নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনৰ প্রেমৰ কথাৰে

ড০ পার্থসাৰথি মহন্ত

বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি ইলন মাস্ক আৰু ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল’নি অলপতে মিলিত হৈছিল আটলাণ্টিক কাউঞ্চিল গ্ল’বেল চিটিজেন এৱার্ড অনুষ্ঠানত–নিউয়র্কত৷ অনুষ্ঠানৰ পাছত আছিল ডিনাৰ৷ একেখন টেবুলত ওচৰা–উচৰিকৈ আসন মাস্ক আৰু মেল’নিৰ৷ স্বাভাৱিকতেই কথা–বতৰা হ’ল৷ কথা পাতিলে মানুহে চকুত চকু থৈয়ে পাতে৷ তেনে মুহূর্ত বন্দী হ’ল ফটোত৷ হুলস্থূল লাগি গ’ল ছপা, বৈদ্যুতিন আৰু সামাজিক মাধ্যমত৷ গোটেই পৃথিৱীত৷ ডেটিং নেকি? এফেয়াৰ নেকি? কি চলি আছে? কিবা আছে নে নাই কোনেও নাজানে, হাহাকাৰ কিন্তু লাগি গ’ল৷ আনৰ ৰোমাণ্টিক সম্পর্কৰ প্রতি আমি ভীষণ উৎসুক৷ নিষিদ্ধ মানেই কৌতূহল৷ প্রেমৰ সম্পর্কৰ ক্ষেত্রত সাংঘাতিক বেছি৷ চেলিব্রিটী হ’লেতো কথাই নাই৷ অলপ নাম থকা মানুহৰ প্রতি আমি এনেয়ো আগ্রহী৷ যিমানেই বিখ্যাত আৰু গ্লেমাৰাছ হ’ব সিমানেই আগ্রহ বাঢ়িব৷ চিনেমাৰ তাৰকাৰ পৰা ৰাজনৈতিক ব্যক্তিলৈকে ৰাজহুৱা ব্যক্তিৰ ৰোমাণ্টিক সম্পর্কৰ প্রতি মানুহৰ আকর্ষণ চিৰস্থায়ী৷ মানে আনৰ প্রেমক আমি ভীষণ গুৰুত্ব দিওঁ৷ কিছু সঁচা, কিছু মিছা, কিছু উৰাবাতৰি, জল্পনা–কল্পনা, মছলাযুক্ত এই কাহিনীবোৰ আমাৰ কাৰণে অপ্রতিৰোধ্য৷
কিয়?
সংবাদ মাধ্যমত চেলিব্রিটীৰ প্রেমৰ চিত্রণে বিলাসিতা, সৌন্দর্য আৰু জীৱনতকৈ ডাঙৰ এক প্রলোভনমূলক বিকল্প বাস্তৱৰ সৃষ্টি কৰে৷ এই কাহিনীবোৰে মানুহক এখন কল্পনাৰ জগতলৈ লৈ যায়, এনে এখন জগত য’ৰ ৰোমাঞ্চ তেওঁলোকৰ নিজৰ জীৱনতকৈ অধিক যাদুকৰী৷ অর্থাৎ এয়া হৈ পৰে তেওঁলোকৰ নিজৰ দৈনিন্দিন জীৱনৰ লৌকিকতাৰ পৰা হাত সৰাৰ উপায়৷ পলায়নবাদ৷ এঞ্জেলিনা জলী আৰু ব্রেড পিটৰ সম্পর্কই যেন হলীউডৰ গ্লেমাৰকেই সার্থক কৰি তুলিছিল৷ মানুহে তেওঁলোকৰ প্রতিটো পদক্ষেপ অনুসৰণ কৰিছিল৷ তেওঁলোকে কৰা চিনেমা, তেওঁলোকৰ সমাজসেৱা আৰু অৱশেষত তেওঁলোকৰ বিবাহ–বিচ্ছেদলৈকে প্রায় সকলো কাহিনী হৈ পৰিছিল আৱেগিক ৰোলাৰ–কোষ্টাৰ৷
