অচিৰেই ঘৰুৱা ক্রিকেট আৰম্ভ নহয়: গাংগুলী
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে দেশত উদ্ভৱ হোৱা ভয়ানক পৰিস্থিতিৰ অৱসান ঘটিলেহে ঘৰুৱা ক্রিকেট প্রতিযোগিতাসমূহ আৰম্ভ হ’ব৷– এই মন্তব্য কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ ক’ৰোনাৰ আতংকৰ বাবে বিগত মার্চ মাহৰ মাজভাগৰ পৰাই ভাৰতত সম্পূর্ণৰূপে বন্ধ হৈ আছে ক্রিকেট প্রতিযোগিতাসমূহ৷
২০২০–২১ বর্ষৰ ঘৰুৱা ছিজনটো আগষ্টৰ শেষৰ পিনে বিজয় হাজাৰে ট্রফীৰ জৰিয়তে আৰম্ভ হোৱাৰ কথা৷ ইয়াৰ পিছতেই ৰঞ্জি ট্রফী, দুলীপ ট্রফী আৰু ছৈয়দ মুস্তাক আলী ট্রফী অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ ঘৰুৱা আৰু জুনিয়ৰ ক্রিকেট সন্দর্ভত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে কয় যে ক’ৰোনা ভাইৰাছ নিয়ন্ত্রণ হোৱাৰ পিছতহে দেশত ঘৰুৱা ক্রিকেট প্রতিযোগিতাসমূহ আৰম্ভ হ’ব৷
পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত বিশেষকৈ জুনিয়ৰ ক্রিকেট সন্দর্ভত গাংগুলীয়ে কয় যে ভাৰত এখন বৃহৎ দেশ আৰু মেচসমূহত ভাগ লোৱাৰ উদ্দেশ্যে দলসমূহে ইটো স্থানৰ পৰা আনটো স্থানলৈ যাত্রা কৰিবলগীয়া হয়৷ গতিকে ঘৰুৱা ক্রিকেট তেতিয়াহে আৰম্ভ হ’ব, যেতিয়া দেশৰ পৰিস্থিতি স্বাভাৱিক হ’ব৷