নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ লগতেই কিয়

🔹 পার্থসাৰথি মহন্ত

‘মোৰ লগতেই কিয়?’

‘মোৰে কিয় এনেকুৱা হয়?’

‘সৱৰে ভাল হৈ থাকে, মোৰ লগত কিন্তু বেয়া হ’বই?’

‘মইনো কাৰ কি কৰিলো?’

‘মইতো কাৰো অনিষ্ট কৰা নাই৷ তথাপি’

এটা সার্বজনীন মানৱীয় অনুভৱ৷ এটা সার্বজনীন মানৱীয় অভিজ্ঞতা৷ প্রায় প্রত্যেকেই কেতিয়াবা নহয় কেতিয়াবা এই অনুভৱ কৰে৷ কিছু কিছুৱে প্রায়েই কৰে৷ ভগৱানে যেন তেওঁক নির্দিষ্টকৈ বাছি লৈছে ‘তোৰ লগত বেয়া হ’বই৷’

কি এই মানসিক অৱস্থা আৰু কিয়?

ইতিবাচক কথাতকৈ নেতিবাচক কথা সহজতে চকুত পৰে আৰু মনত থাকে৷ সেয়েহে বর্তমানত যেতিয়া আমি নিবিচৰা কথা এটা হয় বা কথা এটা আমি বিচৰা ধৰণে নহয়, আমাৰ অতীতৰ তেনেধৰণৰ কথা এটা মনত পৰি যায় আৰু আমাৰ লগতে সদায় বেয়া হৈ থাকে বুলি ইতিমধ্যে থকা ধাৰণাটো অধিক দকৈ মনত সোমাই পৰে৷ এইটো আচলতে এটা পক্ষপাতেই৷ নিশ্চিতকৰণ পক্ষপাত৷ এই পক্ষপাতৰ কাৰণেই মানুহে অতীতক এনেকৈ স্মৰণ কৰে যে বর্তমানত হোৱা এটা ‘বেয়া’ কথা বা ঘটনাৰ প্রমাণ হিচাপে আগতে হৈ যোৱা ‘বেয়া’ কথা বা ঘটনা এটাই ‘নিশ্চিতেই’ কৰি দিয়ে৷

মানুহে নিজৰ কথা বেছিকৈ জানে৷ স্বাভাৱিক৷ নিজৰ অভিজ্ঞতা বেছিকৈ মনত থাকে৷ আনৰ ক্ষেত্রত কি হৈছে সিমান গম পোৱা নাযায়৷ গম পোৱাৰ সিমান এটা ইচ্ছা বা অৱকাশো নাই৷ সেয়েহে নিজে নিবিচৰা কিবা এটা হ’লে সেয়া অতি গুৰুত্বপূর্ণ হৈ পৰে৷ আন বহুতৰে ক্ষেত্রত হয়তো তেনেকুৱা হৈ আছে৷ আমি নাজানো৷ কিন্তু আমাৰ নিজৰ লগত যে হ’ল৷ হৈ গ’ল৷ এই পৃথিৱীত ময়েই কোনো দোষ নকৰাকৈ হোৱা ভিক্টিম৷ বাকী সকলোৰে জয় জয় ময় ময়৷

স্মৃতি৷ ‘ময়েই ভিক্টিম’ প্রৱণতাৰ এটা প্রধান কাৰণ স্মৃতি৷ আমি বাছি বাছি কথা মনত ৰাখোঁ৷ সকলো কথাই মনত নাথাকে বা নৰয়৷ কিন্তু যিটো কথা মনত ৰাখিব খোজো, ৰৈ যায়৷ নিগেটিভ কথা বেছিকৈ মনত থাকে, নিজে নিজে৷ সৰুতে আমি কিমান আইচক্রীম খালো মনত নাথাকিব পাৰে, কিন্তু এদিন এটা আইচক্রীম খাবলৈ বিচাৰোঁতে মা–দেউতাই নিদিলে, সেইটো মনত চিৰদিনৰ কাৰণে থাকি যায়৷ মই বিচৰা মতেতো সৰুৰে পৰাই একো নহয়৷ এটা অনুভৱ৷ এই অনুভৱটোৱে চেতন–অৱচেতন সকলো সময়তে আমাক খেদি ফুৰে৷

আমি নিজকে আনৰ লগত ৰিজাবলৈ আৰম্ভ কৰোঁ৷ কেনেকৈ ৰিজাওঁ, সেইটোও ইণ্টাৰেষ্টিং৷ আমি আনৰ ভালবোৰৰ লগত নিজৰ বেয়াবোৰ তুলনা কৰোঁ৷ এফালে কেৱল ভাল, আনফালে কেৱল বেয়া৷ এইখন তুলাচনীত আমাৰতো বেয়াই বেয়া৷ মানে মই দুর্ভগীয়া৷ বিনা কাৰণে৷

নিজকে দুর্ভগীয়া বুলি ভাবিবলৈ লোৱাৰ লগে লগে আমি প্রতিটো বিচৰা ধৰণে নোহোৱা কথা বা ঘটনাৰ কাৰণ ফঁহিয়াবলৈ আৰম্ভ কৰোঁ৷ আৰু অতি সুবিধাজনকভাৱে প্রতিটো কথাৰ দোষ আমি আনলৈ ঠেলোঁ৷ অমুকে এইটো এনেকৈ কোৱা কাৰণেহে মই এনেকৈ কৰিলোঁ৷ অমুকে সেইটো কৰা কাৰণে মই তেনেকৈ কৰিবলৈ বাধ্য হ’লোঁ৷ মইতো ভীষণ নিমাখিত৷ সেই কাৰণে আজি মোৰ এই অৱস্থা৷ ভাবি চোৱাচোন– নিমাখিত হোৱাৰ কাৰণেই আজি মোৰ এই দুৰৱস্থা৷

