবাৰ থল আছে৷
উল্লিখিত প্রার্থী নির্বাচন প্রক্রিয়াৰ এটা উল্লেখযোগ্য দিশ হৈছে অন্য প্রকাৰে সক্ষম Differently able) প্রার্থীসকলৰ বাবে কিছুসংখ্যক আসন সংৰক্ষণ কৰাটো৷ তেনে কেইজনমান প্রার্থী বিগত সপ্তাহটোত অনুষ্ঠিত সাক্ষাৎকাৰত উপস্থিত আছিল৷ স্বাভাৱিকতে তেনে প্রতিজন প্রার্থীয়ে নিযুক্তি লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷ প্রকৃততে প্রতিটো বিভাগতে নিযুক্তি লভিবলৈ তীব্র প্রতিদ্বন্দ্বিতা হোৱাটো প্রত্যক্ষ কৰিলোঁ৷ অধ্যাপকৰ পদ যদি তিনিটা, তাৰ বিপৰীতে প্রার্থীৰ সংখ্যা সত্তৰ/আশীজন পর্যন্ত৷ তেওঁলোকৰ প্রতিজনেই উচ্চ অর্হতাসম্পন্ন৷ কিন্তু তাৰ পাছতো নিযুক্তিৰ কোনো নিশ্চয়তা নাই৷ এনে এটা সময় আছিল, যেতিয়া ডক্টৰেট উপাধি লাভ কৰাটো এক বিৰল পৰিঘটনা ৰূপে বিবেচিত হৈছিল৷ কিন্তু আজি তেনে শত শত উচ্চশিক্ষিত ব্যক্তিৰ বাবে উপযুক্ত কামৰ অভাৱ এজুম ভোকাতুৰ মানুহৰ মাজলৈ কেইখনমান ৰুটী দলিয়াই দিলে যেনে অৱস্থাৰ উদ্ভৱ হয়, সম্প্রতি ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ্ শিক্ষক বাছনিৰ প্রক্রিয়াটোতো ঠিক তেনে হোৱা বুলি মোৰ অনুভৱ হৈছে৷ এনে পৰিস্থিতিৰ সমুখত আমি প্রত্যেকেই দেখোঁ অসহায়