সুন্দৰী হোৱা স্বত্ত্বেও এই জাক গাভৰুৱে কিয় পোৱা নাই দৰা
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ বিয়াত বহাৰ ইচ্ছা আছে, কিন্তু পাত্র পোৱা নাই। আৰু সেইবাবেই অবিবাহিত হৈ থাকি যাবলগীয়া হৈছে অসংখ্য ৰমনী। অবিশ্বাস্য হ’লেও এনেকুৱা এখন গাওঁ আছে ব্রাজিলত।
দক্ষিণ-পূব ব্রাজিলৰ এখন পাহাৰীয়া গাওঁ নোইভা ডো কোৰডোইৰো। এই গাঁৱl মহিলাৰ আধিক্যই বেছি, সকলোবোৰ অবিবাহিত। যি দুই-এগৰাকীৰ বিয়া হৈছে তেওঁলোকেও নিজৰ গাওঁ এৰি কেতিয়াও যোৱা নাই। গতিকে স্বামীক এৰি থাকিবলগীয়া হৈছে। সপ্তাহৰ শেষৰ দুদিনৰ বাবে গিৰিয়েকবোৰ গাঁৱলৈ আহে। তাৰ বাহিৰে ল’ৰাবোৰৰ ১৮ বছৰ বয়স হ’লেই বাহিৰলৈ পঠিয়াই দিয়া হয়। ফলত পুৰুষশূণ্য হৈ পৰিছে গাঁৱখন।
এই গাঁৱৰ মহিলা তথা তৰুণীবোৰ খুবেই সুন্দৰী হোৱা সত্ত্বেও জীৱনসংগীৰ অভাৱ কিয়? জানিব পৰা মতে, গাঁৱখনৰ এটা ৰীতি যে বিয়াৰ পাছত কোনো ছোৱালীয়ে গাওঁ এৰি যাব নোৱাৰে। তাৰ বিপৰীতে গিৰিয়েকে আহি থাকিব লাগিব ইয়াত।
ইয়াৰ অন্তৰালতো আছে এটি কাহিনী। জনা যায়, ১৮৯০ চনত মাৰিয়া ছেনহোৰিনা ডি লিমা নামে এজনী যুৱতীক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া দিয়া হৈছিল। ইয়াৰ পাছত তেওঁ শহুৰৰ ঘৰ এৰি নোইভা ডো কোৰডোইৰো এলেকালৈ গুচি আহে। ১৮৯১ চনত তাত এখন গাওঁ গঢ়ি তোলে। আৰু তেতিয়াৰ পৰাই নিৰ্ধাৰণ হয় যে এই গাঁৱৰ কোনো যুৱতীয়ে বিয়াৰ পাছত শহুৰৰ ঘৰলৈ নাযায়।সেয়ে সুন্দৰী তথা বিবাহযোগ্য হ’লেও ছোৱালীবোৰে সংগী বিচাৰি নোপোৱা হৈছে।