ইচ্ছাশক্তি
স্বাস্থ্যৰ কাৰণে ব্যায়াম অপৰিহার্য, আৰু সর্বোত্তম ব্যায়াম হ’ল খোজকঢ়া৷ আমেৰিকাতWalking নামৰ এখন আলোচনীয়েই আছে৷ মই নিজে খোজকঢ়াৰ উপকাৰিতাৰ বিষয়ে এতিয়ালৈকে পাঁচখন নে ছখন ৰচনা লিখিছোঁ৷ অসমৰ বহুত মানুহে মোক কয় যে ময়েই তেওঁলোকক খোজকাঢ়িবলৈ শিকালোঁ বা প্রেৰণা দিলোঁ৷ মানুহে মোক কৰা প্রশংসাবোৰৰ ভিতৰত এই বিশেষ প্রশংসাটো শুনি মোৰ খুব ভাল লাগে৷
বহু বছৰ ধৰি মই নিয়মিতভাৱে খোজকাঢ়িছিলোঁ আৰু তাৰ পৰা বহুত সুফল পাইছিলোঁ৷ কিন্তু যোৱা কেইবামাহো ধৰি মই খোজকঢ়া নাই৷ তাৰ প্রধান কাৰণ হ’ল এই যে চাৰি বছৰমানৰ আগতে হোৱা এটা দুর্ঘটনাৰ ফলত মই কিছু পৰিমাণে শাৰীৰিক ভাৰসাম্য হেৰুৱাই পেলাইছিলোঁ আৰু তাৰ ফলত ঘৰৰ পৰা আলিবাটলৈ ওলাই গৈ খোজকাঢ়িবলৈ ভয় কৰিছিলোঁ৷ তদুপৰি বার্ধক্যয়ো মোৰ শৰীৰ ক্রমান্বয়ে দুর্বল কৰি তুলিছিল৷ কিন্তু খোজকাঢ়িবলৈ এৰি দিয়াৰ ফলত মই মানসিক শান্তি হেৰুৱাই পেলাইছিলোঁ৷ সকলো সময়তে মোৰ মনত এনে এটা দুশ্চিন্তাই ক্রিয়া কৰি আছিল যে মই বোধহয় শাৰীৰিক আৰু মানসিক দুয়োবিধৰ দুর্বলতাৰ ওচৰত অসহায়ভাৱে আত্মসমর্পণ কৰিছোঁ৷ এই দুশ্চিন্তাই মোৰ জীয়াই থকাৰ আনন্দ নোহোৱা কৰি পেলাইছিল৷
জীৱনৰ বহু বছৰ ধৰি মোৰ এনে এটা অভ্যাস গঢ় লৈ উঠিছে যে যিকোনো এটা সমস্যাৰ সন্মুখীন হ’লেই মই প্রথমে কিতাপৰ পাতত তাৰ সমাধান বিচাৰিবলৈ আৰম্ভ কৰোঁ৷ কিছুদিনৰ আগতে মোৰ দ্বাৰা পৰিচালিত টিভি অনুষ্ঠান ‘কথাবার্তা’ত নিমন্ত্রিত অতিথিজনে মোক সুধিছিল– ‘মানুহে ভাবে যে আপুনি কিতাপ পঢ়িয়েই জীৱনৰ বেছিভাগ সময় অতিবাহিত কৰিলে৷ কিতাপেনো আপোনাক কি দিলে?’
