নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ এবিধ অতি প্ৰিয় খাদ্যই দৃষ্টিশক্তিত প্ৰভাৱ পেলাব পাৰে

বিশেষ বাৰ্তা, ১১ জুনঃ আমি কাবাব, মাটন কাৰী, গাহৰিৰ মাংস, চিকেন ৰোষ্ট আৰু বহুতো কিবাকিবি ভাল পাওঁ; নহয়নে? যিকোনো মাংস প্ৰেমীক সুধিলেই একেষাৰতে হয় বুলি ক’ব। কিন্তু আপুনি জানেনে, ই আপোনাৰ দৃষ্টিশক্তিত প্ৰভাৱ পেলাব পাৰে? ঠিকেই শুনিছে। ইতিপূৰ্বেই বিশেষজ্ঞসকলে ৰেড মীট বা ৰঙা মাংসই আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য, ৰক্তচাপ আৰু ওজনত কেনেদৰে প্ৰভাৱ পেলায় সেই বিষয়ে বহু কথা কৈছে। এইবাৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ এক নতুন অধ্যয়নত দেখা গৈছে যে আমাৰ চকুৰ স্বাস্থ্যৰো প্ৰভাৱ পৰিব পাৰে মাংস খোৱাৰ ফলত। গৱেষণাত কোৱা হৈছে যে জীৱ-জন্তুৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত টক্সিপ্লাজমা গণ্ডি নামৰ এটা পৰজীৱী “ৰেটিনাৰ দাগ” সৃষ্টি কৰাৰ আঁৰত থাকে। বিশ্বৰ বহু জীৱ-জন্তু এই পৰজীৱীৰ দ্বাৰা সংক্ৰমিত হয়। সাধাৰণতে আক্ৰান্ত মেকুৰীৰ দ্বাৰা লেতেৰা পৰিৱেশত বা আন আক্ৰান্ত জীৱ-জন্তুৱে সেই মাংস খায়ো ৰোগত আক্ৰান্ত হয়। মানুহৰ বাবে ঘৰচীয়া মেকুৰীৰ মল এটা বাহক হ’ব পাৰে যদিও সংক্ৰমণৰ আটাইতকৈ সহজ পথ হ’ল খোৱা। আক্ৰান্ত পশুৰ পৰা আহৰণ কৰা কম ৰন্ধা বা কেঁচা মাংস খালে এই ৰোগ হ’ব পাৰে। এই অধ্যয়নৰ বাবে ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ চকু আৰু দৃষ্টিশক্তিৰ অধ্যাপক জাষ্টিন স্মিথ আৰু তেওঁৰ দলটোৱে অষ্ট্ৰেলিয়াত বাস কৰা ৫০০০ৰো অধিক লোকৰ ৰেটিনাৰ ফটো বিশ্লেষণ কৰিছিল।

You might also like