অনবদ্য কেচ ধৰি অনুষ্কাৰ ফালে বিশেষ ইংগিত কোহলিৰ
নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ বেটিং ফর্মৰ বিচাৰত ডেৰ দশকৰ ক্রিকেট কেৰিয়াৰৰ আটাইতকৈ বেয়া সময়ৰ মাজেৰে আগবাঢ়িছে টীম ইণ্ডিয়াৰ পোষ্টাৰ বয় বিৰাট কোহলি৷ তথাপি সহজতে হাৰ মানিব নোখোজা খেলুৱৈগৰাকীয়ে খেলপথাৰত থকা সময়খিনি উপভোগ কৰিবলৈ চেষ্টা কৰে৷ কালি দিল্লীৰ বিৰুদ্ধে খেলা মেচখনতো সেই নমুনা দেখা গ’ল৷ সমগ্র মেচখনত অনবদ্য ফিল্ডিং কৰিলে কোহলিয়ে৷ এখন হাতেৰে দুর্দান্ত কেচ ধৰি পেভিলিয়নলৈ ওভতাই পঠিয়ালে দিল্লীৰ অধিনায়ক ঋষভ পণ্টক৷ লক্ষ্য সন্মুখত লৈ শার্দূল ঠাকুৰৰ সৈতে ৰানৰ গতি বঢ়োৱাৰ চেষ্টা কৰিছিল পণ্টে৷ সেই সময়তে ত্রিশ গজৰ বৃত্তৰ মাজত থিয় হৈ একপ্রকাৰ অবিশ্বাস্য কেচ লৈ পণ্টক বিদায় দিয়ে তেওঁ৷ মেচখনৰ ১৭সংখ্যক অভাৰত ছিৰাজৰ বলত কভাৰৰ ওপৰেৰে বাউণ্ডেৰী মৰাৰ চেষ্টা কৰিছিল পণ্টে৷ সেই সময়ত তেওঁ ১৭টা বলত ৩৪ ৰানত বেটিং কৰি আছিল৷ বিৰাটৰ সেই কেচটোৱে মেচখনৰ গতি ঘূৰাই দিয়ে৷ ঘটনাক্রমে সেই সময়ত ষ্টেডিয়ামত উপস্থিত আছিল বিৰাটৰ অভিনেত্রী পত্নী অনুষ্কা শর্মা৷ পণ্টৰ অবিশ্বাস্য কেচ লোৱাৰ পাছত অনুষ্কাক উদ্দেশ্যি হাত জোকাৰি ‘ভিক্টৰী’ ছাইন দেখুৱায় বিৰাটে৷ লগে লগে হাঁহি বিৰিঙি উঠে বিৰাট পত্নীৰ মুখত৷ সেই মুহূর্তৰ ছবি নিমিষতে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