নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান?

🔹 ধ্রুৱ মহন্ত

হঠাৎ অসমত ধ্বনিত হৈছে পাকিস্তান জিন্দাবাদ শ্লোগান৷ বিশেষকৈ সামাজিক মাধ্যমত অসমত থকা পূর্ববংগীয় মূলৰ একাংশ ইছলাম ধর্মাৱলম্বী লোক হঠাৎ পাকিস্তানৰ সমর্থনত সৰৱ হৈ উঠিছে৷ ইতিমধ্যে এনে পাকিস্তানৰ সমর্থনত সামাজিক মাধ্যমত প্রচাৰ চলোৱা প্রায় এশ লোকক অসম আৰক্ষীয়ে গ্রেপ্তাৰো কৰিছে৷ সমগ্র ঘটনাপ্রৱাহৰ আৰম্ভণি ঘটে ভাৰতত পাক সন্ত্রাসবাদীৰ কূটাঘাত আৰু পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ অভিযানৰ সময়ৰে পৰা৷ ২০২৫ চনৰ ২২ এপ্রিলত কাশ্মীৰৰ পেহেলগামত পাক সমর্থিত সন্ত্রাসবাদীয়ে ২৬গৰাকী নিৰীহ পর্যটকক নৃশংসভাৱে গুলীয়াই হত্যা কৰাৰ পিছত ৭ মে’ৰ পৰা ১০ মে’লৈ ভাৰতীয় সেনাই পাকিস্তানত থকা সন্ত্রাসবাদীৰ ঘাটিত সুনির্দিষ্ট আক্রমণ চলায়৷ ভাৰতীয় সেনাৰ এই অভিযানত পাকিস্তানত ঘাটি পাতি ভাৰতৰ বিৰুদ্ধে তৎপৰতা চলাই থকা সন্ত্রাসবাদী প্রচুৰ ক্ষতিৰ সন্মুুখীন হয়৷ কিন্তু এই সময়ছোৱাতে হঠাৎ সামাজিক মাধ্যমত সক্রিয় হৈ উঠে অসমৰ একাংশ বিশেষ সম্প্রদায়ৰ লোক আৰু এই লোকসকলে ফেচবুক, এক্স আদিত ভাৰত তথা অসমৰ বিৰুদ্ধে আৰম্ভ কৰে পৰিকল্পিত প্রচাৰ অভিযান৷ দেশ তথা জাতিদ্রোহৰ উন্মাদনাত মতলীয়া হৈ পৰা এই লোকসকলে আনকি সামাজিক মাধ্যমত ভাৰতীয় সেনা তথা ভাৰত চৰকাৰক তুচ্ছ–তাচ্ছিল্য কৰাৰ লগতে পাকিস্তান জিন্দাবাদ শ্লোগান দিবলৈও আৰম্ভ কৰে৷ অৱশ্যে অসম আৰক্ষীয়ে এইচাম দেশদ্রোহীৰ বিৰুদ্ধে তৎপৰতাৰে অভিযান আৰম্ভ কৰাৰ লগতে গোচৰ পঞ্জীয়ন কৰি ইতিমধ্যে বিভিন্ন জিলাত প্রায় এশ লোকক আটক কৰিছে৷

