নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রৱঞ্চক বিজেপি নেতাৰ সন্ধানত মহানগৰীত নগাঁও আৰক্ষীৰ অভিযান

  • কৃষ্ণা ইলাইট এপার্টমেণ্টৰ ফ্লেটৰ পৰা উদ্ধাৰ পিষ্টলসহ ২০ জাঁই গুলী
  • গৃহ মন্ত্রালয়ৰ ষ্টাম্প–শোক স্তম্ভসম্বলিত ভিজিটিং কার্ড–এপিএছ–আইপিএছ
    বেজ–বিদেশী মুদ্রাসহ বহু আপত্তিজনক সামগ্রী জব্দ

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ  মৃদুপৱন নেওগ নামৰ প্রৱঞ্চক তথা নিজকে বিজেপি নেতা ৰূপে দাবী কৰা যুৱক এজনৰ সন্ধানত শুকুৰবাৰে নিশা গুৱাহাটীৰ কাহিলিপাৰাত মহানগৰ আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে অভিযান চলায়৷ প্রৱঞ্চক মৃদুপৱনৰ বিৰুদ্ধে নগাঁও থানাত ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০/১৭১/৫০৬/৩৪ ধাৰাৰ অধীনত ২৩২৮/২১ নম্বৰত ৰুজু হোৱা গোচৰটোৰ ভিত্তিত কাহিলিপাৰাৰ কৃষ্ণা ইলাইট এপার্টমেণ্টত এই অভিযান চলোৱা হয়৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নগাঁৱৰ নেহা কাৰ বজাৰ নামৰ প্রতিষ্ঠানটোক এখন বিলাসী বাহন বিক্রী কৰাৰ নামত ছাইদুৰ ৰহমান নামৰ লোকজনৰ পৰা ৩১ লাখ টকা প্রৱঞ্চক মৃদুপৱন নেওগে আদায় লৈছিল৷ এই বিশাল পৰিমাণৰ ধনৰাশি আদায় লোৱাৰ পাছত বিভিন্ন অজুহাত দেখুৱাই মৃদুপৱনে বাহনখন ছাইদুৰ ৰহমানক দিয়া নাছিল৷ প্রায় দুমাহ ধৰি প্রৱঞ্চক মৃদুপৱনে ছাইদুৰ ৰহমানক বাহনখন নিদিয়াৰ লগতে ভাবুকি দি আহিছিল৷ কালি ভুক্তভোগী ছাইদুৰে প্রৱঞ্চক মৃদুপৱনৰ বিৰুদ্ধে নগাঁও থানাত এটা গোচৰ ৰুজু কৰে৷

উক্ত গোচৰটোৰ ভিত্তিত কালি নিশা প্রায় এক বজাত মহানগৰ আৰক্ষীৰ সহযোগত কাহিলিপাৰাৰ কৃষ্ণা ইলাইটত থকা মৃদুপৱনৰ ফ্লেটত অভিযান চলাবলৈ নগাঁও আৰক্ষী উপস্থিত হয়৷ আৰক্ষীয়ে বহুবাৰ দর্জা খুলিবলৈ অনুৰোধ জনোৱাৰ পাছতো মৃদুপৱনে বাসগৃহৰ দর্জা খুলি দিয়া নাছিল৷ পুৱা ১০ বজালৈকে অভিযানকাৰী আৰক্ষীৰ দলটো মৃদুপৱনৰ ফ্লেটৰ সমুখত থাকি দর্জা ভঙাৰ যো–জা চলাওঁতেই মৃদুপৱনৰ এজন দেহৰক্ষীয়ে দর্জাখন খুলি দিয়ে৷

আৰক্ষীৰ অভিযানকাৰী দলটোৱে ফ্লেটত প্রৱেশ কৰিব বিচাৰে যদিও প্রৱঞ্চক মৃদুপৱনে ৰান্ধনি কোঠাৰ খিৰিকীৰে পলাই যাবলৈ সক্ষম হয়৷ অভিযানকাৰী দলটোৱে মৃদুপৱনৰ ফ্লেটত তালাচী চলাই এটা ৩.২ পিষ্টল, ২০ জাঁই সক্রিয় গুলী, এ পি এছ, আই পি এছ বিষয়াৰ বেজ, ৮খন বিদেশী মুদ্রা, গৃহ মন্ত্রালয়ৰ তিনিটা ষ্টাম্প পেড, অশোক স্তম্ভ থকা ভাৰত চৰকাৰৰ ফলক, এটা ছ’নী লেপটপ, এটা ডি এছ এল আৰ কেমেৰা, অশোক স্তম্ভ থকা ভিজিটিং কার্ড, চেক বুক, বেংক পাছবুক, সোণৰ চেইনকে ধৰি বহু আপত্তিজনক নথি–পত্র জব্দ কৰে৷

অভিযানকাৰী দলটোৱে প্রৱঞ্চক মৃদুপৱনে ব্যৱহাৰ কৰা ভাৰত চৰকাৰৰ ফলক লগোৱা দুখন বাহনো জব্দ কৰে৷

ইফালে নগাঁও আৰক্ষীৰ দলটোৱে মৃদুপৱনক বিচাৰি বান্ধৱী অর্পিতা কাশ্যপৰ বাসগৃহতো অভিযান চলায়৷ আৰক্ষীয়ে কৃষ্ণা ইলাইটৰ চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰাত এপার্টমেণ্টটোৰ পৰা প্রৱঞ্চক মৃদুপৱন ওলাই যোৱাৰ ফুটেজ বিচাৰি নাপালে৷ আৰক্ষীয়ে মৃদুপৱনৰ গাড়ীচালক আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষীক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷

You might also like