নিশা ফুলা ফুলৰ ৰং বগা আৰু সুবাস বেছি কিয়, জানেনে?
বিশেষ বাৰ্তা, ২১ এপ্ৰিলঃ আনন্দ উদ্যাপনত যিদৰে প্রয়োজন হয় ফুলৰ, তেনেদৰে শোক প্রকাশতো ফুলৰে প্রয়োজন হয়। উপলক্ষৰ ভিন্নতাৰ বাবে কেতিয়াবা দৰকাৰ ৰঙীন ফুলৰ আৰু কেতিয়াবা প্রয়োজন বগা ফুলৰ। সাধাৰণতে ৰাতি ফুলা ফুল বগা আৰু দিনত ফুলা ফুল ৰঙীন হয়। দিন আৰু ৰাতি ভেদে ফুলৰ ৰং কিয়া বেলেগ হয় জানেনে?
কোনো কীট-পতংগ যেতিয়া এটা ফুলৰ পৰা আন ফুললৈ গৈ বহে তেতিয়া পতংগৰ শৰীৰত লাগি থকা ৰেণু অন্য ফুলত বিয়পি পৰে তথা পু লিংগৰ ফুলৰ ৰেণুৰ সৈতে স্ত্রী লিংগৰ ফুলৰ মিলন ঘটে। অর্থাৎ ফুল ফুলিবলৈ কীট-পতংগ আকর্ষণ কৰাটো জৰুৰী। বিজ্ঞানৰ মতে, ফুলৰ ৰঙৰ অন্তৰালত জৰিত আছে এই পতংগক আকৃষ্ট কৰাৰ বিষয়। দিনৰ সময়ত ফুলৰ উজ্জ্বল ৰঙে কীট-পতংগক আকৃষ্ট কৰে। কিন্তু ৰাতি পোহৰ নথকাত ফুলৰ ৰং কোনো কামত নাহে। সেয়ে ফুলৰ ৰং বগা হয়। এইখিনিতে প্ৰশ্ন হয় তেন্তে ৰাতি ফুলা ফুলত কেনেকৈ আহে পতংগ? মন কৰিলে দেখা যায় নিশাৰ ফুলত বৰ বেছি গোন্ধ থাকে। ৰঙেৰে আকর্ষণ নকৰি এই ধৰণৰ ফুলে গোন্ধৰে কীট-পতংগ কাষলৈ টানে। সেয়ে ৰাতিৰ ফুলত ৰং নাথাকিলেও গোন্ধ বেছি থাকে।