নেতৃত্বৰ সংকল্পৰে নাৰী সমাজ আগবাঢ়ক
বিশ্বৰ কোনো এটা ধর্মই, কোনো এখন সংবিধানে নাৰীৰ ক্ষেত্রত কোনোধৰণৰ স্বাধীনতা খর্ব হ’ব পৰা সিদ্ধান্ত দিয়া নাই৷ বিশ্বৰ কন্যা সন্তানসকলৰ সুৰক্ষা আৰু স্বাধীনতাক নিশ্চিত কৰিবলৈ অতীজৰে পৰা বিভিন্ন সংস্কাৰ সাধন কৰি অহা হৈ আহিছে৷ ইয়াৰেই এক অংশৰূপে নাৰীসকলক অধিকভাৱে সচেতন কৰিবলৈ অতীত কালৰ পৰাই বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে৷
নাৰী যে পুৰুষৰ উত্তম বন্ধু অথবা পুৰুষ যে নাৰীৰ উত্তম বন্ধু আৰু উভয়ে উভয়ৰ পৰিপূৰক সেই কথা বেদত উল্লেখ আছে৷ নাৰী অথবা পুৰুষ উভয়েই নিজ নিজ সত্তাৰ মাজেদি সুকীয়া সুকীয়া ৰূপত উদ্ভাসিত আৰু সুকীয়া সুকীয়া অনুভৱেৰে সিক্ত৷ বাস্তৱ সত্তাৰ চিন্তা–চর্চাৰ উপলব্ধিৰে নাৰী সম্পর্কে বেদসমূহে দিয়া কিছু মন্তব্যই আমাক নাৰী সম্পর্কে সুকীয়া চিন্তাৰ অৱকাশ আনি দিয়ে৷ বৈদিক সংস্কৃত ভাষাত ৰচিত প্রাচীন ধর্মগ্রন্থ যজুর্বেদ.২০.৯ত উল্লেখ আছে– ‘নাৰী–পুৰুষ উভয়ৰে শাসক হিচাপে ঘোষিত হোৱাৰ অধিকাৰ আছে৷’ যজুর্বেদ.১৭.৪৫ত উল্লেখ থকা অনুসৰি ‘নাৰীৰ সেনাবাহিনী গঢ়ি উঠক আৰু যুদ্ধত ভাগ ল’বলৈ উৎসাহিত কৰক৷’ তদুপৰি অথর্ববেদ.১১.৫.১৮ত ব্রহ্মচর্য সুক্ত– ইয়াত ‘নাৰীক ব্রহ্মচর্য আৰু বিদ্যাগ্রহণৰ পিছতহে বিবাহৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হয়৷’ অথর্ববেদ.৭.৪৮.২ত ‘হে নাৰী, তুমি আমাক বুদ্ধিৰে ধন দিয়া৷ বিদুষী, সন্মানীয়, বিচাৰশীল, প্রসন্নচিত্ত নাৰী সম্পত্তিৰ ৰক্ষা আৰু বৃদ্ধি কৰি ঘৰলৈ সুখ আনা৷’ অথর্ববেদ.২.৩৬.৫ত উল্লেখ আছে– ‘হে বধু, ঐশ্বর্যৰে ভৰা নাৱত উঠি নিজৰ স্বামীক সফলতাৰ দিশে লৈ বলা৷’ অথর্ববেদ.১৪.১.৫০ত নাৰী সম্পর্কে এনেদৰে আছে– ‘হে প্রিয়ে, মোৰ সৌভাগ্যৰ বাবে তোমাৰ হাতত ধৰিলোঁ৷’ ঋকবেদ.৩.৩১.১.