নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহনক্ষম ভৱিষ্যৎ

আজি সমগ্র বিশ্বতে পালন কৰা হৈছে নাৰী দিৱস৷ ৰাষ্ট্রসংঘই ২০২২ বর্ষৰ নাৰী বর্ষৰ বাবে নির্ধাৰণ কৰা বিষয়বস্তু হৈছে’Gender Equality Today for Sustainable Tomorrow –বহনক্ষম কাইলৈৰ বাবে আজি লিংগ সমতা’৷ ২১ শতিকাত সমগ্র পৃথিৱীৰ বিশেষকৈ উন্নয়নশীল দেশসমূহৰ দৰিদ্র আৰু প্রান্তীয় শ্রেণীৰ লোকসকলৰ ওপৰত জলবায়ু পৰিৱর্তনৰ প্রভাৱ প্রত্যক্ষভাৱে পৰে৷ ৰাষ্ট্রসংঘই ২০২২ চনত নাৰীসকলৰ জীৱনত জলবায়ু পৰিৱর্তনৰ প্রভাৱ আৰু বহনক্ষম কার্যপন্থাৰে জলবায়ু পৰিৱর্তনৰ সৈতে যুঁজ দিয়া মহিলা নেত্রীসকলৰ অৱদানক স্বীকৃতি দিয়াৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ ৰাষ্ট্রসংঘৰ মতে লিংগ সমতা অবিহনে বহনক্ষম ভৱিষ্যতৰ সপোন কেতিয়াও পূর্ণ নহয়৷ আমেৰিকা যুক্তৰাষ্ট্রৰ এক গৱেষণাত প্রকাশ পাইছে যে জলবায়ু পৰিৱর্তনৰ সর্বোচ্চ প্রভাৱ উন্নয়নশীল দেশৰ নাৰীসকলৰ ওপৰতে পৰে৷ আন্তঃৰাষ্ট্রীয় শ্রমিক সংস্থাৰ ২০১৬ৰ প্রতিবেদন অনুসৰি দক্ষিণ এছিয়াৰ কর্মজীৱী নাৰীৰ ৬০ শতাংশই কৃষিকার্যৰ লগত জড়িত৷ তদুপৰি কিছুসংখ্যক নাৰীয়ে মজুৰিৰ বিনিময়ত কৃষি শ্রমিক হিচাপেও কাম কৰে৷ এগৰাকী নাৰীয়ে ঘৰখনৰ সকলো সমস্যাৰ যত্ন লোৱাৰ লগতে প্রয়োজনসাপেক্ষে প্রতিকূল পৰিস্থিতিক আওকাণ কৰি উপার্জনৰ বাবে কঠোৰ পৰিশ্রম কৰিবলৈকো কুণ্ঠাবোধ নকৰে৷ জলবায়ু পৰিৱর্তনে দৰিদ্র আৰু গ্রামাঞ্চলৰ নাৰীৰ সামাজিক সুৰক্ষা, শিক্ষা, স্বাস্থ্য আদি সকলো ক্ষেত্রতে স্থবিৰতা সৃষ্টি কৰে৷ জলবায়ু পৰিৱর্তনৰ বাবে সৃষ্টি হোৱা প্রবল বান অথবা কেতিয়াবা খৰাঙে শস্যৰ উৎপাদন হ্রাস কৰিছে৷ পৰিয়ালৰ উপার্জন সীমিত হোৱাৰ বাবেই কিশোৰী, যুৱতী অথবা ঘৰৰ নাৰীগৰাকী ৰক্তহীনতা আৰু পুষ্টিহীনতাৰো চিকাৰ হয়৷ বানবিধ্বস্ত আৰু খৰাংপীড়িত অঞ্চলৰ দৰিদ্র নাৰী মানৱ সৰবৰাহকাৰীৰ কবলত পৰা দেখা গৈছে৷ চাকৰিৰ প্রলোভনেৰে দৰিদ্র নাৰী, যুৱতীক সৰবৰাহকাৰীয়ে লৈ যায় আৰু মাতৃভূমিৰ পৰা বহু দূৰৈৰ নাৰীদেহ ব্যৱসায়ীৰ হাতত বিক্রী কৰি দিয়ে৷ ৰাষ্ট্রসংঘৰ ড্রাগ্ছ এণ্ড ক্রাইম বিভাগে চলোৱা সমীক্ষাত প্রকাশ পাইছে যে দৰিদ্রতা আৰু উপার্জনহীনতাৰ সুযোগ লৈয়ে বহু যুৱতীক বলপূর্বক দেহ ব্যৱসায়ত লিপ্ত কৰোৱা হয়৷ জলবায়ু পৰিৱর্তনে বহু দৰিদ্র পৰিয়ালৰ কিশোৰী পৰিয়ালৰ শোচনীয় আর্থিক অৱস্থাৰ বাবেই বয়সৰ বহু পূর্বে বিবাহত বহিবলৈ বাধ্য হয়৷ বয়সৰ পূর্বেই সিহঁতক বিয়া দি অভিভাৱকে যেন সিহঁতৰ ভৰণ–পোষণৰ দায়িত্বৰ পৰা হাত সাৰিব খোজে৷ বাল্য বিবাহৰ এই সমস্যা সমগ্র বিশ্বতে আছে৷