প্রেম এক সার্বজনীন অভিজ্ঞতা৷ আনৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি সিমান এটা নাজানিব পাৰোঁ, কিন্তু তেওঁলোকৰ প্রেমৰ কথা শুনিলে আমি সহজতে ৰিলেট কৰিব পাৰোঁ৷ চেলিব্রিটীসকল সাধাৰণতে আমাৰ পৰা বহু দূৰৈৰ পৃথিৱী এখনত বাস কৰা যেন লাগে৷ কিন্তু তেওঁলোকৰ ৰোমাণ্টিক সম্পর্কবোৰে চিনাকি বিষয়বোৰেই প্রতিফলিত কৰে৷ আৱেগ, ভগ্ণ হূদয়, বিশ্বাসঘাতকতা, মিলন– আমি সহজতেই বুজি পাওঁ৷ প্রখ্যাতসকলৰ আপাত দৃষ্টিত নিখুঁত জীৱনত আমি নিজৰ ইচ্ছা, ভুল আৰু নিৰাপত্তাহীনতা প্রতিফলিত হোৱা দেখা পাওঁ৷ অর্থাৎ প্রেম এক সার্বজনীন থীম৷ ৰাজকুমাৰ চার্লছ আৰু ৰাজকুমাৰী ডায়েনাৰ বিবাহ যেতিয়া ছিন্ন–ভিন্ন হৈ পৰিল, তেতিয়া ই তেওঁলোকক মানৱীয় কৰি তুলিলে৷ ৰাজকীয় মর্যাদা থকা সত্ত্বেও তেওঁলোক প্রকৃত আৱেগিক প্রত্যাহ্বানৰ সন্মুখীন হৈছিল, যাৰ অনুৰণন হৈছিল লাখ লাখ লোকৰ মাজত৷
বিখ্যাত লোকসকল সংবাদ মাধ্যম, সামাজিক মাধ্যমত অনবৰতে দপ্দপাই থাকে৷ খাবলৈ, শুবলৈ, বাথৰুমলৈ যাওঁতেও আমি তেওঁলোকক দেখি থাকোঁ৷ আমাৰ লগত তেওঁলোকৰ উপস্থিতি অহৰহ৷ তেওঁলোক যেন আমাৰ ব্যক্তিগত জীৱনৰে অংশ৷ আমাৰ যেন খুব চিনাকি৷ অন্তৰংগতা আৰু সংযোগ ভ্রম৷ এটা একপক্ষীয় সংযোগ য’ত সাধাৰণ মানুহে এই ব্যক্তিসকলৰ লগত ঘনিষ্ঠ অনুভৱ কৰে, অথচ সেই লোকসকল এই মানুহবোৰৰ বিষয়ে অজ্ঞাত৷
অতি বিখ্যাত লোকসকল এক অর্থত আধুনিক যুগৰ পৌৰাণিক ব্যক্তি৷ আধুনিক মীথ৷ তেওঁলোকৰ নাটকীয় প্রেম জীৱন মহাকাব্যিক৷ তেওঁলোকৰ নিষিদ্ধ ৰোমাঞ্চ আৰু কৰুণ বিচ্ছেদ উভয়েই সন্মোহিত কৰে৷ ৰিচার্ড বার্টন আৰু এলিজাবেথ টেইলৰৰ প্রেম, বিয়া, বিবাহিত জীৱন আৰু বিচ্ছেদে আৱেগিকভাৱে আচ্ছন্ন কৰি ৰাখিছিল মানুহক৷