ত নাৰী সম্পর্কীয় বিশেষ উক্তিটো হ’ল– ‘ল’ৰাৰ সৈতে ছোৱালীও নিজৰ দেউতাকৰ সম্পত্তিৰ সমান ৰূপত উত্তৰাধিকাৰী হয়৷’ ঋকবেদৰ দেৱী সুক্তত নাৰী শক্তিক সকলো পদার্থ আৰু সংজ্ঞাৰ সৃষ্টিকাৰী, চিৰন্তন আৰু অসীম, আধ্যাত্মিক আৰু অভিজ্ঞতামূলক বাস্তৱতা অর্থাৎ ব্রহ্ম, সকলোৰে আত্মা তথা ব্রহ্মাণ্ডৰ সাৰ বুলি কোৱা হৈছে৷ হিন্দু ধর্মত দেৱীক যথেষ্ট মান্যতা প্রদান কৰা হয়৷ নাৰীক দেৱীৰ সৈতে তুলনাও কৰা হয়৷ তৎসত্ত্বেও নাৰী লাঞ্চিত, বঞ্চিত, অৱহেলিত, নিপীডিত আৰু নাৰীয়েই নাৰীৰ হাতত পৰাজিত হ’বলগীয়া হৈ আহিছে৷
ভাৰতীয় শাস্ত্রপুথিসমূহত অৱশ্যে সংযমতা অৱলম্বন, পাৰস্পৰিক সহযোগিতাৰ কথা কোৱা হৈছে৷ দুটা হাইড্র’জেন আৰু এটা অক্সিজেনেৰে বিশ্বৰ যিকোনো প্রান্তৰ পানী গঠিত তেনেদৰে একে প্রক্রিয়াৰেই বিশ্বৰ সকলো মানুহ গঠিত৷ অথচ প্রতিজন মানুহৰ ইজনৰ সৈতে সিজনৰ বিভিন্নতা পৰিমাণ আচৰিত ধৰণৰ৷ হিন্দু বৈদিক সংস্কৃতিত স্ত্রীক পুৰুষৰ অর্ধাংগিনী আৰু সহধর্মিণী বুলি কোৱা হয় অর্থাৎ নাৰী অবিহনে পুৰুষ সম্পূর্ণ নহয়, যিয়ে পৰিপূৰকৰূপে উভয়ে জীৱন মার্গত পদার্পণ কৰে৷ ভাৰতীয় ধর্মীয় সংস্কৃতিতো পুৰুষে পত্নী অবিহনে কোনো ধর্মীয় অনুষ্ঠান কৰিব নোৱাৰে বুলি উল্লেখ আছে৷ ৰামায়ণতো ইয়াৰ উদাহৰণ পোৱা যায়– শ্রীৰামচন্দ্রই অশ্বমেধ যজ্ঞ কৰিবৰ সময়ত সীতা বনবাসত আছিল৷ কিন্তু যজ্ঞস্থলীত ৰামে সপত্নীক উপস্থিত থাকিবলগীয়া হোৱাত ৰামে সীতাৰ সোণৰ মূর্তি নির্মাণ কৰিবলগীয়া হৈছিল৷ পতি–পত্নীৰ বৈবাহিক সম্পর্কৰ ক্ষেত্রত কেৱল দৈহিক মিলনেই যথেষ্ট নহয়, আধ্যাত্মিক, মানসিক আদি ক্ষেত্রতো আস্থাপূর্ণ সম্পর্ক থকাৰ প্রয়োজন আছে, আনকি পতী–পত্নীৰ বান্ধোন সাত জন্মৰ বন্ধন বুলি বিশ্বাস কৰা হয়৷ কিন্তু আনুপাতিক দৃষ্টিভংগীৰে লক্ষ্য কৰিলে দেখা যায় পুৰুষসকলে সম্পত্তি অথবা অর্থনৈতিক স্বাধীনতা, ভাগ–বাটোৱাৰাৰ ক্ষেত্রত বৈষম্যতা কৰা দেখা যায়৷ অর্থনৈতিক বৈষম্যহীনতাৰ বাবে বহু নাৰীয়ে নৰক যন্ত্রণাক জীৱনৰ সংগী কৰি ল’বলৈ বাধ্য হোৱা দেখা যায়৷ আনকি স্বাৱলম্বী বা চাকৰি কৰা মহিলাসকলো এই আগ্রাসনৰ পৰা ৰক্ষা পোৱা নাই৷ উপার্জন, জমা, সঞ্চয়, বিনিয়োগ কৰা ঠিকেই, কিন্তু নিজৰ পছন্দমতে খৰচ কৰিবলৈ অপাৰগ হয়৷ স্বামীৰ পছন্দকেই নিজৰ পছন্দ বুলি মানি ল’বলগীয়া হয়৷ কিয়নো সহণশীলা নাৰীয়ে সংসাৰ ধৰি ৰখাৰ চক্রবেহুত সোমাই নিজৰ চিন্তা–বুদ্ধিক বিসর্জন দি পিতৃ, দাদা, ভাতৃ, স্বামী, মামা, খুৰা, পুত্র আদিৰ অনুগামী হ’বলৈ বাধ্য হৈ পৰে৷
