নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেপ্তাৰৰ পূর্বে ৰহস্যময়ী নাৰীক সাক্ষাৎ কৰিছিল এছপি সঞ্জীতে

ৰুবুলৰ পৰা লোৱা ৪০ লাখ ক’ত লুকুৱালে

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ  অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ প্রশ্নকাকত যোগান ধৰাৰ বাবদ কুখ্যাত দালাল ৰুবুল হাজৰিকাৰ পৰা লোৱা ৪০ লাখ টকা কৰিমগঞ্জৰ তদানীন্তন এছ পি কুমাৰ সঞ্জীত কৃষ্ণই ক’ত লুকুৱাই থ’লে, তাৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে চি আই ডিয়ে৷ এই ধনৰ সন্ধানত চি আই ডিৰ দলে যোৱানিশা মহানগৰীৰ দুটা স্থানত অভিযান চলায় যদিও উক্ত ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ ধৃত ৰুবুলৰ পৰা সংগ্রহ কৰা ধনখিনি কোনো নিৰাপদ স্থানত আৰক্ষী অধীক্ষকজনে লুকুৱাই থোৱা বুলি সন্দেহ কৰিছে চি আই ডিয়ে৷ আৰক্ষীৰ এক সূত্রই জনোৱা মতে, এছ আই পদৰ নিযুক্তি কেলেংকাৰিত প্রত্যক্ষভাৱে জড়িত থকাৰ অভিযোগত যোৱা ১৫ অক্টোবৰত গ্রেপ্তাৰ হোৱা কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই গ্রেপ্তাৰৰ পূর্বে গুৱাহাটীত লুকুৱাই থোৱাৰ সন্দেহ কৰিছে চি আই ডিৰ তদানীন্তন বিষয়াই৷ আৰক্ষীৰ সূত্রটোৱে জনোৱা মতে, প্রশ্নকাকত ফাদিলৰ বাবে ৰুবুল হাজৰিকাই দিয়া ৪০ লাখ টকা লোৱাৰ কথা প্রথমতে অস্বীকাৰ কৰাৰ চেষ্টা কৰিছিল সঞ্জীত কৃষ্ণই৷ কিন্তু ধৃত ৰুবুল হাজৰিকা আৰু ৰুবুলৰ ঘনিষ্ঠ বন্ধু তথা দালাল সৰোজ শর্মাৰ লগত মুখামুখিকৈ বহুৱাই চি আই ডিয়ে জেৰা কৰাতো ধন লোৱাৰ কথা অস্বীকাৰ কৰে যদিও প্রশ্নকাকত কি কাৰণে ফাদিল কৰিলে, তাৰ সদুত্তৰ দিব নোৱাৰিলে কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষকজনে৷ পৰৱর্তী জেৰাত সঞ্জীত কৃষ্ণই পূর্বে থকা চিনাকি সূত্রে ৰুবুলৰ পৰা ধন ধাৰে লোৱা বুলি কয় যদিও ইমান পৰিমাণৰ ধন কি কাৰণে ধাৰে লয়, তাৰো সদুত্তৰ দিয়াত ব্যর্থ হয় সঞ্জীত কৃষ্ণ৷

