নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অংশগ্রহণ নকৰে প্রণয়সহ ৭ ভাৰতীয় খেলুৱৈয়ে

ক’ৰোনা ভাইৰাছৰ আতংকঃ ১১ মার্চৰ পৰা অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপ

নিয়মীয়া বাৰ্তা ৭ মাৰ্চঃ ঘাতক ক’ৰোনা ভাইৰাছৰ শংকাই কঁপাই তুলিছে ক্রীড়া বিশ্বক৷ বিশ্বব্যাপী ত্রাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছক লৈ শংকিত হৈ পৰিছে ভাৰতীয় খেলুৱৈও৷ এই ক’ৰোনা ভাইৰাছৰ বাবে ইতিমধ্যে কেইবাখনো গুৰুত্বপূর্ণ প্রতিযোগিতা বাতিল হৈছে৷ আগন্তুক অলিম্পিকৰ বাবে কেইবাখনো কোৱালিফায়াৰ ইভেণ্ট বাতিল হোৱাৰ ফলত খেলুৱৈসকলৰ মাজত একপ্রকাৰ হাহাকাৰৰ সৃষ্টি হৈছে৷ এই আতংকিত ক’ৰোনা ভাইৰাছৰ বাবে সন্মানীয় অল ইংলেণ্ড অ’পেন বেডমিণ্টন চেম্পিয়নশ্বিপত খেলিবলৈ অনীহা প্রকাশ কৰিছে কেইবাগৰাকীও ভাৰতীয় তাৰকা শ্বাটলাৰে৷ অহা ১১ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া ছিজনটোৰ প্রথমখন বিশ্ব ট্যুৰ ছুপাৰ ১০০০ প্রতিযোগিতাখনত এইচ এছ প্রণয়, সৌৰভ বার্মা আৰু সমীৰ বার্মাকে ধৰি আন চাৰিগৰাকী খেলুৱৈয়ে প্রতিযোগিতাখনত অংশগ্রহণৰ পৰা বিৰত থাকিব৷ ডাবলছ স্পেচিয়েলিষ্ট চিৰাগ ছেট্টী, সাত্বিকৰাজ ৰণকিৰেড্ডী, মনু আতৃ আৰু সুমিথ ৰেড্ডীয়েও এই সন্মানীয় প্রতিযোগিতাখনত অংশগ্রহণ নকৰে৷ ইতিমধ্যে এই সাতগৰাকী খেলুৱৈয়ে ঘাতক ক’ৰোনা ভাইৰাছৰ বাবে অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপখনত অংশগ্রহণ নকৰে বুলি বাইক লিখিতভাৱে জনাইছে৷ অৱশ্যে আগশাৰীৰ খেলুৱৈ ছাইনা নেহৱাল, পি ভি সিন্ধু, কিদাম্বি শ্রীকান্ত, অশ্বিনী পোনাপ্পা, এন চিক্কী ৰেড্ডী আৰু প্রণৱ জেৰি চোপ্রাই প্রতিযোগিতাখনত অংশগ্রহণ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ উল্লেখ্য যে অহা জুলাই মাহত জাপানৰ টকি’ত হ’বলগীয়া বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতা অলিম্পিকলৈ যোগ্যতা নির্ণয় কৰাৰ বাবে এই প্রতিযোগিতাখন খেলুৱৈসকলৰ বাবে বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত যদিও ক’ৰোনা ভাইৰাছক লৈ শংকিত হৈ পৰিছে ভাৰতীয় খেলুৱৈৰ লগতে বিশ্বৰ আন দেশৰ খেলুৱৈসকলেও৷ অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপখনত অংশগ্রহণ নকৰাৰ সন্দর্ভত ভাৰতৰ তাৰকা খেলুৱৈ চিৰাগ ছেট্টীয়ে কয় যে ক’ৰোনা ভাইৰাছক লৈ সম্প্রতি সকলোৱে শংকিত৷ এই ভাইৰাছে সমগ্র বিশ্বতে ত্রাসৰ সৃষ্টি কৰিছে৷ ইয়াৰ ব্যতিক্রম নহয় গ্রেট ব্রিটেইনো৷ দেশখনত ইতিমধ্যে ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা ৯০লৈ বৃদ্ধি হৈছে৷ গতিকে ইয়াক লৈ চিন্তাৰ কাৰক হৈ পৰিছে৷ প্রতিযোগিতাখনত অংশগ্রহণ কৰিবলৈ হ’লে আমি ডুবাই বিমানবন্দৰ হৈ যাত্রা কৰিব লাগিব৷ এই ডুবাই বিমানবন্দৰতো ক’ৰোনা ভাইৰাছৰ আতংকই দেখা দিছে৷ গতিকে অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপখনত মোৰ লগতে আন ছগৰাকী খেলুৱৈয়ে অংশগ্রহণ নকৰাৰ সিদ্ধান্ত লৈছে৷

You might also like