কিন্তু তাৰ মাজতো এচাম নাৰীয়ে নিজৰ ব্যক্তিত্ব, চিন্তা–বুদ্ধিক পূর্ণ বিকাশ কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ নেতৃত্ব লৈ আহিবলৈ সক্ষম হৈছে৷ অতীতলৈ উভতি গ’লেও দেখা যায় বিশ্বৰ বিভিন্ন ঘটনা প্রৱাহ, যেনে– যৌতুক, সতীদাহ, বাল্য বিবাহৰ প্রথা বন্ধ আৰু বিধৱা বিবাহৰ প্রচলনৰ ক্ষেত্রত এচাম নাৰী–পুৰুষে অহৰহ কাম কৰি আহিছে৷ এনে প্রথাসমূহৰ প্রভাৱ ভাৰতবর্ষৰ সামাজিক তথা ৰাজনৈতিক দৃশ্যপট বাৰুকৈয়ে পৰা পৰিলক্ষিত হৈছিল৷ সংস্কাৰহীন সমাজ ব্যৱস্থাৰ বাবে পৰিমাণগতভাৱে নাৰীসকল পুৰুষৰ সমানে সমানে আগবাঢ়ি আহিব পৰা নাই৷ এইক্ষেত্রত প্রাকৃতিক আৰু হ’ৰমনজনিত কাৰণ অথবা ঈশ্বৰৰ সৃষ্টিৰ ৰহস্যও সংপৃক্ত হৈ আছে বুলি স্বীকাৰ কৰিবই লাগিব৷
এই কথা বিনাদ্বিধাই ক’ব পাৰি যে প্রতিভাক কোনো প্রতিবন্ধকতাই ঢ়াকি ৰাখিব নোৱাৰে৷ জুইক কেতিয়াও ঢ়াকি ৰাখিব নোৱাৰাৰ উদাহৰণ দেখুৱাই এচাম নাৰীয়ে দক্ষতাৰে বিভিন্ন সময়ত বিভিন্ন বিষয়ত নেতৃত্ব বহন কৰি আহিবলৈ সক্ষম হৈছে৷ উদাহৰণ হিচাপে (ক) ৰুদ্রমা দেৱীৰ কথা উল্লেখ কৰিব খুজিছেছা৷ যিগৰাকী নাৰীয়ে সুচাৰুৰূপে ৰাজ্য শাসন কৰাৰ উদ্দেশ্যে নিজকে এজন পুৰুষ হিচাপে প্রচাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ ১২৬৩ৰ পৰা ১২৮৯ খ্রীষ্টাব্দলৈ দাক্ষিণাত্য মালভূমিৰ কাকতীয় ৰাজবংশৰ শাসকৰূপে কার্যনির্বাহ কৰিছিল৷ (খ) কাদম্বিনী গাংগুলী৷ ভাৰতীয় তথা দক্ষিণ ভাৰতীয় প্রথমগৰাকী মহিলা চিকিৎসকৰূপে গৌৰৱ অর্জন কৰিছিল৷ তদুপৰি ১৮৮৩ খ্রীষ্টাব্দত ব্রিটিছ সাম্রাজ্যৰ পৰা স্নাতক ডিগ্রী লোৱা প্রথমগৰাকী মহিলা৷ ইয়াৰ পিছত তেওঁ কলকাতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্রী লাভ কৰিছিল৷