অৱশ্যে নাৰীসকল জলবায়ু পৰিৱর্তনৰ দ্বাৰা পুৰুষৰ তুলনাত অধিক ক্ষতিগ্রস্ত হয় যদিও তেওঁলোকেই জলবায়ু অভিযোজন আৰু জলবায়ু পৰিৱর্তন প্রশমনৰ ক্ষেত্রত কার্যকৰী আৰু শক্তিশালী নেত্রী আৰু পৰিৱর্তনৰ ৰূপকাৰ৷ সমগ্র বিশ্বতে নাৰীসকল জলবায়ু পৰিৱর্তনৰ পৰা সৃষ্টি হোৱা সমস্যা হ্রাসকৰণ প্রচেষ্টাত জড়িত৷ তেওঁলোকৰ অংশগ্রহণ আৰু নেতৃত্বই জলবায়ু পৰিৱর্তনৰ লগত যুঁজিবলৈ গ্রহণ কৰা কার্যপন্থাক অধিক ফলপ্রসূ কৰি তোলে৷ সাধাৰণতে সিদ্ধান্ত গ্রহণৰ ক্ষেত্রতো নাৰীৰ মতামতক গুৰুত্ব দিয়া নহয় অথবা সিদ্ধান্ত গ্রহণৰ সময়তো নাৰী বৈষম্যৰ সন্মুখীন হয়৷ বহনক্ষম বিকাশ আৰু লিংগ সমতাৰ বাবে নাৰীসকলক মাত মতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষেত্রত সমান অধিকাৰ প্রদান কৰা প্রয়োজন৷ জলবায়ু পৰিৱর্তনৰ লগত যুঁজ দিয়াৰ ক্ষেত্রতো এয়া নিতান্তই প্রয়োজন৷ নাৰীসকলে সহজাত শক্তিৰে প্রতিকূল পৰিস্থিতিত আগুৱাই যোৱাৰ কৌশল আহৰণ কৰি ল’ব পাৰে৷ ৰাষ্ট্রসংঘৰ গৱেষণা অনুসৰি জলবায়ু পৰিৱর্তনৰ বাবে গৃহহাৰা হোৱা মানুহৰ ৮০ শতাংশ হৈছে নাৰী৷ গৱেষণাই এই কথাও প্রমাণ কৰিছে যে পৰিৱেশ আৰু লিংগ বৈষম্যৰ মাজত বিশেষ সম্পর্ক আছে৷ যেতিয়া লিংগ অসমতা বৃদ্ধি হয়, তেতিয়া অৰণ্য ধ্বংস, বায়ু প্রদূষণকে ধৰি পৰিৱেশ তথা জলবায়ুৰ প্রতি ভাবুকি কঢ়িয়াই অনা সমস্যাবোৰো বৃদ্ধি পায়৷ লিংগ বৈষম্যৰ দৰে সমস্যাসমূহ গৱেষণা ভিত্তিত বৈজ্ঞানিকভাৱে সমাধানৰ চেষ্টা নকৰিলে জলবায়ু পৰিৱর্তন ৰোধ কৰা সম্ভৱ নহয়৷ নাৰীসকল সংৰক্ষণৰ সক্রিয় কর্মী৷ তেওঁলোকৰ দায়িত্বশীল মনোভাব আৰু দৈনন্দিন জীৱনৰ বাবে কৰিবলগীয়া কার্যাৱলীৰ অধিকাংশই প্রাকৃতিক সম্পদৰ ওপৰত নির্ভৰশীল৷ উদাহৰণস্বৰূপে এখন ঘৰৰ খোৱাপানী সংগ্রহৰ প্রধান দায়িত্ব ঘৰখনৰ নাৰীগৰাকীৰ ওপৰতে থাকে৷ বিশ্বৰ চাৰিওফালে এনে অসংখ্য উদাহৰণ আছে, য’ত মহিলাসকলে জলবায়ু পৰিৱর্তনৰ লগত অভিযোজন কৰি জীৱন নির্বাহৰ সূত্র উলিয়াইছে৷ জল সংৰক্ষণ, কার্বন–ডাই–ক্সাইডৰ্ নির্গমন হ্রাস আদিৰ দায়িত্বও নাৰীসকলে পালন কৰি আছে৷ গৱেষণাত প্রকাশ যে এগৰাকী নাৰীয়ে যেতিয়া বন ব্যৱস্থাপনা আৰু সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত ওতপ্রোতভাৱে জড়িত হৈ পৰে, তেতিয়া তেওঁ সাধাৰণ লোকৰ মাজতো সচেতনতা সৃষ্টিত সফল হয়৷ জলবায়ু পৰিৱর্তন হ্রাসৰ ক্ষেত্রত নাৰীয়ে ল’ব পৰা অৱদানক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ গতিকে বহনক্ষম ক্ষমতাৰ বাবে লিংগ বৈষম্য বিলুপ্তি অন্যতম চর্ত৷

You might also like