নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰপতি নিৰ্বাচনত চমক দিয়াৰ চেষ্টা বিজেপিৰ, গেৰুৱা শিবিৰত প্ৰাৰ্থীক লৈ গুণাগথা

নিয়মীয়া বাৰ্তা, ১১ জুনঃ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনত বিজেপিয়ে হয়তো পুনৰ চমক দিব। যিদৰে ২০১৭ চনত উত্তৰ প্ৰদেশৰ ‘দলিত মুখ’ ৰামনাথ কোবিন্দক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে চমক আনিছিল, একেদৰে এইবাৰো গেৰুৱা শিবিৰৰ একেই পৰিকল্পনা।

বিজেপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকা নামবোৰৰ উপৰিও, আন বহু নেতাও ৰাইচিনা হিলছৰ পৰৱৰ্তী বাসিন্দা হ’ব পাৰে। প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত সমাজৰ পিছপৰা সম্প্ৰদায় বা দেশৰ পিছপৰা ৰাজ্যসমূহৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ এনে এক সমীকৰণ আছে। হয়টো এইক্ষেত্ৰত উত্তৰ-পূবৰ কাৰোবাক বিজেপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কৰা হ’ব পাৰে।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰ লগে লগে, বিজেপিৰ ভিতৰচোৱাত আলোচনাৰ সৃষ্টি হৈছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক অহা সপ্তাহৰ শেষৰ ফালে মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী বাবে কেইবাটাও নাম বাছনি কৰা হৈছে। বিজেপিৰ এজন কেন্দ্ৰীয় নেতাই জনোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সমিতিৰ বৈঠকত ইয়াৰ এটা নামৰ ওপৰত চূড়ান্ত মোহৰ লগোৱা হ’ব। কিন্তু প্ৰাৰ্থী কোন হ’ব, সেই প্ৰশ্নৰ উত্তৰত নেতাজনে আচৰিত হোৱাৰ ইংগিত দিয়ে।

You might also like