ঐতিহাসিক দৃষ্টিকোণেৰে লক্ষ্য কৰিলে দেখা যায় নাৰীসকলৰ পাৰিশ্রমিক, শ্রমিকৰূপে নিয়োজিত নাৰীৰ অধিকাৰ, মজুৰি বৈষম্য দূৰীকৰণ আৰু অন্যান্য সমস্যা আঁতৰাবৰ বাবে এক সংগঠিত প্রচেষ্টাৰে তীব্র আন্দোলন কৰাৰ প্রয়োজন আহি পৰিছিল৷ প্রতিবছৰে ৮ ছেপ্ঢেম্বৰত পালন কৰা ‘বিশ্ব নাৰী দিৱস’ৰ প্রাৰম্ভিক স্তৰ সম্পর্কে যুঁকিয়াই চালে দেখা যায় ১৮শ শতিকাতেই ইউৰোপত নাৰী জাগৰণৰ সূত্রপাত ঘটিছিল৷ অধিক পৰিশ্রমৰ বিনিময়ত কম বেতন দিয়া দমন নীতিৰ বিৰুদ্ধে আৰু সমতা স্থাপনৰ উদ্দেশ্যে ১৮৬৬ চনৰ ৮ মার্চত ‘সমতাৰ অধিকাৰ’ৰ প্রস্তাৱ লোৱা হৈছিল আৰু ১৮৭১ চনৰ ৮ মার্চত ‘পৰী কমিউন’ নাম দিয়া সংস্থাটোৰ বেনাৰত প্রথম বিশ্বযুদ্ধত নিহত পৰিয়ালৰ নাৰীসকলে আন্দোলনত অৱতীর্ণ হৈ অত্যাচাৰী ৰজা জাৰৰ শাসনৰ ওৰ পেলাবলৈ সক্ষম হৈছিল৷ ১০খন দেশৰ ১০০গৰাকী নাৰীয়ে ১৯১০ চনত কপেনহেগত অনুষ্ঠিত সভাত জার্মানীৰ ক্লাৰা জেটকিনে ৮ মার্চৰ দিনটো ‘বিশ্ব নাৰী দিৱস’ৰূপে পালন কৰিবলৈ প্রস্তাৱ দিছিল৷ আন এক সূত্র অনুসৰি ১৯০৯ চনৰ ২৮ ফেব্রুৱাৰীত নিউয়র্কত এই দিৱস প্রথম উদ্যাপন হৈছিল৷ অৱশ্যে এই তথ্যৰ বিশ্বাসযোগ্যতাৰ ক্ষেত্রত কিছু সন্দেহৰ অৱকাশ আছে৷ নির্যাতিত, নিপীডিত, শোষিত, বঞ্চিত নাৰীসকলক নিৰাপত্তা দিয়া আৰু সমানে সমানে সকলো কামতে নিয়োগ কৰি সম অধিকাৰ প্রদান কৰাকেই মূল লক্ষ্য হিচাপে লৈ ‘আন্তর্জাতিক কর্মজীৱী নাৰী দিৱস’ নামৰ সংগঠনটোৱে জন্মলাভ কৰিছিল৷ মহিলাসকলক আর্থিক, ৰাজনৈতিক আৰু সামাজিকভাৱে প্রতিষ্ঠিত কৰাৰ উদ্দেশ্যে বিশ্বৰ নাৰীসকলক একগোট কৰাৰ লক্ষ্যৰে এই দিৱসৰ সূচনা কৰা হৈছিল৷ ১৯১৭ চনত নাৰী সংগঠনটোৰ সংগ্রামী কার্যসূচীত সেও মানি ভোটাধিকাৰৰ পৰা বঞ্চিত ৰাছিয়ান মহিলাসকলে ভোটাধিকাৰ অর্জন কৰিবলৈ সক্ষম হয়৷ ১৯৬৭ চনলৈকে বিশ্বৰ নাৰী সংগঠনসমূহ সংগঠিত বা ইতিমধ্যে উল্লেখ কৰা সংস্থাসমূহক সর্বজনগ্রাহ্যৰূপে স্বীকৃত নোহোৱা বাবে সমাজতান্ত্রিক আন্দোলনৰ অংশৰূপে ভিন ভিন প্রান্তত সুকীয়াকৈ এই দিৱসবোৰ পালন হৈ আছিল বুলিও এটা সূত্রই কয়৷ যি নহওক, ১৯৭৫ চনৰ ৮ মার্চত সমগ্র বিশ্বই ‘আন্তর্জাতিক নাৰী দিৱস’ পালন কৰিছিল৷ সেই ধাৰা আজিকোপতি বর্তি আছে৷