আমি আৱেগিক হ’বলৈ আৰম্ভ কৰোঁ৷ আৱেগে আমাৰ অভিজ্ঞতাক নতুন গঢ় দিয়ে৷ ঘটনা একেই থাকে৷ কিন্তু তাৰ ৰূপ সলাই পেলায়৷ আৱেগে অনুভৱৰ তীব্রতা বঢ়াই দিয়ে, বিশেষকৈ নিগেটিভ অনুভৱৰ৷ আমি আৱেগিক বা মানসিক বিবর্ধনৰ বলি হওঁ৷ খং–ৰাগ, দুখ–বেজাৰ, ভয়–শংকাৰ দৰে প্রগাঢ় অনুভৱবোৰে আমাক অতি সহজতে কাবু কৰে৷ আমি যেতিয়া নিগেটিভ অনুভৱ কৰোঁ, আমাৰ মনটো তেতিয়া এই নেতিবাচকতাৰ উৎসত কেন্দ্রীভূত হয়৷ এক প্রচণ্ড নিগেটিভিটীৰ মাজত আমি সোমাই পৰোঁ৷

আৱেগে আনকি আমি স্মৃতি কেনেকৈ সাঁচি ৰাখো সেয়াও প্রভাৱিত কৰে৷ নিগেটিভ আৱেগ অধিক গাঢ় হয় কাৰণে নিগেটিভ অভিজ্ঞতা অধিক স্পষ্টকৈ আমাৰ মনত সঞ্চিত হয়৷

স্মৃতি ৰোমন্থন৷ কিন্তু পজিটিভতকৈ নিগেটিভ স্মৃতি আমি বেছি ৰোমন্থন কৰোঁ৷ কি হ’ল, কিয় হ’ল, কেনেকৈ হ’ল, হোৱাৰ কাৰণে কি হ’ল বা নহ’ল আমি ঘূৰাই ঘূৰাই ভাবি থাকোঁ৷ এক নিগেটিভ আৱর্তনত আমি বাৰম্বাৰ সোমাই পৰোঁ৷

এটা ঘটনা বা পৰিস্থিতি আমি কেনেদৰে বুজোঁ বা উপলব্ধি কৰোঁ, কেনেদৰে ব্যাখ্যা কৰোঁ, সেয়া প্রভাৱিত হয় এই কাৰকবোৰৰ দ্বাৰা৷ আমি যদি উৎকণ্ঠাত থাকো, অতি স্বাভাৱিক পৰিস্থিতি এটাকো আমি আশংকাজনক বুলি ভাবিব পাৰো বা ভাবোঁ৷ লগতে যদি আমাৰ লগ–বন্ধুখিনিৰো মানসিক স্থিতি একে, তেনেহ’লে এই নিগেটিভিটী কেইবাগুণো বাঢ়ি যায়৷ মানসিক নেতিবাচক বিবর্ধন৷ নেতিবাচক আৱেগৰ সামূহিক তীব্রতাৰ চিকাৰ হওঁ আমি৷

নেতিবাচক আৱেগ নিচাৰ দৰে৷ আমি যিমানে বেছি অনুভৱ কৰোঁ, সিমানেই বেছি নিচা লাগে৷ এই অতিৰিক্ত চিন্তা একেবাৰেই অদৰকাৰী৷ নিগেটিভ ভাব–চিন্তাৰ পৰা সদায় নিগেটিভ ফলহে পোৱা যায়৷ আমি আমাৰ চিন্তা সলাব লাগিব৷ প্রথম খোজটো হ’ল আমি অতিৰিক্ত চিন্তা নিয়ন্ত্রণ কৰিব লাগিব৷ আমি আমাৰ চিন্তাক কাবু কৰিব লাগিব৷ মনলৈ নিগেটিভ ভাব এটা অহাৰ লগে লগে আমি ক’ব পাৰিব লাগিব– ‘এয়া মিছা৷’

এনেকুৱা নহয় যে আমাৰ মনৰ পৰা সকলো নিগেটিভ ভাব–চিন্তা সম্পূর্ণকৈ নোহোৱা হৈ যাব৷ সেয়া কেতিয়াও নহয়৷ কথা হ’ল নিগেটিভ ভাব এটা অহাৰ লগে লগে আমাৰ ৰেছপন্স কি আমাৰ প্রতিক্রিয়া কি আইডিয়াটো হ’ল এই প্রতিক্রিয়া নিয়ন্ত্রণ কৰা৷ আইডিয়াটো হ’ল আমি মানসিকভাৱে ষ্ট্রং হোৱা, যাতে আমাক কোনো নতুন পৰিস্থিতি আৰু পুৰণি আৱেগে প্রভাৱিত কৰিব নোৱাৰে৷

এটা কথা বাৰু আমি ভাবি চাওঁনে? কথাবোৰ–ঘটনাবোৰ যেতিয়া আমি বিচৰা ধৰণে হয়, তেতিয়া আমি কি কৰোঁ? আমি বাৰু তেতিয়া ভাবোঁনে যে মোৰ লগতেই কিয় ইমান ভাল হৈ আছে, আনৰোতো হ’ব লাগে৷ কিবা এটা অলপ বেয়া হ’লেই যে আমি কওঁ ‘হুৱাই মি’? ময়েই কিয়? ভাল হ’লে আমি কওঁনে ‘হুৱাই মি?’

You might also like