নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিষেকতে অর্ধশতক ঈশানৰ, কোহলিৰো অপঃ ৭৩: পৰাস্ত ইংলেণ্ড

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ইংলেণ্ডৰে খেলি থকা টি–২০ শৃংখলাত প্রত্যাৱর্তন ঘটাবলৈ সক্ষম হৈছে টীম ইণ্ডিয়া৷ দেওবাৰে অনুষ্ঠিত দ্বিতীয়খন মেচত ভাৰতে ইংৰাজ বাহিনীক সাত উইকেটত পৰাস্ত কৰে আৰু পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটো ১–১ত সমতা স্থাপন কৰে৷ মেচখনত ইংলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ১৬৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক কোহলিৰ দুর্দান্ত অপৰাজিত ৭৩ আৰু নৱাগত ঈশান কিশনৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত ভাৰতে ১৭.৫ অ’ভাৰত তিনিটা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷

অ’পেনাৰ ৰাহুলে কোনো ৰান নকৰাকৈ বিদায় লয় যদিও ঈশান কিশনে মাত্র ৩২টা বলতে ৫৬ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ ২৮টা বলত অর্ধশতক অর্জন কৰা কিশনৰ ইনিংছটোত আছিল ৫টা চাৰি আৰু চাৰিটা ছয়৷ কিশন আৰু কোহলিয়ে দ্বিতীয় উইকেটৰ যুটিত ৯৪ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ সুগম কৰি তুলিছিল৷ কোহলিয়ে ৪৯টা বলত পাঁচটা চাৰি আৰু তিনিটা ছয়েৰে ৭৩ ৰান কৰি অপৰাজিত হৈ থাকে৷ পণ্টে ১৩টা বলত দুটা চাৰি আৰু দুটা ছয়েৰে ২৬ ৰান কৰি বিদায় লয় যদিও আয়াৰে আঠটা বলত আঠ ৰান কৰি অপৰাজিত হৈ থাকে৷ ইংলেণ্ডৰ হৈ ছাম কৰন, ক্রিছ জর্দান আৰু আদিল ৰশ্বিদে এটাকৈ উইকেট লয়৷

ইয়াৰ পূর্বে ঘৰুৱা দল টীম ইণ্ডিয়াৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অ’পেনাৰ জেছন ৰয়ৰ ৪৬ ৰানৰ সহায়ত ইংলেণ্ডে নির্ধাৰিত ২০ অ’ভাৰত ৬টা উইকেট হেৰুৱাই ১৪৬ ৰান সংগ্রহ কৰে৷ জেছন ৰয়ৰ উপৰি অধিনায়ক ইয়ন মৰগানে ২৮, ডেভিদ মালান আৰু বেন ষ্ট’কছ উভয়ে ২৪ তথা জ’নী বেয়াৰষ্ট’ৱে ২০ ৰানৰ অৱদান আগবঢ়ায়৷ জেছন ৰয় আৰু জ’ছ বাটলাৰে ইনিংছ মুকলি কৰিবলৈ আহে যদিও দলটোক সুন্দৰ আৰম্ভণি দিয়াত ব্যর্থ হয়৷ প্রথমটো অ’ভাৰৰ তৃতীয়টো বলত বাটলাৰে কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ সেই সময়ত ইংলেণ্ডৰ স্ক’ৰ আছিল এক উইকেটত ১ ৰান৷ অৱশ্যে জেছন ৰয়ে মালানৰ সৈতে সুন্দৰ খেল দাঙি ধৰি দ্বিতীয় উইকেটৰ যুটিত ৬৩ ৰান সংগ্রহ কৰে আৰু দলটোক বিপর্যয়ৰ পৰা উদ্ধাৰ কৰে৷ মালানে ২৩টা বলত চাৰিটা চাৰিৰে ২৪ ৰান কৰি বিদায় লয়৷

ইফালে, ৩৫টা বলত চাৰিটা চাৰি আৰু দুটা ছয়েৰে ৪৬ ৰান কৰি আউট হোৱাৰ পূর্বে জেছন ৰয়ে বেয়াৰষ্ট’ৰ সৈতে তৃতীয় উইকেটত ২৭ ৰান সংগ্রহ কৰে৷ জেছন ৰয় আউট হোৱাৰ পিছতে দলটোৰ বাকীসকল বেটছমেনে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ অধিনায়ক মৰগানে ২০টা বলত চাৰিটা বাউণ্ডেৰীৰে ২৮ ৰান কৰাৰ বিপৰীতে বেন ষ্ট’কছে ২১টা বলত এটা চাৰিৰে ২৪ ৰানৰ অৱদান আগবঢ়ায়৷ ছাম কৰনে ৫টা বলত এটা চাৰিৰে ৬ ৰান কৰি অপৰাজিত হৈ থাকে৷ ভাৰতীয় দলটোৰ হৈ ৱাশ্বিংটন সুন্দৰ আৰু শার্দূল ঠাকুৰ উভয়ে দুটাকৈ উইকেট লাভ কৰাৰ লগতে ভুবনেশ্বৰ কুমাৰ আৰু য়ুজবেন্দ্র ছাহাল উভয়ে এটাকৈ উইকেট দখল কৰে৷

উল্লেখ্য যে দেওবাৰে মেচখনত অংশগ্রহণ কৰি টি–২০ ক্রিকেটত ভাৰতৰ হৈ অভিষেক ঘটে ঈশান কিশন আৰু সূর্য কুমাৰ যাদৱৰ৷

You might also like