ইয়াৰ সমান্তৰালভাৱে ২০২৫ চনৰ ৭ জুনৰ ঈদ–উজ–জোহা উৎসৱৰ পৰৱর্তী পর্যায়ত হঠাৎ অসমৰ একাংশ মন্দিৰ, নামঘৰ আদিত গো-মাংস, গৰুৰ কটা মূৰ আদি ওলাবলৈ আৰম্ভ কৰিলে৷ প্রথমে ধুবুৰীত সংঘটিত হোৱা এই ঘটনাই উৎকট সাম্প্রদায়িক উত্তেজনা বিয়পাই দিয়াৰ লগতে পৰিস্থিতি বাৰুকৈয়ে জটিল কৰি তোলে৷ ঘটনাই এনে পর্যায় পায়গৈ যে পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ঘটনাস্থলীলৈ যোৱা আৰক্ষীৰ ওপৰত একাংশ ইছলামধর্মী লোকে শিলাবর্ষণো আৰম্ভ কৰে৷ পূর্বে নিৰাপত্তা বাহিনীৰ ওপৰত শিলাবর্ষণৰ এনে ঘটনা আমি কাশ্মীৰতহে প্রত্যক্ষ কৰিছিলোঁ৷ এতিয়া অসমতো এনে ঘটনা সংঘটিত হোৱা বিষয়টোৱে নিশ্চিতভাৱে আমাৰ ভৱিষ্যতৰ বাবে অত্যন্ত অশুভ ইংগিত বহন কৰিছে৷ ক্রমাৎ পৰিস্থিতিয়ে এনে পর্যায় পায়গৈ যে মুখ্যমন্ত্রীয়ে ধুবুৰীৰ ঘটনাস্থলী পৰিদর্শন কৰি দুর্বৃত্তক দেখা মাত্রেই গুলীওৱাৰ নির্দেশ দিবলগীয়া হয়৷ চৰকাৰৰ কঠোৰ স্থিতিৰ পিছত ধুবুৰীৰ পৰিস্থিতি ক্রমাৎ নিয়ন্ত্রণলৈ আহে যদিও পৰৱর্তী পর্যায়ত লক্ষীপুৰ, গোৱালপাৰা, লখিমপুৰ, শ্রীভূমি, হোজাই, যোৰহাট আদিতো ধাৰাবাহিকভাৱে মন্দিৰ, নামঘৰ আদিত গো-মাংস, গৰুৰ কটা মূৰ আদি উদ্ধাৰৰ ঘটনা সংঘটিত হয়৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্রান্তত এনেবোৰ ঘটনা সন্দর্ভত আৰক্ষীয়ে ধুবুৰীত প্রায় ৫০জন, লখিমপুৰত ৭জনকে ধৰি মুঠ ৭০জনৰো অধিক লোকক গ্রেপ্তাৰ কৰিছে৷ কিন্তু ৰাজ্যৰ বিভিন্ন প্রান্তত ধাৰাবাহিকভাৱে মন্দিৰ, নামঘৰ আদিত এনেদৰে গো-মাংস, গৰুৰ কটা মূৰ আদি নিক্ষেপৰ এনে ঘটনাই নিশ্চিতভাৱে ৰাজ্যৰ ভৱিষ্যতৰ পক্ষে অত্যন্ত অশুভ ইংগিত বহন কৰিছে৷ অসমত আৰম্ভ হোৱা এনে নোহোৱা-নোপজা ঘটনাৰ এই ধাৰাবাহিকতাক কলিতেই মষিমূৰ কৰিব নোৱাৰিলে আগন্তুক সময়ত পৰিস্থিতিয়ে অতি ভয়ংকৰ আৰু জটিলতম ৰূপ লোৱাটো তেনেই নিশ্চিত৷ অসমৰ সমাজ জীৱনলৈ নামি অহা এনে দুর্যোগক আমি প্রাৰম্ভিক পর্যায়তে কঠোৰ হাতেৰে প্রতিহত কৰিব নোৱাৰিলে আমাৰ সম্ভাব্য বিপর্যয়ক ৰোধ কৰাটো কোনোপধ্যেই সম্ভৱ হৈ নুঠিব৷

অৱশ্যে অসমত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিয়াৰ এই প্রৱণতা নতুন নহয়৷ প্রকৃততে দেশৰ স্বাধীনতাৰ সময়তে চৈয়দ ছাদুল্লা, মৌলানা ভাচানীৰ নেতৃত্বত মুছলিম লীগে অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰিবলৈ সর্বশক্তিৰে চেষ্টা চলাইছিল৷ কিন্তু লোকপ্রিয় গোপীনাথ বৰদলৈ, বিষুৰাম মেধি, অমিয় কুমাৰ দাস, দেৱেশ্বৰ শর্মা আদিৰ সবল নেতৃত্বৰ বাবে ছাদুল্লা–ভাচানীৰ এই ষড়যন্ত্র ব্যর্থ হ’ল আৰু অসম ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ ৰ’ল৷ কিন্তু অসমত থিতাপি লোৱা এচাম পাকিস্তানপ্রেমীৰ অসম তথা ভাৰতবিৰোধী ষড়যন্ত্র তাৰ পিছতো অব্যাহত থাকিল৷ ১৯৬৫ চনৰ ভাৰত–পাক যুদ্ধৰ প্রাকক্ষণত নগাঁও জিলাৰ ধিঙত কেইবাহাজাৰ ইছলাম ধর্মাৱলম্বী পাকিস্তানী অনুপ্রৱেশকাৰীয়ে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দি অসমীয়া গাঁৱত আক্রমণ চলাইছিল৷ পাকিস্তানী অনুপ্রৱেশকাৰীয়ে খিলঞ্জীয়াৰ ওপৰত চলোৱা আক্রমণৰ এই ঘটনা বর্ণনা কৰি যোৰহাটৰ বিধায়ক দুলাল চন্দ্র বৰুৱাই অসম বিধানসভাত কৈছিল যে ১৯৬৪ চনৰ ১৬ ফেব্রুৱাৰীৰ বিয়লি ৫ বজাত নগাঁও জিলাৰ ধিঙৰ জুৰীয়াহাটত পাঁচ হাজাৰৰো অধিক পাকিস্তানী মুছলিম অনুপ্রৱেশকাৰীয়ে ‘পাকিস্তান জিন্দাবাদ’, ‘আল্লাহু আকবৰ’ আদি শ্লোগান দি খিলঞ্জীয়া গাঁৱত আক্রমণ চলাইছিল৷ দুষ্কৃতিকাৰীয়ে এখন বাছত আক্রমণ চলাই বাছখনৰ ক্ষতিসাধন কৰাৰ লগতে বহু খিলঞ্জীয়া লোকক আহত কৰিছিল৷

‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিছিল দুর্বৃত্তই : মুখ্যমন্ত্রী চলিহা

অসম বিধানসভাত বিধায়ক দুলাল চন্দ্র বৰুৱাই উত্থাপন কৰা মনোযোগ আকর্ষক প্রশ্ণৰ উত্তৰত তদানীন্তন মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহাই বিধানসভাত জনাইছিল– ‘১৯৬৪ চনৰ ১৬ ফেব্রুৱাৰীত ঈদৰ পিছত ৰূপহী বজাৰৰ ওচৰৰ হাতীপুখুৰী (ঘেহুৱা চাৰিআলিৰ ওচৰত) আৰু গড়াজানত সন্ধিয়া প্রায় সাত বজাত এদল লোকে ‘নাৰায়ে তকবীৰ’, ‘আল্লাহু আকবৰ’ আদি শ্লোগান দিবলৈ আৰম্ভ কৰে৷ মুহূর্ততে পার্শ্বৱর্তী মুছলিম বসতিপ্রধান খাটোৱাল, কাৱামাৰী, দলনিজুৰীয়া, নগাবন্ধা, শিঙিয়া আদি অঞ্চলৰ বাসিন্দাসকলে একেধৰণে শ্লোগান দিবলৈ আৰম্ভ কৰে৷ পিছ মুহূর্ততে মেহেৰীপাৰ, লালুংগাঁও, কলনীজলা, বৰুণগুৰি, বহাকুন্দা, ধিং চাপৰি আৰু ধিং পথাৰ অঞ্চলৰো একাংশ লোকে একেই শ্লোগান দিবলৈ ধৰে৷ কলনীজলা অঞ্চলৰ একাংশ লোকে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিয়াও শুনা যায়৷ স্বাভাৱিকতে ইয়াৰ ফলত জুৰীয়া, চানধৰা, গড়াজান, ফুটলজাৰ আদি হিন্দু বসতিপ্রধান এলেকাত চৰম আতংক বিয়পি পৰে৷ উল্লেখ্য যে এই এলেকাত হিন্দু বাসিন্দাসকল সংখ্যালঘু৷ হিন্দু সম্প্রদায়ৰ জ্যেষ্ঠ লোকসকলে গোট খাই নিজৰ নিৰাপত্তাৰ বাবে সমগ্র পৰিস্থিতি সন্দর্ভত প্রশাসনক অৱগত কৰাৰ সিদ্ধান্ত লয়৷… একাংশ হিন্দু যুৱকে স্থানীয় ভিডিপিৰ সৈতে এখন বাছত নগাঁও অভিমুখে যাত্রা আৰম্ভ কৰে৷ কিন্তু যাত্রা আৰম্ভ কৰি তেওঁলোক শিঙিয়া পোৱাৰ মুহূর্ততে সশস্ত্র মুছলিম দুষ্কৃতিকাৰীয়ে বাছখনত আক্রমণ চলায়৷ পিছত বাছৰ যাত্রীসকলে নগাঁও থানাত উপস্থিত হৈ পৰিস্থিতিৰ বিষয়ে প্রশাসনক অৱগত কৰে৷ লগে লগে জিলা বিষয়াসকলে সশস্ত্র বাহিনীসহ ছখন গাড়ীত জুৰীয়ালৈ যাত্রা কৰে৷ এই কনভয় জুৰীয়াত উপস্থিত হোৱাৰ সময়ত মুছলিম লোকসকলে শ্লোগান দিয়া বন্ধ কৰে যদিও হিন্দু বসতিপূর্ণ এলেকাৰ আতংকিত মহিলা আৰু শিশুসকলে কেইটামান ঘৰত জুম বান্ধি গোট খাই থকা প্রত্যক্ষ কৰে৷… ঘটনাৰ সময়ত হিন্দু বসতিপূর্ণ হালধি সুঁতিৰপাৰ, ধিং পথাৰ, ধিং চাপৰি আদি অঞ্চলৰ আতংকিত হিন্দু লোকসকলে নিজৰ ঘৰ–দুৱাৰ এৰি পলাই গৈ নিৰাপদ স্থানত আশ্রয় লয়গৈ৷ অৱশ্যে নিশা কোনো অবাঞ্ছিত ঘটনা সংঘটিত নোহোৱাৰ পৰিপ্রেক্ষিতত পিছদিনা এই লোকসকল নিজ নিজ ঘৰলৈ উভতি যায়৷’ (অসম বিধানসভাৰ কার্যবিৱৰণী)

কৰিমগঞ্জতো দিছিল ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান

১৯৬৪ চনৰ ২৪ অক্টোবৰত কৰিমগঞ্জৰ ছাৰগোলাৰ কল্যাণপুৰত দুষ্কৃতিকাৰীয়ে শৰণার্থী শিবিৰত এক ভয়ংকৰ আক্রমণৰ ঘটনা সংঘটিত কৰিছিল৷ পূব পাকিস্তানৰ পৰা পলাই আহি ভাৰতত আশ্রয় লোৱা হিন্দু শৰণার্থীসকলক এই দুষ্কৃতিকাৰীসকলে আক্রমণৰ লক্ষ্য কৰি লৈছিল৷ দুষ্কৃতিকাৰীৰ দলে ‘পাকিস্তান জিন্দাবাদ’, ‘আল্লাহু আকবৰ’ আদি বিভিন্ন সাম্প্রদায়িক শ্লোগান দিয়াৰ লগতে আনকি এখন বিদ্যালয়ৰ ভৱনো জ্বলাই দিছিল৷ ১৯৬৫ চনৰ বিধানসভা অধিৱেশনত এই বিষয়টো উত্থাপন কৰি কাটিগড়াৰ বিধায়ক তাৰাপদ ভট্টাচার্যই কৈছিল যে ১৯৬৪ চনৰ ২৪ অক্টোবৰত এজন ব্যক্তিয়ে দলং এখন ভাঙি থকা দেখা পাই কর্তব্যৰত হোমগার্ডে তেওঁক গ্রেপ্তাৰ কৰি কাষৰ শৰণার্থী শিবিৰলৈ লৈ গৈছিল৷ কিন্তু ইয়াৰ পিছতে প্রায় ২০০ মুছলিম ধর্মাৱলম্বী লোকে শিবিৰটো ঘেৰাও কৰি শিবিৰটোৰ কমাণ্ডেণ্টক গ্রেপ্তাৰ কৰা ব্যক্তিজনক মুকলি কৰি দিবলৈ দাবী জনায়৷ কমাণ্ডেণ্টে ধৃত ব্যক্তিজনক এৰি দিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে ইতিমধ্যে ঘটনাস্থলীত প্রায় ৫-৬ হাজাৰ লোক গোট খায় আৰু তেওঁলোকে ছাৰগোলাৰ শৰণার্থী শিবিৰটোত আক্রমণ চলায়৷ আৰক্ষীয়ে উত্তেজনা প্রশমনৰ চেষ্টা চলায় যদিও ইতিমধ্যে দুষ্কৃতিকাৰীয়ে সমীপৱর্তী এখন বিদ্যালয়ৰ গৃহ জ্বলাই সম্পূর্ণ ভস্মীভূত কৰে৷ আৰক্ষীয়ে কেইজনমান দুষ্কৃতিকাৰীক আটক কৰাৰ চেষ্টা চলায় যদিও সমৱেত লোকসকলে সেই ক্ষেত্রতো আৰক্ষীক বাধা দিয়ে৷