বর্তমান সময়ত এই দিৱসক ৰাষ্ট্রসংঘয়ো গুৰুত্ব দিয়ে৷ এনে সাংগঠনিক স্থিতিৰ বাবেই নাৰী সবলীকৰণ, সচেতনতা, শিক্ষা, সুৰক্ষা, আত্মবিকাশ, শোষণৰ বিৰুদ্ধে, সুৰক্ষাৰ উদ্দেশ্যে সাংবিধানিকভাৱে নাৰীৰ স্থান উন্নত কৰা হৈছে৷ ইতিমধ্যে এই দিৱসে ১৫০ বছৰীয়া ইতিহাস ৰচনা কৰিছে৷ পাৰিবাৰিক, সামাজিক, অর্থনৈতিক, ব্যৱসায়িক, চিকিৎসা, ব্যক্তিগত, পেছাদাৰী, সাংস্কৃতিক, ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্রত জডিত মহিলাই অলেখ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ এই দিৱসত নিজৰ ক্ষেত্রত অভিজ্ঞতা, সমস্যাসমূহ দাঙি ধৰি সমস্যাসমূহৰ নিৰসনৰ বাবে এই দিৱসটোক বিস্তৃতভাৱে পালন কৰা হয়৷ এই দিৱসত নাৰী সমাজৰ একাংশ নাৰীক উৎকৃষ্ট কামৰ স্বীকৃতিও প্রদান কৰা হয়৷ জাতি, ধর্ম, ভাষা, সংস্কৃতি, বর্ণ, ভেদা–ভেদ পাহৰি মহিলাসকলক লিংগ সমতা সম্পর্কে সচেতন কৰি তোলা হয়৷ সমসাময়িক মূল্যবোধৰ সংগঠিত প্রয়াসেৰে নাৰীৰ ঐতিহ্যক বিঘ্ণিত নোহোৱাকৈ ৰাখি নাৰীৰ সামগ্রিক জীৱন পদ্ধতিক বাস্তৱমুখী কৰিবলৈ প্রতিবছৰে বিশ্ব নাৰী দিৱসৰ বাবে সুকীয়া সুকীয়া বিষয় বাছনি কৰি লোৱা হয়৷ যোৱাটো দুটা বর্ষৰ লগতে চর্লিত বর্ষটোৱেও ক’ৰোনা মহামাৰীক প্রত্যাহ্বান হিচাপে লৈ কর্মক্ষেত্রত অগ্রসৰ হ’বলগীয়া হৈছে৷ ২০২২ চনত নির্ধাৰণ কৰা বিষয়টো হৈছে–Women in leadership: an equal future in a Covid 19 world৷ ইয়াক অসমীয়াত লিখিবলৈ হ’লে– ‘নেতৃত্বত নাৰী ঃ ক’ভিড ১৯ পৃথিৱীত সমান ভৱিষ্যৎ লাভ’ এনেকুৱা ধৰণৰ হ’ব৷ আনহাতে এনেদৰেও বুজিব পাৰি– নেতৃত্বত থকা নাৰীসকলে ক’ভিডৰ পৃথিৱীত সমান ভৱিষ্যৎ গঢ়িব বা সমান ভূমিকা গ্রহণ কৰিব বা সমান অংশগ্রহণেৰে পৃথিৱীখনক আগুৱাই নিব৷ পৃথিৱীখন জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে৷ এনে জটিল সন্ধিক্ষণত নাৰীসকলে যিকোনো নীতি–নির্ধাৰণৰ ক্ষেত্রত সক্রিয়ভাৱে সমান অংশীদাৰিত্ব ল’ব পাৰে৷ এয়া এক