উল্লেখ্য যে সংশ্লিষ্ট গোচৰত সোধা–পোছাৰ বাবে তলব কৰাৰ সময়ত চি আই ডিৰ মুখ্য কার্যালয়ত হাজিৰ হোৱাৰ বিপৰীতে আৰক্ষী অধীক্ষকজনে ৰহস্যজনকভাৱে আত্মগোপন কৰে৷ ইয়াৰ পাছত যোৱা ১৫ অক্টোবৰত সঞ্জীত কৃষ্ণই আত্মসমর্পণ কৰে যদিও আত্মসমর্পণৰ সময়ত ৰুবুল বাহিনীয়ে দিয়া ধন কোনো নিৰাপদ স্থানত লুকুৱাই থোৱা বুলি সন্দেহ কৰিছে চি আই ডিৰ তদন্তকাৰী বিষয়াই৷ এনে পৰিস্থিতিত আত্মসমর্পণৰ পূর্বে সঞ্জীত কৃষ্ণই আত্মগোপন কৰা স্থানৰ তথ্য উদ্ধাৰৰ পাছত সংশ্লিষ্ট স্থানৰ লগতে কৰিমগঞ্জতো আৰক্ষী অধীক্ষকজনক লগত লৈ চি আই ডিয়ে জেৰা চলাবলৈ সাজু হোৱা বুলি আৰক্ষী সূত্রটোৱে প্রকাশ কৰে৷ সূত্রটোৱে লগতে জনোৱা মতে, কুমাৰ সঞ্জীত কৃষ্ণই আত্মসমর্পণৰ পূর্বে তিনি ঘনিষ্ঠ বন্ধুৰ সৈতে গৈ এগৰাকী ৰহস্যময়ী নাৰীক লগ ধৰে৷ তিনি ঘনিষ্ঠ বন্ধুৰে মিলি সঞ্জীত কৃষ্ণই ৰহস্যময়ী এগৰাকী নাৰীক লগ ধৰাৰ তথ্য আৰক্ষীৰ চোৰাংচোৱাই লাভ কৰে৷ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই তিনি বন্ধুৰ লগ লাগি কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষকজনে এই বিশেষ নাৰীগৰাকীৰ হাতত ৪০ লাখ টকা লুকুৱাই থোৱা বুলি চি আই ডিয়ে সন্দেহ কৰিছে৷ চি আই ডিয়ে এই সন্দর্ভত কুমাৰ সঞ্জীত কৃষ্ণক জেৰা কৰে যদিও আৰক্ষী অধীক্ষকজনে ৰহস্যময়ী নাৰীগৰাকী সন্দর্ভত মৌনতা অৱলম্বন কৰে৷ এই বিশেষ নাৰীগৰাকীৰ লগতে তিনি বন্ধুৰ সন্ধানত চি আই ডিৰ ৫টা দলে যোৱানিশা মহানগৰীৰ সম্ভাব্য স্থানত অভিযান চলায় যদিও ৪০ লাখ টকা লুকুৱাই থোৱা বিশেষ নাৰী তথা তিনি বন্ধুৰ ‘ক্লু’ নাপালে৷ চি আই ডিৰ তদন্তকাৰী বিষয়াই এতিয়া ৪০ লাখ টকা উদ্ধাৰৰ বাবে জোৰ তদন্ত চলাই আছে৷ ইফালে ধৃত ৰুবুল হাজৰিকাই এছ আই পদৰ চাকৰি ৮ৰ পৰা ১০ লাখ টকাত বিক্রী কৰিবৰ বাবে মুঠ ৭৮জন এজেণ্টক নিয়োগ কৰা বুলি স্বীকাৰোক্তি দিছে৷ ৰুবুলে দিয়া স্বীকাৰোক্তি মতে এই ৭৮জন এজেণ্টৰ ভিতৰত এজন অন্যতম আছিল বৰপেটাৰ দেৱৰাজ দাস৷ ৰুবুলৰ স্বীকাৰোক্তিৰ ভিত্তিত চি আই ডি আৰু আৰক্ষীয়ে দেৱৰাজ দাসৰ ঘৰত চাকৰি প্রার্থীৰ পৰা সংগ্রহ কৰি লুকুৱাই থোৱা ১,৮৩,৫৫,৭৪০ টকা জব্দ কৰিছে৷ এক বিশেষ সূত্রৰ তথ্য মতে, কৰিমগঞ্জৰ আৰক্ষী অধীক্ষ হিচাপে কর্মৰত হৈ থকাৰ সময়ত কৰিমগঞ্জৰ আমিনপুৰৰ কুখ্যাত কয়লা–চুপাৰি মাফিয়া হিবজুৰ ৰহমান চৌধুৰী আৰু বদৰপুৰৰ কয়লা মাফিয়া ৱাহিদ চৌধুৰীৰ সৈতে বিশেষ ঘনিষ্ঠতা বজাই ৰাখিছিল৷ আৰক্ষী অধীক্ষকজনে এই দুই মাফিয়াক সুৰক্ষা দিয়াৰ বিনিময়ত নিয়মীয়া ধন সংগ্রহ কৰিছিল৷ এছ পিজনে এই দুজন মাফিয়াৰ ঘনিষ্ঠ জনৈক পালৰ জৰিয়তে গুৱাহাটীলৈ প্রতিমাহে বৃহৎ পৰিমাণৰ ধন প্রেৰণ কৰিছিল৷ এছ আই নিযুক্তি প্রশ্ণকাকত ফাদিল কৰা বাবে আগধন হিচাপে লোৱা ৪০ লাখ টকা হিবজুৰ ৰহমান চৌধুৰীৰ সহায়ত পালৰ জৰিয়তে গুৱাহাটীৰ গোপন স্থানলৈ প্রেৰণ কৰা বুলি সূত্রটোৱে সদৰী কৰে৷ এই দুই মাফিয়াক তদন্তৰ আওতালৈ আনিলেই ৪০ লাখ টকা উদ্ধাৰ হ’ব বুলিও সূত্রটোৱে প্রকাশ কৰে৷

You might also like