এই মনোযোগ আকর্ষক প্রস্তাৱৰ উত্তৰত মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহাই সদনক জনাইছিল– ‘ছাৰগোলাৰ শৰণার্থী শিবিৰটোৰ একাংশ ছাকমা শৰণার্থীৰ সৈতে ধান ক্রয়ৰ বিষয়ক লৈ একাংশ মুছলিম লোকৰ মতানৈক্য হৈছিল৷ ইয়াকে লৈ কেইজনমান ছাকমা শৰণার্থীক স্থানীয় বজাৰৰ পৰা উভতি অহাৰ পথত এদল মুছলিম লোকে আক্রমণ চলায় আৰু তেওঁলোকক আহত কৰে৷ একে সময়তে আব্দুল লতিফ নামৰ এজন ব্যক্তিয়ে শৰণাথী শিবিৰৰ কাষৰ এখন দলঙৰ ক্ষতি কৰি থকা দেখা পাই কর্তব্যৰত হোমগার্ডে লতিফক আটক কৰি আনে৷ পিছত লতিফৰ দেউতাকে শিবিৰলৈ আহি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি উভতি যোৱাৰ পথত হঠাৎ ‘আল্লা–আল্লা–আল্লা’ বুলি চিঞৰিবলৈ ধৰে৷ লগে লগে দলংখনৰ সমীপত বহু লোকৰ সমাগম ঘটে৷ তৎমুহূর্ততে ঘটনাস্থলীলৈ ৰাওনা হৈ নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ ইফালে, ৰিয়াছৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰত বহু লোক সমৱেত হোৱাৰ তথ্য লাভ কৰি আৰক্ষীৰ দল ঘটনাস্থলীলৈ ৰাওনা হয় আৰু পাঁচজন মুছলিম লোকক আটক কৰি আনে৷ লগে লগে শৰণার্থী শিবিৰৰ সন্মুুখত বৃহৎসংখ্যক মুছলিম লোকে সমৱেত হৈ ‘আল্লাহু আকবৰ’ ধ্বনি দিবলৈ আৰম্ভ কৰে৷ ইয়াৰ সমান্তৰালভাৱে শিবিৰৰ ছাকমা আৰু বেংগলী শৰণাৰ্থীসকলেও ‘জয় হিন্দ’, ‘বন্দে মাতৰম’ শ্লোগান দিবলৈ ধৰে৷ লগে লগে সমীপৱর্তী মুছলিম গাঁওবিলাকত বহু লোক গোট খাই ‘আল্লাহু আকবৰ’, ‘নাৰায়ে–ই–তগবীৰ’ শ্লোগান দিবলৈ আৰম্ভ কৰে৷ মুহূর্ততে মুছলিম লোকসকলে হাতত যাঠি–জোং লৈ শৰণার্থী শিবিৰটোলৈ আহিবলৈ আৰম্ভ কৰে আৰু ৪–৫ হাজাৰ মুছলিম লোক শিবিৰটোৰ সন্মুুখত গোট খায়৷ পৰিস্থিতিৰ ক্রমাৎ অধিক অৱনতি ঘটাত ৰাতাবাৰী থানাৰ ভাৰপ্রাপ্ত বিষয়াই আটক কৰা আটাইকেইজন লোকক মুকলি কৰি দিয়ে৷ ইয়াৰ মাজতে এদল দুর্বৃত্তই গৈ শৰণার্থী শিবিৰটোৰ সন্মুুখৰ এখন বিদ্যালয় ভৱনত জুই লগাই দিয়ে৷ ফলত বিদ্যালয় ভৱনটো সম্পূর্ণ ভস্মীভূত হয়৷ এই সন্দর্ভত ৰাতাবাৰী থানাত চাৰিটা গোচৰ পঞ্জীভুক্ত কৰি ৭৬জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷’ (অসম বিধানসভাৰ কার্যবিৱৰণী)

এই ঘটনাপ্রৱাহে ষাঠিৰ দশকতো অসমত পাকিস্তানী অনুপ্রৱেশকাৰীৰ দৌৰাত্ম্যই কেনে পর্যায় লাভ কৰিছিল তাক স্পষ্টভাৱে প্রতিফলিত কৰে৷ সেই সময়তো খিলঞ্জীয়া লোকক পাকিস্তানী মুছলিম অনুপ্রৱেশকাৰীয়ে ‘পাকিস্তান জিন্দাবাদ’, ‘আল্লাহু আকবৰ’, ‘নাৰায়ে–ই–তগবীৰ’ আদি শ্লোগান দি আক্রমণৰ লক্ষ্য কৰি লৈছিল আৰু আজি ছটা দশকৰ পিছত সেই ধাৰা বর্তমানেও অব্যাহত আছে৷ অসমত থিতাপি লোৱা মুছলিম অনুপ্রৱেশকাৰীসকলে প্রতিটো সুযোগতে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান আওৰাই আহিছে আৰু ৰাজ্যত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিতো তাৰেই প্রতিফলন ঘটিছে৷

‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দি মানকাচৰত থানা আক্রমণ

লক্ষণীয়ভাৱে, দেশৰ স্বাধীনতাৰ সময়তো মুছলিম লীগৰ ভল্যুণ্টিয়াৰে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দি অসমৰ মানকাচৰ থানা আক্রমণ কৰিছিল৷ এই সন্দর্ভত ১৯৪৯ চনৰ ১৭ মার্চত তদানীন্তন বিৰোধী দলপতি চৈয়দ মহম্মদ ছাদুল্লাই বিধানসভাৰ বাজেট বিতর্কত অংশ লৈ অভিযোগ কৰিছিল যে ১৯৪৭ চনৰ প্রথম ভাগত মানকাচৰত মুছলিম লীগ নেচনেল গার্ডে মানকাচৰ থানাত মুছলিম লীগৰ পতাকা উত্তোলন কৰিবলৈ যাওঁতে কংগ্রেছ চৰকাৰৰ শাসন কালত লীগ কর্মীৰ ওপৰত বর্বৰ অত্যাচাৰ চলোৱা হৈছিল৷ ছাদুল্লাৰ মতে, লীগৰ আইন অমান্য আন্দোলনৰ অংশ হিচাপে শোভাযাত্রাত অংশ লোৱা আন্দোলনকাৰীৰ ওপৰত মানকাচৰৰ আৰক্ষী জঁপিয়াই পৰিছিল আৰু বেয়নেটৰ খোঁচত কমেও ২৫জন লোক আহত হৈছিল৷ ছাদুল্লাৰ অভিযোগ– পৰৱর্তী সময়তো আৰক্ষী আৰু আন্দোলনকাৰীৰ সংঘাতৰ পটভূমিত কংগ্রেছ চৰকাৰে লীগৰ ‘শান্তিপূর্ণ’ আন্দোলনকাৰীসকলৰ ওপৰত জাপি দিয়া নির্যাতনৰ পৰিণতিত দুজন লোক নিহত আৰু ১১জন লোক গুৰুতৰভাৱে আহত হৈছিল৷ ছাদুল্লাই বিধানসভাত এই দাবীও তুলিছিল যে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দি মানকাচৰ থানাত আক্রমণ চলোৱা এই নিহত লীগ কর্মীসকলেও ঢেকীয়াজুলি আৰু গহপুৰৰ কনকলতা, মুকুন্দ কাকতি, মনবৰ নাথ আদিৰ দৰে শ্বহীদৰ মর্যাদা পোৱা উচিত৷ ছাদুল্লাই আনকি ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দি মানকাচৰত নিহত-আহত হোৱাসকলক শ্বহীদ–মুক্তিযুঁজাৰু মর্যাদা দি ক্ষতিপূৰণ আদায় দিবলৈও সদনত দাবী উত্থাপন কৰিছিল৷