জনসচেতনতামূলক উৎসাহজনক শ্ল’গান বুলিও ক’ব পাৰি৷ নাৰীসকলৰ সুপ্ত শক্তিক জাগ্রত কৰি পৰিস্থিতিয়ে বিচৰাধৰণে নিজক গঢ়ি তুলিবলৈ নাৰীসকল উদ্বুদ্ধ হ’ব এনে শ্ল’গানৰ জৰিয়তে৷ নির্ধাৰিত বিষয়টিত অন্তর্ভুক্ত ‘সমান’ শব্দটোৱে নাৰী–পুৰুষ উভয়ে সমভাৱে অংশগ্রহণৰ কথাকে বুজাইছে৷ সাধাৰণতে দেখা যায় বেছিভাগ ক্ষেত্রতে পুৰুষতকৈ নাৰীৰ অংশগ্রহণ বহু কম বা বিভিন্ন কাৰণত সীমিত৷ বিভিন্ন ক্ষেত্রত সংৰক্ষণৰ ব্যৱস্থা কৰিহে এচাম নাৰীক অংশগ্রহণৰ সুবিধা প্রদান কৰা হৈছে৷ প্রকৃততে ক’বলৈ গ’লে সংখ্যাগত দিশৰ পৰা নাৰীসকল যিভাৱে তৎপৰ হৈ উঠিব লাগিছিল আজিপর্যন্ত সেই তৎপৰতা বা সমানুপাতিক যোগদান সম্ভৱ হৈ উঠা নাই৷ আন এক উল্লেখযোগ্য কথা হ’ল– নাৰী–পুৰুষ সম্পূর্ণ হৈ উঠে দুয়োৰে সমন্বয়ত আৰু সন্মিলনত৷ তদুপৰি ‘সম্পূর্ণ মনুষ্য কল্পনাৰ অর্ধেক নাৰী আৰু অর্ধেক পুৰুষ’ বোলা কথাষাৰো এইক্ষেত্রত প্রণিধানযোগ্য৷ ইয়াৰ সমর্থনত ‘অর্ধাং ভার্য্যা মনুষস্য’ বা ‘অর্ধাংগিণী’ আদিয়ে নাৰী পুৰুষৰ সমন্বয়কে বুজায়৷
এফালে মহামাৰীৰ তাণ্ডৱ মাৰ নৌযাওঁতেই ৰাছিয়া আৰু ইউক্রেইন দেশ দুখনে সংঘাতত লিপ্ত হৈ যুদ্ধৰ পথ গ্রহণ কৰিছে৷ আন এক খবৰ আহিছে পাৰমাণৱিক বোমা বিস্ফোৰণ৷ এনে কথাবোৰ সঁচাকৈয়ে মানৱ সভ্যতাত দুখলগা বিষয়ৰূপে চিহ্ণিত হৈ থাকিব৷ এই লেখাৰ সৈতে এনে বিষয়টো সাঙুৰিবলৈ চেষ্টা নকৰি মূল বিষয়লৈ আহিছেছা৷ নাৰী–পুৰুষ সকলোৱে অভিন্নভাৱে কামত অগ্রসৰ হ’ব লাগে বুলি কোৱা হয় যদিও আমাৰ সমাজ ব্যৱস্থাত নাৰীসকলক বহুক্ষেত্রত অৱহেলাৰ দৃষ্টিৰে চোৱা হয়৷ এনে নহয় যে পুৰুষসকলে নাৰীক অৱহেলাৰ দৃষ্টিৰে চায়৷ পুৰুষতকৈ এচাম নাৰীয়েই নাৰীক অধিক অৱহেলাৰ দৃষ্টিৰে চাই বা নকৰিবলগীয়া ব্যৱহাৰ কৰে৷ কৰিমগঞ্জস্থিত লাতু উচ্চতৰ মাধ্যমিক আদর্শ বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মই এক অনন্য অভিজ্ঞতা লাভ কৰিছেছা৷ শুদ্ধ বগা সাজ আৰু উকা কপালেৰে মই সভাত উপস্থিত হোৱাত বহুজনৰ চকু সেমেকি উঠিছিল৷ যি সময়ত বিধৱাসকলক বহু শুভ কামত অংশগ্রহণৰ ক্ষেত্রত বাধা আৰোপ কৰা হয় বা নিজেও বহুক্ষেত্রত পিছুৱাই থাকিবলগীয়া হয় তেনেক্ষেত্রত লাতু হাইস্কুলত এক ব্যতিক্রম দেখিলোঁ৷ বন্তি প্রজ্বলনৰ সময়ত সকলোকে আগবাঢ়িবলৈ দি মই ইচ্ছা কৰিয়েই পিছ পৰিছিলো৷ কিন্তু মোক আচৰিত কৰি উদ্যোক্তাসকলে প্রথম বন্তি জ্বলাবলৈ দিলে৷ মই ইচ্ছা কৰা নাছিলো যদিও সকলোৰে অনুৰোধত বাধ্য হ’লোঁ৷ মোক উপস্থিত সকলোৱে ইমান আদৰ–সন্মান দিলে যে মই এক নতুন প্রাণ লাভ কৰাৰ দৰে অনুভৱ হ’ল৷ বৈধৱ্য জীৱনত লাভ কৰা বহু অভিজ্ঞতাৰ বিষ–দুখ যেন বহুখিনি পাতল অনুভৱ কৰিলোঁ৷
ৰাষ্ট্রসংঘই দিয়া আন এক তথ্য অনুসৰি পৃথিৱীৰ তিনিখন দেশৰ সংসদত মাত্র মহিলাৰ হাৰ পুৰুষৰ সমান৷ বর্তমানলৈ ২২খন ৰাষ্ট্রত ৰাষ্ট্রপতি অথবা ৰাষ্ট্রপ্রধানৰ পদ মহিলাই শুৱনি কৰিছে৷ আনহাতে পৃথিৱীৰ ১১৯খন দেশত কেতিয়াও মহিলাই ৰাষ্ট্রপ্রধান পদ পাবলৈ সক্ষম হোৱা নাই৷ এই দিশটো পর্যালোচনা কৰি বুজা গৈছে যে সংসদত নিজৰ স্থান সুদৃঢ় কৰিবলৈ মহিলাসকলে আৰু অধিক কষ্ট কৰাৰ প্রয়োজন আছে৷
সমগ্র বিশ্বৰ লগতে ভাৰতবর্ষ, অসম আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো বিশ্ব নাৰী দিৱস বিভিন্ন কার্যসূচীৰে প্রতিবছৰে পালন কৰি আহিছে৷ আমিও অনুষ্টুপীয়াকৈ হ’লেও এই দিৱস পালন কৰি আহিছেছা৷ ক্রমবিকাশমুখী মানৱ সভ্যতাৰ প্রাচীন ইতিহাসে আমাক প্রতি ক্ষণে ক্ষণে সকীয়াই আছে যে আমি আমাৰ হূদয়ৰ ব্যৱধান, মনৰ দূৰত্ব কমালে বহু সমস্যাৰ সমাধান হৈ যায়৷ ইটোৱে সিটোক অৱদমিত কৰি ৰখাৰ চেষ্টাতকৈ যদি প্রতিজনে নিজৰ নিজৰ ভাগে সমান অংশগ্রহণৰ প্রয়াস কৰোঁ তেতিয়া অদূৰ ভৱিষ্যৎ নাৰীসকলৰ মান–সন্মান, মর্যাদা যে বৃদ্ধি হ’ব, তাত কোনো সংশয়ৰ কাৰণ দেখা নাযায়৷ আজিৰ নৱপ্রজন্ম নতুন গতিৰে গতি লোৱা দেখা গৈছে৷ তেওঁলোকৰ এনে গতিকে আমি জ্যেষ্ঠসকলে গতিশীল কৰিবলৈ চেষ্টা কৰিব লাগিব৷ মানসিক শক্তি বৃদ্ধিৰে মনোবল বৃদ্ধি কৰিব পাৰিলে নাৰী সমাজে নিশ্চয়কৈ সকলো স্তৰত সমানভাৱে দায়িত্ব পালন কৰি সুন্দৰ ভৱিষ্যৎ গঢ়িবলৈ সক্ষম হ’ব৷