নাটকে সকলোৰে দৃষ্টি আকর্ষণ কৰে৷ কিন্তু অবিশ্বাস, নিষিদ্ধ প্রেম বা গোপন কাম–কাজৰ দৰে নাটকীয় একো নাই৷ বিল ক্লিণ্টন আৰু মণিকা লিউনস্কিৰ সম্পর্ক ইয়াৰ এক নিখুঁত উদাহৰণ৷ ক্ষমতা, প্রেম আৰু গোপনীয়তাৰ মিশ্রণে ইয়াক কৰি তুলিছিল আধুনিক ইতিহাসৰ অন্যতম বহুলভাৱে চর্চিত সম্পর্ক৷
কিছু লোকৰ বাবে বিখ্যাতসকলৰ প্রেমৰ জীৱনৰ অনুসৰণে নিজৰ জীৱনৰ আৱেগিক শূন্যতা পূৰণ কৰাত সহায় কৰে৷ তেওঁলোকে হয়তো নিজৰ জীৱনত ৰোমাঞ্চ, উত্তেজনা বা নাটকৰ বাবে হাহাকাৰ কৰি আছে৷ আনৰ সম্পর্কৰ উত্থান–পতনৰ বিষয়ে কথা পতা, চোৱা বা পঢ়া তেওঁলোকৰ বাবে হৈ পৰে এক আৱেগিক বৈজান৷ জন লেনন আৰু য়ক’ অ’ন’ৰ সম্পর্কক বহু অনুৰাগীয়ে নিজা কল্পনাৰে চাইছিল, তেওঁলোকক অমৰ প্রেমৰ প্রতীক হিচাপে লৈছিল৷ তেওঁলোকৰ সংযোগক কলাত্মক, বৌদ্ধিক আৰু আধ্যাত্মিক হিচাপে লৈ নিজৰ জীৱনৰ আদর্শ কৰি লৈছিল৷
প্রেমৰ আলোচনা বা আনৰ প্রেমৰ গুজবৰ আলোচনাই সামাজিক বন্ধনৰ সৃষ্টি কৰে৷ আনৰ প্রেমৰ জীৱনৰ বিষয়ে আলোচনা কৰিলে, সেয়া কোনোবা চেলিব্রিটী হওক বা বন্ধু হওক, সামাজিক বন্ধনৰ ভাবৰ সৃষ্টি হয়৷ গুজব হৈছে যোগাযোগৰ এনে এক প্রকাশ যি নিমিষতে মানুহক ওচৰ চপাই আনে৷ বিখ্যাত হওক, অখ্যাত হওক, আনৰ প্রেমৰ আলোচনাই আমাৰ মাজত এক তাৎক্ষণিক সংযোগ স্থাপন কৰে৷
আনৰ সম্পর্কৰ বিষয়ে আলোচনা কৰি মানুহে নিজৰ নৈতিক সীমা আৰু বিচাৰ জুখি চোৱাৰ সুযোগ পায়৷ সচেতনভাৱে হওক বা অৱচেতনভাৱে হওক, মানুহে নিজৰ মূল্যবোধ, সম্পর্কৰ নীতি–নিয়ম আৰু অভিজ্ঞতাক আনৰ সৈতে তুলনা কৰিবলৈ ভাল পায়৷
মানুহে প্রেমৰ বিষয়ে আলোচনা কৰিবলৈ ভাল পায়, কাৰণ ইয়াত ভালপোৱা–বিশ্বাস–অবিশ্বাস-প্ৰণয়-বিচ্ছেদ সকলো আৱেগ–অনুভূতিৰ মিশ্রণ পোৱা যায়৷ ই হৈছে সামাজিকভাৱে আনৰ সৈতে সংযোগ স্থাপনৰ, নিজৰ মূল্যবোধ আৰু অভিজ্ঞতাৰ ওপৰত চিন্তা কৰাৰ আৰু লগতে পলায়নবাদত লিপ্ত হোৱাৰ এক উপায়৷ এই আলোচনাবোৰে আমাৰ নিজৰ আৱেগিক জীৱনক অন্তর্দৃষ্টি প্রদান কৰে, যিয়ে প্রেম, সংযোগ আৰু যোগাযোগৰ প্রতি আমাৰ সার্বজনীন আকাংক্ষাক প্রতিফলিত কৰে৷

ফোন : ৯৪৩৫০–৪৮৪৮০

You might also like