স্বাভাৱিকতেই ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দি থানা আক্রমণ কৰি আৰক্ষীৰ হাতত নিহত হোৱা লীগ দুষ্কৃতিকাৰীক মৌলবী চৈয়দ মহম্মদ ছাদুল্লাই শ্বহীদৰ মর্যাদা দিব বিচৰা কার্যক ক্ষুৰধাৰ সমালোচনা কৰি তদানীন্তন কংগ্রেছ নেতৃত্বই এনে বক্তব্যৰে স্বাধীনতা আন্দোলনৰ শ্বহীদসকলক অপমান নকৰিবলৈ ছাদুল্লাক কঠোৰভাৱে সকীয়াই দিছিল৷ ছাদুল্লাৰ এই প্রতিক্রিয়াশীল আৰু প্রৰোচনামূলক বক্তব্যৰ কঠোৰ সমালোচনা কৰি বিজয় চন্দ্র ভাগৱতীয়ে বিধানসভাৰ মজিয়াত কৈছিল– ‘বিৰোধী দলৰ নেতা ছাদুল্লা চাহাবে আজি দুদিনমান ধৰি ১৯৪২ চনৰ ঘটনাৱলীৰ সংশ্রৱত কেইটামান মন্তব্য কৰিছে, যিকেইটা মন্তব্য সম্পর্কে আমি উত্তৰ নিদিয়াকৈ কেতিয়াও থাকিব নোৱাৰোঁ৷ ১৯৪২ চনৰ অৱস্থাৰ লগত, তেখেতৰ সেই সময়ৰ কার্যাৱলীৰ লগত তেখেতে কেনেকৈ যে আজিৰ গভর্নমেণ্টৰ দিনত ঘটা ঘটনাৱলীৰ তুলনা কৰিব খোজে আমি বুজি নাপাওঁ৷ ১৯৪২ চনৰ সময়ত যিবিলাক ঘটনা ঘটিছিল সেইবিলাক ঘটনাৰ সোঁৱৰণিয়ে কেৱল এই পৰিষদৰ সভ্যসকলৰ অন্তৰতেই নহয়, সমগ্র ভাৰতবাসীৰ অন্তৰত গভীৰ আঘাত কৰিব পাৰে৷ বিৰোধী দলৰ মাননীয় নেতাৰ অন্তৰত কেনেভাৱে প্রতিক্রিয়া কৰে আমি নাজানো, কিন্তু ভাৰতবর্ষৰ সমূহ ৰাইজৰ অন্তৰত ই যে বিষম আঘাত কৰে সেই বিষয়ে অলপো সন্দেহ নাই৷… ১৯৪২ চনৰ ঘটনাৰ লগত মানকাচৰৰ ঘটনা কোনোৰকমে তুলনা হ’ব নোৱাৰে৷… মুছলিম লীগে পাকিস্তানৰ নিমিত্তে যি আন্দোলন কৰিছিল আৰু মানকাচৰত যিহৰ কাৰণে এই অভিযান হৈছিল, তাৰ লগত ঢেকীয়াজুলিৰ ঘটনাৰ কোনোৰকম তুলনা হ’ব নোৱাৰে৷ এই দুটা অৱস্থাৰ মৌলিক পার্থক্য আছে৷ মুছলিম লীগে অহিংসা নীতি কেতিয়াও গ্রহণ কৰা নাই৷ মুছলিম লীগে হিংসা নীতিক আশ্রয় কৰিয়েই পাকিস্তানৰ নিমিত্তে যুঁজ কৰিছিল৷ মই ক’ব খোজো যে পাকিস্তানৰ যুঁজ আৰু ভাৰতবর্ষৰ স্বাধীনতাৰ যুঁজ এই দুটাৰ ভিতৰত মৌলিক পার্থক্য আছে৷ এই দুটাৰ ৰিজনি কেতিয়াও খাপ খাব নোৱাৰে৷ কাজেই মই নিবেদন কৰিব খুজিছোঁ যে পৰিষদৰ মাননীয় বিৰোধী দলৰ নেতা ডাঙৰীয়াই এই পৰিষদৰ আগত কিছুমান তিতালগা কথা শুনাই অকল সদস্যসকলৰেই নহয়, সমগ্র দেশবাসীৰ মনত আঘাত দিবলৈ যি চেষ্টা কৰিছে সি সঁচাকৈয়ে দুখৰ কথা হৈছে৷’

চৈয়দ মহম্মদ ছাদুল্লাৰ প্রতিক্রিয়াশীল বক্তব্যৰ তীব্র বিৰোধিতা কৰি মুখ্যমন্ত্রী গোপীনাথ বৰদলৈয়ে সদনৰ মজিয়াত কৈছিল যে বিৰোধী দলপতিজনে ১৯৪২ চনৰ গণ আন্দোলন আৰু মুছলিম লীগৰ সদস্যসকলে স্বাধীনতাৰ প্রাকক্ষণত তথা স্বাধীনতাৰ পিছ মুহূর্তত চলোৱা দেশবিৰোধী কার্যকলাপক এনে শাৰীত ৰখাৰ অপচেষ্টা চলাইছে৷… এখন স্বাধীন দেশৰ সকলো নাগৰিকে কিছুমান নীতি–নিয়ম নিশ্চিতভাৱে মানি চলিব লাগিব৷ স্বাধীন দেশত দেশবিৰোধী কার্যকলাপ চলোৱা আৰু চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰা একে কথা নহয়৷ এই কথা সকলো দল–সংগঠনে মনত ৰখা উচিত৷ দেশবিৰোধী তৎপৰতা চলোৱা যিকোনো দল–সংগঠনৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল’বই লাগিব৷