টিভিৰ সীমিত সময়ত দীঘলীয়াকৈ একো কথা ক’ব নোৱাৰি কাৰণে মই খুব চমুকৈ তেওঁক কৈছিলোঁ– ‘এটা অর্থত কিতাপ হ’ল লেখকজনৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ বিৱৰণ৷ প্রত্যেক মানুহেই আনৰ অভিজ্ঞতাৰ পৰা শিক্ষা ল’ব পাৰে৷ কিতাপ পঢ়াৰ বহুতো উদ্দেশ্যৰ ভিতৰত সেইটোও হ’ল এটা প্রধান উদ্দেশ্য৷ অন্ততঃ মোৰ কিতাপ পঢ়াৰ সেইটো এটা প্রধান উদ্দেশ্য৷ মণ্টেইনেও Michel Eyquem de montaigne ঃ ১৫৩৩–৯২) তেওঁৰ কোনোবা এখন ৰচনাত লিখিছে যে তেওঁ সকলো সমস্যাৰ সমাধান বিচাৰি কিতাপৰ ওচৰলৈ দৌৰি যায়৷ ময়ো ঠিক তাকেই কৰোঁ৷ কিতাপে মোৰ বহুতো নৈতিক, আধ্যাত্মিক আৰু বৈষয়িক সমস্যাৰ সমাধান বিচৰাত সহায় কৰিছে৷’
খোজকাঢ়িব নোৱাৰি মই যি গভীৰ বিমর্ষতা অনুভৱ কৰি আছিলোঁ, তাৰ প্রতিকাৰ বিচাৰি মই ইতিমধ্যে পঢ়া কিতাপবোৰ মনে মনে চলাথ কৰিবলৈ ধৰিলোঁ৷ এদিন হঠাৎ মোৰ মনলৈ আহিল, এখন নহয়– একেলগে দুখন কিতাপৰ কথা৷
মানুহৰ আত্মোৎকর্ষৰ সাধনাত সহায়ক হ’ব পৰা যিমানবোৰ কিতাপ পৃথিৱীৰ বিভিন্ন ভাষাত এতিয়ালৈকে লিখিত হৈছে, সেইবোৰৰ ভিতৰত আটাইতকৈ বিখ্যাত এখন কিতাপ হ’ল স্কটিছ লেখক ছেমুৱেল স্মাইলছৰ (১৮১২–১৯০৪)Self-Help৷ কিতাপখনৰ খ্যাতি আৰু প্রভাৱ প্রমাণ কৰিবলৈ কেৱল এই কথা ক’লেই যথেষ্ট হ’ব যে জাপানীসকলে যেতিয়া বহু শতাব্দীৰ স্বেচ্ছা–আৰোপিত বিচ্ছিন্নতা বিসর্জন দি বহির্জগতৰ, বিশেষকৈ ইউৰোপৰ সংস্পর্শলৈ আহিবলৈ সিদ্ধান্ত ল’লে, তেতিয়া তেওঁলোকে জাপানী ভাষালৈ অনুবাদ কৰিবলৈ বাছনি কৰা সর্বপ্রথম কিতাপখন আছিল ছেমুৱেল স্মাইলছৰSelf-Help৷
১৮৯৩ চনৰ মার্চ মাহতThe young Man নামৰ এখন ইংৰাজী আলোচনীৰ এজন প্রতিনিধিয়ে ছেমুৱেল স্মাইলছৰ এটা দীঘলীয়া সাক্ষাৎকাৰ লৈছিল৷ সেই সময়ত স্মাইলছৰ বয়স হৈছিল ৮১ বছৰ৷ কিন্তু সাক্ষাৎকাৰ লোৱা সাংবাদিকজনে অনুভৱ কৰিছিল যে স্মাইলছৰ বয়স ৭০ বছৰতকৈ বেছি হ’ব নোৱাৰে৷ স্মাইলছে বয়সৰ আক্রমণক কেনেকৈ প্রতিহত কৰি ৰাখিছে, তাৰ ৰহস্য জানিবলৈ সাংবাদিকজনৰ বেছি সময় নালাগিল৷ স্মাইলছে নিজেই তেওঁৰ সুন্দৰ স্বাস্থ্যৰ ৰহস্য ব্যক্ত কৰি ক’লে যে তেওঁ সদায় নিয়মিতভাৱে খোজকাঢ়ে৷ ‘মই নিজকে জীৱন্ত কৰি ৰাখিবলৈ সদায় খোজকাঢ়োঁ৷ মই যিদিনাই খোজকাঢ়িবলৈ এৰি দিম, সেইদিনাই মোৰ জীৱনো শেষ হ’ব৷’
