নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুশীলনলৈ উভতিল যশপ্রীত বুমৰাহ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ পিঠিৰ আঘাতৰ পৰা আৰোগ্য লাভ কৰা টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে আজি অনুশীলন আৰম্ভ কৰিছে৷ মুম্বাই ক্রিকেট সন্থাত প্রশিক্ষক ৰজনীকান্ত শিৱাগনানমৰ তত্ত্বাৱধানত তেওঁ অনুশীলন আৰম্ভ কৰা বুলি সন্থাৰ এক সূত্রই মঙলবাৰে প্রকাশ কৰে ৷

উল্লেখ্য যে আঘাতৰ বাবে বিগত প্রায় ছমাহ ধৰি খেলপথাৰৰ পৰা বাহিৰত থকা বুমৰাহে আগন্তুক বর্ষৰ নিউজিলেণ্ড ভ্রমণত টীম ইণ্ডিয়ালৈ প্রত্যাৱর্তন ঘটোৱাৰ লক্ষ্য লৈছে৷ অহা ২৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া নিউজিলেণ্ড ভ্রমণত ভাৰতে ৫খন টি–২০, তিনিখন এদিনীয়া মেচ খেলিব৷

You might also like