ছাদুল্লাৰ বক্তব্যত আশ্চর্য প্রকাশ কৰি মুখ্যমন্ত্রী বৰদলৈয়ে আৰু কৈছিল, ‘বিৰোধী দলপতিজনে এই দুয়োটা বিষয় একাকাৰ কৰাৰ অপচেষ্টা চলাইছে৷ দেশে স্বাধীনতা লাভ কৰাৰ মুহূর্তত স্বাধীনতাৰ আগে-পিছে মুছলিম লীগে চলোৱা দেশবিৰোধী তৎপৰতাৰ বিষয়ে সকলো অৱগত৷ কিন্তু ছাদুল্লাই ১৯৪২ চনৰ শ্বহীদসকলৰ আন্দোলন আৰু ১৯৪৭ চনত মুছলিম লীগে চলোৱা তৎপৰতাক একে শাৰীতে ৰখাৰ অপচেষ্টা চলাইছে৷ নিশ্চিতভাৱে এই দুয়োটা বিষয়ক তুলনা কৰিব নোৱাৰি৷ ইয়াৰে এটা হৈছে– বিদেশী শাসনৰ পৰা দেশক মুক্ত কৰাৰ মহান প্রয়াস৷ আনটো হৈছে– সাম্প্রদায়িক শক্তিৰ দ্বাৰা দেশৰ স্বাধীনতা আহৰণৰ প্রয়াসৰ সংগঠিতভাৱে বিৰোধিতা কৰা আৰু স্বাধীনতা লাভৰ পিছত দেশক ভাঙি টুকুৰা–টুকুৰ কৰা, যি শক্তিক প্রতিনিধিত্ব কৰিছিল বিৰোধী দলপতি ছাদুল্লাই৷ সেয়ে এই চৰকাৰে দেশবিৰোধী শক্তিৰ বিৰুদ্ধে গ্রহণ কৰা পদক্ষেপ সম্পূর্ণ যুক্তিসংগত৷… দেশে বহু দীঘলীয়া সংগ্রামৰ অন্তত এই স্বাধীনতা অর্জন কৰিছে আৰু ইয়াক যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিবই লাগিব৷’ (অসম বিধানসভাৰ কার্যবিৱৰণী)

এই ঘটনাপ্রৱাহে স্পষ্ট কৰি দিয়ে যে ১৯৪৭ চনতে চৈয়দ মহম্মদ ছাদুল্লাই অসম বিধানসভাৰ মজিয়াত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগানক মহানতা প্রদান কৰাৰ প্রয়াস চলাইছিল আৰু সেই ধাৰা বর্তমানেও অব্যাহত আছে৷ আনকি, অসম আন্দোলনৰ সময়ছোৱাত ১৯৮৩ চনৰ অবৈধ নির্বাচনৰ সময়তো ৰাজ্যৰ একাংশ ধর্মীয় সংখ্যালঘুৱে আন্দোলনৰ বিৰোধিতা কৰিবলৈ গৈ ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিছিল৷ বহু ঠাইত মুছলিম অনুপ্রৱেশকাৰীয়ে ‘পাকিস্তান জিন্দাবাদ’, ‘আল্লাহু আকবৰ’ আদি শ্লোগান দি খিলঞ্জীয়া গাঁৱত আক্রমণ চলাইছিল৷ এই সন্দর্ভত ৰাজ্যৰ বিভিন্ন থানাত বহু গোচৰ পঞ্জীভুক্তও হৈছিল৷

এই সামগ্রিক ঘটনাপ্রৱাহে এই কথা স্পষ্ট কৰে যে দেশৰ স্বাধীনতাৰ সময়ৰে পৰা এচাম দুষ্কৃতিকাৰীয়ে আমাৰ দেশপ্রেম, জাতীয়তাবোধ আৰু আৱেগক আঘাত কৰিবলৈ ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান ব্যৱহাৰ কৰি আহিছে৷ নিশ্চিতভাৱে এইচাম পাকিস্তানপ্রেমীৰ বহু দশকজোৰা এনে আচৰণে তেওঁলোকৰ মূলগতভাৱে অন্তৰেৰে বৈ থকা দেশদ্রোহী চৰিত্রক প্রকট ৰূপত উদঙাই দেখুৱাইছে৷ দেশৰ স্বাধীনতাৰ আঠটা দশকৰ পিছতো ছাদুল্লা–ভাচানীৰ দেশদ্রোহিতাৰ মন্ত্রৰে উদ্বুদ্ধ এইচাম দেশদ্রোহীক পুলিয়ে–পোখাই উৎখাত কৰাৰ এয়ে উপযুক্ত সময়৷

ফোন : ৯৬৭৮৯–৪১৮৭৬

You might also like