এই সাক্ষাৎকাৰটোৰ প্রায় বিশ বছৰৰ আগতে, অর্থাৎ স্মাইলছৰ প্রায় ষাঠি বছৰ বয়সত তেওঁ পক্ষাঘাতগ্রস্ত হৈ শয্যাশায়ী হৈছিল৷ কিন্তু তেনে এটা অৱস্থাতে তেওঁ এখন ৰচনাত লিখিছিল যে ৰোম আৰু ফ্লোৰেঞ্চ নেদেখাকৈ তেওঁ কেতিয়াও নমৰে৷ অর্থাৎ তেওঁৰ মনত বিন্দুমাত্র সন্দেহ নাছিল যে পক্ষাঘাত জয় কৰি তেওঁ আকৌ এদিন নিজৰ ভৰিৰ ওপৰত থিয় হ’ব আৰু বীৰদর্পে যাব ৰোম আৰু ফ্লোৰেঞ্চ চাবলৈ৷
আকৌ খোজকাঢ়িব পৰা হ’বৰ জোখাৰে আগৰ বল–বীর্য মই কেনেকৈ ঘূৰাই পাম, সেই কথা কেইবাদিনো ধৰি চিন্তা কৰি থাকোঁতে এদিন মোৰ হঠাৎ মনত পৰিল ছেমুৱেল স্মাইলছৰ জীৱনৰ এই অধ্যায়টোৰ কথা৷ মই বহাৰ পৰা উঠি থিয় হ’লোঁ আৰু খোজকাঢ়িবলৈ বুলি আলিবাটলৈ ওলাই গ’লোঁ৷
খোজকাঢ়ি থাকোঁতেই মই মনত পেলালোঁ আৰু প্রায়েই মনত পেলাই থাকোঁ ৯৪ বছৰীয়া এগৰাকী আমেৰিকান মহিলাৰ কথা৷ বয়স ৯৪ হ’লে কি হ’ব, তেওঁৰ কথা–কাণ্ড কিন্তু তেওঁতকৈ আধা বয়সৰ মহিলাৰ নিচিনা৷ তেওঁৰ মুখৰ পৰা হাঁহি নুগুচেই, আৰু তেওঁ সকলো সময়তে জীয়াই থকাৰ আনন্দত টগবগাই থাকে৷ ৯৪ বছৰীয়া মহিলাগৰাকীৰ যৌৱন–সুলভ প্রাণ–প্রাচুর্যই সকলোকে বিস্মিত কৰে৷
কৌতূহল সামৰিব নোৱাৰি এদিন তেওঁৰ কেইগৰাকীমান বন্ধুৱে তেওঁক সুধিলে– ‘তোমাৰ এই অফুৰন্ত যৌৱনৰ ৰহস্য কি সেই কথা তুমি আজি আমাক ক’বই লাগিব৷’
বৃদ্ধা মহিলাগৰাকীয়ে হাঁহি হাঁহি ক’লে– ‘ৰহস্য একো নাই৷ যদি কিবা ৰহস্য আছেও, সি নিচেই সৰল৷ মই জীয়াই থাকি ভাল পাওঁ৷ মই জীৱনৰ প্রেমত পৰিছোঁ৷ প্রতিটো দিনেই মোলৈ লৈ আহে জীৱনৰ নিত্য–নতুন উপহাৰ৷ মই সকলো কথাৰে ভাল দিশটোহে দেখোঁ৷ বেয়া দিশটোলৈ মোৰ চকু নাযায়৷ অৱশ্যে মই এই কথাও স্বীকাৰ কৰিব লাগিব যে মোক চিৰ–তৰুণী কৰি ৰখাত মোৰ দুজন বয়ফ্রেণ্ড তথা প্রেমিকৰো এটা ডাঙৰ ভূমিকা আছে৷’
‘কি ক’লা? বয়ফ্রেণ্ড?’ – আটাইকেইগৰাকী মহিলাই একমুখে চিঞৰি উঠিল– ‘এই বয়সত বয়ফ্রেণ্ড?’
বৃদ্ধা মহিলাগৰাকীয়ে হাঁহি হাঁহি ক’লে– ‘হয়, মোৰ দুজন বয়ফ্রেণ্ড আছে৷ এজনৰ নাম আর্থ্রাইটিছ Arthritis)৷ যোৱা ৩৫ বছৰ ধৰি তেওঁ মোৰ চিৰসংগী৷ এদিনৰ কাৰণেও তেওঁ মোৰ লগ এৰা নাই৷ দ্বিতীয়জনৰ নাম উইল পাৱাৰ Will power)৷ প্রতিদিনে ৰাতিপুৱা তেওঁৰ সহায়তে মই বিছনাৰ পৰা উঠোঁ আৰু আধাঘণ্টা সময় খোজকাঢ়িবলৈ তেওঁৰ হাতত ধৰি আলিবাটলৈ ওলাই যাওঁ৷’