নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকা ক্রিকেট দলৰ পৰামর্শদাতা নিযুক্ত জয়াৱর্ধনে

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ অহা মাহত ইউ এ ই আৰু ওমানত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ বাবে ঘোষিত শ্রীলংকা দলৰ পৰামর্শদাতাৰ দায়িত্ব লাভ কৰিছে দেশখনৰ প্রাক্তন অধিনায়ক মাহেলা জয়াৱর্ধনেই৷ সম্প্রতি মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্রশিক্ষক হিচাপে আই পি এলত ব্যস্ত থকা একালৰ মহান বেটছমেনগৰাকীয়ে আই পি এল সমাপ্ত হোৱাৰ পিছতে ইউনাইটেড আৰব এমিৰেটছত শ্রীলংকাৰ শিবিৰত যোগ দিব৷

উল্লেখ্য যে ডাছুন ছানাকা নেতৃত্বাধীন শ্রীলংকাই টি–২০ বিশ্বকাপৰ গ্রুপ এত নামিবিয়া, আয়াৰলেণ্ড আৰু নেডাৰলেণ্ডছৰ সৈতে স্থান পাইছে৷নামিবিয়াৰ বিৰুদ্ধে দলটোৱে আবুধাবিত প্রথমখন মেচ খেলিব৷ ২০১৪ৰ চেম্পিয়ন শ্রীলংকাই ২০১৬ৰ আই চি চি টি–২০ বিশ্বকাপত গ্রুপ পর্যায়ৰ পৰাই বিদায় মাগিছিল৷

You might also like